ঈশ্বৰী বাই
ঈশ্বৰী বাই | |
|---|---|
| অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ সদস্য | |
| কাৰ্যকাল ১৯৬৭ – ১৯৭৮ | |
| পূৰ্বসূৰী | টি. এন. সদলক্ষ্মী |
| উত্তৰসূৰী | টাডুৰ বালা গৌড় |
| ব্যক্তিগত তথ্য | |
| জন্ম | ০১ ডিচেম্বৰ, ১৯১৮ চিলকালগুড়া |
| মৃত্যু | ২৫ ফেব্ৰুৱাৰী, ১৯৯১ (৭২ বছৰ) হায়দৰাবাদ |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| ৰাজনৈতিক দল | ভাৰতীয় ৰিপাব্লিকান পাৰ্টি |
| সন্তান | জে গীতা ৰেড্ডী, কন্যা |
| পেচা | ৰাজনীতিবিদ |
জেট্টি ঈশ্বৰী বাই (১ ডিচেম্বৰ ১৯১৮ – ২৫ ফেব্ৰুৱাৰী ১৯৯১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, বিধানসভাৰ সদস্য আৰু ভাৰতীয় ৰিপাব্লিকান পাৰ্টিৰ সভাপতি আছিল। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি উচ্চজাতিৰ হাতত দাসত্ব আৰু জাতিগত বৈষম্যৰ বলি হোৱা পিছপৰা শ্ৰেণীৰ উত্থানৰ বাবে তাই কাম কৰিছিল।
জীৱন
[সম্পাদনা কৰক]ঈশ্বৰী বাই ১ ডিচেম্বৰ ১৯১৮ তাৰিখে জন্মগ্ৰহণ কৰিছিল।[1] তেওঁ ছিকুন্দৰাবাদৰ পৰোপকাৰিনী স্কুলত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু পাছলৈ ছিকেন্দ্ৰাবাদৰ চিলকালগুড়াত "গীতা বিদ্যালয়" নামেৰে এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। তেওঁ অঞ্চলটোৰ দৰিদ্ৰ মহিলাসকলৰ বাবে কৰ্মশালা চলাইছিল, য’ত শিল্পকৰ্ম, চিলাই, চিত্ৰকলা আদি শিকোৱা হৈছিল, যাতে আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলে নিজৰ লগতে পৰিয়ালৰ পোহপাল দিব পাৰে।
১৯৫০ চনত ঈশ্বৰী ছিকেন্দ্ৰাবাদ পৌৰ নিগমৰ কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হয়।[2]
ষাঠিৰ দশকত অৰাজনৈতিক দল হিচাপে হায়দৰাবাদ পৌৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁ নাগৰিক অধিকাৰ সমিতি প্ৰতিষ্ঠা কৰিছিল। এই নিৰ্বাচনত চাৰিখন আসন লাভ কৰে।
বি আৰ আম্বেদকাৰৰ পৰা অনুপ্ৰাণিত হৈ ঈশ্বৰীয়ে অনুসূচিত জাতি ফেডাৰেচনত যোগদান কৰে আৰু ১৯৫৮ চনত ইয়াৰ নাম সলনি কৰি ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া (RPI) ৰখা হয়, তেতিয়া তেওঁ ইয়াৰ সাধাৰণ সম্পাদিকা নিৰ্বাচিত হয়। পিছলৈ RPI-ৰ সভানেত্ৰী হয়। ১৯৬২ চনৰ সাধাৰণ নিৰ্বাচনত য়েলাৰেডী বিধানসভা সমষ্টিৰ RPI-ৰ টিকটত পৰাস্ত হৈছিল যদিও ১৯৬৭ চনৰ নিৰ্বাচনত জয়ী হৈছিল।[1]
তেওঁ তেলেংগানা প্ৰজা সমিতিৰ উপাধ্যক্ষ আছিল আৰু ১৯৭২ চনৰ নিৰ্বাচনত পুনৰ RPI-TPS-ৰ টিকটত য়েলাৰেডীৰ পৰা জয়ী হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ৰ অধ্যক্ষ হিচাপে ঈশ্বৰে উচ্চ শিক্ষালৈকে ছোৱালীৰ বিনামূলীয়া শিক্ষাৰ আইন প্ৰণয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰতীয় সমাজ কল্যাণ সন্মিলনৰ সম্পাদিকা আৰু ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ সদস্য আছিল। ১৯৬৯ চনত তেলেংগানা আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু হায়দৰাবাদৰ চাঞ্চলগুড়া কাৰাগাৰত বন্দী হৈছিল।[3]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]ঈশ্বৰীৰ চাৰিজন ভাতৃ আৰু এগৰাকী ভগ্নী আছিল। ১৩ বছৰ বয়সত ঈশ্বৰীয়ে পুনেৰ দন্ত চিকিৎসক জেটী লক্ষ্মীনাৰায়ণৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ কন্যা জে গীতা ৰেড্ডী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাজনীতিবিদ।[4]
১৯৯১ চনৰ ২৫ ফেব্ৰুৱাৰীত ঈশ্বৰীৰ মৃত্যু হয়।[5]
তেওঁৰ সন্মানত "ঈশ্বৰী বাই মেম’ৰিয়েল এৱাৰ্ড" প্ৰতিষ্ঠা কৰা হয়।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 V6 News Telugu (2015-12-02), Special Discussion On Biography of Eshwari Bai | 7PM Discussion – V6News, https://www.youtube.com/watch?v=rhCcgFhvQnc, আহৰণ কৰা হৈছে: 2017-07-18
- ↑ "Dalits justify statue for Eswari Bai". The Times of India. 15 May 2008. http://timesofindia.indiatimes.com/city/hyderabad/Dalits-justify-statue-for-Eswari-Bai/articleshow/3041351.cms.
- ↑ "ఉద్యమంలో సబ్బండ వర్ణాలు". Namaste Telanganaa. 2017-06-01. https://www.ntnews.com/Nipuna-Education/%E0%B0%89%E0%B0%A6%E0%B1%8D%E0%B0%AF%E0%B0%AE%E0%B0%82%E0%B0%B2%E0%B1%8B-%E0%B0%B8%E0%B0%AC%E0%B1%8D%E0%B0%AC%E0%B0%82%E0%B0%A1-%E0%B0%B5%E0%B0%B0%E0%B1%8D%E0%B0%A3%E0%B0%BE%E0%B0%B2%E0%B1%81-15-2-480792.aspx.
- ↑ A. Saye, Sekhar (27 April 2007). "It's all in the family". The Hindu. http://www.thehindu.com/todays-paper/tp-national/tp-andhrapradesh/Its-all-in-the-family/article14755567.ece.
- ↑ "Eshwari Bai remembered". The Hindu. 25 February 2010. http://www.thehindu.com/todays-paper/tp-national/tp-andhrapradesh/Eashwari-Bai-remembered/article15992112.ece.
- ↑ "Sukhdeo Thorat receives Eashwari Bai Memorial Award". The Hindu. 1 December 2016. http://www.thehindu.com/news/cities/Hyderabad/Sukhdeo-Thorat-receives-Eashwari-Bai-Memorial-Award/article16738114.ece.