ইষ্টাৰ্ণ বেংগল ৰেলৱে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ইষ্টাৰ্ণ বেংগল ৰেলৱে
উদ্যোগ ৰেলসেৱা
স্থাপিত ১৮৫৭
মুখ্য কাৰ্যালয় কলিকতা, বৃটিছ ভাৰত
দেশ/অঞ্চল বঙ্গ আৰু অসম
পৰিসেৱা ৰেল পৰিবহন

বৃটিছ ভাৰতৰ ৰেলসেৱা[1]
"যদিও শিশু পৰ্যায়তেই আছিল, ঊনৈশ শতিকাৰ ভাৰতবৰ্ষৰ উন্নয়নত ৰেলৱেই এক মচিব নোৱাৰা সাঁচ বহুৱাইছিল। মহাদেশীয় দূৰত্বৰ দেশখনত ই তেতিয়াৰ দিনৰ অতুলনীয়া বেগত দূৰ-দূৰণিলৈ বৃহৎ পৰিমাণৰ যাত্ৰী আৰু সামগ্ৰী কঢ়িয়াই আধুনিক অৰ্থনৈতিক সম্প্ৰসাৰণৰ ভেটী নিৰ্মাণ কৰিছিল। কুৰি শতিকাৰ আগলিভাগত গতিশীলতাৰ চাহিদা বৃদ্ধিৰ সৈতে ক্ৰমবৰ্ধমান অৰ্থনীতিত ঊনৈশ শতিকাৰ পশ্চিমীয়া দেশবোৰৰ তুলনাত বেছি চিহ্নিত নহ'লেও ৰেলৱেৰ উন্নয়ন একেই গতিত বিস্তাৰিত হৈছিল। বৃটিছ ভাৰতৰ ৰেলৱে জালিকাৰ উন্নয়ন আৰু দ্ৰুত সম্প্ৰসাৰণ স্বাধীনতাৰ পৰৱৰ্তী কালৰ অৰ্থনৈতিক বিকাশ আৰু ঔদ্যোগিক উন্নয়নৰ ক্ষেত্ৰত ৰাজহাড় স্বৰূপ হৈছিল।”

ইষ্টাৰ্ণ বেংগল (ইংৰাজী: Eastern Bengal Railway, চমুকৈ EBR) বৃটিছ ভাৰতৰ আৰম্ভণি কালৰ এটা ৰেল কোম্পানী আছিল আৰু ই ১৮৫৭ৰ পৰা ১৯৪২লৈ বংগ আৰু অসমত ৰেলসেৱা আগবঢ়াইছিল।

ইতিহাস[সম্পাদনা কৰক]

প্ৰশাসনিক, সামৰিক আৰু বৃটিছ বাণিজ্যৰ প্ৰসাৰৰ বাবে বৃটিছে ভাৰতত ৰেলসেৱা প্ৰচলন কৰিছিল। ১৮৫৭ চনত লণ্ডনত ইষ্টাৰ্ণ বেংগল ৰেলৱে কোম্পানী গঠন কৰা হয়। প্ৰায় একে সময়তে আন দুটা কোম্পানী- ইষ্ট ইণ্ডিয়া কোম্পানী আৰু গ্ৰেট ইণ্ডিয়ান পেনিনচুলাৰ কোম্পানীয়ে ইষ্ট ইণ্ডিয়াৰ সৈতে ক্ৰমে হাওৰাৰ পৰা ৰাণীগঞ্জলৈ আৰু মুম্বাইৰ পৰা কল্যাণলৈ পৰীক্ষামূলক ৰেলপথ বহুৱাবলৈ চুক্তিপত্ৰ কৰিছিল।[2]

১৮৫৮ৰ ৩০ জুলাইত ইষ্ট বেংগল ৰেলৱেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে কলকাতাৰ হগলী নদীৰ পূবপাৰৰ পৰা (বৰ্তমানৰ শিয়ালদহ ষ্টেচন) ৰাণাঘাট, দৰ্শনা, পোৰাদাহা হৈ গঙ্গাৰ উপনৈ গৰাই নদীৰ পাৰত অৱস্থিত কুষ্টিয়ালৈ (বৰ্তমান বাংলাদেশত) এটা ৰেলপথ বহুৱাবলৈ চুক্তিবদ্ধ হয়। প্ৰস্তাৱিত ৰেলপথটোৰ দৈৰ্ঘ আছিল ১১০ মাইল আৰু সাম্ভাব্য খৰচ প্ৰায় ১ মিলিয়ন পাউণ্ড ষ্টাৰ্লিং বুলি নিৰ্দ্ধাৰণ কৰা হৈছিল।[2] কলকাতাৰ পৰা চম্পাহাটীলৈ প্ৰথম অংশ ৰেলপথ ১৮৬২ৰ জানুৱাৰীত সমাপ্ত হয়।[3] ১৮৬২ৰ নবেম্বৰ মাহত ৰেলপথটো মুকলি কৰা হয়। ১৮৬৪ত আধা কিঃমিঃৰ এটা চুটি শাখা ৰেলপথ কুষ্টিয়াৰ পৰা গৰাই নদীৰ বন্দৰলৈ নিৰ্মাণ কৰা হয়। ১৮৬৫ত কুষ্টিয়াৰ পৰা গঙ্গা আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলত অৱস্থিত গোৱালন্দলৈ ৰেলপথ সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত লোৱা হয়। ১৮৭০ৰ ৩১ ডিচেম্বৰত ভাইচৰয় লৰ্ড মেয়োই ৰেলপথচোৱা উদ্বাধন কৰে। ১৯০২ত ইয়াক অসমধুবুৰীলৈ সম্প্ৰসাৰণ কৰা হয়।[2]

