ইভা ৰণৱীৰা
| ইভা ৰণৱীৰা | |
|---|---|
| জন্ম | ১৯২৪ |
| মৃত্যু | ৯ ফেব্ৰুৱাৰী ২০১০ |
| সমাধিস্থল | বৰেল্লা কবৰস্থান |
| পেচা | ঔপন্যাসিক, কবি, সাংবাদিক |
| ভাষা | ইংৰাজী, সিংহল |
| নাগৰিকত্ব | শ্ৰীলংকা |
| মাতৃশিক্ষায়তন | কলম্বো বিশ্ববিদ্যালয় |
| উল্লেখযোগ্য বঁটা | ৰাজ্যিক সাহিত্য বঁটা (১৯৯৩, ১৯৯৮) |
ইভা ৰণৱীৰা (ইংৰাজী: Eva Ranaweera; ১৯২৪ — ৯ ফেব্ৰুৱাৰী ২০১০) এগৰাকী নাৰীবাদী লেখিকা, কবি আৰু সাংবাদিক আছিল, যিয়ে ইংৰাজী আৰু সিংহল দুয়োটা ভাষাতে লিখিছিল। তেওঁ বনিতা বিত্থী নামৰ জনপ্ৰিয় মহিলা আলোচনীখনৰ প্ৰথমগৰাকী সম্পাদিকা আছিল।
জীৱনী
[সম্পাদনা কৰক]ৰণৱীৰাৰ জন্ম শ্ৰীলংকাৰ এক অভিজাত পৰিয়ালত হৈছিল আৰু তেওঁ ইংৰাজী ভাষাত কথা পাতি ডাঙৰ-দীঘল হৈছিল।[1] তেওঁৰ পৰিয়ালে ব্ৰিটিছ ঔপনিৱেশিক প্ৰশাসনৰ অধীনত কাম কৰিছিল। তেওঁ গাম্পাহাৰ হোলী ক্ৰছ কলেজত শিক্ষা গ্ৰহণ কৰিছিল। ১৯৪৯ চনৰপৰা ১৯৫৩ চনলৈ কলম্বো বিশ্ববিদ্যালয়ত ইংৰাজী, ইতিহাস আৰু সিংহল ভাষা অধ্যয়ন কৰিছিল।[1] পৰৱৰ্তী সময়ত তেওঁ ইংৰাজী আৰু সিংহল দুয়োটা ভাষাতে কিতাপ আৰু প্ৰবন্ধ প্ৰকাশ কৰিছিল।[2]
বিশ্ববিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰি তেওঁ সিংহল ভাষাৰ বাতৰি কাকত লংকাদীপাত যোগদান কৰে।[3] চাৰি বছৰ ধৰি সংবাদ সেৱাত থকাৰ পিছত তেওঁ কলম্বো বিশ্ববিদ্যালয়ত অনুবাদক হিচাপে কাম আৰম্ভ কৰে। ইয়াৰ মাজতে তেওঁ ছুইজাৰলেণ্ড, ৰাছিয়া, চীন, ভাৰত আৰু ভিয়েটনাম ভ্ৰমণ কৰাৰ লগতে ইজিপ্টত কাম কৰিছিল। শ্ৰীলংকালৈ ঘূৰি অহাৰ পাছত তেওঁ মহিলা আলোচনী বনিতা বিত্থীৰ সম্পাদিকা হিচাপে নিযুক্তি লাভ কৰে।[2] নাৰীবাদী হিচাপে তেওঁ বিশেষকৈ গ্ৰাম্য মহিলাসকলৰ মৰ্যাদা আৰু অধিকাৰৰ হকে মাত মাতিছিল।[4]
২০১০ চনৰ ৯ ফেব্ৰুৱাৰীত ৰণৱীৰাৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ 'কান্থা হাণ্ডা' নামৰ নাৰীবাদী সংস্থাৰদ্বাৰা প্ৰকাশিত আলোচনী ভইচেছ অৱ ৱমেন সম্পাদনা কৰি আছিল।[4]
স্বীকৃতি
[সম্পাদনা কৰক]ৰণৱীৰাক এগৰাকী পাৰদৰ্শী দ্বিভাষিক লেখিকা হিচাপে জনা যায়। তেওঁৰ উপন্যাস লাইচা আৰু চেডোনাত গ্ৰাম্য শ্ৰমিক শ্ৰেণীৰ জীৱন চিত্ৰণৰ বাবে তেওঁ প্ৰশংসিত হৈছিল।[1] তেওঁৰ উপন্যাসত 'চেতনাৰ ধাৰা' কৌশল ব্যৱহাৰ কৰা বাবে তেওঁক জেমছ জয়েচৰ সৈতে তুলনা কৰা হয়।[3] তেওঁৰ উপন্যাস চেডোনাৰ আধাৰত শ্ৰীলংকাত এখন বঁটা বিজয়ী টেলিভিছন ধাৰাবাহিক নিৰ্মাণ কৰা হৈছিল।[5]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]ৰাজ্যিক সাহিত্য বঁটা
