ই-সিন লিঅ'
| ই-সিন লিঅ’ | |
|---|---|
২০১৫ চনত লিঅ’ | |
| জন্ম | লিঅ’ ই সিন 1958 অথবা 1959 (বয়স 66–67)[1] ছিংগাপুৰ |
| কৰ্মস্থান | ৰাষ্ট্ৰীয় সংক্ৰামক ৰোগ কেন্দ্ৰ |
| শিক্ষানুষ্ঠান | ৰাষ্ট্ৰীয় ছিংগাপুৰ বিশ্ববিদ্যালয় টান টক চেং হাস্পতাল |
| সতি-সন্ততি | ৩ |
ই-সিন লিঅ’, এফ-আৰ-চি-পি (ইংৰাজী: :Yee Sin Leo :চীনা ভাষাত: 梁玉心; জন্ম ১৯৫৮ বা ১৯৫৯ ), এগৰাকী ছিংগাপুৰৰ চিকিৎসক। তেওঁ ৰাষ্ট্ৰীয় সংক্ৰামক ৰোগ কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালক আৰু তেওঁ উদীয়মান সংক্ৰামক ৰোগৰ ওপৰত গৱেষণা কৰে। তেওঁ নিপাহ, ছাৰ্ছ, ক’ভিড-১৯ কে ধৰি কেইবাটাও সংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱৰ সময়ছোৱাত ৰোগ প্ৰতিৰোধৰ দায়িত্ব পালন কৰিছে। ২০২০ চনত বিবিচিৰ শীৰ্ষ ১০০ মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হয়।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]লিঅ’ই ছিংগাপুৰৰ নেশ্যনেল ইউনিভাৰ্চিটিৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮৯ চনত চিকিৎসা বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[2]তাৰ পিছত টান টক চেং হাস্পতালৰ চিকিৎসা পঞ্জীয়ক হিচাবে নিযুক্তি পাইছিল।[3] এগৰাকী যুৱতী চিকিৎসক হিচাপে লিঅ’ই ইমিউন’লজীৰ প্ৰতি আগ্ৰহী আছিল যদিও সংক্ৰামক ৰোগ বিশেষজ্ঞ ডেভিদ এলেনৰ সৈতে আকস্মিকভাৱে মুখামুখি হোৱাৰ পিছত তেওঁ সংক্ৰামক ৰোগৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰিছিল। ছিংগাপুৰত সংক্ৰামক ৰোগৰ প্ৰশিক্ষণ লোৱা প্ৰথম চিকিৎসকসকলৰ ভিতৰত অন্যতম আছিল তেওঁ।[4]
গৱেষণা আৰু কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৯২ চনত লিঅ'ই লছ এঞ্জেলছত ক্লিনিকেল ফেলো হিচাপে কাম কৰিছিল, য’ত তেওঁৰ কামৰ আধাতকৈ বেছি অংশই এইচ আই ভি ৰোগী সৰ্ম্পকীয় আছিল।[4] ছিংগাপুৰলৈ উভতি আহিয়েই তেওঁ দেশৰ বাবে প্ৰথম কৰ্তব্য এইচ আই ভি কাৰ্যসূচী আৰু ৰোগীৰ যত্ন কেন্দ্ৰ স্থাপন কৰে।[4] সংক্ৰামক ৰোগৰ সৈতে তেওঁৰ প্ৰথম সন্মুখ-শাৰীৰ অভিজ্ঞতা আছিল যেতিয়া ১৯৯৯ চনত নিপাহ ভাইৰাছে ছিংগাপুৰক সংক্ৰমিত কৰিছিল।[4]
২০০২ চনত লিঅ’ক নেচনেল চেণ্টাৰ ফৰ ইনফেকচিয়েছ ডিজিজ (এনচিআইডি)ৰ জ্যেষ্ঠ পৰামৰ্শদাতা নিযুক্তি দিয়া হয়।[3] তেওঁ মধ্যপ্ৰাচ্যৰ শ্বাস-প্ৰশ্বাসজনিত চিনড্ৰম (MERS), ইনফ্লুৱেঞ্জা এ ভাইৰাছৰ উপপ্ৰকাৰ H7N9 (বাৰ্ড ফ্লু) আৰু ডেংগু জ্বৰৰ প্ৰাদুৰ্ভাৱৰ মাজেৰে দেশখনক নেতৃত্ব দিছে।[4] লিঅ’ই কয় যে গুৰুতৰ তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত চিনড্ৰম (SARS)ৰ সংগ্ৰামৰ সৈতে মোকাবিলা কৰাৰ সময় ছোৱাত লাভ কৰা অভিজ্ঞতাই তেওঁক ক’ভিড-১৯ দায়িত্ব ল’বলৈ সাহসেৰে প্ৰস্তুত কৰি তুলিছিল।[5]
কভি’ড-১৯ মহামাৰীৰ সময়ত ছিংগাপুৰৰ প্ৰেছত লিঅ’ৰ উদ্ধৃতি দিয়া হৈছিল যে তেওঁলোকে মানুহক কৈছিল যে যদি তেওঁলোকৰ শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ লক্ষণ নাথাকে তেন্তে তেওঁলোকে মাস্ক পিন্ধিব নালাগে।[6]
২০২১ চনৰ মে’ মাহত ইউৰোপীয় আয়োগ আৰু জি-২০ৰ দ্বাৰা আয়োজিত গ্ল’বেল হেল্থ ছামিটৰ প্ৰস্তুতিৰ সময়ত লিঅ’ই এই অনুষ্ঠানৰ উচ্চ পৰ্যায়ৰ বৈজ্ঞানিক পেনেলৰ সহ-সভাপতি আছিল।[7] ২০২২ চনৰ পৰা তেওঁ বিশ্ব বেংক/বিশ্ব স্বাস্থ্য সংস্থাৰ যৌথ মহামাৰী পুঁজিৰ কাৰিকৰী পৰামৰ্শদাতা পেনেলত কাৰ্যনিৰ্বাহ কৰি আহিছে।[8] সেই বছৰতে তেওঁক ছিংগাপুৰৰ মহিলা হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়।[9] ২০২৩ চনত লিঅ’ৰ ঠাইত এনচিআইডিৰ কাৰ্যবাহী সঞ্চালক হিচাপে ভাৰ্নন লীয়েক নিযুক্তি দিয়ে। তাৰ পিছত তেওঁ স্বাস্থ্য মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় স্বাস্থ্যসেৱা গোটৰ জ্যেষ্ঠ পৰামৰ্শদাতা হয়।[10]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]জৈৱ প্ৰযুক্তি বিশেষজ্ঞৰ সৈতে লিঅ’ই বিবাহ কৰাই। তেওঁলোকৰ একেলগে তিনিটা সন্তান আছে।[4]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "S'porean infectious disease expert Leo Yee-Sin makes annual BBC list of inspiring, influential women". TODAYonline. https://www.todayonline.com/singapore/sporean-infectious-disease-expert-prof-leo-yee-sin-makes-annual-bbc-list-inspiring। আহৰণ কৰা হৈছে: 21 May 2021.
