ইমেইল

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ইমেইল ঠিকনাত ব্যৱহাৰ কৰা "এট চিহ্ন"[1]

ইলেক্‌ট্ৰনিক মেইল, চমুকৈ ইমেইল বা ই-মেইল (প্ৰায় ১৯৯৩ চনৰ পৰা)[2] এজন ব্যক্তিৰ পৰা আন এজন বা কেইবাজনলৈ ডিজিটেল বাৰ্তা প্ৰেৰণ কৰিব পৰা এক পদ্ধতি। ইণ্টাৰনেট বা আন কম্পিউটাৰ নেটৱৰ্কৰ জৰিয়তে ইমেইলে কাম কৰে। ইমেইলৰ প্ৰথম ব্যৱহাৰ ১৯৬০ৰ দশকত সীমিতৰূপত আৰম্ভ হয়। সেইসময়ত ব্যৱহাৰকাৰীয়ে কেৱল একে কম্পিউটাৰ ব্যৱহাৰ কৰা লোকলৈহে ইমেইল প্ৰেৰণ কৰিব পাৰিছিল। আনকি কিছু ইমেইল চিষ্টেমত প্ৰেৰক আৰু প্ৰাপক দুয়োজনে একে সময়তে অনলাইন থাকিলেহে ইমেইল প্ৰেৰণ কৰিব পৰা হৈছিল। ৰেই টম্‌লিনছনক ইমেইলৰ উদ্ভাৱক ৰূপে কৃত্বিত্ব দিয়া হয়। তেওঁ ১৯৭১ চনত বেলেগ বেলেগ কম্পিউটাৰ ব্যৱহাৰ কৰা লোকৰ মাজত ইমেইল আদান-প্ৰদান কৰিব পৰা আৰপানেট (ARPANET) নামৰ পদ্ধতিটোৰ উদ্ভাৱন কৰিছিল। তেখেতেই ব্যৱহাৰকাৰীৰ নাম আৰু মেছিনৰ নামৰ মাজত "@" চিনটো ব্যৱহাৰ কৰিছিল। ১৯৭০ দশকৰ মাজভাগলৈ এই পদ্ধতিটোৰে বিকাশ হৈ বৰ্তমানৰ ইমেইলৰ ৰূপ পায়।

তথ্যউৎস[সম্পাদনা কৰক]

অতিৰিক্ত পঠন[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]