সমললৈ যাওক

ইয়ান কেৰশ্ব

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছাৰ ইয়ান কেৰশ্ব
Sir Ian Kershaw

FRHistS

২০১২ চনৰ লাইপজিগ গ্ৰন্থমেলাত কেৰশ্ব’
জন্ম ২৯ এপ্ৰিল, ১৯৪৩ (৮২ বছৰ)
ইংলেণ্ডৰ লেংকাশ্বায়াৰৰ অলধাম
দাম্পত্যসঙ্গী বেটী কেৰশ্ব
পিতৃ-মাতৃ জোচেফ কেৰশ্ব, এলিছ (ৰবিনছন) কেৰশ্ব
সন্তান
শৈক্ষিক পটভূমি
মাতৃশিক্ষানুষ্ঠান
  • লিভাৰপুল বিশ্ববিদ্যালয় (কলা শাখাত স্নাতক)
  • মাৰ্টন কলেজ, অক্সফৰ্ড (ডিফিল))
বোল্টন প্ৰাইয়ৰী, ১২৮৬–১৩২৫: এক অৰ্থনৈতিক অধ্যয়ন (১৯৬৯)
প্ৰভাৱিত হৈছে
  • মাৰ্টিন ব্ৰছজাট
  • টিমোথি মেছন (বুৰঞ্জীবিদ)
শৈক্ষিক কৰ্ম
শাখা সামাজিক ইতিহাস
বিদ‍্যালয় বা পৰম্পৰা Alltagsgeschichte
মূল আগ্ৰহ নাজী জাৰ্মানী
উল্লেখযোগ্য ধাৰণা "ৱৰ্কিং টুৱেৰ্ডছ দ্য ফুৰাৰ" তত্ত্ব


ছাৰ ইয়ান কেৰশ্ব' (ইংৰাজী: Ian Kershaw) FRHistS FBA (জন্ম ২৯ এপ্ৰিল ১৯৪৩) এজন ইংৰাজ ইতিহাসবিদ যাৰ কাম মূলতঃ ২০ শতিকাৰ জাৰ্মানীৰ সামাজিক ইতিহাসৰ ওপৰত কেন্দ্ৰিত। তেওঁক বহুতে এডল্ফ হিটলাৰ আৰু নাজী জাৰ্মানীৰ বিশ্বৰ অন্যতম আগশাৰীৰ বিশেষজ্ঞ হিচাপে গণ্য কৰে আৰু বিশেষকৈ হিটলাৰৰ জীৱনীৰ বাবে তেওঁক বিখ্যাত।[1]

তেওঁ জাৰ্মান ইতিহাসবিদ মাৰ্টিন ব্ৰছজাটৰ অনুগামী, আৰু অৱসৰ লোৱালৈকে তেওঁ শ্বেফিল্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল। কেৰশ্বৱে ব্ৰছজাটক এজন "প্ৰেৰণাদায়ক গুৰু" বুলি অভিহিত কৰিছে যিয়ে নাজী জাৰ্মানীৰ বিষয়ে তেওঁৰ বুজন ক্ষমতা গঢ় দিবলৈ বহুখিনি কৰিছিল।[2] কেৰশ্বৱে বিবিচিৰ বহুতো তথ্যচিত্ৰত ঐতিহাসিক উপদেষ্টা হিচাপে কাম কৰিছিল, বিশেষকৈ দ্য নাজিছ: এ ৱাৰ্নিং ফ্ৰম হিষ্ট্ৰী এণ্ড ৱাৰ অৱ দ্য চেঞ্চুৰী। তেওঁ "হিটলাৰৰ বিৰুদ্ধে জাৰ্মান" শীৰ্ষক এটা পাঠ্যক্ৰম শিকাইছিল।[3]

চমু জীৱন

[সম্পাদনা কৰক]