- ↑ "AMS - Academy of Medicine, Singapore". AMS - Academy Medicine of Singapore. https://www.ams.edu.sg/। আহৰণ কৰা হৈছে: 2020-11-30.
- 1 2 "LEO Yee Sin". National University of SingaporeSaw Swee Hock School of Public Health. https://sph.nus.edu.sg/faculty-directory/leo-yee-sin/। আহৰণ কৰা হৈছে: 2020-11-30.
- 1 2 3 4 5 6 7 "A breakout star in battle against virus outbreaks" (en ভাষাত). AsiaOne. https://www.asiaone.com/health/breakout-star-battle-against-virus-outbreaks। আহৰণ কৰা হৈছে: 2020-12-01.
- ↑ Ooi, Peng Lim; Leo, Yee Sin (25 February 2020). "Why Singapore will overcome Covid-19 even though outbreak could get worse before it gets better". Today. https://www.todayonline.com/commentary/why-singapore-will-overcome-covid-19-even-though-outbreak-could-get-worse-it-gets-better। আহৰণ কৰা হৈছে: 2020-11-30.
- ↑ Ang, Prisca (25 January 2020). "Wuhan virus: Masks necessary only for those with respiratory symptoms, stresses chief of Singapore's infectious diseases centre" (en ভাষাত). The Straits Times. https://www.straitstimes.com/singapore/wuhan-virus-mask-necessary-only-for-those-with-respiratory-symptoms-stresses-chief-of.
- ↑ "Global Health Summit 2021" (en ভাষাত). European Union. Archived from the original on 12 October 2024. https://web.archive.org/web/20241012215213/https://global-health-summit.europa.eu/index_en। আহৰণ কৰা হৈছে: 21 May 2025.
- ↑ "Technical Advisory Panel". The Pandemic Fund. https://www.thepandemicfund.org/who-we-are/technical-advisory-panel। আহৰণ কৰা হৈছে: 21 May 2025.
- ↑ Chin, Soo Fang (8 March 2022). "Infectious disease expert Leo Yee Sin, music icon Nona Asiah among 7 to join S'pore Women's Hall of Fame" (en ভাষাত). The Straits Times. ISSN 0585-3923. https://www.straitstimes.com/singapore/infectious-disease-expert-leo-yee-sin-and-music-icon-nona-asiah-among-seven-women-to-join-singapore-womens-hall-of-fame.
- ↑ Liew, Isabelle (24 April 2023). "Vernon Lee to helm NCID from July 1, outgoing Leo Yee Sin to be MOH senior consultant" (en ভাষাত). The Straits Times. ISSN 0585-3923. https://www.straitstimes.com/singapore/vernon-lee-to-helm-ncid-from-july-1-outgoing-leo-yee-sin-to-be-moh-senior-consultant.
- ↑ "Red Ribbon Award" (en-US ভাষাত). Action for AIDS Singapore. 2014-09-08. Archived from the original on 2021-08-22. https://web.archive.org/web/20210822011911/https://afa.org.sg/getinvolved/redribbonaward/। আহৰণ কৰা হৈছে: 2020-12-01.
- ↑ "Lee Hsien Loong & Leo Yee-Sin" (en ভাষাত). Fortune. https://fortune.com/worlds-greatest-leaders/2020/lee-hsien-loong-leo-yee-sin/। আহৰণ কৰা হৈছে: 2020-11-30.
- ↑ "BBC 100 Women 2020: Who is on the list this year?" (en-GB ভাষাত). BBC News. 2020-11-23. https://www.bbc.co.uk/news/world-55042935.