ই এম এছ নামবুদিৰিপাদ
ই এম এচ নামবুদিৰিপাদ | |
|---|---|
| কেৰেলাৰ প্ৰথম মুখ্যমন্ত্ৰী | |
| কাৰ্যকাল ৬ মাৰ্চ ১৯৬৭ – 1 November 1969 | |
| পূৰ্বসূৰী | ৰাষ্ট্ৰপতিৰ শাসন |
| উত্তৰসূৰী | গ আচুথা মেনন |
| কাৰ্যকাল ৫ এপ্ৰিল ১৯৫৭ – ৩১ জুলাই ১৯৬৯ | |
| পূৰ্বসূৰী | কাৰ্যালয় স্থাপন |
| উত্তৰসূৰী | পট্টোম থানু পিল্লাই |
| ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক | |
| কাৰ্যকাল ২৯ এপ্ৰিল ১৯৬২ – ১১ এপ্ৰিল ১৯৬৪ | |
| পূৰ্বসূৰী | অজয় ঘোষ |
| উত্তৰসূৰী | চন্দ্ৰ ৰাজেশ্বৰ ৰাও |
| ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সাধাৰণ সম্পাদক | |
| কাৰ্যকাল ৮ এপ্ৰিল ১৯৭৮ – ৯ জানুৱাৰী ১৯৯২ | |
| পূৰ্বসূৰী | পি চৌন্দৰ্য |
| উত্তৰসূৰী | হৰকিষণ সিং সুৰজিত |
| ব্যক্তিগত তথ্য | |
| জন্ম | এলামকুলাম মানককাল শংকৰন নামবুদিৰিপদ ১৩ জুন, ১৯০৯ পেৰিন্থালমানা, মাদ্ৰাজ প্ৰেচিডেস্ী,বৃটিছ ভাৰত (বৰ্তমানৰ মালাপ্পুৰম জিলা, কেৰেলা, ভাৰত) |
| মৃত্যু | ১৯ মাৰ্চ, ১৯৯৮ (৮৮ বছৰ) তিৰুৱনন্তপুৰম, কেৰেলা, ভাৰত |
| ৰাজনৈতিক দল | ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)(১৯৬৪ চনৰপৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টি(১৯৬৪ চনৰ আগতে) |
| দাম্পত্যসঙ্গী | আৰ্য অন্তৰ্জনম (1937–2002)[1] |
| সন্তান | ৪[2] |
| বাসস্থান | তিৰুৱনন্তপুৰম |
| শিক্ষানুষ্ঠান | চেণ্ট থমাছ কলেজ, থ্ৰিছুৰ |
| প্ৰখ্যাত | ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সহ-প্ৰতিষ্থাপক। |
| ৱেবছাইট | Government of Kerala |
ই এম এছ নামবুদিৰিপাদ (ইংৰাজী: Elamkulam Manakkal Sankaran Namboodiripad)ৰ জন্ম হৈছিল ১৯০৯ চনৰ ১৩ জুন আৰু মৃত্যু হৈছিল ১৯৯৮ চনৰ ১৯ মাৰ্চত। নামবুদিৰিপাদক তেওঁৰ নামৰ আৰম্ভণিৰ আখৰ ই.এম.এছ. নামবুৰিদিপাদ হিচাপে বিখ্যাত। ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সদস্য হিচাপে তেওঁ ভাৰতৰ প্ৰথমজন মুখ্যমন্ত্ৰী আছিল। নামবুৰিদিপাদ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য নাছিল। ১৯৬৪ চনত তেওঁ চিপিআইৰ এটা ফৈদৰ নেতৃত্বত বিচ্ছিন্ন হৈ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) (চিপিআই(এম) গঠন কৰে।
মুখ্যমন্ত্ৰী হিচাপে নামবুদিৰিপাদে কেৰালাত ভূমি আৰু শিক্ষাৰ আমূল সংস্কাৰৰ পথ-প্ৰদৰ্শক আছিল। যাৰফলত কেৰালাক সামাজিক সূচকৰ ক্ষেত্ৰত দেশৰ আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলাত সহায় কৰিছিল। বহুলাংশে তেওঁৰ দায়বদ্ধতা আৰু পথ প্ৰদৰ্শনৰ বাবেই তেওঁ ১৪ বছৰ ধৰি পলিটব্যুৰোৰ সদস্য আৰু সাধাৰণ সম্পাদক হিচাপে থকাৰ বাবেই চি পি আই (এম) ভাৰতৰ মিত্ৰজোঁটৰ ৰাজনীতিৰ নতুন যুগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি এনে এক আধিপত্যশীল ৰাজনৈতিক শক্তিত পৰিণত হৈছে। [3]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ই. এম এছ নামবুদুৰিপাদৰ জন্ম হৈছিল এটা বিশিষ্ট মালয়ালী নম্বুদিৰি ব্ৰাহ্মণ পৰিয়ালত। পৰিয়ালৰ ভিতৰত তেওঁ চতুৰ্থজন সন্তান আছিল। তেওঁৰ জন্মৰ আগতেই তেওঁৰ দুজন জ্যেষ্ঠ ভাতৃৰ মৃত্যু হৈছিল আৰু তৃতীয় ভাতৃ বৌদ্ধিকভাৱে অক্ষম আছিল। পাঁচ বছৰ বয়সত তেওঁ দেউতাকক হেৰুৱাইছিল। ১৯২১ চনৰ মালাবাৰ বিদ্ৰোহৰ সময়ত বিদ্ৰোহীবোৰে তেওঁৰ ঘৰত আক্ৰমণ কৰাত তেওঁ ইৰিঞ্জলাকুডালৈ গুচি যায়। সেই সময়ত তেওঁ ছিনিয়ৰ পি এম মেথিউৰ ঘনিষ্ঠ বন্ধু আছিল। ভি টি ভট্টাথিৰিপাদ, এম আৰ ভট্টাথিৰিপাদ আদি বহুকেইজনৰ লগত নামবুতিৰি জনগোষ্ঠীত বিদ্যমান জাতিবাদ আৰু ৰক্ষণশীলতাৰ বিৰুদ্ধে যুঁজত তেওঁৰ সম্পৰ্ক আছিল। প্ৰগতিশীল নামবুতিৰি যুৱক-যুৱতীৰ সংগঠন বল্লুভানাডু যোগশেমা সভাৰো তেওঁ অন্যতম বিষয়ববীয়া হৈ পৰে।
নামবুদিৰিপাদে থ্ৰিছুৰৰ ছেইণ্ট থমাছ কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। কলেজীয়া দিনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ সৈতে গভীৰভাৱে জড়িত আছিল। কোৱা হয় যে ৫–৮ কিলোমিটাৰ খোজ কাঢ়ি গৈ কোচিনৰ ৰাজনীতিবিদ ভি জে মাথাইৰ ভাষণ শুনিবলৈ গৈছিল।
সমাজবাদ
[সম্পাদনা কৰক]১৯৩৪ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভিতৰত সমাজবাদী শাখা কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টিৰ অন্যতম প্ৰতিষ্থাপক আছিল আৰু ১৯৩৪ চনৰপৰা ১৯৪০ চনলৈকে তেওঁ সৰ্বভাৰতীয় যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ কেৰেলাৰ কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টিৰ প্ৰভাথাম নামৰ মালায়ালম কাকতখনৰ সম্পাদনা কৰিছিল। এই সময়ছোৱাত তেওঁ মাদ্ৰাজ বিধানসভালৈও নিৰ্বাচিত হয় (১৯৩৯)।
তেওঁ সমাজবাদী আদৰ্শৰ প্ৰতি দায়বদ্ধ হৈ থাকিল আৰু শ্ৰমিক শ্ৰেণীৰ প্ৰতি থকা মমতাই তেওঁক কমিউনিষ্ট আন্দোলনত যোগদান কৰিবলৈ বাধ্য কৰাইছিল। ভাৰত চৰকাৰে তেওঁক কেৰালাত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (চিপিআই)ৰ অন্যতম প্ৰতিষ্থাপক বুলি গণ্য কৰিছিল আৰু তাৰ বাবে তেওঁ আত্মগোপন কৰিছিল। ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত তেওঁ সীমা বিষয়ত চীনৰ মতামত প্ৰচাৰ কৰা নেতাসকলৰ ভিতৰত অন্যতম আছিল। ১৯৬৪ চনত চিপিআই বিভাজন হোৱাৰ সময়ত ইএমএছ নামবুদিৰিপাদে ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) (চিপিআই(এম))ৰ সৈতে থিয় দিছিল। তেওঁ চি পি আই (এম)ৰ কেৰালা ৰাজ্যিক সমিতিৰ নেতা আছিল।
ৰাজ্য চৰকাৰলৈ নিৰ্বাচন
[সম্পাদনা কৰক]
| নিৰ্বাচন | বছৰ | দল | সমষ্টি | ফলাফল |
|---|---|---|---|---|
| মাদ্ৰজ বিধানসভা | ১৯৫২ | চি পি আই | কোজিকোড়ে | হাৰা |
| কেৰালাৰ বিধানসভা | ১৯৫৭ | থ্ৰীকৰিপুৰ | বিজয়ী | |
| ১৯৬০ | Pattambi | বিজয়ী | ||
| ১৯৬৫ | বিজয়ী | |||
| ১৯৬৭ | চিপিআই(এম) | বিজয়ী | ||
| ১৯৭০ | বিজয়ী | |||
| ১৯৭৭ | আলাথুৰ বিধানসভা সমষ্টি | বিজয়ী |
