সমললৈ যাওক

ইমুনা ইলন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইমুনা ইলন
জন্ম אמונה אלון
২৮ এপ্ৰিল ১৯৫৫
জেৰুজালেম, ইজৰাইল
পেচা
  • লেখিকা
  • ঔপন্যাসিকা
  • সাংবাদিক
ৰাষ্ট্ৰীয়তা ইজৰাইলী
উল্লেখযোগ্য বঁটা হিব্ৰু সাহিত্যিক কৰ্মৰ বাবে প্ৰধান মন্ত্ৰীৰ বঁটা (২০১৫)
দাম্পত্যসংগী বিনয়ামিন এলন
সন্তান অৰি এলন

ইমুনা ইলন (ইংৰাজী: Emuna Elon; জন্ম-১৯৫৫) এগৰাকী ইজৰাইলী লেখিকা, ঔপন্যাসিকা, সাংবাদিক আৰু মহিলা অধিকাৰ কৰ্মী।

১৯৫৫ চনত জেৰুজালেমত অধ্যাপক পিনচাছ হাকোহেন পেলি আৰু তেওঁৰ পত্নী পিনিনাৰ ঘৰত ইমুনা ইলনে জন্মগ্ৰহণ কৰিছিল। জেৰুজালেম আৰু নিউয়ৰ্কত তেওঁ ডাঙৰ-দীঘল হৈছিল৷ নিউয়ৰ্কত থকাৰ সময়ত ইলনে নিউয়ৰ্ক চহৰৰ সুপৰিচিত হাইস্কুল অৱ মিউজিক এণ্ড আৰ্টত পঢ়িছিল। ইজৰাইলী বসতি বেইট এলত বহু বছৰ ধৰি তেওঁ বাস কৰিছিল,[1] আৰু বৰ্তমান জেৰুজালেমৰ ৰেহাভিয়াত তেওঁ বাস কৰে। নেচেটৰ প্ৰাক্তন সদস্য প্ৰয়াত ৰাব্বি বিন্যামিন ইলনৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়৷ তেওঁ ছয়টা সন্তানৰ মাতৃ৷

তেওঁ ইহুদী ধৰ্ম, হাছি ধৰ্ম আৰু হিব্ৰু সাহিত্যৰ অধ্যাপনা কৰে আৰু ইজৰাইলী মহিলাৰ মৰ্যাদাৰ ওপৰত প্ৰধানমন্ত্ৰীৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ১৯৯১ চনৰ পৰা ২০০৫ চনলৈকে ইজৰাইলৰ সৰ্ববৃহৎ কাকত য়েদিয়থ আহ্ৰনথত ইহুদী ধৰ্ম আৰু ৰাজনীতিৰ পৃথকীকৰণৰ পোষকতা কৰা স্তম্ভ লিখিছিল আৰু পিছলৈ ইজৰাইল হায়মত স্তম্ভ লিখিছিল।

প্ৰাপ্তবয়স্ক আৰু শিশুৰ বাবে উপন্যাস লিখাৰ লগতে তেওঁ অকাহিনীমূলক কিতাপও লিখিছে। তেওঁৰ কিছুমান উপন্যাস ইংৰাজীলৈ অনুবাদ কৰা হৈছে। "ইফ ইউ এৱেকেন লাভ", ইংৰাজীলৈ অনুবাদ হোৱা তেওঁৰ প্ৰথম উপন্যাস। ২০০৭ চনৰ ৰাষ্ট্ৰীয় ইহুদী কিতাপ বঁটাৰ বাবে এই উপন্যাসখন চূড়ান্ত প্ৰতিযোগী আছিল।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "The Institute for the Translation of Hebrew Literature". http://www.ithl.org.il/author_info.asp?id=335। আহৰণ কৰা হৈছে: 2007-12-12. 
  2. "Authors: Emuna Elon". Simon and Schuster. https://www.simonandschuster.com/authors/Emuna-Elon/161798852। আহৰণ কৰা হৈছে: 15 September 2020.