সমললৈ যাওক

ঈশা কোপ্পিকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঈশা কোপ্পিকাৰ
Isha Koppikar

২০২৫ চনত কোপ্পিকাৰ
জন্ম ১৯ ছেপ্টেম্বৰ, ১৯৭৬ (৪৯ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা
  • অভিনেত্ৰী
  • ৰাজনীতিক
  • মডেল
ৰাজনৈতিক দল ভাৰতীয় জনতা দল
দাম্পত্যসঙ্গী টিম্মী নাৰাং (বি. ২০০৯; বিচ্ছেদ ২০২৩)
সন্তান

ঈশা কোপ্পিকাৰ (ইংৰাজী: Isha Koppikar; জন্ম:- ১৯ ছেপ্টেম্বৰ ১৯৭৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ৰাজনীতিবিদ আৰু মডেল যি মূলতঃ হিন্দী ছবিত অভিনয় কৰিছে৷ ইয়াৰ লগতে তেওঁ তামিল, কানাড়া, তেলেগু, আৰু মাৰাঠী ছবিতো অভিনয় কৰিছে। নবৈৰ দশকৰ দ্বিতীয়াৰ্ধত দক্ষিণ ভাৰতীয় ভাষাৰ ছবিত নিজৰ কেৰিয়াৰ আৰম্ভ কৰি ২০০০ চনৰ আৰম্ভণিত তেওঁ বলিউডৰ ছবিত গুৰুত্ব আৰোপ কৰে।

প্ৰাৰম্ভিক জীৱন আৰু কৰ্ম

[সম্পাদনা কৰক]

১৯৭৬ চনৰ ১৯ ​​ছেপ্টেম্বৰত বোম্বাই (বৰ্তমান মুম্বাই)ৰ মাহিমত এটা কংকনী পৰিয়ালত ঈশাই জন্মগ্ৰহণ কৰিছিল । [1][2] তেওঁৰ এজন ভ্ৰাতৃ আছে। মুম্বাইৰ ৰামনাৰায়ণ ৰুইয়া কলেজৰ পৰা জীৱন বিজ্ঞান বিষয়ত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে। [3] কলেজত থাকোঁতে ভাৰতীয় ফটোগ্ৰাফাৰ গৌতম ৰাজাধ্যাক্ষৰ ফটোশ্বুটত তেওঁ অংশ লৈছিল।এই শ্বুটিঙে বিজ্ঞাপনৰ ক্ষেত্ৰত তেওঁক মডেল হিচাপে কাম কৰাৰ সুবিধা দিয়ে৷ বিশেষকৈ LOréal, Rexona, Camay, Tips & Toes আৰু Coca-Cola ত কাম কৰিবলৈ তেওঁ সুবিধা পায়। [4] ১৯৯৫ চনৰ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কোপ্পিকাৰে মিছ টেলেণ্টৰ মুকুট লাভ কৰিছিল। মডেলিঙৰ কামে তেওঁক চলচ্চিত্ৰ উদ্যোগৰ সৈতে পৰিচয় কৰাই দিয়ে আৰু ১৯৯৭ চনত তেলেগু চিনেমা W/o V. Vara Prasad ত প্ৰথমবাৰৰ বাবে তেওঁ চলচ্চিত্ৰত অভিনয় কৰে।[4]

ৰাজনৈতিক কেৰিয়াৰ

[সম্পাদনা কৰক]

২০১৯ চনত তেওঁ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। তেওঁক বিজেপিৰ মহিলা পৰিবহণ শাখাৰ কৰ্মৰত সভানেত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।[5]

অন্যান্য কৰ্ম

[সম্পাদনা কৰক]

চিত্ৰগ্ৰহণৰ মাজতে কোপ্পিকাৰে বলীউডৰ বহু অভিনেতাৰ দৰে মঞ্চ সংগীত অনুষ্ঠানত অভিনয় কৰে। ইয়াৰ উপৰিও তেওঁ দুটা মিউজিক ভিডিঅ'ত অভিনয় কৰিছে: ২০০১/২০০২ চনত চ'নীয়ে কমিচন কৰা ব্যক্তিগত এলবামৰ বাবে কে কেৰ পটলী কমৰ; আৰু বস্কো-চিজাৰৰ নৃত্য পৰিচালনাৰে ২০০৪ চনত বন্দীছ প্ৰজেক্টৰ ভ'ৰ (সত্যম শিৱম সুন্দৰম)। ২০০৬ চনত ইণ্ডিয়ান আইডল গ্ৰেণ্ড ফাইনেলত মঞ্চত উপস্থিত হৈ চূড়ান্ত প্ৰতিযোগী দুগৰাকীৰ সৈতে তেওঁ নৃত্য কৰে আৰু ২০০৭ চনত পৰিচালক ডেভিদ ধাৱান আৰু বৈভৱী মাৰ্চেণ্টৰ সৈতে চেলিব্ৰিটি নৃত্য প্ৰতিযোগিতা নাচ বালিয়ে৩ৰ তিনিজন বিচাৰকৰ ভিতৰত অন্যতম হিচাপে দেখা যায়। ২০১৫ চনত তেওঁৰ এখন ৰেষ্টুৰেণ্টো আছিল।১৪ জুলাইত ভিয়েটনামত অনুষ্ঠিত হোৱা মিছ ইউনিভাৰ্ছ ২০০৮ প্ৰতিযোগিতাত অন্যান্যসকলৰ লগতে ফেশ্বন ডিজাইনাৰ ৰবাৰ্ট কেভালি আৰু ২০০৪ চনৰ প্ৰাক্তন বিজয়ী জেনিফাৰ হকিন্সৰ সৈতে বিচাৰক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। [6]

