সমললৈ যাওক

ইয়াংঝৌ হত্যাকাণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইয়াংঝৌ হত্যাকাণ্ড
মিঙৰপৰা কিঙলৈ পৰিৱৰ্তনৰ অংশ

চিং ৰাজবংশৰ শেষ পৰ্বত অংকিত কৰা গণহত্যাৰ ই এক শিল্পীৰ কল্পনাচিত্ৰ।
স্থান ইয়াংঝৌ
তাৰিখ ২০ ৰপৰা ২৫-২৯ মে ১৬৪৫; ৩৮১ years ago
লক্ষ্য সাধাৰণ নাগৰিক
আক্ৰমণৰ প্ৰকাৰ গণহত্যা, লুট-পাত আৰু অগ্নিসংযোগ
নিহত ৮ লাখ (সম্ভৱতঃ অতিৰঞ্জিত)
আক্ৰমণকাৰী ড’ডো ৰ অধীনত কিং বাহিনী (Han Eight Banners সহ)।
কাৰণ মিং বিষয়া শ্বি কেফাৰ নেতৃত্বত প্ৰতিৰোধৰ প্ৰচেষ্টা

ইয়াংঝৌ হত্যাকাণ্ড (ইংৰাজী: :The Yangzhou massacre)বুলিলে চীনৰ ইয়াংঝৌ চহৰত সংঘটিত হোৱা এক বৃহৎ গণহত্যাক বুজায়। এই হত্যাকাণ্ড মাঞ্চু ৰাজকুমাৰ ড’ডোৰ আদেশত সংঘটিত হৈছিল আৰু চিং (Qing) ৰাজবংশৰ সেনাবাহিনীয়ে ইয়াক কাৰ্যকৰী কৰিছিল।

এই গণহত্যাৰ বিৱৰণ সমকালীন গ্ৰন্থ এ ৰেকৰ্ড অৱ টেন ডেজ ইন ইয়াংঝো(A Record of Ten Days in Yangzhou )ত ৱাং ছিউচুৰদ্বাৰা লিখা হৈছে।[1] গ্ৰন্থখনৰ শিৰোনামৰ বাবে এই ঘটনাক সাধাৰণতে “দহ দিনীয়া হত্যাকাণ্ড” বুলি কোৱা হয়, কিন্তু ডায়েৰীখনৰ মতে ষষ্ঠ দিনতেই হত্যাকাণ্ড শেষ হৈছিল আৰু তাৰ পিছত মৃতদেহসমূহৰ দাহ–সংস্কাৰ আৰম্ভ হৈছিল।[2][3][4][5] ৱাং ছিউচুৰ মতে নিহত লোকৰ সংখ্যা ৮ লাখতকৈও অধিক আছিল; কিন্তু আধুনিক ইতিহাসবিদ আৰু গৱেষকসকলে এই সংখ্যাক অতিশয় অতিশয়োক্তি বুলি প্ৰমাণ কৰিছে।

ইয়াৰ উপৰি, মিং ৰাজবংশৰ মুখ্য প্ৰতিৰুধী সেনানায়কসকলৰ ভিতৰত শি কেফা আদি ব্যক্তিকো চিং সেনাই গ্ৰেপ্তাৰ কৰি হত্যা কৰিছিল, কিয়নো তেওঁলোকে চিং শাসনৰ অধীনত আত্মসমৰ্পণ কৰিবলৈ অস্বীকাৰ কৰিছিল।

গণহত্যাৰ কথিত কাৰণ

[সম্পাদনা কৰক]

এই গণহত্যাৰ কথিত কাৰণসমূহ আছিল—

  • মিং ৰাজবংশৰ কৰ্মচাৰী শি কেফাৰ নেতৃত্বত কৰা প্ৰতিৰোধৰ প্ৰচেষ্টাৰ বাবে বাসিন্দাসকলক শাস্তি দিয়া।
  • চিয়াংনান অঞ্চলৰ বাকী জনসাধাৰণক এইটো সতৰ্কবাণী দিয়া যে সামৰিক কাৰ্যকলাপত অংশ ল’লে আৰু চিং আক্ৰমণকাৰীৰ বিৰুদ্ধে প্ৰতিৰোধ কৰিলে তাৰ গুৰুতৰ পৰিণাম ভুগিব লাগিব।

