ইয়েমোদিছ বেকেলে
ইয়েমোদিছ বেকেলে (ইংৰাজী: Yemodish Bekele, জন্ম-১৯৬০) কবিতা, চুটিগল্প আৰু এখন উপন্যাসকে ধৰি সাতখনতকৈও অধিক গ্ৰন্থৰ প্ৰকাশিত লেখিকা আৰু নিজাকৈ চুটিগল্প সংকলন প্ৰকাশ কৰা প্ৰথমগৰাকী ইথিঅ'পিয়ান মহিলা। অপৰাধ সাংবাদিক য়েমেডিছ ইথিওপিয়াৰ ফেডাৰেল পুলিচৰ বাতৰি কাকত পলিছ এনা এৰমিজাউ (‘পুলিচ এণ্ড ফিউচাৰ জাৰ্নিজ’)ৰ মুখ্য সম্পাদিকা হোৱাও প্ৰথমগৰাকী মহিলা।[1][2] তেওঁ মহিলা অধিকাৰৰ এগৰাকী কৰ্মী৷ তেওঁ মহিলাৰ উন্নতিৰ বাবে নিবেদিত সংস্থাসমূহৰ সৈতে কাম কৰে আৰু তেওঁলোকৰ বাবে ব'ৰ্ডত সেৱা আগবঢ়ায়। বৰ্তমান তেওঁ ইথিঅ'পিয়ান মহিলা লেখক সংস্থাৰ সভানেত্ৰী, আৰু নেটৱৰ্ক অৱ ইথিঅ'পিয়ান মহিলা সন্থাৰ ব’ৰ্ডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
জীৱনী
[সম্পাদনা কৰক]১৯৬০ চনত ইথিওপিয়াৰ আদিছ আবাবাৰ টেকলেহাইমানোট অঞ্চলত জন্মগ্ৰহণ কৰা য়েমোডিছে স্থানীয় প্ৰাথমিক বিদ্যালয় আফ্ৰিকা এণ্ডিনেটত পঢ়িছিল আৰু আদিছ কেটেমাৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিল।[1] য়েমোদিছ আছিল একমাত্ৰ সন্তান৷ এজন আৰক্ষী বিষয়াৰ কন্যা হিচাপে তেওঁ আৰক্ষীৰ বাতৰি কাকত আৰু প্ৰকাশিত কিতাপ-পত্ৰ পঢ়ি ডাঙৰ হৈছিল।[1]
১৯৭৯ চনত ১৯ বছৰ বয়সত সাংস্কৃতিক আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত প্ৰতিযোগিতাত তেওঁ জয়ী হয়। ইয়াৰ ফলত তেওঁৰ বাৰটা কবিতা ‘আব্যোতাৱি গিটমোচ’ (‘বিপ্লৱী কবিতা’) শীৰ্ষক সচিত্ৰ সংকলনত প্ৰকাশ পায়। ইয়াৰে এটা কবিতাৰ শিৰোনাম আছিল ‘‘কে মাগেট এস্কে কেতেমা’ (ঘৰৰ পৰা চহৰলৈ) আৰু ইয়াত নাৰীৰ সংগ্ৰামৰ বিষয়ে লিখা আছিল।[1]

১৯৯০ চনত ২৭ বছৰ বয়সত তেওঁৰ প্ৰথমখন চুটিগল্পৰ গ্ৰন্থ ‘ য়ে বাকেনে গিজ’ (‘ৱেষ্টেড টাইম’) শীৰ্ষক গ্ৰন্থ প্ৰকাশ কৰে।[1]
য়েমেডিছে ইথিওপিয়াৰ ফেডাৰেল পুলিচৰ বাতৰি কাকত পলিছ এনা এৰমিজ’ত ছয়কুৰি বছৰ কাম কৰিছিল। তেওঁ এগৰাকী ইণ্টাৰ্ণ হিচাপে আৰম্ভ কৰিছিল, আৰু এগৰাকী সাংবাদিক আৰু অপৰাধ সাংবাদিক হিচাপে কাম কৰিছিল৷ তাৰ পিছত সম্পাদিকা হিচাপে কাম কৰিছিল আৰু মুখ্য সম্পাদক হিচাপে মৰ্যাদা লাভ কৰা প্ৰথমগৰাকী মহিলা আছিল।[2][3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 "Yemodish Bekele". EthioScoop. http://www.ethionation.com/sites/biography/3558-yemodish-bekele.html। আহৰণ কৰা হৈছে: 25 October 2017.[সংযোগবিহীন উৎস]
- ↑ 2.0 2.1 "blog.ethiopiantribune.com/blog/9918-stories-of-accomplished-ethiopian-women.aspx". blog.ethiopiantribune.com. Archived from the original on 26 October 2017. https://web.archive.org/web/20171026002840/http://blog.ethiopiantribune.com/blog/9918-stories-of-accomplished-ethiopian-women.aspx। আহৰণ কৰা হৈছে: 25 October 2017.
- ↑ "Pumpkin Seeds And Other Gifts". bookmate.com. https://bookmate.com/reader/DMtehm72। আহৰণ কৰা হৈছে: 25 October 2017.