[সম্পাদনা কৰক]- ১৯৯৮ — উইথ মায়া
- ১৯৯৩ — ৱেন উই ৰিটাৰ্ণড উইদাউট ইউ
গ্ৰেচিয়ান প্ৰাইজ
[সম্পাদনা কৰক]- ২০০০ (চুটি তালিকাভুক্ত) — ব্লিচফুলি[6]
- ১৯৯৬ (চুটি তালিকাভুক্ত) — উইথ মায়া
- ১৯৯৪ (চুটি তালিকাভুক্ত) — ৱাট উইল ইউ ডু ডু ডু ক্লাৰা, ৱাট উইল ইউ ডু?
নিৰ্বাচিত ৰচনাৱলী
[সম্পাদনা কৰক]সিংহল ভাষাত
[সম্পাদনা কৰক]উপন্যাস
[সম্পাদনা কৰক]- লাইচা (১৯৬৭)
- চেডোনা (১৯৭৩)
নাটক
[সম্পাদনা কৰক]- আট্টাকামাল পাৰাভাগিয়া (১৯৯৩)
- পিন গোনা
- লোভি গাহে পিলিলাই
- এহাটা ভাহালা নীল আহাচাই
ইংৰাজী ভাষাত
[সম্পাদনা কৰক]কবিতা
[সম্পাদনা কৰক]- ৱাট উইল ইউ ডু ডু ডু ক্লাৰা ৱাট উইল ইউ ডু? (১৯৯৪)
- উইথ মায়া (১৯৯৭)
- এণ্ডিং উইথ বিগিনিং (২০০১)
অ-কল্পকাহিনী
[সম্পাদনা কৰক]- চাম লিটাৰেৰী ৱমেন অৱ শ্ৰীলংকা (১৯৯১)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Thilakarathne, Indeewara (14 February 2010). "Life and works of Eva Ranaweera". archives.sundayobserver.lk. http://archives.sundayobserver.lk/2010/02/14/mon03.asp। আহৰণ কৰা হৈছে: 2021-09-07.
- ↑ 2.0 2.1 "Sri Lanka News | Online edition of Daily News – Lakehouse Newspapers". archives.dailynews.lk. http://archives.dailynews.lk/2010/02/10/news39.asp। আহৰণ কৰা হৈছে: 2021-09-07.
- ↑ 3.0 3.1 Chandrarathne, Ranga; Palliyaguruge, S.R. (14 February 2010). "Literary footprints of Eva Ranaweera". archives.sundayobserver.lk. http://archives.sundayobserver.lk/2010/02/14/mon01.asp। আহৰণ কৰা হৈছে: 2021-09-07.
- ↑ 4.0 4.1 "The 'Voice of Women' is heard once again as a tribute to Eva". www.sundaytimes.lk. https://www.sundaytimes.lk/100725/Plus/plus_21.html। আহৰণ কৰা হৈছে: 2021-09-07.
- ↑ "Error: no
|title=specified when using {{Cite web}}". https://www.pressreader.com/sri-lanka/daily-mirror-sri-lanka/20210208/282157883936606। আহৰণ কৰা হৈছে: 2021-09-07. - ↑ "Gratiaen Prize Winners & Short Listed Writers 1993–2019" (en-US ভাষাত). The Gratiaen Trust. 24 October 2019. https://www.gratiaen.com/archives/gratiaen-prize-winners-amp-short-listed-writers-1993-2018। আহৰণ কৰা হৈছে: 2021-09-07.