সমললৈ যাওক

ইভা মুৰাটী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইভা মুৰাটী
ৰাজহুৱা অনুষ্ঠানত ইভা মুৰাটী
২০২৫ চনত ইভা মুৰাটী
জন্ম ২৫ মে', ১৯৯৫ (৩১ বছৰ)
এলবাচান, আলবেনিয়া
শিক্ষানুষ্ঠান টিৰানা বিশ্ববিদ্যালয় (আইন অনুষদ)
পেচা
  • অভিনেত্ৰী
  • মডেল
  • ক্ৰীড়া সাংবাদিক
সক্ৰিয় হৈ থকা সময় ২০১১–বৰ্তমান
জনা যায় আলবেনিয়াত ইউইএফএ চেম্পিয়নছ লীগৰ সম্প্ৰচাৰৰ আঁত ধৰা বাবে
ৱেবছাইট
Official website at the Wayback Machine (archived 2019-03-28)

ইভা মুৰাটী (ইংৰাজী: Eva Murati; জন্ম: ২৫ মে' ১৯৯৫) এগৰাকী আলবেনিয়ান ক্ৰীড়া সাংবাদিক, মডেল আৰু অভিনেত্ৰী।[1][2] ১৫ বছৰ বয়সৰপৰাই কেৰিয়াৰ আৰম্ভ কৰা ইভাই বিজ্ঞাপন আৰু মডেলিঙৰ জৰিয়তে আলবেনিয়াৰ মনোৰঞ্জন জগতত পৰিচিত হৈ পৰে। তেওঁ মূলত আলবেনিয়ান টেলিভিছন নেটৱৰ্কৰ বিভিন্ন অনুষ্ঠানৰ আঁত ধৰিছে আৰু কেইবাখনো চলচ্চিত্ৰ তথা টেলিভিছন ধাৰাবাহিকত অভিনয় কৰিছে।

মুৰাটীয়ে ২০১৩ চনত এণ্টিলোপ অনুষ্ঠানৰ জৰিয়তে টেলিভিছন কেৰিয়াৰ আৰম্ভ কৰে আৰু পিছলৈ এগন চেনেলত আদি ক্ৰাস্তাৰ সৈতে যুটীয়াভাৱে ডুয়াৰ্ট্ৰোকিটজে পৰিচালনা কৰে। ২০১৬ চনত তেওঁ ভিজন প্লাচলৈ যায়, য'ত তেওঁ মিছ ইউনিভাৰ্চ আলবেনিয়া আৰু ভিআইপি জ’নৰ আঁত ধৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ট্ৰিং স্প’ৰ্টত ষ্টুডিঅ' ইউইএফএ চেম্পিয়নছ লীগ আৰু স্প’ৰ্টছ উইকৰ পৰিচালনা কৰে। ২০১৪ চনত দ্য আউতল ছবিৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত খোজ পেলায়। ইয়াৰ পিছত তেওঁ স্কাণ্ডাৰবেগ (২০১৬), টি মুণ্ড টে মে কোয়াছ জ’ন (২০১৭), ফেমিলজা কুকেজি (২০১৯–২০২০ দশক), আৰু পলিচ পাৰ কোকে (২০২৩) আদি ছবিত অভিনয় কৰে।

তেওঁৰ অন্যান্য কামসমূহৰ ভিতৰত চুটি ছবি উনে চি টি (২০২১) আৰু গ্ৰেভিটি (২০২২)-ত অভিনয়, লগতে কোক্ৰাট (২০১৫)-ত অতিথি শিল্পী হিচাপে উপস্থিতি, ফাইণ্ডিং মিছ ইউনিভাৰ্চ (২০১৬) পৰিচালনা আৰু ২০১৮ চনত টিভি শ্ব' কাংগুৰত অংশগ্ৰহণ উল্লেখযোগ্য। মঞ্চত তেওঁ দ্য থ্ৰীপেনি অপেৰা (২০১৩)-ত পলী পিচাম হিচাপে আৰু দ্য টু জেণ্টলমেন অফ ভেৰোনা (২০১৪)-ত চিলভিয়া হিচাপে অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

মুৰাটীৰ জন্ম এলবাচানত হৈছিল, কিন্তু তেওঁৰ বয়স ৬ বছৰ থাকোঁতেই পৰিয়ালটো আলবেনিয়াৰ ৰাজধানী টিৰানালৈ স্থানান্তৰিত হয়। তেওঁৰ এজন ভাতৃ আৰু এগৰাকী ভগ্নী—এই দুগৰাকী কনিষ্ঠ ভাই-ভনী আছে। তেওঁ ১৯৫৭ চনত টিৰানা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা ১৯৭২ চনত আলবেনিয়াৰ বিজ্ঞান একাডেমীৰ প্ৰতিষ্ঠাপক সদস্য, জলবিদ্যুৎ অভিযন্তা পাণ্ডি ষ্ট্ৰাটোবাৰ্ধাৰ নাতিনী।[3]

