ইৱোনা স্মিলেভ’স্কা
ইৱোনা স্মিলেভ’স্কা (ইংৰাজী: Iwona Chmielewska; জন্ম: ১৯৬০) এগৰাকী পোলেণ্ডৰ লেখিকা আৰু চিত্ৰকৰ, যিয়ে মূলতঃ শিশুৰ বাবে প্ৰকাশ কৰে যদিও প্ৰাপ্তবয়স্কৰ বাবেও সৃষ্টি প্ৰকাশ কৰে। তেওঁৰ বহু ৰচনা দক্ষিণ কোৰিয়াত প্ৰকাশ পাইছে, য’ত তেওঁ যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। তেওঁ উত্তৰ পোলেণ্ডৰ টৰুনত থাকে আৰু কাম কৰে আৰু তাত তেওঁ নিকোলাছ কপাৰনিকাছ বিশ্ববিদ্যালয়ৰ সূক্ষ্ম কলা অনুষদত অধ্যাপনা কৰে।[1][2]
জীৱনী
[সম্পাদনা কৰক]
১৯৬০ চনৰ ৫ ফেব্ৰুৱাৰীত পেবিয়ানিছত জন্মগ্ৰহণ কৰা স্মিলেভ’স্কাই টৰুনৰ নিকোলাছ কপাৰনিকাছ বিশ্ববিদ্যালয়ত গ্ৰাফিক ডিজাইনৰ পাঠ্যক্ৰম অধ্যয়ন কৰিছিল। ১৯৯০ চনত তেওঁ প্ৰথমবাৰৰ বাবে দক্ষিণ কোৰিয়াত তেওঁৰ কৰ্ম প্ৰকাশ কৰে আৰু এতিয়া তেওঁৰ ২০খনতকৈও অধিক গ্ৰন্থ প্ৰকাশ পাইছে, ইয়াৰে বহুকেইখন অন্য ভাষালৈ অনুবাদ কৰা হৈছে।[1]
স্মিলেভ’স্কাই ব'ল'গনা শিশু গ্ৰন্থমেলাৰ পৰা ব'ল'গনা ৰাগাজী (২০১১ আৰু ২০১৩) আৰু ব্ৰাটিছলাভাত অনুষ্ঠিত হোৱা চিত্ৰকল্পৰ দ্বিবাৰ্ষিকীত গোল্ডেন এপল (২০০৭)কে ধৰি ডাঙৰ বঁটা লাভ কৰিছে।[2]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Rusek-Cabaj, Marta. "Chmielewska Iwona" (Polish ভাষাত). RYMS. Archived from the original on 18 February 2018. https://web.archive.org/web/20180218055419/http://ryms.pl/autor_szczegoly/21/chmielewska-iwona.html। আহৰণ কৰা হৈছে: 14 April 2017.
- ↑ 2.0 2.1 Bak, Alina. "Iwona Chmielewska (ur. 1960)" (Polish ভাষাত). Leksykon Lublin. http://teatrnn.pl/leksykon/node/4583। আহৰণ কৰা হৈছে: 14 April 2017.