ইশা তলৱাৰ
| ইশা তলৱাৰ | |
|---|---|
তলৱাৰ, ২০২৪ চনত | |
| জন্ম | ২২ ডিচেম্বৰ, ১৯৮৭ (৩৮ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
| শিক্ষানুষ্ঠান | ছেইণ্ট জেভিয়াৰ্ছ কলেজ, মুম্বাই |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০১২–বৰ্তমান |
ইশা তলৱাৰ (জন্ম: ২২ ডিচেম্বৰ ১৯৮৭) এজনী ভাৰতীয় অভিনেত্ৰী যিয়ে মুখ্যতঃ মালয়ালম আৰু হিন্দী চলচ্চিত্ৰত কাম কৰে। তলৱাৰে মডেল হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু ২০১২ চনত মালয়ালম চলচ্চিত্ৰ থাট্টাথিন মৰায়াথুৰ জৰিয়তে চলচ্চিত্ৰ জগতত অভিষেক কৰে। এই ছবিখনৰ বাবে তেওঁ এছআইআইএমএ শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী – মালয়ালম বঁটা লাভ কৰে।[1] তেওঁ গুণ্ডে জাৰি গাল্লন্থায়্যিন্দে (২০১৩), বেংগালোৰ ডেইজ (২০১৪), মেইনে প্যাৰ কিয়া (২০১৪) আৰু আৰ্টিকল ১৫ (২০১৯) আদি চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে বিশেষভাৱে পৰিচিত। তলৱাৰে ধাৰাবাহিক মিৰ্জাপুৰ (২০২০–বৰ্তমান), সাস, বহূ ঔৰ ফ্লেমিংগো (২০২৩) আৰু ইণ্ডিয়ান পুলিচ ফ’ৰ্চ (২০২৪)তো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।
প্ৰাৰম্ভিক জীৱন আৰু পটভূমি
[সম্পাদনা কৰক]ইশা তলৱাৰৰ জন্ম ২২ ডিচেম্বৰ ১৯৮৭ চনত চলচ্চিত্ৰ নিৰ্দেশক বিনোদ তলৱাৰ আৰু সুমনৰ ঘৰত হৈছিল।[2][3] তেওঁ মুম্বাইত জন্ম গ্ৰহণ কৰি তাতেই ডাঙৰ হৈছিল আৰু ছেইণ্ট জেভিয়াৰ্ছ কলেজ, মুম্বাইৰপৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।[4]
২০০৪ চনত তেওঁ কোৰিঅ’গ্ৰাফাৰ টেৰেন্স লুইছৰ নৃত্য বিদ্যালয়ত যোগদান কৰে, য’ত তেওঁ বেলে, জাজ, হিপ-হপ আৰু চালচা আদি নৃত্যশৈলী শিকে আৰু পাছলৈ একে বিদ্যালয়তে প্ৰশিক্ষক হিচাপে কাম কৰে।[5] তেওঁ কৈছিল যে টেৰেন্স লুইছেই তেওঁৰ জীৱন সম্পূৰ্ণভাৱে সলনি কৰিছিল।[5]
কেৰিয়াৰ
[সম্পাদনা কৰক]
তলৱাৰে মডেল হিচাপে কাম কৰি পিজ্জা হাট, ভিভেল ফেয়াৰনেছ ক্ৰীম, কায়া স্কিন ক্লিনিক, ডুলাক্স পেইণ্টছ আৰু ধাত্ৰী ফেয়াৰনেছ ক্ৰীম আদি ব্ৰেণ্ডৰ বাবে ৪০টাৰো অধিক বিজ্ঞাপনত অভিনয় কৰে,[6] ইয়াৰ উপৰি ঋত্বিক ৰোশনৰে সৈতে জাষ্ট ডান্স প্ৰতিযোগিতাৰ এটা সংগীত ভিডিঅ’তো অংশগ্ৰহণ কৰে।[3] তেওঁ কৈছে যে চলচ্চিত্ৰ অভিষেকৰ বাবে তেওঁ দুবছৰ ধৰি প্ৰস্তুতি লৈছিল।[7] যদিও তেওঁ ২০০০ চনত বলিউড চলচ্চিত্ৰ হামাৰা দিল আপকে পাস হ্যায়ত শিশুশিল্পী হিচাপে অভিনয় কৰিছিল,[8] তেওঁৰ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ অভিষেক হৈছিল মালয়ালম চলচ্চিত্ৰ থাট্টাথিন মৰায়াথুৰ জৰিয়তে।[9] এই ছবিখনৰ বাবে তেওঁ চাৰি মাহ ধৰি কণ্ঠ প্ৰশিক্ষণ লৈছিল, ভাষা শিকাৰ এটা পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল,[7] আৰু গীটাৰ বজাবলৈ শিকিছিল।[6] ছবিখনত তেওঁ আইশা নামৰ এজনী মুছলিম ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল, যি এজন হিন্দু ল’ৰাৰ সৈতে প্ৰেমত পৰে।