ৱাং ছিউচুৰ বিৱৰণ ইংৰাজী ভাষাত একাধিকবাৰ অনুবাদ কৰা হৈছে, যাৰ ভিতৰত বেকহাউছ আৰু ব্লেণ্ড,[6] লুচিয়েন মাও,[7] আৰু লিন এ. ষ্ট্ৰৰুভৰ অনুবাদ উল্লেখযোগ্য। তলত ষ্ট্ৰৰুভৰ অনুবাদ অনুসাৰে সেই বিৱৰণৰ কিছুমান অংশ উদ্ধৃত কৰা হৈছে।[8]

কেইবা ডৰ্জন মানুহক ভেৰা বা ছাগলীৰ দৰে একেলগে গোটাই লৈ যোৱা হৈছিল। যিসকল পিছ পৰি গৈছিল, তেওঁলোকক চাবুকেৰে মাৰি বা তাতেই হত্যা কৰা হৈছিল। মহিলাসকলক ডাঙৰ ৰচীৰে ডিঙিত ডিঙি লগাই বান্ধি, এজনক আনজনৰ সৈতে মণিৰ মালাৰ দৰে সংযোগ কৰা হৈছিল। প্ৰতিটো খোজতে উজুটি খাই সিহঁত বোকাত লুটিখাই পৰিছিল। চাৰিওফালে মাটিত কেঁচুৱাবোৰ সিঁচঁৰিত হৈ পৰি আছিল। ঘোঁৰাৰ খুৰ বা মানুহৰ ভৰিৰ তলত পদদলিত হোৱা লোকসকলৰ দেহ বোকামাটিৰ সৈতে মিহলি হৈ গৈছিল, আৰু যিসকল এতিয়াও জীৱিত আছিল, তেওঁলোকৰ কান্দোনে সমগ্ৰ অঞ্চলটো ভৰি পৰিছিল। আমি যিবোৰ নলা বা পুখুৰী পাৰ হৈছিলো, তাত মৃতদেহেৰে ভৰি আছিল—এজনে আনজনৰ হাত-ভৰি ওপৰত লৈ পৰি আছিল। তেওঁলোকৰ তেজ পানীত বৈ গৈছিল আৰু সেউজীয়া আৰু ৰঙাৰ সংমিশ্ৰণে ৰঙৰ বৰ্ণালী উৎপন্ন কৰিছিল। খাল-বিলসমূহো মৃতদেহেৰে পূৰ্ণ হৈ পানীৰ সমান স্তৰলৈ উঠি গৈছিল।

তাৰ পাছত চাৰিওফালে অগ্নিকাণ্ড আৰম্ভ হৈছিল, আৰু খেৰৰ ঘৰবোৰত জুই লগাই দিয়া হৈছিল। সমগ্ৰ অঞ্চল জুইৰ কবলত পৰিছিল। যিসকলে ঘৰৰ ভিতৰত লুকাই আছিল, তেওঁলোক জুইৰ তাপ সহিব নোৱাৰি বাহিৰলৈ ওলাই আহিবলৈ বাধ্য হৈছিল; কিন্তু বাহিৰলৈ ওলাই অহাৰ লগে লগে, দহজনৰ ভিতৰত নজনকেই ঘটনাস্থলীতে হত্যা কৰা হৈছিল। আনফালে, যিসকলে ঘৰৰ ভিতৰতে থাকিবলৈ চেষ্টা কৰিছিল, তেওঁলোক বন্ধ দুৱাৰৰ ভিতৰতে অগ্নি দগ্ধ হৈ মৃত্যুবৰণ কৰিছিল, আৰু শেষত ৰৈ যোৱা জ্বলা হাড়সমূহৰপৰা কিমানজনৰ মৃত্যু হৈছিল সেইটো বুজা অসম্ভৱ হৈছিল।

ইয়াংঝৌ, জিয়াডিং আৰু জিয়াংইনত সংঘটিত হোৱা গণহত্যাসমূহৰ বিষয়ে লিখা কিতাপসমূহ পিছলৈ গৈ চিং-বিৰোধী লেখকসকলে পুনৰ প্ৰকাশ কৰিছিল। এই গ্ৰন্থসমূহ টাইপিং বিদ্ৰোহ আৰু সিনহাই বিপ্লৱৰ আগভাগত জনসমৰ্থন আদায় কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।[9][10]

