ইলা পাটনায়ক
ইলা পাটনায়ক | |
---|---|
প্ৰধান অৰ্থনৈতিক উপদেষ্টা, অৰ্থনৈতিক পৰিক্ৰমা বিভাগ, বিত্ত মন্ত্ৰালয় | |
কাৰ্যকাল ১ মে’ ২০১৪ – ফেব্ৰুৱাৰী ২০১৭ চন | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোডী |
পূৰ্বসূৰী | দীপক দাসগুপ্ত |
উত্তৰসূৰী | সঞ্জীৱ স্যানাল |
ব্যক্তিগত তথ্য | |
জন্ম | নতুন দিল্লী, ভাৰত |
দাম্পত্যসঙ্গী | অজয় পাটনায়ক |
সন্তান | মেঘা পাটনায়ক, আয়ুষ পাটনায়ক |
শিক্ষানুষ্ঠান | দিল্লী বিশ্ববিদ্যালয় (বি.এ.) জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (এম.এ., এম.ফিল.) ছাৰে বিশ্ববিদ্যালয় (পি.এইচ.ডি.) |
পেচা | অৰ্থনীতিবিদ |
ক্ষেত্ৰ | মুক্ত অৰ্থনীতি সমষ্টিগত অৰ্থনীতি, মূলধনৰ প্ৰৱাহ, বিনিময় হাৰৰ ব্যৱস্থা, মুদ্ৰানীতি, ব্যৱসায়িক চক্ৰ, বিত্তীয় খণ্ড (মূলধনী একাউণ্ট খোলা) |
কৰ্মস্থান | দিল্লী বিশ্ববিদ্যালয় (১৯৮৭-১৯৯১)
ভাৰতীয় বৈদেশিক বাণিজ্য প্ৰতিষ্ঠান (২০০৪) নেচনেল ইনষ্টিটিউট অৱ পাব্লিক ফাইনেন্স এণ্ড পলিচি (২০০৬-বৰ্তমান) |
ইলা পাটনায়ক (ইংৰাজী: Ila Patnaik) এগৰাকী ভাৰতীয় অৰ্থনীতিবিদ।[1][2] আৰু ভাৰত চৰকাৰৰ প্ৰাক্তন প্ৰধান অৰ্থনৈতিক উপদেষ্টা।[3] এই সময়ছোৱাত তেওঁ ভাৰতৰ অৰ্থনৈতিক জৰীপ, ২০১৩-১৪ প্ৰস্তুত কৰিছিল আৰু ভাৰত চৰকাৰৰ অসংখ্য সমিতি আৰু টাস্ক ফ’ৰ্চত অৰিহণা যোগাইছিল।[4][5][6][7] ২০১৪ চনত নোবেল বঁটা বিজয়ী অমৰ্ত্য সেন আৰু আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ ৱাই ভি ৰেড্ডী, ৰঘুৰাম ৰাজন আৰু উৰ্জিত পেটেলৰ দৰে অৰ্থনীতিবিদৰ সৈতে ভাৰতৰ শীৰ্ষ দহৰ ভিতৰত স্থান পোৱা একমাত্ৰ মহিলা অৰ্থনীতিবিদ আছিল।[8] তেওঁ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বাবেও নিয়মীয়াকৈ স্তম্ভ লিখে।[9]
তেওঁ বৰ্তমান তেওঁ নেচনেল ইনষ্টিটিউট অৱ পাব্লিক ফাইনেন্স এণ্ড পলিচি (এনআইপিএফপি)ৰ অধ্যাপিকা।[3]
শিক্ষা
[সম্পাদনা কৰক]ইলা পাটনায়কে দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দু মহাবিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰিছে (১৯৮৫)। তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অৰ্থনীতি অধ্যয়ন আৰু পৰিকল্পনা কেন্দ্ৰৰ পৰা দৰ্শনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে (১৯৮৭ আৰু ১৯৮৯)। ভাৰতত স্নাতক আৰু স্নাতক অধ্যয়ন কৰাৰ সময়ত, তেওঁ যুক্তৰাজ্যত পিএইচডি কৰাৰৰ সিদ্ধান্ত লয় আৰু ১৯৯৬ চনত ছাৰে বিশ্ববিদ্যালয় পৰা অৰ্থনীতিৰ পি. এইচডি. লাভ কৰে।
কেৰিয়াৰ
