ইলুমিনেটি
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ইলুমিনেটি ( লেটিন ভাষা: illuminatus ৰ বহুবচন ) হৈছে কেইবাটাও বাস্তৱ আৰু কাল্পনিক প্ৰাচীন আৰু আধুনিক সংগঠনক দিয়া নাম যদিও ইয়াৰ অৰ্থ আলোকিত ।[1] এই নামটোৱে মূলতঃ ১৭৭৬ চনৰ ১ মে'ত প্ৰতিষ্ঠা হোৱা বাভাৰিয়ান ইলুমিনেটিক বুজায় ইলুমিনেটিৰ আৰম্ভণি হৈছিল ১৭৭৬ চনৰ ১ মে’ত বৰ্তমানৰ জাৰ্মানীৰ অংশ বাভাৰিয়াত পাঁচজন সদস্যৰে। লক্ষ্য আছিল অন্ধবিশ্বাস , ধৰ্মবিৰোধী প্ৰভাৱ আৰু ৰাষ্ট্ৰৰ ক্ষমতাৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়া গৰিষ্ঠসংখ্যক লোকে অভিযোগ কৰে যে তেওঁলোকৰ উদ্দেশ্য আছিল।[2] অন্ধবিশ্বাসক ধ্বংস কৰা আৰু এই গোপন সংগঠনটো কেৱল এটা কল্পকাহিনী।

ইলুমিনেটিক বিশ্বৰ আটাইতকৈ গোপনীয় সংগঠন বুলি গণ্য কৰা হয়। ডেন ব্ৰাউনে তেওঁৰ ' এঞ্জেলছ এণ্ড ডেমনছ ' নামৰ গ্ৰন্থখনেৰে ইলুমিনেটিক জনপ্ৰিয় কৰি তুলিছিল । কোৱা হয় যে ইলুমিনেটি এনে লোকেৰে গঠিত যিসকলৰ হাতত পৃথিৱীখন নিয়ন্ত্ৰণ কৰিব পৰাকৈ যথেষ্ট ধন আৰু জ্ঞান আছে। আন এটা জনপ্ৰিয় তত্ত্ব হ’ল ১৭০০ চনত বাভাৰিয়াৰ এজন অধ্যাপকে ইয়াক উদ্ভাৱন কৰিছিল।
ইলুমিনেটিৰ সমৰ্থনত শেহতীয়াকৈ ওলাই অহাজন হৈছে কানাডাৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী পল হেলিয়াৰ। হেলিয়াৰৰ বক্তব্য আছিল যে ইলুমিনেটি বাস্তৱিক আৰু তেওঁলোকে পৃথিৱীখন নিয়ন্ত্ৰণ কৰে। ইলুমিনেটিৰ সমৰ্থনত ওলাই আহিছে বিশ্বৰ ভিতৰতে উচ্চ চৰকাৰী পদত অধিষ্ঠিত ব্যক্তি। ১৯৬৩–৬৭ চনলৈকে হেলিয়াৰে মন্ত্ৰালয়ৰ দায়িত্ব পালন কৰিছিল। হেলিয়াৰে লগতে কয় যে ইলুমিনেটিৰ সদস্যসকলে আনকি জলবায়ু পৰিৱৰ্তন দূৰ কৰাৰ কৌশলও জানে। পেট্ৰলিয়াম কোম্পানীবোৰৰ পৰা ৰাজহ হেৰুৱাব নিবিচাৰে বাবেই তেওঁলোকে গোপন কথা প্ৰকাশ নকৰে। এই গোপন সংগঠনৰ বৰ্তমানৰ লক্ষ্য মানুহক সহায় কৰাতকৈ সৰ্বাধিক লাভৰ লক্ষ্য বুলি বিশ্বাস কৰা হয়। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিত্তীয়, ৰাজনৈতিক, ব্যৱসায় আৰু মনোৰঞ্জন খণ্ডত ইলুমিনেটিৰ সদস্য আছে বুলি বিশ্বাস কৰা হয়। হেলিয়াৰে লগতে কয় যে তেওঁলোকৰ বহুতৰে পেট্ৰলিয়াম কোম্পানীত বহু শ্বেয়াৰ আছে।
উৎস
[সম্পাদনা কৰক]
নজন অচিনাকি মানুহ, কেৱল তেওঁলোকৰ বাবেই জনা এটা মানৱসৃষ্ট কৃত্ৰিম ভাষা, নিয়মিত ব্যৱধানত পুনৰ লিখা হৈ থকা নটা বহুমূলীয়া কিতাপ, প্ৰজন্মৰ পিছত প্ৰজন্মৰ মাজেৰে নিয়মীয়াকৈ চলি থকা শক্তি, সংগীক চিনি পোৱা গোপন সংহিতা, যিকোনো ঠাইতে জীয়াই থকাৰ স্বভাৱ জাতীয় সীমাহীন পৃথিৱীত নটা বিষয় যিয়ে পৃথিৱীৰ গতিপথ নিজেই সলনি কৰিব পাৰে , তাৰ ভিতৰত বিজ্ঞান আছে, যুক্তি আছে, ধৰ্ম আছে, আৰু আন কিছুমান মনক প্ৰভাৱিত কৰিবলৈ সক্ষম আৰু ইমান জ্ঞান আছে যে আমি ভাবিবও নোৱাৰো কিন্তু তেওঁলোকে এটা কথা জানে যে যদি তেওঁলোকৰ জ্ঞান দুষ্ট শক্তিৰ হাতত পৰে তেন্তে সেয়া হ’ব বিশ্বব্ৰহ্মাণ্ডৰ অন্ত। গতিকে জীৱনত সদায় গোপন স্বভাৱ বজাই ৰাখে।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ইলুমিনেটি সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ illuminati-secret-society National Geographic information ; 2025
- ↑ Britannica; illuminati-group-designation search. পৰা আহৰণ কৰা