১৮৭৪ৰ পৰা ১৯৭৯ৰ ভিতৰত "নৰ্থ বেংগল ষ্টেট ৰেলৱে"ই পদ্মা নদীৰ উত্তৰপাৰে অৱস্থিত চাৰাঘাটৰ পৰা চান্তাহাৰ, পাৰ্বতীপুৰ হৈ চিলাহাটীলৈ এটা ২৫০ কিঃমিঃ দীঘল মিটাৰগ'জ ৰেলপথ নিৰ্মাণ কৰে আৰু ১৮৮১ত ইয়াক শিলিগুৰিলৈ সম্প্ৰসাৰণ কৰা হয়।[4] পাৰ্বতীপুৰৰ পৰা দুটা শাখা পথো নিৰ্মাণ কৰা হয়- এটা পূবে কওনিয়ালৈ আৰু আনটো পশ্চিমে দিনাজপুৰলৈ। একেসময়তে কলকাতাৰ পৰা কুষ্টিয়ালৈ নিৰ্মাণ কৰা ব্ৰজগ'জ ৰেলপথটো পোৰাদাহ ষ্টেচনৰ পৰা পদ্মাৰ দক্ষিণপাৰৰ দামুকদিয়াঘাটলৈ সম্প্ৰসাৰণ কৰে। দামুকদিয়াঘাট আৰু চাৰাঘাটৰ মাজত যাত্ৰীসকলে পদ্মানদী ইপাৰ-সিপাৰ হবলৈ ৰেলবিভাগে নিজা ফেৰীৰ ব্যৱস্থা কৰিছিল।

১৮৮৪ৰ ১ জুলাইত বৃটিছ চৰকাৰে ইষ্ট বেংগল ৰেলৱেক নিজৰ হাতলৈ নিয়ে আৰু ইষ্টাৰ্ণ বেংগল ষ্টেট ৰেলৱে নামাকৰণ কৰে। ১৮৮৫ত ঢাকা ষ্টেট ৰেলৱে নামেৰে মূলতঃ নাৰায়ণগঞ্জৰ নদীবন্দৰলৈ আৰু তাৰপৰা নদীপথেৰে কলকাতালৈ মৰাপাট কঢ়িয়াই নিয়াৰ উদ্দেশ্যে নাৰায়ণগঞ্জ-ঢাকা-মইমনসিঙৰ মাজত ১৪৪ কিঃমিঃ দীঘল এটা মিটাৰগজ (১০০০ মিলিমিটাৰ বহল) ৰেলপথ মুকলি কৰা হয়। ১৮৮৭ত উন্নত ব্যৱস্থাপনাৰ লক্ষ্যৰে নৰ্দাৰ্ন বেংগল ষ্টেট ৰেলৱে, ঢাকা ষ্টেট ৰেলৱে আৰু কউনিয়াৰ পৰা কুৰিগ্ৰামলৈ (ধাৰলা) থকা নেৰ'গেজ (৭৬২ মিলিমিটাৰ বহল) ৰেলপথচোৱা ইষ্টাৰ্ণ বেংগল ৰেলৱেত চামিল কৰা হয়।[5]

১৯৪২চনত আসাম বেংগল ৰেলৱেৰ সৈতে ইষ্টাৰ্ণ বেংগল ৰেলৱেক নতুনকৈ গঠন কৰা বেংগল এণ্ড আসাম ৰেলৱে ত চামিল কৰা হয়।[2]

ৰেলপথ[সম্পাদনা কৰক]

ইষ্টাৰ্ণ বেংগল ৰেলৱেৰ এটা switchback ষ্টেচন লুপ, চন ১৮৯৫. ফটোগ্ৰাফী ৱিলিয়াম হেনৰী জেকচন.