[সম্পাদনা কৰক]ইলা পাটনায়ক আছিল দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ অৰ্থনীতি সম্পাদক। বিজনেছ ষ্টেণ্ডাৰ্ডত পষেকীয়া এটা স্তম্ভ লিখিছিল। তেওঁ ১৯৯৭-২০০১ চনত এনচিএইআৰ, নতুন দিল্লীৰ মেক্ৰ’ ট্ৰেক, এ কোৱাৰ্টাৰলি আপডেট অন দ্য ইণ্ডিয়ান ইকনমিৰ সম্পাদক হিচাপেও কাম কৰিছিল। তদুপৰি, পাটনায়ক এজন জ্যেষ্ঠ অৰ্থনীতিবিদ আৰু নেচনেল কাউন্সিল অৱ এপ্লাইড ইকনমিক ৰিচাৰ্ছ (এনচিএইআৰ) আৰু ইণ্ডিয়ান কাউন্সিল ফৰ ৰিচাৰ্চ ইন ইণ্টাৰনেশ্যনেল ইকনমিক ৰিলেচনছ (১৯৯৬-২০০২, ২০০৪; ২০০২-২০৪)ৰ জ্যেষ্ঠ ফেল' আছিল। ২০০৭ চনৰ পৰা ২০০৯ চনলৈকে তেওঁ এনডিটিভি পলিচি উইথ পাটনায়ক নামৰ এটা অনুষ্ঠান কৰিছিল। আৰু এতিয়া তেওঁ দিপ্ৰিণ্ট ভাৰতীয় অৰ্থনীতি সম্পৰ্কীয় সাপ্তাহিক শ্ব'ত কাম কৰি আছে।
বঁটা
[সম্পাদনা কৰক]পাটনায়কক প্ৰদান কৰা একাধিক বঁটাৰ ভিতৰত "জুনিয়ৰ চাইন্স টেলেণ্ট স্কোলাৰশ্বিপ" (১৯৭৮), "নেচনেল টেলেণ্ট চাৰ্চ স্কোলাৰশ্বিপ" (১৯৮০), "জুনিয়ৰ ৰিচাৰ্চ ফেল'শ্বিপ ফৰ ইকনমিক্স" (১৯৮৭), আৰু "ব্ৰিটিছ নেহৰু চেণ্টেনাৰী ফেল'শ্বিপ ফৰ ডক্টৰেট ষ্টাডি ইন ইকনমিক্স ইন দ্য ইউ কে" (১৯৯১) অন্যতম।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Mukherjee, Andy (2004-11-01). "Who Owns the Key to India's $120 Billion Kitty?: Andy Mukherjee". Bloomberg. https://www.bloomberg.com/apps/news?pid=newsarchive&sid=aLudw6JaJv4g&refer=redirectoldpage। আহৰণ কৰা হৈছে: 2014-08-15.
- ↑ "Face The Budget: Chidambaram's tough task - IBNLive". Ibnlive.in.com. Archived from the original on 2012-10-12. https://web.archive.org/web/20121012130311/http://ibnlive.in.com/news/face-the-budget-chidambarams-tough-task/59883-27.html?from=nextstory। আহৰণ কৰা হৈছে: 2014-08-15.
- ↑ 3.0 3.1 "NIPFP | Faculty". Archived from the original on 30 March 2022. https://web.archive.org/web/20220330102251/https://www.nipfp.org.in/staff/8/faculty/। আহৰণ কৰা হৈছে: 7 November 2017.
- ↑ "FM Arun Jaitley tables Economic Survey: Highlights". 9 July 2014. https://indianexpress.com/article/business/economy/fm-arun-jaitley-tables-economic-survey-highlights/.
- ↑ "All the Arun Jaitley's mandarins". DNA India. 28 June 2014. https://www.dnaindia.com/business/report-all-the-arun-jaitley-s-mandarins-1998267.
- ↑ . 9 July 2014. https://www.ndtv.com/india-news/india-delivers-economic-survey-ahead-of-budget-highlights-585886.
- ↑ . 9 July 2014. Archived from the original on 24 April 2019. https://web.archive.org/web/20190424121536/https://in.reuters.com/article/india-budget-economic-survey-highlights-idINKBN0FE0J920140709.
- ↑ "ie 100 Most Powerful Indians 2014: Top 10 economists". The Financial Express. 13 March 2014. https://www.financialexpress.com/archive/ie-100-most-powerful-indians-2014-top-10-economists/1233121/.
- ↑ "Ila Patnaik". 18 January 2016. https://indianexpress.com/profile/columnist/ila-patnaik/.