ইলেন হেণ্ড্ৰিস্ক
| ইলেন হেণ্ড্ৰিস্ক | |
|---|---|
২০১৫ চনৰ এ.টি.এক্স. টেলিভিছন ফেষ্টিৱেলত হেণ্ড্ৰিস্ক | |
| জন্ম | কেথেৰিন ইলেন হেণ্ড্ৰিস্ক ২৮ ডিচেম্বৰ, ১৯৭০ ওক ৰিজ, টেনচি, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| পেচা | অভিনেত্ৰী, নৃত্যশিল্পী |
| সক্ৰিয় হৈ থকা সময় | ১৯৯২–বৰ্তমান |
| আত্মীয়-স্বজন | হেৰিচন স্মিথ (খুড়াক/বৰদেউতাকৰ পুত্ৰ) |
| ৱেবছাইট | |
| elainehendrix.com | |
কেথেৰিন ইলেন হেণ্ড্ৰিস্ক[1] (জন্ম: ২৮ ডিচেম্বৰ, ১৯৭০)[1][2] এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু নৃত্যশিল্পী। ১৯৯০ চনৰ কেইবাখনো টেলিভিছন চলচ্চিত্ৰত অভিনয় কৰি স্বীকৃতি লাভ কৰাৰ পাছত ১৯৯৮ চনৰ কমেডী ছবি দ্য পেৰেণ্ট ট্ৰেপৰ জৰিয়তে তেওঁ বিশেষ সফলতা অৰ্জন কৰে। টেলিভিছনত হেণ্ড্ৰিস্কে জোৱান অৱ আৰ্কেডিয়া (২০০৩–২০০৫), ৯০২১০ (২০১০–২০১১) আৰু প্ৰুভেন ইনোচেণ্ট (২০১৯) ধাৰাবাহিকত অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত দ্য চি.ডব্লিউ.-ৰ ধাৰাবাহিক ডাইনাষ্টিত (২০১৯–২০২২) এলেক্সিছ কেৰিংটন ক'লবিৰ চৰিত্ৰত অভিনয় কৰি তেওঁ পুনৰ চৰ্চালৈ আহে।
আদি জীৱন
[সম্পাদনা কৰক]হেণ্ড্ৰিস্কৰ জন্ম আৰু শৈশৱ টেনচিৰ ওক ৰিজত অতিবাহিত হৈছিল।[3][4] তেওঁৰ জন্মৰ সময়ত পিতৃয়ে ভিয়েটনাম যুদ্ধত সেৱা আগবঢ়াই আছিল। তেওঁৰ মাকে তেওঁৰ নাম কেথেৰিন ইলেন ৰাখিছিল, কিন্তু বেছিভাগ আত্মীয়ই তেওঁক মাজৰ নাম ধৰি মাতিছিল আৰু পিছলৈ সেইটোৱেই প্ৰচলিত হৈ পৰে।[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]নৃত্য আৰু মডেলিং
[সম্পাদনা কৰক]হাইস্কুলৰ শেষৰটো বৰ্ষত হেণ্ড্ৰিস্কে এটা মডেল সন্ধান প্ৰতিযোগিতাত বিজয়ী হয় আৰু গেৰী হেৰিচন ডান্স কোম্পানীৰ সৈতে এগৰাকী পেছাদাৰী নৃত্যশিল্পী হিচাপে কাম আৰম্ভ কৰে। অতি কম সময়ৰ ভিতৰতে তেওঁ নাইকী, লেভিছ, মেটেল আৰু ছান মাইক্ৰ’চিষ্টেমছৰ দৰে কোম্পানীৰ বাবে মডেল আৰু নৃত্যশিল্পী হিচাপে কাম কৰিবলৈ লয়। ইয়াৰ উপৰি তেওঁ হুডিনি, কীথ সোৱেট আৰু এম.চি. হামাৰৰ দৰে কেইবাজনো হিপ-হপ শিল্পীৰ বাবেও কাম কৰিছিল।
১৯৯২ চনত তেওঁ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছলৈ গুচি আহে। তাৰ কিছুসময়ৰ পাছতেই চাইকেল চলাই থকা অৱস্থাত এখন গাড়ীয়ে তেওঁক খুন্দা মৰাত আঘাতপ্ৰাপ্ত হয়, যাৰ ফলত এগৰাকী মডেল আৰু নৃত্যশিল্পী হিচাপে তেওঁৰ প্ৰাৰম্ভিক কেৰিয়াৰৰ অন্ত পৰে।[5]
চলচ্চিত্ৰ আৰু টেলিভিছন