ফেশ্বন ডিজাইনাৰ অনিতা ডংগ্ৰে আৰু প্ৰিয়া কাটাৰিয়া পুৰীৰ বাবে তেওঁ মডেলিং অব্যাহত ৰাখিছে। ২০০৭ চনত তেওঁ ইটালীৰ ফেশ্বন কোম্পানী পুলিচ টাইম এণ্ড জুৱেলাৰীৰ ভাৰতীয় ব্ৰেণ্ড এম্বেছাদৰ হয়।[7] কোপিকাৰ পশু অধিকাৰ সংস্থা PETA[8] ৰ মুখপাত্ৰও আৰু ২০০৯ চনৰ ডিচেম্বৰ মাহত দশম বৰ্ষপূৰ্তিৰ মানৱীয় বঁটা লাভ কৰে।[9]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

কপিকাৰৰ টাইকোৱাণ্ডোত ব্লেক-বেল্ট আছে।[10]

সংখ্যাবিদসকলৰ পৰামৰ্শ-দিহা মানি ঈশাই তেওঁৰ নামৰ বানান এতিয়ালৈকে দুবাৰ সলনি কৰিছে৷ প্ৰথমতে Ishaa Koppikar আৰু পাছলৈ Eesha Koppikhar-লৈ তেওঁ নাম সলায়৷ অৱশ্যে, ২০১৫ চনত তেওঁ পূৰ্বৰ বানানটোলৈকে ঘূৰি আহে[11]

২০০৯ চনৰ ২৯ নৱেম্বৰত ঈশাই টিম্মী নাৰাঙৰ লগত বৈবাহিক যাত্ৰা আৰম্ভ কৰে৷ তেওঁলোকৰ এগৰাকী কন্যা সন্তান ওপজে৷ ২০২৩ চনৰ ২৯ নৱেম্বৰত তেওঁলোকৰ বিচ্ছেদ হয়৷[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "News headlines". Daijiworld.com. http://www.daijiworld.com/news/news_disp.asp?n_id=32892&n_tit=News+headlines। আহৰণ কৰা হৈছে: 14 December 2016. 
  2. "Isha Koppikar Birthday 2024: Lesser known facts of 'Khallas girl'" (en ভাষাত). Mid-day. https://www.mid-day.com/entertainment/bollywood-news/photo/isha-koppikar-birthday-2024-lesser-known-facts-of-khallas-girl-14710/35। আহৰণ কৰা হৈছে: 2024-10-21. 
  3. News, India TV; Desk, India TV News (2023-09-18). "Isha Koppikar birthday special: Lesser known facts about the 'Khallas girl'" (en ভাষাত). www.indiatvnews.com. https://www.indiatvnews.com/web-stories/entertainment/isha-koppikar-birthday-special-lesser-known-facts-about-the-khallas-girl-2023-09-18-893480। আহৰণ কৰা হৈছে: 2025-07-18. 
  4. 4.0 4.1 "Interview With Ishaa Koppikar". Glamsham.com. http://www.glamsham.com/movies/interviews/04-ishaa-koppikar-interview-0708.asp। আহৰণ কৰা হৈছে: 6 June 2012. 
  5. "Bollywood actor Isha Koppikar joins BJP, to head women transport wing". Hindustan Times. 27 January 2019. https://www.hindustantimes.com/lok-sabha-elections/bollywood-actor-isha-koppikar-joins-bjp-to-head-women-transport-wing/story-FbdUztivHHNWyjChxwrA0L.html। আহৰণ কৰা হৈছে: 28 January 2019. 
  6. "Mohan Kapoor turns commentator - Times of India". https://timesofindia.indiatimes.com/tv/news/hindi/mohan-kapoor-turns-commentator/articleshow/4948278.cms. 
  7. "Isha Koppikar is brand ambassador for Italian label 'Police'". Indiantelevision.com. 10 July 2007. http://www.indiantelevision.com/old-html/mam/headlines/y2k7/july/julymam42.php। আহৰণ কৰা হৈছে: 11 October 2015. 
  8. "Features". PETAIndia.com. http://www.petaindia.com/feat/f-ishaKoppikar.asp। আহৰণ কৰা হৈছে: 6 June 2012. 
  9. "Star shower at PETA's anniversary". 18 December 2009. Archived from the original on 17 July 2012. https://web.archive.org/web/20120717012228/http://www.hindustantimes.com/News-Feed/goodliving/Star-shower-at-PETA-s-anniversary/Article1-488045.aspx. 
  10. "Bollywood actor Isha Koppikar joins BJP, to head women transport wing". Hindustan Times. 27 January 2019. https://www.hindustantimes.com/lok-sabha-elections/bollywood-actor-isha-koppikar-joins-bjp-to-head-women-transport-wing/story-FbdUztivHHNWyjChxwrA0L.html। আহৰণ কৰা হৈছে: 28 January 2019. 
  11. "Isha Koppikar to Make Comeback to Hindi Films With 'Saangli'". The New Indian Express. 28 July 2015. Archived from the original on 13 November 2015. https://web.archive.org/web/20151113150616/http://www.newindianexpress.com/entertainment/hindi/Isha-Koppikar-to-Make-Comeback-to-Hindi-Films-With-%E2%80%98Saangli%E2%80%99/2015/07/28/article2944883.ece। আহৰণ কৰা হৈছে: 13 October 2015. 
  12. "Isha Koppikar says divorce with Timmy Narang was 'tough': 'It was his decision to move on'" (en ভাষাত). The Indian Express. 2024-11-11. https://indianexpress.com/article/entertainment/bollywood/isha-koppikar-says-divorce-with-timmy-narang-was-tough-for-her-it-was-his-decision-to-move-on-9662604/। আহৰণ কৰা হৈছে: 2025-10-04. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]