ইষ্টাৰ্ণ বেংগল ৰেলৱেই ১৮৬২ত কলকাতাৰ পৰা কুষ্টিয়ালৈ প্ৰথমটো ৰেলপথ নিৰ্মাণ কৰে। (বৰ্তমানৰ শিয়ালদহ-ৰাণাঘাট লাইন, লালগোলা-গেডে শাখা লাইন আৰু বাংলাদেশৰ অন্তৰ্গত চিলাহাটী-পাৰ্বতীপুৰ-সান্তাহাৰ-দৰ্শনা লাইনে সামৰি লৈছে।) ১৮৬৫ত ইয়াত গোৱালন্দ ঘাটলৈ সম্প্ৰসাৰণ কৰা হয়। ১৯০২লৈ ইয়াক অসমৰ ধুবুৰীলৈ সম্প্ৰসাৰণ কৰা হয়।[2]

১৮৮৭ত হুগলী নদীৰ ওপৰত, বাণ্ডেল আৰু নৈহাটী ষ্টেচনৰ মাজত জুৱিলী দলং নিৰ্মাণ কৰা হ'ল আৰু এনেকৈয়ে হুগলী নদীৰ পূবপাৰে ৰেলসেৱা আগবঢ়োৱা ইষ্টাৰ্ণ বেংগল ৰেলৱে আৰু পশ্চিমপাৰে ৰেলসেৱা আগবঢ়োৱা ইষ্ট ইণ্ডিয়ান ৰেলৱে সংযোজিত হৈ পৰিল। কেলকাট্টা চ'ৰ্ড ৰেলৱেই (Calcutta Chord Railway) ১৯৩২ত ৱিলিংদন দলঙৰ ওপৰেৰে দমদম আৰু দানকুনি ষ্টেচনৰ মাজত ৰেলপথ নিৰ্মাণ কৰিলে। পিছলৈ ৱিলিংদন দলঙৰ নাম বিবেকানন্দ সেতু কৰা হৈছিল।[6]

মুক্ত জলপ্ৰৱাহত বাধা[সম্পাদনা কৰক]

পূৰ্ববঙ্গৰ বৃহৎ জলাশয় আৰু দ অঞ্চলৰ মাজেৰে ওখ ঢাপ তুলি ৰেলপথ নিৰ্মাণ কৰাৰ ফলত পানীৰ মুক্ত প্ৰৱাহ বাধাগ্ৰস্থ হৈছিল। ইষ্টাৰ্ণ বেংগল ৰেলৱে বিষয়ক এক চমু অধ্যয়ণত বৰ্তমান বাংলাদেশৰ ৰাজশাহী বিভাগৰ (জিলা) জলাধাৰ ৰেলপথে কেনেকৈ অস্থিৰ কৰি তুলিছিল, চলন বিলৰ ক্ষেত্ৰতে উন্মীলিত হৈ পৰিছিল। কুৰি শতিকাৰ প্ৰাৰম্ভতে কলকাতা-শিলিগুৰি মুখ্য ৰেলপথে চলন বিলক পশ্চিমদিশত আৰু সান্তাহাৰ-কউনিয়া ৰেলপথে উত্তৰ দিশত আৱদ্ধ কৰিবলৈ আৰম্ভ কৰিছিল। বিভিন্ন নদী আৰু জানসমূহে বিলখনক পৰিপুষ্ট কৰা স্বাভাৱিক প্ৰক্ৰিয়াটো ই বাধাগ্ৰস্থ কৰিছিল। আনহাতে দক্ষিণ-পূবদিশত বিলখনৰ জল-নিষ্কাষণ প্ৰক্ৰিয়াটোত চিৰাজগঞ্জ শাখা ৰেলপথটোৱে কু-প্ৰভাৱ পেলাইছিল।[7]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "The story of Bengal Nagpur Railway (BNR) now South Eastern Railway". Anglo-India-Central. http://www.anglo-india-central.co.uk/template4/2011/02/07/the-story-of-bengal-nagpur-railway-bnr-now-south-eastern-railway/। আহৰণ কৰা হৈছে: 2012-02-19. 
  2. 2.0 2.1 2.2 2.3 2.4 "Eastern Bengal Railway". Banglapedia. http://www.banglapedia.org/HT/E_0013.htm। আহৰণ কৰা হৈছে: 11 মে' 2014. 
  3. "History of EBR". IRFCA. http://www.irfca.org/~mrinal/sealdah.html। আহৰণ কৰা হৈছে: 13 মে' 2014. 
  4. "Complex history of the junctions at Siliguri". IRFCA. http://www.irfca.org/docs/rinbad-siliguri.html। আহৰণ কৰা হৈছে: 10 জুন 2014. 
  5. "Railway". Banglapedia. http://www.banglapedia.org/HT/R_0072.htm। আহৰণ কৰা হৈছে: 14 মে' 2014. 
  6. R.P. Saxena. "Indian Railway History timeline". IRFCA. http://irse.bravehost.com/IRHTML.htm। আহৰণ কৰা হৈছে: 2012-02-10. 
  7. Khondker Iftekhar Iqbal. "Railways and the water regime of the Eastern Bengal Delta, c. 1905-1943: a reappraisal". http://www.sasnet.lu.se/EASASpapers/13IftekharIqbal.pdf। আহৰণ কৰা হৈছে: 2012-02-10.