[সম্পাদনা কৰক]দুৰ্ঘটনাৰপৰা আৰোগ্য লাভ কৰাৰ পাছত, হেণ্ড্ৰিস্কে ১৯৯৫ চনৰ চুটি ধাৰাবাহিক গেট স্মাৰ্টত অভিনয়ৰ সুযোগ পায়। তেওঁ জোৱান অৱ আৰ্কেডিয়া, ফ্ৰেণ্ডছ, এলেন, চাৰ্মড আৰু চি.এচ.আই.: ক্ৰাইম চীন ইনভেষ্টিগেচনৰ দৰে টেলিভিছন ধাৰাবাহিকতো ভূমুকি মাৰিছিল। ইয়াৰ উপৰি তেওঁ মেৰীড°.. উইথ চিলড্ৰেন, ইউজাৰ ফ্ৰেণ্ডলী (১৯৯৫) আৰু লেজ বি ফ্ৰেণ্ডছত (১৯৯৭) অভিনয় কৰিছিল।
তেওঁ অভিনয় কৰা চলচ্চিত্ৰসমূহৰ ভিতৰত ৰোমি এণ্ড মিচেলছ হাইস্কুল ৰিইউনিয়ন, ১৯৯৮ চনৰ দ্য পেৰেণ্ট ট্ৰেপৰ ৰিমেক, ছুপাৰষ্টাৰ, ইন্সপেক্টৰ গেজেট ২ আৰু হোৱাট দ্য ব্লীপ ডু উই নো! ? অন্যতম। ২০০৬ চনত তেওঁ ঘোষ্ট হুইছপাৰাৰৰ এটা খণ্ড আৰু কফি ডেট নামৰ বোলছবিখনত অভিনয় কৰে। ২০১৮ চনত হেণ্ড্ৰিস্কে হলমাৰ্ক চেনেলৰ টেলিভিছন চলচ্চিত্ৰ ক্ৰীষ্টমাছ এট পেম্বাৰলী মেনৰত অভিনয় কৰিছিল।
২০০৮ চনত হেণ্ড্ৰিস্কে এবিচি ফেমিলীৰ শ্ব' দ্য মিডলমেনৰ দুটা খণ্ডত ফেশ্বন ডিজাইনৰ কাম কৰা এজনী ছাকুবাছ ৰক্সি ৱাছাৰমেনৰ চৰিত্ৰত অভিনয় কৰে। সেই একে বছৰতে তেওঁক ক্ৰিমিনেল মাইণ্ডছৰ এটা খণ্ডত দেখা গৈছিল। ২০০৯ চনত হেণ্ড্ৰিস্কে এবিচি-ৰ ধাৰাবাহিক কাচল আৰু ৰক শ্লাইড বোলছবিখনত অভিনয় কৰে।

২০১১ চনত হেণ্ড্ৰিস্কে ট্ৰাইবেঁকা চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰা ছবি স্পৰ্কত ফেলিচিয়াৰ চৰিত্ৰত অভিনয় কৰিছিল।[6]
ইয়াৰ উপৰি হেণ্ড্ৰিস্কে ৯০২১০ ধাৰাবাহিকৰ তৃতীয় ছিজনৰ দুটা খণ্ডত ৰিনিৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৪ চনত তেওঁ এফ.এক্স. চিটকম এংগাৰ মেনেজমেণ্টত ৱাৰ্ডেন হাৰ্টলী হিচাপে তিনিটা খণ্ডত চাৰ্লি শ্বিনৰ সৈতে অভিনয় কৰিছিল। তেওঁ ফেচিং নামৰ এখন ৱেব-চিৰিজতো অভিনয় কৰিছে, যিখন তেওঁৰ প্ৰাণীৰ প্ৰতি থকা প্ৰেমৰ এক প্ৰতিফলন।[7]
তেওঁ এফ.এক্স. কমেডী ধাৰাবাহিক ছেক্স এণ্ড ড্ৰাগছ এণ্ড ৰক এণ্ড ৰোলত ডেনিছ লিয়াৰী, এলিজাবেথ গিলিজ, জন কৰবেট, ববি কেলি আৰু জন এলেছৰ সৈতে আভাৰ চৰিত্ৰত অভিনয় কৰিছিল।
২০১৮ চনৰ ১৩ ছেপ্টেম্বৰত ঘোষণা কৰা হৈছিল যে হেণ্ড্ৰিস্কে ফক্সৰ ধাৰাবাহিক প্ৰুভেন ইনোচেণ্টত চুজান এণ্ড্ৰুছ নামৰ চৰিত্ৰটোত অভিনয় কৰিব।[8]
২০১৯ চনৰ অক্টোবৰত হেণ্ড্ৰিস্কক দ্য চি.ডব্লিউ.-ৰ ধাৰাবাহিক ডাইনাষ্টিৰ ৰিবুট সংস্কৰণৰ তৃতীয় ছিজনৰ বাবে এলেক্সিছ কেৰিংটন ক'লবিৰ চৰিত্ৰত নিৰ্বাচন কৰা হয়। তেওঁ নিকোলেট শ্বেৰিদানৰ ঠাইত এই অভিনয় কৰিছিল।[9]
