সমললৈ যাওক

ঈশ্বৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লক্ষ্মী
পাৰ্বতী
সৰস্বতী

ঈশ্বৰী (সংস্কৃত: ईश्वरी, ৰোমানীকৃত : Īśvarī) সংস্কৃত মূলৰ হিন্দু উপনাম৷ এই শব্দই ইশ্বৰৰ সমকক্ষ ঐশ্বৰিক নাৰী দেৱীসকলক বুজায়। ইয়াৰ উপৰিও ই এটা শব্দ যিয়ে শক্তি বা ত্ৰিমূৰ্তিৰ নাৰী শক্তিক অৰ্থাৎ সৰস্বতী, লক্ষ্মী আৰু পাৰ্বতীক বুজায়।[1]

ব্যুৎপত্তি

[সম্পাদনা কৰক]

ঈশ্বৰ শব্দটোৰ মূল হৈছে সংস্কৃত পদাংশ ‘ঈশ’ "বৈধ বা শক্তিশালী হোৱা; সিদ্ধহস্ত হোৱা" আৰু ‘ৱৰ’ "নিৰ্বাচিত, পছন্দৰ, মূল্যৱান, শ্ৰেষ্ঠ, অতি উত্তম বা বিশিষ্ট" সংযুক্ত হৈ সৃষ্টি হোৱা এক শব্দ৷[2] শাক্তবাদত ঈশ্বৰৰ নাৰী স্বৰূপত বুজাবলৈ স্ত্ৰীলিঙ্গ ঈশ্বৰী শব্দ ব্যৱহাৰ কৰা হয়।[3]

ত্ৰিমূৰ্তিৰ দেৱী

[সম্পাদনা কৰক]

সৰস্বতী জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ হিন্দু দেৱী।[4] সৰস্বতী ত্ৰিদেৱীৰ অন্যতম। এই ত্ৰিদেৱীৰ কাম হ'ল ব্ৰহ্মা, বিষ্ণু আৰু শিৱক যথাক্ৰমে জগৎ সৃষ্টি, পালন আৰু ধ্বংস কৰাত সাহায্য কৰা।[5]

লক্ষ্মী ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী।[6] তেওঁ হিন্দু ত্ৰিদেৱী বুলি পৰিচিত দেৱীৰ মাজৰ অন্যতম এগৰাকী দেৱী৷[7]

পাৰ্বতী হিমালয়ৰ পুত্ৰী আৰু ভগৱান শিৱৰ পত্নী। পাৰ্বতীৰ মাতৃৰ নাম মেনকা আছিল। উমা, গৌৰী, অম্বিকা, ভৱানী আদি নামেৰেও এওঁক জনা যায়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. www.wisdomlib.org (2015-08-29). "Ishvari, Īśvarī: 14 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/ishvari। আহৰণ কৰা হৈছে: 2022-09-07. 
  2. "Sanskrit and Tamil Dictionaries". https://sanskrit-lexicon.uni-koeln.de/scans/MWScan/tamil/index.html. 
  3. Roshen Dalal (2010). Hinduism: An Alphabetical Guide. Penguin Books. পৃষ্ঠা. 376. ISBN 978-0-14-341421-6. https://books.google.com/books?id=DH0vmD8ghdMC. 
  4. Kinsley, David (1988). Hindu Goddesses: Vision of the divine feminine in the Hindu religious traditions. University of California Press. ISBN 0-520-06339-2. https://archive.org/details/hindugoddessesvi0000kins. 
  5. Encyclopaedia of Hinduism, p. 1214; Sarup & Sons, ISBN 978-81-7625-064-1
  6. Ph.D, James G. Lochtefeld (2001-12-15) (en ভাষাত). The Illustrated Encyclopedia of Hinduism, Volume 1. The Rosen Publishing Group, Inc. ISBN 978-0-8239-3179-8. https://books.google.com/books?id=5kl0DYIjUPgC&q=Lakshmi. 
  7. Mark W. Muesse. The Hindu Traditions: A Concise Introduction. Fortress Press. পৃষ্ঠা. 157. ISBN 978-1451414004. https://books.google.com/books?id=VlQBfbwk7CwC.