ইলেক্ট্ৰা (অ'চেনিড)
ইলেক্ট্ৰা | |
---|---|
অ'চেনিড-ৰ সদস্য | |
সঙ্গী | ইয়াপেটাছ |
পিতৃ-মাতৃ | অচেনাছ আৰু টেথিছ |
সহোদৰ | অ'চেনিড, নদী দেৱতাসকল |
সন্তান | আইৰিছ, এলো আৰু অচিপেট |
ইলেক্ট্ৰা (/ɪˈlɛktrə/; প্ৰাচীন গ্ৰীক: Ἠλέκτρα, ইংৰাজী: Electra) গ্ৰীক শ্ৰুতিকথা অনুসৰি অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷[1][2][3]
পৰিয়াল
[সম্পাদনা কৰক]হেচিঅ'ডৰ ইলেক্ট্ৰা থাউমাছৰ পত্নী৷ থাউমাছ আৰু ইলেক্ট্ৰাৰ কন্যা হৈছে ৰামধেনুৰ দেৱী তথা দেৱতা আৰু হাৰ্পিসকলৰ দূত আইৰিছ।[4]
ইলেক্ট্ৰাৰ হাৰ্পি কন্যাৰ নাম ভিন্ন সংস্কৰণ ভিন্ন ভাবে পোৱা যায়। হেচিয়ড আৰু এপ’ল’ড’ৰাছৰ মতে তেওঁলোক হৈছে এলো আৰু অচিপেট। ভাৰ্জিলৰ মতে চেলেনো হৈছে তেওঁৰ অন্যতম হাৰ্পিৰ কন্যা।[5] হাইজিনাছ, ফেবুলে প্ৰিফেচত হাৰ্পি, চেলেনো, অচিপেট আৰু প'ডাৰ্চক থাউমাছ আৰু ইলেক্ট্ৰাৰ কন্যা বুলি কোৱাৰ বিপৰিতে ফাবুৱেলত হাৰ্পিৰ নাম এল'পাছ, চেলেনো আৰু অচিপেট বুলি কোৱা হয় আৰু তেওঁলোক থাউমাছ আৰু অজ'মিনৰ কন্যা বুলি কোৱা হৈছে।[6] অজ'মেন হয়তো ইলেক্ট্ৰাৰ গৌণ নাম আছিল, যাৰ অৰ্থ হৈছে "বহু-শাখা"।
চতুৰ্থ শতিকাৰ শেষৰ ফালে পঞ্চম শতিকাৰ আৰম্ভণিৰ কবি ননাছে উল্লেখ কৰা মতে ইলেক্ট্ৰা আৰু থাউমাছৰ দুই সন্তান হৈছে আইৰিছ আৰু নদী দেৱতা হাইডাস্পেছ।[7]
কিংবদন্তি
[সম্পাদনা কৰক]যেতিয়া ডিমিটাৰৰ কন্যাক হেডিছে অপহৰণ কৰিছিল, সেইসময়ত ভগ্নীসকলৰ সৈতে ইলেক্ট্ৰাও পাৰ্চেফোনৰ অন্যতম সংগী আছিল।[8]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Hesiod, Theogony 349 & 362–366; Homeric Hymn to Demeter 5 & 418; Apollodorus,1.2.2
- ↑ Kerényi, Carl (1951). The Gods of the Greeks. প্ৰকাশক London: Thames and Hudson. পৃষ্ঠা. 41.
- ↑ Bane, Theresa (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃষ্ঠা. 122. ISBN 9780786471119.
- ↑ Hesiod, Theogony 265–269, 780–381; also Apollodorus, 1.2.6; Hyginus, Fabulae Preface.
- ↑ Virgil, Aeneid 3 211–212; Servius on Virgil, Aeneid 3.212
- ↑ Hyginus, Fabulae 14.18
- ↑ Nonnus, Dionysiaca 26.358–362
- ↑ Homeric Hymn to Demeter 418; Pausanias, Graeciae Descriptio 4.30.4