১৯৪৩ চনৰ ২৯ এপ্ৰিলত ইংলেণ্ডৰ লেংকাশ্বাৰৰ অলধামত এজন সংগীতজ্ঞ জোচেফ কেৰশ্ব' আৰু এলিছ (ৰবিনছন) কেৰশ্ব'ৰ ঘৰত ইয়ান কেৰশ্বৱে জন্মগ্ৰহণ কৰে।[4][5] তেওঁ মানচেষ্টাৰৰ ছেইণ্ট বেডছ কলেজৰ কাউনথিল গ্ৰামাৰ স্কুলত শিক্ষা গ্ৰহণ কৰে আৰু তাত তেওঁক ফাদাৰ জিঅ'ফ্ৰে বাৰ্ক,[6]লিভাৰপুল বিশ্ববিদ্যালয় (বিএ), আৰু অক্সফৰ্ডৰ মাৰ্টন কলেজ (ডিফিল)ৰ দ্বাৰা অধ্যাপনা কৰে। প্ৰথমে তেওঁ মধ্যযুগীয়বাদী হিচাপে প্ৰশিক্ষণ লৈছিল যদিও ১৯৭০ চনত আধুনিক জাৰ্মান সামাজিক ইতিহাসৰ অধ্যয়নত মন মেলিছিল। প্ৰথমতে তেওঁ মূলতঃ বোল্টন এবেৰ অৰ্থনৈতিক ইতিহাসৰ বিষয়ে চিন্তা-চৰ্চা কৰিছিল। মানচেষ্টাৰত মধ্যযুগীয় ইতিহাসৰ প্ৰবক্তা হিচাপে কেৰশ্বৱে মধ্যযুগত জাৰ্মান কৃষকসকলৰ বিষয়ে অধ্যয়ন কৰিবলৈ জাৰ্মান ভাষা শিকিছিল। ১৯৭২ চনত তেওঁ বাভাৰিয়া ভ্ৰমণ কৰে আৰু মিউনিখৰ কেফেত লগ পোৱা এজন বুঢ়া মানুহৰ মতামত শুনি স্তম্ভিত হৈ পৰে যিয়ে তেওঁক ক'লে: "আপোনালোক ইংৰাজ ইমানেই মূৰ্খ আছিল। যদিহে আপুনি আমাৰ পক্ষ ল'লেহেঁতেন। আমি একেলগে বলছেভিজমক পৰাস্ত কৰি পৃথিৱীখন শাসন কৰিব পাৰিলোহেঁতেন!"—এই কাণ্ডৰ ফলত কেৰশ্ব'ৱে জাৰ্মানীৰ সাধাৰণ মানুহে কেনেকৈ আৰু কিয় নাজীবাদক সমৰ্থন কৰিব পাৰে সেই বিষয়ে জানিবলৈ আগ্ৰহী হৈ পৰে।[7]

তেওঁৰ পত্নী ডেম বেটী কেৰশ্ব’ নাৰ্চিঙৰ প্ৰাক্তন অধ্যাপিকা আৰু শ্বেফিল্ড বিশ্ববিদ্যালয়ৰ স্কুল অৱ নাৰ্চিং ষ্টাডিজৰ ডীন।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Sir Ian Kershaw: Dissecting Hitler Archived 30 July 2017 at the Wayback Machine; BBC News; 14 June 2002.
  2. Kershaw, Ian (February 2004). "Beware the Moral High Ground". H-Soz-u-Kult. http://hsozkult.geschichte.hu-berlin.de/forum/type=diskussionen&id=418। আহৰণ কৰা হৈছে: 5 May 2009. 
  3. Arana, Marie (19 October 2008). "Ian Kershaw: Casting light on the shadows". The Washington Post Book World: পৃষ্ঠা 11. 
  4. Mosley, Charles, ed (2003). Burke's Peerage, Baronetage & Knighthood (107 সম্পাদনা). Burke's Peerage & Gentry. পৃষ্ঠা. 2146. ISBN 0-9711966-2-1. 
  5. See Contemporary Authors, Vol. 137, p. 246f.
  6. "Ian Kershaw: 'My inspiration' Archived 19 May 2017 at the Wayback Machine, theguardian.com; retrieved 21 January 2015.
  7. Snowman, Daniel "Ian Kershaw" pp. 18–20 from History Today Volume 51, Issue 7, July 2001 p. 18
  8. "Hitler 1889-1936 by Ian Kershaw" (en ভাষাত). Baillie Gifford Prize. https://www.thebailliegiffordprize.co.uk/books-and-authors/hitler-1889-1936-by-ian-kershaw। আহৰণ কৰা হৈছে: 2023-06-04. [সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  • আমেৰিকা যুক্তৰাষ্ট্ৰৰ C-SPAN-ৰ তথ্যভঁৰালত [1]-ৰ বিষয়ে তথ্য

On Kershaw

Kershaw interviewed

By Kershaw