২০২৫ চনৰ আমেৰিকান ফেণ্টাচী কমেডী ছবি ফ্ৰিকিয়াৰ ফ্ৰাইডেত তেওঁ পুনৰবাৰ পেৰেণ্ট ট্ৰেপৰ সহ-অভিনেত্ৰী লিণ্ডচে লোহানৰ সৈতে কাম কৰে। ইয়াত তেওঁ ব্লেক কেল নামৰ এক বিশেষ চৰিত্ৰত অভিনয় কৰিছে।[10] লোহানৰ সৈতে পুনৰ কাম কৰাৰ সন্দৰ্ভত হেণ্ড্ৰিস্কে এণ্টাৰটেইনমেণ্ট উইকলিক কয়, "মই শাৰীৰিকভাৱে তাইক লগ পালোঁ আৰু আমি চেটত একেলগে বহুত সময় অতিবাহিত কৰিলোঁ, পুৰণি কথাবোৰ পাতিিলোঁ। এতিয়া আমি ইজনে সিজনৰ লগত যোগাযোগ ৰখাৰ ক্ষেত্ৰত আগতকৈ অধিক সচেতন।" [11]
২০২৫ চনত হেণ্ড্ৰিস্কে ডান্সিং উইথ দ্য ষ্টাৰ্ছৰ ৩৪সংখ্যক ছিজনত অংশগ্ৰহণ কৰিব বুলি ঘোষণা কৰা হয়। তেওঁ এলান বাৰষ্টেনৰ সৈতে যুটী বান্ধি ছিজনৰ ফাইনেলত পঞ্চম স্থান লাভ কৰে।[12][13]
মঞ্চ
[সম্পাদনা কৰক]হেণ্ড্ৰিস্কে ২০১৩ চনৰ জুনৰপৰা ২০১৪ চনৰ জানুৱাৰীলৈকে মেনহাটানৰ এক্টৰছ টেম্পল থিয়েটাৰত প্ৰদৰ্শিত অফ-ব্ৰডৱে নাটক ইটছ জাষ্ট ছেক্সত লিছাৰ চৰিত্ৰত অভিনয় কৰিছিল।[14][15]
২০১৬ চনত হেণ্ড্ৰিস্কে পেঞ্চিলভেনিয়াৰ নিউ হোপৰ বাক্ছ কাউণ্টি প্লেহাউচত মঞ্চস্থ হোৱা ষ্টীল মেগনোলিয়াছত ট্ৰুভিৰ চৰিত্ৰত অভিনয় কৰিছিল। চাৰিবাৰকৈ অস্কাৰৰ বাবে মনোনীত মাৰ্ছা মেছনৰ পৰিচালনাত নিৰ্মিত এই নাটখনত পেট্ৰিচিয়া ৰিচাৰ্ডচন, লুচি ডিভিটো, জেচিকা ৱালটাৰ আৰু চুজান চুলিভানেও অভিনয় কৰিছিল।[16][17] ২০১৬ চনৰ ৯ জুনত এই প্ৰযোজনাটো বাক্ছ কাউণ্টি প্লেহাউচৰ ইতিহাসত সৰ্বাধিক উপাৰ্জনকাৰী শ্ব' হিচাপে পৰিগণিত হয়।[18]
সক্ৰিয়তা
[সম্পাদনা কৰক]এগৰাকী উৎসাহী প্ৰাণী অধিকাৰ কৰ্মী হিচাপে হেণ্ড্ৰিস্কে ২০০৬ চনৰপৰাই প্ৰাণীসমূহৰ বাবে ওকালতি কৰি আহিছে। সেই একে বছৰতে তেওঁ নিৰামিষাহাৰী (vegan) জীৱন-শৈলীও গ্ৰহণ কৰিছিল।[19] দৃশ্যগ্ৰহণত ব্যস্ত নাথাকিলে তেওঁ উত্তৰ আমেৰিকাৰ বিভিন্ন ঠাই ভ্ৰমণ কৰে আৰু বিশ্বৰ বিভিন্ন সংগঠনৰ সৈতে মিলি সজাগতা সৃষ্টি, প্ৰতিবাদ, বাসস্থান নিৰ্মাণ আৰু উদ্ধাৰ কাৰ্যত অংশ লয়। ২০১২ চনত হেণ্ড্ৰিস্কে 'দ্য পেট মেচমেকাৰ' (The Pet Matchmaker) নামৰ এটা সংগঠন প্ৰতিষ্ঠা কৰে, যিটো সকলো ঠৰে গৃহহীন পোহনীয়া জন্তুৰ উদ্ধাৰ আৰু দত্তক লোৱা কাৰ্যক উৎসাহিত কৰাৰ বাবে সমৰ্পিত। তেওঁ 'ষ্ট্ৰে ৰেচকিউ অৱ চেইণ্ট লুইচ'ৰবোৰ্ডৰ লগতে 'নো টু ডগ মিট'-ৰ আমেৰিকা শাখাৰ সদস্য হিচাপেও কাম কৰে।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]হেণ্ড্ৰিস্কৰ খুড়াক/বৰদেউতাকৰ পুত্ৰ হ’ল মিনেসোটা ভাইকিঙৰ ছেফটি হেৰিচন স্মিথ।[20]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 Rapp, Ilana (August 13, 2013). "Stage/Film/TV Actress Elaine Hendrix Started The Pet Matchmaker - Part II" (en-US ভাষাত). HuffPost. https://www.huffingtonpost.com/ilana-rapp/stagefilmtv-actress-elain_b_3738115.html. "The upside to having a birthday three days after Christmas and three days before New Years is that no one forgets it.".