১৯৫৭ চনত নতুনকৈ কেৰেলা বিধানসভাৰ বাবে প্ৰথম নিৰ্বাচনত ফলত ই.এম.নামবুৰিদিপাদৰ নেতৃত্বত প্ৰথমখন কমিউনিষ্ট চৰকাৰ গঠন হয়।[4][5] ১৯৪৫ চনত ইউৰোপৰ এখন ক্ষুদ্ৰ ৰাষ্ট্ৰ ৰিপাব্লিক অৱ ছান মেৰিনোত অনুষ্ঠিত হোৱা নিৰ্বাচনত কমিউনিষ্ট সফলতাৰ পিছত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হোৱা নামবুৰিদিপাদৰ চৰকাৰখনেই দ্বিতীয়খন কমিউনিষ্ট চৰকাৰ আছিল। [6][7][8][9] ১৯৫৭ চনৰ ৫ এপ্ৰিলত তেওঁ কেৰালাৰ মুখ্যমন্ত্ৰী হয়। তেওঁৰ চৰকাৰে ভূমি সংস্কাৰ অধ্যাদেশ আৰু শিক্ষা বিধেয়ক উত্থাপন কৰে। ১৯৫৮ চনত বিধেয়কসমূহৰ প্ৰতি সঁহাৰি জনাই কমিউনিষ্ট বিৰোধী বিমোচানা সমৰাম প্ৰতিবাদৰ সময়ছোৱা আৰম্ভ হয়। ফলত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে ১৯৫৯ চনত ভাৰতীয় সংবিধানৰ ৩৫৬ নং অনুচ্ছেদ আৰোপ কৰি ৰাজ্য চৰকাৰ স্থগিত ৰাখি ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়ে। প্ৰথম অৱস্থাত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ এখনক বৰ্খাস্ত কৰিবলৈ দ্বিধাবোধ কৰিছিল যদিও নেহেৰুক তেখেতৰ কন্যা ইন্দিৰা গান্ধীয়ে পতিয়ন নিয়াইছিল। [10][11] এই পদচ্যুতিত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা দীৰ্ঘদিন ধৰি জড়িত থকাৰ সন্দেহ কৰা হয়। অগোপনীয় চিআইএৰ নথি-পত্ৰই দেখুৱাইহে যে ভাৰতত কমিউনিষ্ট ৰাজ্য চৰকাৰ গঠনত তেওঁলোক চিন্তিত হৈ পৰিছিল আৰু "অতিৰিক্ত কেৰালাক বাধা দিয়াটো ভাৰতলৈ আমেৰিকাৰ সহায় বৃদ্ধিৰ বাবে এক গুৰুত্বপূৰ্ণ যুক্তি হৈ পৰিছিল।" [12] আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰদূত এলছৱৰ্থ বাংকাৰৰ জীৱনীত উল্লেশ কৰা অনুসৰি “ৱাশ্বিংটনত নিৰ্বাচনৰ ফলাফলত এলাৰ্ম বেল বাজিছিল।" [13][14] চিপিআই আৰু মুছলিম লীগকে ধৰি সাতদলীয় মিত্ৰজোঁট (সপ্তকাক্ষী মুন্নানী)ৰ নেতা হিচাপে ১৯৬৭ চনত দ্বিতীয়বাৰৰ বাবে কেৰালাৰ মুখ্যমন্ত্ৰী হয় নামবুদিৰিপাদ। পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ কিছুসময়ৰ পাছতে ১৯৬৮ চনৰ ৩১ জানুৱাৰীত তেওঁ পাৰাভুৰৰ পজিক্কাৰাত ফ্ল’ৰকো নামৰ যান্ত্ৰিক কয়লা কাৰখানা এটা উদ্বোধন কৰে। এইবাৰ নামবুদিৰিপাদৰ কাৰ্যকাল ডেৰ-দুবছৰ ধৰি চলিছিল, আৰু গঠনকাৰী দলসমূহৰ ভিতৰত অভ্যন্তৰীণ সংঘাতৰ বাবে ১৯৬৯ চনৰ ২৪ অক্টোবৰত চৰকাৰৰ পতন ঘটিছিল।
১৯৬০ চনৰ পৰা ১৯৬৪ চনলৈ আৰু পুনৰ ১৯৭০ চনৰ পৰা ১৯৭৭ চনলৈকে কেৰালা বিধানসভাত নামবুদিৰিপাদ বিৰোধী দলৰ নেতা আছিল। তেওঁ ইংৰাজী আৰু মালয়ালম ভাষাত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। চিন্তা প্ৰকাশন, কেৰেলাৰ সকলো গ্ৰন্থ "ই এম এছ সাঞ্চিকা" নামেৰে প্ৰকাশ কৰিছে। সাংবাদিক হিচাপেও তেওঁ সুপৰিচিত আছিল।
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ "EMS' wife passes away". The Times of India. 3 January 2002. https://timesofindia.indiatimes.com/india/EMS-wife-passes-away/articleshow/1302677556.cms। আহৰণ কৰা হৈছে: 21 February 2019.