[9] এই ছবিখন ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হৈছিল আৰু Rediff.com-এ ২০১২ চনৰ শীৰ্ষ পাঁচটা মালয়ালম চলচ্চিত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল।[10] সমালোচকসকলে উল্লেখ কৰিছিল যে তেওঁ “অতি সুন্দৰ দেখা গৈছিল”,[11] কিন্তু ছবিখনত তেওঁৰ কৰিবলৈ বিশেষ কিবা নাছিল।[3] পিছলৈ এটা সাক্ষাৎকাৰত তেওঁ কৈছিল যে আইশাৰ চৰিত্ৰই তেওঁক “অতি অধিক স্বীকৃতি” দিছিল আৰু ছবিখনৰপৰা লাভ কৰা “গাৰ্ল নেক্সট ড’ৰ” ভাবমূৰ্তিত তেওঁ অতি সন্তুষ্ট আছিল।[12] তেওঁৰ দ্বিতীয় চলচ্চিত্ৰ আই লাভ মি (নিৰ্দেশনা: বি. উন্নিকৃষ্ণন)ত তেওঁ আছিফ আলী আৰু উন্নি মুখুন্দনৰ সৈতে মুখ্য অভিনেত্ৰীৰ ভূমিকাত অভিনয় কৰে।[13] তেওঁ কৈছিল যে এই ছবিখনত তেওঁৰ সামান্থা নামৰ চৰিত্ৰটোত “ধূসৰ ছাঁ” আছিল।[14]
২০১৩ চনত তেওঁৰ দুটা মুক্তি পোৱা ছবি আছিল — তেলুগু অভিষেক গুণ্ডে জাৰি গাল্লন্থায়্যিন্দে,[15] যিখনে ইতিবাচক সঁহাৰি লাভ কৰিছিল, আৰু তামিল অভিষেক থিল্লু মুল্লু, যি ১৯৮১ চনৰ একে নামৰ তামিল কমেডী চলচ্চিত্ৰৰ পুনৰ্নিৰ্মাণ আছিল আৰু বাণিজ্যিকভাৱে সফল হৈছিল।[16] ২০১৪ চনত তেওঁ বাল্যকালসাখী, উৎসাহা কমিটি, গড্ছ ওন কাণ্ট্ৰী আৰু অঞ্জলি মেননৰ বেংগালোৰ ডেইজ আদি মালায়ালম চলচ্চিত্ৰত অভিনয় কৰে।[17][18] তেওঁ সিদ্ধিকৰ ভাস্কৰ দ্য ৰাস্কেল চলচ্চিত্ৰত এটা বিস্তৃত বিশেষ উপস্থিতিৰ দৃশ্য চিত্ৰগ্ৰহণ কৰে।[19] ইয়াৰ উপৰি তেওঁ থাট্টাথিন মৰায়াথুৰ তামিল পুনৰ্নিৰ্মাণতো নিজৰ একে চৰিত্ৰ পুনৰভিনয় কৰে।[20] তেওঁ ছলমান খানৰ সৈতে হিন্দী চলচ্চিত্ৰ টিউবলাইটৰ জৰিয়তে বলিউডত অভিষেক কৰে। পাছলৈ তেওঁ ছৈফ আলী খানৰ সৈতে কালাকাণ্ডিত অভিনয় কৰে। ২০২০ চনত তেওঁ আমাজন প্ৰাইমৰ ৱেব ধাৰাবাহিক মিৰ্জাপুৰত দেখা যায়। ২০২৩ চনত তেওঁ হটষ্টাৰৰ ৱেব ধাৰাবাহিক সাস, বহূ ঔৰ ফ্লেমিংগোত কাম কৰে।
মিডিয়া ভাবমূৰ্তি
[সম্পাদনা কৰক]তলৱাৰক ২০১৪ চনত ‘কোচি টাইমছ মোষ্ট ডিজায়াৰেবল ৱুমেন’ হিচাপে ঘোষণা কৰা হৈছিল।[21]
বঁটা
[সম্পাদনা কৰক]- ২০১৩: অমৃতা টিভি চলচ্চিত্ৰ বঁটা – শ্ৰেষ্ঠ জুটি – থাট্টাথিন মৰায়াথু[22]
- ২০১৩: এছিয়াভিজন বঁটা – অভিনয়ত নতুন চাঞ্চল্য – থাট্টাথিন মৰায়াথু[23]
- ২০১৩: ইণ্ডিয়ান মুভি এৱাৰ্ড, কাতাৰ – শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী – থাট্টাথিন মৰায়াথু[24]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Ammu Zachariah (12 March 2012). "Isha Talwar: 2 years to prepare for a debut?". The Times of India. https://timesofindia.indiatimes.com/entertainment/regional/news-interviews/Isha-Talwar-2-years-to-prepare-for-a-debut/articleshow/12220292.cms। আহৰণ কৰা হৈছে: 12 July 2012.
- ↑ "Meet Tubelight Actress Isha Talwar". The Indian Express. 28 June 2017. http://indianexpress.com/article/entertainment/bollywood/meet-tubelight-actress-isha-talwar-age-biography-best-hd-hot-and-hq-photos-instagram-ads-and-more-4726003/.
