ইয়াহ (ৰাণী)
ইয়াহ (ইয়াহ, জাহ বা আহ অথবা "চন্দ্ৰ";[1] আনুমানিক ২০৬০ খ্ৰীষ্টপূৰ্ব) একাদশ বংশৰ মাজভাগত (খ্ৰীষ্টপূৰ্ব ২১৩৪–১৯৯১) প্ৰাচীন মিচৰৰ এগৰাকী ৰজাৰ মাতৃ আৰু ৰাণী আছিল। এজন ৰজাৰ কন্যা, সম্ভৱতঃ দ্বিতীয় ইণ্টেফ আৰু ৰজা দ্বিতীয় মেণ্টুহোটেপৰ মাতৃ, তেওঁ তৃতীয় ইণ্টেফৰ ৰাণী পত্নী আছিল।
জীৱনী
[সম্পাদনা কৰক]ইয়াহৰ উৎপত্তি আৰু জীৱনৰ বিষয়ে নিশ্চিতভাৱে বহুত কমেইহে জনা যায়। তেওঁ ৰজাৰ কন্যা (S3t-nswt)ৰ উপাধি বহন কৰিছিল,[2] যিয়ে বুজায় যে, তেওঁ ফেৰাউনৰ কন্যা আছিল, সম্ভৱতঃ দ্বিতীয় ইণ্টেফ, কিন্তু এইটো অনুমাণিক হৈয়েই আছে। তেওঁৰ নামটো মিচৰৰ চন্দ্ৰ দেৱতা ইয়াহৰ উল্লেখ আছে।[3]
ইয়াহৰ বিবাহ ৰজা তৃতীয় ইণ্টেফৰ সৈতে হৈছিল যদিও ৰজাৰ পত্নীৰ গুৰুত্বপূৰ্ণ উপাধি তেওঁৰ বাবে প্ৰমাণিত হোৱা নাই। তেওঁলোকৰ সন্তান আছিল:
- ৰজা নেভেপেট্ৰে দ্বিতীয় মেণ্টুহোটেপ (খ্ৰীষ্টপূৰ্ব ২০৪৬ – খ্ৰীষ্টপূৰ্ব ১৯৯৫)[4]
- ৰাণী নেফেৰু দ্বিতীয়[2]
দ্বিতীয় মেণ্টুহোটেপ আৰু দ্বিতীয় নেফেৰুৰ মাতৃ হিচাপে ইয়াh ৰজা তৃতীয় মেণ্টুহোটেপৰ মাতৃ আৰু পিতৃৰ ফালৰ পৰা আইতাক আছিল।[5]
শ্বাট এৰ-ৰিগালৰ এটা শিলৰ ৰিলিফত ইয়াহ দেখা যায় য'ত তেওঁক দ্বিতীয় মেণ্টুহোটেপৰ পিছফালে থিয় হৈ থকা দেখা গৈছে। দুয়োৰে সন্মুখত প্ৰিয় দেৱতাৰ পিতৃ, ৰাৰ পুত্ৰ, ইণ্টেফ আৰু ৰাজক ছীলাৰ আৰু কোষাধ্যক্ষ খেতিৰ চিত্ৰ অংকন কৰা হৈছে। তেওঁৰ কন্যা দ্বিতীয় নেফেৰুৰ সমাধি টিটি৩১৯তো দেখা যায়।[6] নেফেৰুৰ সমাধিৰ ৰিলিফ খণ্ড আৰু আৰ্হি কফিনত তেওঁৰ নাম উল্লেখ কৰা হৈছে, য'ত লিখা আছে: "নেফেৰু, ইয়াৰ জন্ম।" [7]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Allen, James P. (2000). Middle Egyptian: An Introduction to the Language and Culture of Hieroglyphs. Cambridge University Press. p. 436
- ↑ 2.0 2.1 Joyce Tyldesley, Chronicle of the Queens of Egypt, Thames & Hudson. 2006, pp. 66-68. আই.এচ.বি.এন. 0-500-05145-3
- ↑ Remler, Pat. (2000). Egyptian Mythology A to Z: A Young Reader's Companion. Facts On File. P. 1
- ↑ Clayton, Peter A. Chronicle of the Pharaohs: The Reign-by-Reign Record of the Rulers and Dynasties of Ancient Egypt. Thames & Hudson. p. 72. 2006. আই.এচ.বি.এন. 0-500-28628-0
- ↑ Firth, Lesley (editor-in-chief) et al (1985). "Mentohotep III". Who Were They? The Simon & Schuster Color Illustrated Question & Answer Book. Little Simon Book, Simon & Schuster, Inc., New York City, আই.এচ.বি.এন. 0671604767., page 12.
- ↑ Silke Roth: Die Königsmütter des Alten Ägypten, Wiesbaden 2001, আই.এচ.বি.এন. 3447043687, p. 426
- ↑ William C. Hayes: The Scepter of Egypt I, New York 1953, আই.এচ.বি.এন. 0870991906, p. 160, 327