সমললৈ যাওক

ইয়াং এছা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইয়াং এছা
সম্পৰ্ক Miao জনগোষ্ঠীৰ সৌন্দৰ্য্য দেৱী

ইয়াং এছা (চীনা: 仰阿莎; Yang’asha নামেও জনাজাত) হৈছে মিয়াও জনগোষ্ঠীৰ সৌন্দৰ্য্য দেৱী।[1] তেওঁ স্থানীয় লোকসংস্কৃতিৰ এক প্ৰতিৰূপ।[2]

উপাখ্যান

[সম্পাদনা কৰক]

স্থানীয় উপকথা অনুসৰি, ইয়াং এছা এক অতি সুন্দৰী মহিলা আছিল। তেওঁ অন্ধকাৰ মেঘৰ প্ৰবঞ্চনাৰ বাবে সূৰ্যক বিবাহ কৰিবলৈ বাধ্য হৈছিল। কিন্তু বিবাহৰ পিছত সূৰ্য পূৱ চীন সাগৰত গৈ থাকিবলৈ ধৰিলে আৰু ইয়াং এছাই সূৰ্যৰ অনুপস্থিতি ছয় বছৰ সহ্য কৰিলে। তাৰ কিছু দিন পিছত, তেওঁ আৰু সূৰ্যৰ ভাই চাং গংগুৱে (জোন)ৰ প্ৰেমত পৰে। দুয়ো জনে মিলি পলাই যোৱাৰ সিদ্ধান্ত লয় আৰু একেলগে প্ৰান্তসীমালৈ পলায়ন কৰে। বহু বাধা-বিপত্তি পাৰ হৈ শেষত তেওঁলোকে সুখী জীৱন অতিবাহিত কৰে।[2]

  • ২০১৭ চনত জিয়ান্‌হে কাউণ্টিত ইয়াং এছাৰ ৮৮ মিটাৰ ওখ ষ্টীলৰ মূৰ্তি নিৰ্মাণ কৰা হয়।[3][4]

তথ্যউৎস

[সম্পাদনা কৰক]