সমললৈ যাওক

ইৰাজ ঘাদেৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইৰাজ ঘাদেৰি
স্থানীয় নাম ایرج قادری
জন্ম আমিৰ ইৰাজ ঘাদেৰি
১৭ এপ্ৰিল, ১৯৩৪
তেহৰাণ, ইৰান
মৃত্যু ৬ মে', ২০১২ (৭৮ বছৰ)
তেহৰাণ, ইৰান
পেচা অভিনেতা, চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু পেনোৰামা ফিল্মছৰ পৰিচালন সঞ্চালক (প্ৰথম ইৰানীয় চলচ্চিত্ৰ প্ৰযোজক আৰু বিতৰক কোম্পানী)
সক্ৰিয় হৈ থকা সময় ১৯৫৬–২০১০
দাম্পত্যসঙ্গী হোমা ঘাদেৰি (মেহমুদী)
অংশীদাৰ ফাতেমেহ মেহমুদী (১৯৫০–১৯৫৩)
সন্তান

ইৰাজ ঘাদেৰি (জন্ম: ১৭ এপ্ৰিল, ১৯৩৪ – মৃত্যু: ৬ মে’, ২০১২) এগৰাকী ইৰানীয় চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা আছিল। তেওঁ ফাৰ্মাচিষ্ট হ’বলৈ অলপ দিন অধ্যয়ন কৰিছিল, কিন্তু সোনকালেই কলেজ এৰি দিয়ে। ২০১২ চনৰ ৬ মে’ত ৭৭ বছৰ বয়সত তেহৰাণত তেওঁৰ মৃত্যু হয়।[1][2][3][4]

ইৰাজ ঘাদেৰিয়ে ফাৰ্মাক’লজী অধ্যয়ন কৰিছিল কিন্তু পাঠ্যক্ৰম শেষ কৰা নাছিল। ১৯৫৬ চনত চামুৱেল খাচিকিয়ানৰ ইণ্টাৰচেকশ্বন এক্সিডেণ্টছ চলচ্চিত্ৰখনত অভিনয় কৰাৰ জৰিয়তে তেওঁৰ শৈল্পিক কৰ্মজীৱন আৰম্ভ হৈছিল। ১৯৬৩ চনত তেওঁ মুছা আফছাৰৰ সৈতে লগ লাগি 'পেনোৰামা' নামৰ চলচ্চিত্ৰ কোম্পানীটো প্ৰতিষ্ঠা কৰে। প্ৰাক-বিপ্লৱকালীন ইৰানীয় চিনেমাৰ অন্যতম প্ৰধান চলচ্চিত্ৰ নিৰ্মাতা হিচাপে সততে পৰিচিত ঘাদেৰিয়ে ১৯৮৫ চনত মুক্তি পোৱা তাৰাজ চলচ্চিত্ৰখনৰ জৰিয়তে বিপ্লৱৰ পিছতো চলচ্চিত্ৰ নিৰ্মাণ অব্যাহত ৰাখিছিল।

২০১২ চনৰ মে’ মাহত হাওঁফাওঁৰ কৰ্কট ৰোগৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটাত ইৰাজ ঘাদেৰিক মেহৰদাদ হাস্পতালত ভৰ্তি কৰা হয়। ইয়াৰ অলপ দিনৰ পিছত ৬ মে’ত তেওঁ মৃত্যুবৰণ কৰে। তেওঁক কাৰাজৰ বেহেষ্ট-এ চাকিনেহ কবৰস্থানত মৈদাম দিয়া হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Iranian director Iraj Ghaderi dies". Nabz.com. Archived from the original on 2012-07-13. https://archive.today/20120713173539/http://nabz.com/news/iranian-director-iraj-ghaderi-dies আহৰণ কৰা হৈছে: 2012-05-07.
  2. ".: Iranian Movie DataBase ايرج قادري :.". www.sourehcinema.com. Archived from the original on 2021-11-25. https://web.archive.org/web/20211125184935/http://www.sourehcinema.com/People/People.aspx?Id=138112190027 আহৰণ কৰা হৈছে: 2021-11-25.
  3. "ایرج قادری | بیوگرافی + عکس‌های ایرج قادری | سلام‌سینما". www.salamcinama.ir. Archived from the original on 2025-07-19. https://web.archive.org/web/20250719091305/https://salamcinama.ir/ আহৰণ কৰা হৈছে: 2021-11-25.
  4. "ایرج قادری درگذشت" (fa ভাষাত). Tabnak. 1391. http://www.tabnak.ir/fa/news/242659 আহৰণ কৰা হৈছে: 2021-11-25.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

ৱিকিমিডিয়া কমন্সত ইৰাজ ঘাদেৰী সম্পৰ্কীয় মিডিয়া ফাইল।