ইৰচি
তুৰ্কী পৌৰাণিক কাহিনীত ইৰচি (তুৰ্কী: İrşi) এক প্ৰকাৰৰ পৌৰাণিক সত্তা বা কিংবদন্তি পৰী সদৃশ জীৱ যিটো আত্মাৰ ৰূপত থাকে, প্ৰায়ে অতিপ্ৰাকৃতিক বা অপ্ৰাকৃতিক বুলি বৰ্ণনা কৰা হয়।[1]
বৈশিষ্ট্যসমূহ
[সম্পাদনা কৰক]ইৰচিক সাধাৰণতে মানুহৰ (সুন্দৰ ছোৱালী) চেহেৰা আৰু যাদুকৰী শক্তি থকা বুলি বৰ্ণনা কৰা হয়। যদিও ইহঁতক প্ৰায়ে ডেকা, কেতিয়াবা ডেউকাযুক্ত, ওখ, উজ্জ্বল, ফেৰেস্তা আত্মা হিচাপে চিত্ৰিত কৰা হয়। ইৰচি এগৰাকী সুন্দৰ, অতিপ্ৰাকৃতিক নাৰী সত্তা। তেওঁক দয়ালু, কোমল অন্তৰৰ আৰু আকৰ্ষণীয় হিচাপে চিত্ৰিত কৰা হৈছে। যৌৱন আৰু মাৰ্জিত, আৰু নৃত্যৰ কলাত তেওঁ চমৎকাৰ। ইৰচিয়ে মিছা কথা ক’ব নোৱাৰে। বিভিন্ন প্ৰাণীক ইৰচি বুলিও বৰ্ণনা কৰা হৈছে। কেতিয়াবা এই পৰীবোৰৰ এটা অংশৰ আকৃতি সলনি হোৱাৰ ফল এইটোৱেই হয়।
ইৰচি দুষ্ট আত্মা হিচাপে
[সম্পাদনা কৰক]লোককথাত তেওঁলোকক বিভিন্ন ধৰণে "প্ৰাকৃতিক" কিন্তু লুকাই থকা প্ৰজাতি হিচাপে, মৃতকৰ আত্মা হিচাপে বা পতিত স্বৰ্গদূত বা দানৱৰ বংশধৰ হিচাপে গণ্য কৰা হয়। বহু কিংবদন্তি অনুসৰি ইৰচিসকলে মানুহক অপহৰণ কৰাৰ প্ৰৱণতা থাকে, হয় কেঁচুৱা অৱস্থাত, হয় তেওঁলোকৰ দেহত ভৰ কৰি বা লম্ভি, নহয় ডেকা-গাভৰু হিচাপে। এইটো কিছু সময়ৰ বাবে বা চিৰদিনৰ বাবে হ’ব পাৰে, আৰু অপহৰণ কৰাজনৰ বাবে কম বেছি পৰিমাণে বিপদজনক হ’ব পাৰে। ৰাতি বা সন্ধিয়াহে দেখা দিয়ে।[2] তুৰ্কী লোককথাত তেওঁলোকৰ চকু অগ্নিময়।
ইৰচি এক উপকাৰী আত্মা হিচাপে
[সম্পাদনা কৰক]কিছুমান কাহিনীত ইৰচি হৈছে যাদুকৰী শক্তি থকা পৰী, যিয়ে কাৰোবাৰ গুৰু হিচাপে কাম কৰে। সাধাৰণতে ইৰচিয়ে এজন টিগিন (ৰাজকুমাৰ) বা বেগুম (ৰাজকুমাৰী) আৰু কাহিনীৰ নায়কক ৰক্ষা কৰে আৰু ইৰচিয়ে তেওঁলোকৰ যাদু ব্যৱহাৰ কৰি তেওঁলোকক সহায় কৰে বা অন্যথা সমৰ্থন কৰে।
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Türk Söylence Sözlüğü (Turkish Mythological Dictionary), Deniz Karakurt, (OTRS: CC BY-SA 3.0)
- ↑ Türk Mitolojisi Ansiklopedik Sözlük, Celal Beydili, Yurt Yayınevi