সমললৈ যাওক

ইৰুলা ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইৰুলা
இருளா
থলুৱা অঞ্চল ভাৰত
অঞ্চল নীলগিৰি
জাতীয়তা ইৰুলা লোক
স্থানীয় ভাষিক
[1]
লোকপিয়লত কিছুমান ভাষী লোকক তামিলৰ লগত একত্ৰিত কৰা হৈছে
ভাষা পৰিয়াল
দ্ৰাবিড়ীয়
উপভাষা কাছাবা (উত্তৰ ইৰুলা), দক্ষিণ ইৰুলা (মেলে নাডু, ভেট্টে কাডা), উৰালি ইৰুলা
লিখন প্ৰণালী তামিল লিপি
ভাষা সংকেত
ISO 639-3 iru
গ্লোটোলগ irul1243[2]
ইউনেস্কোৰ বিলুপ্তপ্ৰায় বিশ্বৰ ভাষাসমূহৰ মানচিত্ৰ অনুসৰি ইৰুলা ভাষাক বিপন্ন বুলি শ্ৰেণীভুক্ত কৰা হৈছে[3]
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে।

ইৰুলা (থলুৱাভাৱে: ër̠la/ïr̠la[উদ্ধৃতিৰ প্ৰয়োজন], IPA: [ərla, ɨrla])[4] হৈছে এটা দ্ৰাবিড়ীয় ভাষা। ভাৰতৰ তামিলনাডু, কেৰালা আৰু কৰ্ণাটক ৰাজ্যৰ নীলগিৰি অঞ্চলত বাস কৰা ইৰুলা জনগোষ্ঠীৰ লোকে এই ভাষা কয়।[5] এই ভাষা তামিল ভাষাৰ অতি ঘনিষ্ঠ। ইয়াৰ বাবে তামিল লিপি ব্যৱহাৰ কৰা হয়।

'ইৰুল' মানে 'কলা' আৰু '-আ/ইগা' মানে 'মানুহ'। এই শব্দ দুটাৰ পৰাই ইৰুলা শব্দটো আহিছে।[6][7]

উৎপত্তি

[সম্পাদনা কৰক]

ভাৰততত্ত্ববিদ কামিল জভেলেবিলে পোনপ্ৰথমে এই ভাষাৰ বৰ্ণনা আৰু শ্ৰেণীবিভাজন কৰিছিল। তেওঁ ১৯৫৫ চনত দেখুৱাইছিল যে ইৰুলা এটা স্বতন্ত্ৰ দক্ষিণ দ্ৰাবিড়ীয় ভাষা। ই বিশেষকৈ পুৰণি তামিলৰ সৈতে সাদৃশ্যপূৰ্ণ। ইয়াত কিছুমান কানাড়া ভাষাৰ দৰে বৈশিষ্ট্যও আছে। তাৰ আগতে এই ভাষাক স্বতন্ত্ৰ বুলি স্বীকাৰ কৰা হোৱা নাছিল। ইয়াক তামিল আৰু কানাড়া ভাষাৰ এটা মিশ্ৰিত ৰূপ বুলিহে ভবা হৈছিল।

কামিল জভেলেবিলৰ এটা প্ৰাৰম্ভিক অনুমান আছিল। সেই অনুসৰি ইৰুলাসকলৰ পূৰ্বপুৰুষসকলে এটা প্ৰাচীন তামিল উপভাষা ক’বলৈ আৰম্ভ কৰিছিল। এই নতুন উপভাষাটোৱে তেওঁলোকৰ পুৰণি থলুৱা ভাষাক সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছিল। পৰৱৰ্তী সময়ত ই নীলগিৰি অঞ্চলৰ অন্যান্য জনজাতীয় ভাষাৰ সংস্পৰ্শলৈ আহে। লগতে কানাড়া, তামিল আৰু মালয়ালম আদি ডাঙৰ ভাষাসমূহৰ সৈতেও ইয়াৰ সংযোগ ঘটে।[8]

ধ্বনিবিজ্ঞান

[সম্পাদনা কৰক]

তলৰ তালিকাত ইৰুলা ভাষাৰ স্বৰধ্বনি[9] আৰু ব্যঞ্জনধ্বনি[10][11][12]সমূহ দেখুওৱা হৈছে।

স্বৰধ্বনি

[সম্পাদনা কৰক]
সন্মূখ কেন্দ্ৰীয় পশ্চাৎ
হ্ৰস্ব দীৰ্ঘ হ্ৰস্ব দীৰ্ঘ হ্ৰস্ব দীৰ্ঘ হ্ৰস্ব দীৰ্ঘ
উচ্চ i iː ɨ ɨː ʉ ʉː u uː
মধ্য e eː ə əː ɵ ɵː o oː
নিম্ন a aː

জভেলেবিল আৰু পেৰিয়ালৱাৰে আগতে কেন্দ্ৰীকৃত <ä, ǟ> ধ্বনি তালিকাভুক্ত কৰিছিল। কিন্তু <ä, ǟ> আৰু <a, ā> ধ্বনিৰ মাজৰ প্ৰকৃত পাৰ্থক্য স্পষ্ট নহয়।

ব্যঞ্জনধ্বনি

[সম্পাদনা কৰক]
ওষ্ঠ্য দন্ত্য দন্তমূলীয় মূৰ্ধন্য তালব্য কণ্ঠ্য
নাসিক্য m n ɳ
স্পৰ্শ অঘোষ p t̪ t ʈ t͡ʃ k
ঘোষ b d̪ d ɖ d͡ʒ ɡ
উষ্ম s
অন্তঃস্থ মধ্যম ʋ j
পাৰ্শ্বিক l ɭ
কম্পজাত ɾ, r ɽ
  • /d/ আৰু /r/ ধ্বনি দুটা কেনেকৈ পৃথক, সেইটো স্পষ্ট নহয়।

তথ‍্য উৎস

[সম্পাদনা কৰক]
  1. ↑ "Statement 1: Abstract of speakers' strength of languages and mother tongues - 2011". Office of the Registrar General & Census Commissioner, Indiawww.censusindia.gov.in. http://censusindia.gov.in। আহৰণ কৰা হৈছে: 2018-07-07.
  2. ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Irula of the Nilgiri". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/irul1243.
  3. ↑ Atlas of the World's Languages in Danger (Report) (3rd সম্পাদনা). UNESCO. 2010. p. 31. https://unesco.org.
  4. ↑ Zvelebil (1979).
  5. ↑ Perialwar (1979), পৃষ্ঠা. 1.
  6. ↑ https://wikisource.org
  7. ↑ https://kolichala.com
  8. ↑ Das, Pauline. "The Irula Language and Literature." The Criterion Journal, April 2013 Vol 4 Issue 2.
  9. ↑ Perialwar (1979), পৃষ্ঠা. 55.
  10. ↑ Perialwar (1979), পৃষ্ঠা. 57.
  11. ↑ Zvelebil (2001), পৃষ্ঠা. 157.
  12. ↑ Krishnamurti (2003), পৃষ্ঠা. 65.

উৎসসমূহ

[সম্পাদনা কৰক]

অধিক পঢ়ক

[সম্পাদনা কৰক]