- ↑ "E.M. Sreedharan dead". The Hindu. 15 November 2002. http://www.thehindu.com/2002/11/15/stories/2002111505110400.htm.[সংযোগবিহীন উৎস]
- ↑ Singh, Kuldip (1 April 1998). "Obituary: E. M. S. Namboodiripad". The Independent. https://www.independent.co.uk/news/obituaries/obituary-e-m-s-namboodiripad-1153957.html.
- ↑ Olle Törnquist (1991). "Communists and democracy: Two Indian cases and one debate". Bulletin of Concerned Asian Scholars (Committee of Concerned Asian Scholars) খণ্ড 23 (2): 63–76. doi:10.1080/14672715.1991.10413152. ISSN 0007-4810. Archived from the original on 11 August 2011. https://web.archive.org/web/20110811034858/http://criticalasianstudies.org/assets/files/bcas/v23n02.pdf। আহৰণ কৰা হৈছে: 20 September 2011. "The first democratically elected communist-led government in India actually came to power in 1957 in the southwest-Indian state of Kerala. Two years later this government was undemocratically toppled-by the union government and the Congress-I party with Indira Gandhi in the forefront. But the communists were reelected and led several of the following state governments.".
- ↑ Sarina Singh; Amy Karafin; Anirban Mahapatra (1 September 2009). South India. Lonely Planet. ISBN 978-1-74179-155-6. https://books.google.com/books?id=8KnLFpjEHpUC। আহৰণ কৰা হৈছে: 6 January 2013.
- ↑ K.G. Kumar (12 April 2007). "50 years of development". The Hindu. https://www.thehindubusinessline.com/todays-paper/tp-others/tp-states/50-years-of-development/article1655056.ece?ref=archive.
- ↑ Manali Desai (27 November 2006). State Formation and Radical Democracy in India. Taylor & Francis. পৃষ্ঠা. 142. ISBN 978-0-203-96774-4. https://books.google.com/books?id=60m9znJQmmkC&pg=PA142। আহৰণ কৰা হৈছে: 31 August 2013.
- ↑ Madan Gopal Chitkara; Baṃśī Rāma Śarmā (1 January 1997). Indian Republic: Issues and Perspective. APH Publishing. পৃষ্ঠা. 134. ISBN 978-81-7024-836-1. https://books.google.com/books?id=7YrmNURVoroC&pg=PA134। আহৰণ কৰা হৈছে: 18 November 2012.
- ↑ Alan James Mayne (1 January 1999). From Politics Past to Politics Future: An Integrated Analysis of Current and Emergent Paradigms. Greenwood Publishing Group. পৃষ্ঠা. 59. ISBN 978-0-275-96151-0. https://books.google.com/books?id=6MkTz6Rq7wUC&pg=PA59। আহৰণ কৰা হৈছে: 30 August 2013.
- ↑ Moynihan, Dangerous Place, 41
- ↑ Godbole, Public Accountability and Transparency: The Imperatives of Good Governance, 84.
- ↑ "Foreign Relations of the United States, 1955–1957, South Asia, Volume VIII – Office of the Historian". history.state.gov. https://history.state.gov/historicaldocuments/frus1955-57v08/d175। আহৰণ কৰা হৈছে: 29 January 2017.
- ↑ Nair, Naveen (28 June 2007). "How CIA ousted Left govt in Kerala". IBN Live. Archived from the original on 11 February 2011. https://web.archive.org/web/20110211204038/http://ibnlive.in.com/news/how-cia-ousted-left-govt-in-kerala/43293-3.html.
- ↑ Schaffer, Ellsworth Bunker: Global Troubleshooter, Vietnam Hawk, 67