- ↑ "Elaine Hendrix Biography". TV Guide. http://www.tvguide.com/celebrities/elaine-hendrix/bio/148766/.
- ↑ "Photos: Knoxville actress Elaine Hendrix through the years". Knoxville News Sentinel (Tennessee). February 5, 2020. Archived from the original on July 19, 2020. https://archive.today/20200719191207/https://www.knoxnews.com/picture-gallery/entertainment/movies/2020/02/05/photos-knoxville-actress-elaine-hendrix-through-years/4434133002/. "Hendrix, who was born in Oak Ridge..."
- ↑ Jones, Maggie (July 14, 2016). "Oak Ridge native, actress Elaine Hendrix relishes role on 'Sex&Drugs&Rock&Roll'". Knoxville News Sentinel (Tennessee). https://www.knoxnews.com/story/entertainment/2016/07/14/oak-ridge-native-actress-elaine-hendrix-relishes-role-on-sexdrugsrockroll/91016788/.
- ↑ Cristi, Andrew (2016-07-28). "BEAUTY & THE BEAT; Actress and Activist ELAINE HENDRIX Gives A Dynamic Performance All Women Must See On FX's SEX&DRUGS&ROCK&ROLL!" (en ভাষাত). HuffPost. https://www.huffpost.com/entry/beauty-the-beat-actress-and-activist-elaine-hendrix_b_5799ffb1e4b0b3e2427dc326। আহৰণ কৰা হৈছে: 2020-08-06.
- ↑ Guerrasio, Jason (April 30, 2010). "Notes From Tribeca". Filmmaker. https://filmmakermagazine.com/7940-notes-from-tribeca/। আহৰণ কৰা হৈছে: January 4, 2022. "Spork won Best Feature in the Tribeca Film Festival Virtual category.".
- ↑ Carey, Ross (2012-06-12). "Episode 65: Featuring Elaine Hendrix". Conversations with Ross. http://www.rosscarey.com/2012/06/12/episode-65-elaine-hendrix/.
- ↑ Patten, Dominic (2018-09-13). "Danny Strong's 'Proven Innocent' Adds Elaine Hendrix To Fox Legal Drama Cast". Deadline Hollywood. https://deadline.com/2018/09/danny-strong-proven-innocent-casting-elaine-hendrix-fox-legal-drama-denis-leary-1202462914/.
