ইৰশ্বাদ কামিল
অৱয়ব
| ইৰশ্বাদ কামিল | |
|---|---|
২০১৩ চনত দিল্লী কবিতা মহোৎসৱত কামিল | |
| জন্ম | ৫ ছেপ্টেম্বৰ, ১৯৭১ (৫৪ বছৰ) মালেৰকোট্লা, পঞ্জাব, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | গীতিকাৰ, কবি |
| সক্ৰিয় হৈ থকা সময় | ২০০৪–বৰ্তমান |
| ৱেবছাইট | |
| www | |
ড° ইৰশ্বাদ কামিল (ইংৰাজী: Irshad Kamil; জন্ম: ৫ ছেপ্টেম্বৰ ১৯৭১) এগৰাকী ভাৰতীয় কবি আৰু গীতিকাৰ।[1] তেওঁৰ ৰচিত গীতসমূহ ওৱান্স আপন এ টাইম ইন মুম্বাই, জব উই মেট, চামেলি, লাভ আজ কাল, ৰকষ্টাৰ, লায়লা মজনু, আছিকি ২, ৰাঞ্ঝনা, হাইৱে, তামাছা, জব হেৰী মেট চেজল, কবীৰ সিং, ডাংকী আৰু লাভ আজ কালকে ধৰি বলীউডৰ বহুতো ছবিত ব্যৱহৃত হৈছে।
গীতৰ কথা লিখাৰ বাবে তেওঁ কেইবাটাও বঁটাৰ বাবে মনোনীত হোৱাৰ উপৰিও অসংখ্য বঁটা লাভ কৰিছে। তেওঁ শ্ৰেষ্ঠ গীতিকাৰৰ শিতানত কেইবাটাও ফিল্মফেয়াৰ বঁটা, আইফা বঁটা আৰু জি চিনে বঁটা লাভ কৰিছে।[2]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]পঞ্জাবৰ মালেৰকোট্লাত এটি পঞ্জাবী পৰিয়ালত কামিলে জন্মগ্ৰহণ কৰিছিল। তেওঁ পিতৃ-মাতৃৰ সপ্তম সন্তান।[3]
তেওঁ পঞ্জাব বিশ্ববিদ্যালয়ত সাংবাদিকতাৰ অধ্যয়ন কৰিছিল। ইয়াৰ পিছত হিন্দীত স্নাতকোত্তৰ আৰু পৰৱৰ্তী সময়ত পি এইচ ডি ডিগ্ৰী লাভ কৰে৷[3]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "About Me". http://www.irshadkamil.com/about-me.
- ↑ "Irshad Kamil - Awards" (en-US ভাষাত). IMDb. https://www.imdb.com/name/nm1030391/awards/। আহৰণ কৰা হৈছে: 2024-03-26.
- ↑ 3.0 3.1 "I am a closed-door rebel: Irshad Kamil". 22 October 2014. Archived from the original on 23 January 2023. https://web.archive.org/web/20230123172608/https://timesofindia.indiatimes.com/entertainment/hindi/music/news/i-am-a-closed-door-rebel-irshad-kamil/articleshow/44898988.cms. "We are Punjabi Muslims and I was born in Malerkotla in Punjab. I did my diploma in journalism from Punjab University, a post graduation in Hindi language followed by a Ph.D in contemporary Hindi poetry." উদ্ধৃতি ত্ৰুটি: Invalid
<ref>tag; name "TOI" defined multiple times with different content