নানজিঙে শান্তিপূৰ্ণভাৱে আত্মসমৰ্পণ কৰাৰ পাছত, চিং সেনাই ইয়াংঝৌৰপৰা ধৰি নিয়া মহিলাসকলক মুক্তিপণৰ বিনিময়ত নানজিঙত তেওঁলোকৰ স্বামী আৰু পিতৃসকলৰ ওচৰলৈ ওভতাই দিছিল। মহিলাসকলক চহৰখনৰ ভিতৰলৈ সোমাই যাবলৈ দিয়া হৈছিল আৰু তেওঁলোকক জোৰেৰে চাবুকেৰে কোবাইছিল, তেওঁলোকৰ চুলিত মুক্তিপণৰ মূল্য দেখুওৱা টেগ সংলগ্ন কৰা হৈছিল।[11]

ইউয়ান, মিং আৰু চিং ৰাজবংশৰ সময়ছোৱাত ইয়াংঝৌত হুই মুছলমান সমাজ বাস কৰিছিল। এই সমাজখনৰ ঐতিহাসিক মছজিদসমূহৰ ভিতৰত ক্ৰেন মছজিদ আৰু ছয়্যিদ পুহাদ্দিনৰ সমাধি উল্লেখযোগ্য।[12][13][14]

মিংৰপৰা চিংলৈ ক্ষমতা হস্তান্তৰৰ সময়ত সংঘটিত ইয়াংঝৌ গণহত্যাৰ দৰে নৃশংস ঘটনাসমূহৰ বিৱৰণক চিং-বিৰোধী সিনহাই বিপ্লৱৰ সময়ত বিপ্লৱীসকলে ব্যৱহাৰ কৰিছিল, যাৰ ফলত মাঞ্চুসকলৰ বিৰুদ্ধে হিংসাত্মক আক্ৰমণ সংঘটিত হৈছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "揚州十日記 - 维基文库,自由的图书馆". zh.wikisource.org. https://zh.wikisource.org/zh/%E6%8F%9A%E5%B7%9E%E5%8D%81%E6%97%A5%E8%A8%98 আহৰণ কৰা হৈছে: 2019-04-22.
  2. Antonia Finnane (2004). Speaking of Yangzhou: A Chinese City, 1550-1850. Harvard University Asia Center. পৃষ্ঠা. 453. ISBN 978-0674013926. https://books.google.com/books?id=6-hxAAAAMAAJ.
  3. 谢国桢,《南明史略》,第72—73页
  4. 张德芳《〈扬州十日记〉辨误》,中华文史论丛,第368-370页
  5. Struve (1993) (note at p. 269), following a 1964 article by Zhang Defang, notes that the entire city's population at the time was not likely to be more than 300,000, and that of the entire Yangzhou Prefecture, 800,000.
  6. E.Backhouse and J.O.P. Bland, 'The Sack of Yang Chou-fu.' In Annals and Memoirs of the Court of Peking. Boston and New York: Houghton Mifflin Company, 1914.
  7. "A Memoir of the Ten Days' Massacre at Yangchow." Trans. Lucien Mao. Tien-hsia Monthly 4, no. 5 (May 1937): 515-37.
  8. Struve, Lynn A., Voices from the Ming-Qing Cataclysm: China in Tigers' Jaws (New Haven: Yale University Press, 1998), pp.32-48
  9. 朱子素, 嘉定屠城紀略
  10. 韓菼, 江陰城守紀
  11. Yao, Wenxi (1993). Struve, Lynn A.. ed. Voices from the Ming-Qing Cataclysm: China in Tigers' Jaws (illustrated, reprint, revised সম্পাদনা). Yale University Press. পৃষ্ঠা. 65–66. ISBN 0300075537. https://books.google.com/books?id=cRXAcZGcpa8C&pg=PA65.
  12. "Puhading Yuan in Yangzhou - Attraction | Frommer's". https://www.frommers.com/destinations/yangzhou/attractions/puhading-yuan.
  13. "Xianhe Mosque in Yangzhou of Jiangsu, Muslim Mosque in Yangzhou". https://www.topchinatravel.com/china-attractions/xianhe-mosque.htm.
  14. "Puhading Cemetery, Yangzhou". https://www.tripadvisor.com/Attraction_Review-g494934-d1864987-Reviews-Puhading_Cemetery-Yangzhou_Jiangsu.html.