- ↑ Patten, Dominic (October 28, 2019). "Dynasty Casts Elaine Hendrix as the New Alexis For CW Soap". Deadline Hollywood. https://deadline.com/2019/10/dynasty-new-alexis-elaine-hendrix-cast-cw-joan-collins-1202770394/। আহৰণ কৰা হৈছে: October 28, 2019.
- ↑ Smart, Smart; Ross, Ross (September 3, 2025). "Elaine Hendrix on That Parent Trap Reunion with Lindsay Lohan in Freakier Friday: 'She Was All Grown Up' (Exclusive)". People. https://people.com/elaine-hendrix-lindsay-lohan-parent-trap-reunion-all-grown-up-exclusive-11802828। আহৰণ কৰা হৈছে: January 1, 2026.
- ↑ Nolfi, Joey (June 6, 2025). "Lindsay Lohan's Parent Trap reunion with Elaine Hendrix brings stars back together in Freakier Friday: 'So happy' (exclusive)". Entertainment Weekly. https://ew.com/parent-trap-reunion-freakier-friday-lindsay-lohan-elaine-hendrix-11747519। আহৰণ কৰা হৈছে: January 1, 2026.
- ↑ "'Dancing With the Stars' reveals full season 34 cast: '90s nostalgia hits, Olympians, and more" (en ভাষাত). EW.com. https://ew.com/dancing-with-the-stars-reveals-full-season-34-cast-11802314। আহৰণ কৰা হৈছে: 2025-10-15.
- ↑ Mader, Daniel (November 25, 2025). "Who won Dancing with the Stars in 2025? Full results, highlights from Jordan Chiles and more in Season 34 finals". The Sporting News. https://www.sportingnews.com/us/tsn/news/dancing-stars-live-results-scores-2025-dwts-finals/a2b14c7ad6e2f9853214162b। আহৰণ কৰা হৈছে: November 25, 2025.
- ↑ "Elaine Hendrix". Lortel Archives. Archived from the original on July 20, 2020. https://web.archive.org/web/20200720045428/http://www.iobdb.com/CreditableEntity/43324। আহৰণ কৰা হৈছে: July 19, 2020.
- ↑ "It's Just Sex". Lortel Archives. Archived from the original on July 20, 2020. https://web.archive.org/web/20200720221639/http://www.iobdb.com/Production/5680। আহৰণ কৰা হৈছে: July 19, 2020.
- ↑ Simoes, Monica (May 18, 2016). "Meet the Cast of Bucks County Playhouse's Steel Magnolias". Playbill. https://www.playbill.com/article/photos-meet-the-cast-of-bucks-county-playhouses-steel-magnolias। আহৰণ কৰা হৈছে: January 28, 2021.
- ↑ Otten, Ted (June 1, 2016). "Theater: 'Steel Magnolias' at Bucks County Playhouse". NJ.com. https://www.nj.com/times-entertainment/2016/06/theater_steel_magnolias_at_buc.html। আহৰণ কৰা হৈছে: January 28, 2021.
- ↑ "STEEL MAGNOLIAS at Bucks County Playhouse Breaks Box Office Records! ". Broadway World. June 10, 2016. https://www.broadwayworld.com/philadelphia/article/STEEL-MAGNOLIAS-at-Bucks-County-Playhouse-Breaks-Box-Office-Records-201606। আহৰণ কৰা হৈছে: January 28, 2021.
- ↑ "Veg Celeb: Elaine Hendrix". 9 March 2015. https://www.vegetariantimes.com/life-garden/veg-celeb-elaine-hendrix। আহৰণ কৰা হৈছে: December 26, 2019.
- ↑ Young, Lindsey (May 30, 2019). "Immersive Experience with FDNY Gives Harrison Smith Unique Perspective". Minnesota Vikings. https://www.vikings.com/news/vikings-harrison-smith-denis-leary-fdny-unique-perspective। আহৰণ কৰা হৈছে: January 4, 2026.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিউদ্ধৃতিত ইলেন হেণ্ড্ৰিস্ক বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
| ৱিকিমিডিয়া কমন্সত ইলেন হেণ্ড্ৰিস্ক সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- আধিকাৰিক ৱেবছাইট
- ইলেন হেণ্ড্ৰিস্ক সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।