ইলা বসু
ইলা বসু | |
---|---|
জন্ম | ১০ আগষ্ট, ১৯৩৬ হাওৰা, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ২১ ছেপ্টেম্বৰ, ১৯৯১ (৫৫ বছৰ) |
পেচা | কণ্ঠশিল্পী |
কাৰ্যকাল | ১৯৫০ –১৯৯১ |
ইলা বসু (ইংৰাজী: Ila Basu; ১০ আগষ্ট ১৯৩৬ – ২১ ছেপ্তেম্বৰ, ১৯৯১) এগৰাকী ভাৰতীয় বঙালী কণ্ঠশিল্পী আছিল। তেওঁ মূলতঃ আধুনিক বঙালী গীত আৰু নজৰুল গীতত বিশেষ অৱদান আগবঢ়াইছে। তাৰোপৰি তেওঁ বঙালী, অসমীয়া আৰু ওড়িয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীও আছিল।[1]
জীৱনী
[সম্পাদনা কৰক]বসুৰ জন্ম ব্ৰিটিছ ভাৰতৰ হাওড়াৰ এটা সাংগীতিক পৰিয়ালত হৈছিল। মাত্ৰ সাত বছৰ বয়সত তেওঁ এলাহাবাদত আয়োজিত সৰ্বভাৰতীয় সংগীত সন্মিলনত ধ্ৰপদী সংগীতত প্ৰথম স্থান অধিকাৰ কৰে। তেওঁ ননীগোপাল মিত্ৰ আৰু পিছলৈ নজৰুল গীতৰ প্ৰবাদপ্ৰতীম শিল্পী ধীৰেন্দ্ৰ চন্দ্ৰ মিত্ৰৰ ওচৰত সংগীতৰ শিক্ষা লয়। তেওঁ আকাশবাণী কলকাতাৰ এগৰাকী নিয়মীয়া গায়িকা আছিল। আকাশবাণীৰ জনপ্ৰিয় মহিষাসুৰমৰ্দ্দিনী শীৰ্ষক প্ৰভাতী অনুষ্ঠানতো অংশ লৈছিল।[2] ভজন, গজল, ৰাগপ্ৰধান আৰু নজৰুল গীতত তেওঁৰ অবাধ দখল আছিল। নজৰুল ইছলামৰ ৰচনা আৰু সুৰৰ মৰ্মবাণী তেওঁ অপূৰ্ব মাধুৰ্যমণ্ডিত কণ্ঠত ভাস্বৰ হৈ উঠিছিল, যিয়ে তেওঁক অসামান্য জনপ্ৰিয়তা দিছিল। তেওঁৰ গৌৰ গোস্বামীৰ সুৰত চাঁদ ডুবে যায়, যাক না শীৰ্ষক গীতটো প্ৰথম গ্ৰামোফোন ৰেকৰ্ডত প্ৰকাশিত হয়। তেওঁৰ প্ৰায় দুশ গীত গ্ৰামোফোন কোম্পানীয়ে বাণীবদ্ধ কৰিছে।[1] তাৰোপৰি তেওঁ বহু কেইখন বঙালী, অসমীয়া আৰু ওড়িয়া চলচ্চিত্ৰত নেপথ্য কণ্ঠদান কৰিছে।
নেপথ্য কণ্ঠশিল্পী
[সম্পাদনা কৰক]বঙালী চলচ্চিত্ৰ
[সম্পাদনা কৰক]নেপথ্য কণ্ঠদান কৰা কেইখনমান উল্লেখযোগ্য বঙালী ছবি-
- দুই ভাই (১৯৬১)
- বিপাশা (১৯৬২)
- সাবৰমতী (১৯৬৯)
- চিৰদিনেৰ (১৯৬৯)
অসমীয়া চলচ্চিত্ৰ
[সম্পাদনা কৰক]- শকুন্তলা (১৯৬১)
- লটিঘটি (১৯৬৬)
- ভাগ্য (১৯৬৭, প্ৰথম অসমীয়া ডাবিং ছবি)[3]
- মণিৰাম দেৱান (১৯৬৪)
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Anjali Basu, ed. (January 2019). "Ila Basu". সংসদ বাঙালী চৰিতাভিধান. 2nd. Kolkata: সাহিত্য সংসদ, কলকাতা.
- ↑ "Mahisasura Mardini by Birendra Krishna Bhadra (AIR Recording) – Details of tracks and artists". QuiQinQ. Archived from the original on 2012-10-24. https://web.archive.org/web/20121024064649/http://quiqinq.com/mahisasura-mardini-by-birendra-krishna-bhadra-air-recording-details-of-tracks-and-artists/। আহৰণ কৰা হৈছে: 2012-10-21.
- ↑ Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 445.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ইলা বসু সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।