- ↑ 3.0 3.1 3.2 Sebastian, Shevlin. "Isha Talwar, about her dream debut in Malayalam". The New Indian Express. Archived from the original on 23 August 2012. https://web.archive.org/web/20120823000437/http://newindianexpress.com/entertainment/interviews/article565389.ece.
- ↑ "St. Xavier's College, Mumbai alumni". The Times of India. http://timesofindia.indiatimes.com/topiclist/St.-Xavier%27s-College,-Mumbai-alumni.
- ↑ 5.0 5.1 Ammu Zachariah, TNN (6 September 2012). "Terrance changed me completely: Isha Talwar". The Times of India. https://timesofindia.indiatimes.com/entertainment/regional/malayalam/news-and-interviews/Terrance-changed-me-completely-Isha-Talwar/articleshow/16281138.cms.
- ↑ 6.0 6.1 parshathy. j. nath (26 August 2012). "Face forward". The Hindu (Chennai, India). http://www.thehindu.com/todays-paper/tp-features/tp-cinemaplus/face-forward/article3822453.ece.
- ↑ 7.0 7.1 Ammu Zachariah (12 March 2012). "Isha Talwar: 2 years to prepare for a debut?". The Times of India. https://timesofindia.indiatimes.com/entertainment/regional/news-interviews/Isha-Talwar-2-years-to-prepare-for-a-debut/articleshow/12220292.cms.
- ↑ "I go with my gut feelings: Isha Talwar". The New Indian Express. Archived from the original on 10 June 2013. https://web.archive.org/web/20130610012406/http://newindianexpress.com/entertainment/tamil/I-go-with-my-gut-feelings-Isha-Talwar/2013/06/06/article1621418.ece.
- ↑ 9.0 9.1 "When Isha met her voice!". The Times of India. 11 June 2012. https://timesofindia.indiatimes.com/entertainment/regional/malayalam/news-and-interviews/When-Isha-met-her-voice/articleshow/13994910.cms.
- ↑ "The Top five Malayalam films of 2012". Rediff.com. 2 January 2013. http://www.rediff.com/movies/slide-show/slide-show-1-south-the-top-five-malayalam-films-of-2012/20130102.htm। আহৰণ কৰা হৈছে: 22 April 2013.
- ↑ "Movie Review : Thattathin Marayathu". Sify. http://www.sify.com/movies/thattathin-marayathu-review-malayalam-15002496.html। আহৰণ কৰা হৈছে: 22 April 2013.
- ↑ "Fahadh and Isha let their hearts talk". The Times of India. 14 February 2013. https://timesofindia.indiatimes.com/entertainment/regional/malayalam/news-and-interviews/Fahadh-and-Isha-let-their-hearts-talk/articleshow/18482766.cms.
- ↑ Vijay George; P. K. Ajith Kumar; Saraswathy Nagarajan (20 December 2012). "Stars at the marquee". The Hindu (Chennai, India). http://www.thehindu.com/arts/cinema/stars-at-the-marquee/article4222316.ece.
- ↑ "Isha is game for negative roles". The Times of India. 27 December 2012. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/Isha-is-game-for-negative-roles/articleshow/17767511.cms.
- ↑ Chowdhary, Y. Sunita (14 April 2013). "Enjoying the perks". The Hindu (Chennai, India). http://www.thehindu.com/todays-paper/tp-features/tp-cinemaplus/enjoying-the-perks/article4615616.ece.
- ↑ "Mollywood gives me space to experiment: Isha". The Times of India. 22 December 2012. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/Mollywood-gives-me-space-to-experiment-Isha/articleshow/17706243.cms.
- ↑ "Isha is Suhra in Balyakalasakhi – The Times of India". The Times of India. http://timesofindia.indiatimes.com/entertainment/regional/malayalam/news-and-interviews/Isha-is-Suhra-in-Balyakalasakhi/articleshow/21455858.cms.
- ↑ Sudhish, Navamy (8 May 2014). "Men on a Mission". The New Indian Express. Archived from the original on 12 May 2014. https://web.archive.org/web/20140512223641/http://www.newindianexpress.com/entertainment/malayalam/Men-on-a-Mission/2014/05/08/article2211679.ece.
- ↑ "Isha to share screen space with Mammootty". The Times of India. http://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/Isha-to-share-screen-space-with-Mammootty/articleshow/46896692.cms.
- ↑ "Thattathin Marayathu is quite different in Tamil: Isha Talwar". The Times of India. http://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/Thattathin-Marayathu-is-quite-different-in-Tamil-Isha-Talwar/articleshow/44947986.cms.
- ↑ "Kochi Times 15 Most Desirable Woman 2013". https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/kochi-times-top-15-desirable-women-of-2013/articleshow/36947428.cms.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2013-06-14. https://web.archive.org/web/20130614003903/http://newindianexpress.com/entertainment/on_stage/Amrita-Film-Awards-tomorrow/2013/04/19/article1551328.ece.
- ↑ . http://www.khaleejtimes.com/citytimes/inside.asp.
- ↑ . http://www.gulf-times.com/Qatar/178/details/350057.