ইলা পাল চৌধুৰী
ইলা পাল চৌধুৰী (১৯০৮ – ৯ মাৰ্চ ১৯৭৫) এগৰাকী ভাৰতীয় সংসদ সদস্য আৰু ৰাষ্ট্ৰবাদী সমাজকৰ্মী আছিল।.[1]
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]কলকাতা, ব্ৰিটিছ ভাৰতৰ এটা ব্ৰহ্ম পৰিয়ালত ড০ ইলা পল চৌধুৰীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ বিজয় কৃষ্ণ বসু আলিপুৰ প্ৰাণীবিজ্ঞান উদ্যান, আলিপুৰৰ অধীক্ষক আছিল।[2][3] ইলা চৌধুৰীয়ে নাদিয়াৰ অমিয়নাৰায়ণ পাল চৌধুৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ শহুৰেক বিপ্ৰদাস পাল চৌধুৰী বাঙালী ব্ৰিটিছ ভাৰত উদ্যোগপতি আৰু আধুনিক ধাৰণাৰ মানুহ আছিল। ৰাজনীতিত প্ৰৱেশ কৰি কম বয়সতে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ ত যোগদান কৰে।[4]
ৰাজনৈতিক জীৱন
[সম্পাদনা কৰক]কংগ্ৰেছ দলত যোগদান কৰাৰ পিছত ড০ পাল চৌধুৰীয়ে নেতাজী সুভাস চন্দ্ৰ বসুক লগ পাই তেওঁৰ লগত কাম কৰিছিল। লাহে লাহে তেওঁ আঞ্চলিক কংগ্ৰেছৰ মহিলা শাখা বংগৰ নেত্ৰী হৈ পৰে। ১৯৫৭ চনত পাল চৌধুৰীয়ে প্ৰথমবাৰৰ বাবে সংসদীয় নিৰ্বাচনত নবদ্বীপ লোকসভা সমষ্টি, নাদিয়া জিলাৰ পৰা জয়লাভ কৰি লোকসভাৰ সক্ৰিয় সংসদ সদস্য হয়।[5][6] ইয়াৰ পিছত তেওঁ কৃষ্ণনগৰ লোকসভাৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি সমষ্টিত ১৯৬৮ চনত পুনৰ জয়লাভ কৰে।[7] তেওঁ বিদ্যালয় প্ৰতিষ্ঠা, কল্যাণকামী সংগঠন আদি বিভিন্ন সামাজিক কামৰ লগত জড়িত আছিল।[4][8]
মৃত্যু
[সম্পাদনা কৰক]১৯৭৫ চনৰ ৯ মাৰ্চত ইলা পাল চৌধুৰীৰ মৃত্যু হয়।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Samaddar, Ranabir (2003-07-04) (en ভাষাত). Refugees and the State: Practices of Asylum and Care in India, 1947-2000. SAGE Publications India. ISBN 978-81-321-0377-6. https://books.google.com/books?id=4cuGAwAAQBAJ&dq=ila+pal+choudhury&pg=PA364.
- ↑ Majumadāra, Līlā (1981) (bn ভাষাত). Kherora khātā. Ānanda. ISBN 978-81-7066-939-5. https://books.google.com/books?id=Jr7K6xQwMw8C&dq=%E0%A6%87%E0%A6%B2%E0%A6%BE+%E0%A6%AA%E0%A6%BE%E0%A6%B2+%E0%A6%9A%E0%A7%8C%E0%A6%A7%E0%A7%81%E0%A6%B0%E0%A7%80&pg=PA109.
- ↑ Chatterjee, Ramananda (1937) (en ভাষাত). The Modern Review. Prabasi Press Private, Limited. https://books.google.com/books?id=hgcFAAAAMAAJ&q=Bijay+Basu+Zoological+Garden,+Alipore.
- ↑ 4.0 4.1 4.2 Ed - S.Sengupta & A. Basu, Vol - I (2002). Sansad Bangali Charitavidhan (Bengali). প্ৰকাশক Kolkata: Sahitya Sansad. পৃষ্ঠা. 62. ISBN 81-85626-65-0.
- ↑ (PDF). "West Bengal Election Commission". http://eci.nic.in/eci_main/StatisticalReports/LS_1957/Vol_I_57_LS.pdf। আহৰণ কৰা হৈছে: 12 March 2017.
- ↑ VOLUME I, (National & State abstracts & detailed results) (1957). STATISTICAL REPORT ON GENERAL ELECTIONS TO THE SECOND LOK SABHA. প্ৰকাশক New Delhi: ELECTION COMMISSION OF INDIA.
- ↑ "Krishnanagar Lok Sabha Elections and Results 2014". elections.in. http://www.elections.in/west-bengal/parliamentary-constituencies/krishnanagar.html। আহৰণ কৰা হৈছে: 12 March 2017.
- ↑ Chopra, Joginder Kumar (1993-01-01) (en ভাষাত). Women in the Indian Parliament: A Critical Study of Their Role. Mittal Publications. ISBN 978-81-7099-513-5. https://books.google.com/books?id=mjQ7zgQK9qcC&dq=ila+pal+choudhury&pg=PA167.