এলবাচানত থকা সময়ত তেওঁ ইমেল্ডা লেম্বাৰ্টিনি নামৰ ইটালীৰ বিদ্যালয়ত পঢ়িছিল। তাত তেওঁ ইটালী ভাষা শিকিছিল আৰু ইটালীৰ সংস্কৃতিৰ সৈতে পৰিচিত হৈছিল, যিয়ে তেওঁৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাইছিল। পৰিয়ালটো টিৰানালৈ অহাৰ পাছত তেওঁ 'উধা ই শকৰোনজাভে' বিদ্যালয়ত অধ্যয়ন কৰে। ষষ্ঠ শ্ৰেণীত তেওঁ টিৰানাৰ 'দ্য ইণ্ডিপেণ্ডেণ্ট কলেজ'লৈ যায় আৰু তাৰপৰাই মিডল স্কুল শেষ কৰে। মুৰাটীয়ে 'পেট্ৰ' নিনি লুয়াৰাচি' হাইস্কুলৰপৰা উচ্চ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰে। এই স্কুলত পঢ়ি থকাৰ সময়তে তেওঁ প্ৰথমটো অডিচনত জয়ী হয় আৰু মনোৰঞ্জন জগতত খোজ পেলায়। পৰৱৰ্তী সময়ত তেওঁ শৈক্ষিক কেৰিয়াৰ আগবঢ়াই লৈ যায় আৰু চৰকাৰী টিৰানা বিশ্ববিদ্যালয়ৰ আইন অনুষদৰপৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[2]

তেওঁ 'টিৰানা টিনছ'ত অংশগ্ৰহণ কৰিছিল আৰু পিছলৈ স্কুলৰ ড্ৰামা ক্লাবৰ সদস্য আছিল। পঢ়া-শুনাৰ লগতে তেওঁ হাইস্কুলৰ বিভিন্ন প্ৰতিযোগিতাত বিতৰ্ক দলৰ বাবে নিৰ্বাচিত হৈছিল। স্কুলীয়া দিনত তেওঁ কেইবাবছৰো ধৰি গণিত আৰু সাধাৰণ জ্ঞানৰ অলিম্পিয়াডত প্ৰতিযোগিতা কৰিছিল, য'ত তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত অষ্টম স্থান লাভ কৰিছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

মুৰাটী এগৰাকী প্ৰাণী অধিকাৰ সমৰ্থক আৰু কৰ্মী হিচাপে জনাজাত। মিছ ইউনিভাৰ্চ আলবেনিয়াৰ আঁত ধৰি থকা সময়ৰেপৰা তেওঁ আলবেনিয়ান ৰেড ক্ৰছৰ এগৰাকী সক্ৰিয় সমৰ্থক তথা সদস্য হিচাপে পৰিচিত। তেওঁ প্ৰায়ে উদাৰতাবাদী চিন্তা প্ৰকাশ কৰি আহিছে, যদিও মুৰাটীয়ে কেতিয়াও নিজৰ ৰাজনৈতিক মতাদৰ্শ স্পষ্টকৈ ব্যক্ত কৰা নাই।

'ৱান বিলিয়ন ৰাইজিং' আন্দোলনৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰা মুৰাটীক এগৰাকী নাৰীবাদী হিচাপে গণ্য কৰা হয় আৰু তেওঁ সদায় লিংগ সমতাৰ সপক্ষে মাত মাতি আহিছে। বিশেষকৈ আলবেনিয়াত মহিলাৰ সবলীকৰণৰ বাবে অধিক সংস্কাৰ হোৱা উচিত বুলি তেওঁ প্ৰায়ে মত প্ৰকাশ কৰে আৰু নিজৰ জনপ্ৰিয়তাক ব্যৱহাৰ কৰি যুৱতীসকলক অধিক স্বনিৰ্ভৰশীল হ'বলৈ উৎসাহিত কৰে। তেওঁ মাতৃভাষা আলবেনিয়ানৰ উপৰি ইংৰাজী, ইটালীয় আৰু স্পেনিছ ভাষাত সাৱলীল আৰু ফৰাচী ভাষাৰো প্ৰাথমিক জ্ঞান আছে।

মুৰাটী এগৰাকী ফুটবল প্ৰেমী আৰু তেওঁ ইটালীৰ ফুটবল দল জুভেণ্টাছক সমৰ্থন কৰে।[4] তেওঁৰ পিতৃ এৰ্জন মুলাটীও এজন ফুটবল খেলুৱৈ আছিল।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]