সমললৈ যাওক

ইমান্দাৰ দাউৰে

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইমান্দাৰ দাউৰে (অসমীয়া: সৎ খৰিকটীয়া) এটা নেপালী সাধুকথা। কাহিনীটোৰ মূল নীতি শিক্ষা হৈছে "মিছা কথা নকবা আৰু লোভ নকৰিবা"। কাহিনীটো সামাজিক সজাগতা অভিযানৰ অংশ হিচাপে সজীৱ কৰি তোলা হৈছে।[1][2][3]

ইমান্দাৰ দাউৰে সাধুটো সম্ভৱতঃ নব্বৈ বা ২০০০ চনৰ আশে-পাশে সৃষ্টি হৈছিল যদিও ২০০০ চনৰ পৰা ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰিলে। এই সাধুটো এজন খৰি কটা মানুহক তেওঁৰ সততাৰ বাবে দেৱীয়ে পুৰস্কৃত কৰা পঞ্চতন্ত্ৰ নামৰ পুৰণি সাধু এটাৰ অভিযোজন বুলিব পাৰি।

চমু কাহিনী

[সম্পাদনা কৰক]

ইমান্দাৰ দাউৰে সাধুটো গছ কাটি খৰি বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰা দাউৰে নামৰ এজন দুখীয়া মানুহৰ কাহিনী। এদিন অৰণ্যৰ মাজত তেওঁ এজোপা বিশাল গছ দেখিলে। দাউৰেই কুণ্ডাটো কাটিবলৈ চেষ্টা কৰে, কিন্তু কাষতে থকা এটা পুখুৰীত কুঠাৰখন পৰি যায়। তাৰ পিছত তেওঁ কান্দিবলৈ আৰম্ভ কৰে। তেওঁ কান্দি থকাৰ সময়তে পুখুৰীৰ পৰা এগৰাকী জলপৰী ওলাই আহে আৰু তেওঁৰ কুঠাৰখন বিচাৰি উলিওৱাত সহায় কৰাৰ প্ৰস্তাৱ দিয়ে। পৰীয়ে বুৰ মাৰি পানীৰ তলপ পৰা সোণৰ কুঠাৰ এখন ওলিয়াই আনি সেইখন তেওঁৰ কুঠাৰ হয়নে বুলি প্ৰশ্ন কৰে। দৌৰেই সেই তেওঁৰ নহয় বুলি কয়। তাৰ পিছত পৰীয়ে পুনৰ এখন ৰূপৰ কুঠাৰ খৰিকটীয়া জনলৈ আগবঢ়ায় আৰু দৌৰেই আগৰ দৰেই উত্তৰ দিয়ে। শেষত পৰীয়ে তেওঁক নিজৰ কুঠাৰখন আগবঢ়ায়। তেতিয়া তেওঁ নিজৰ কুঠাৰখন গ্ৰহণ কৰি পৰীক ধন্যবাদ জনায়। তেওঁৰ সততাত আপ্লুত হৈ জলপৰীয়ে তেওঁক পুৰস্কৃত কৰে এখন সোণৰ আৰু এখন ৰূপৰ কুঠাৰ উপহাৰ দিয়ে, সেইকেইখন বিক্ৰী কৰি তেওঁ এটা ভাল ঘৰ কিনে।

ঘৰটো কেনেকৈ কিনিবলৈ সক্ষম হ’ল বুলি তেওঁৰ কৌতুহলী চুবুৰীয়া এজনে তেওঁক প্ৰশ্ন কৰে। তেতিয়া তেওঁক কি হৈছিল সকলো কথা অৱগত কৰে। পিছদিনা চুবুৰীয়াজনেও দাউৰেৰ দৰেই হাবিলৈ গৈ কুঠাৰখন পুখুৰীত পেলাই কন্দাৰ অভিনয় কৰে। ৰূপৰ কুঠাৰ এখন লৈ জলপৰীৰ আবিৰ্ভাৱ হয় আৰু তেওঁ সেইখন তেওঁৰ কুঠাৰ নহয় বুলি কোৱাত তেওঁলৈ সোণৰ কুঠাৰ এখন আগবঢ়ায়৷ সোণৰ কুঠাৰখন দেখি তেওঁ সেইখন নিজৰ বুলি দাবী কৰে। তেওঁৰ মিছা কথা শুনি জলপৰীৰ খং উঠে আৰু সহায় কৰিবলৈ অস্বীকাৰ কৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]