ঈষাণা নাইট শ্যামলন
| ঈষাণা নাইট শ্যামলন | |
|---|---|
| জন্ম | ১৯৯৯ বা ২০০০ ব্ৰিন ম’ৱাৰ, পেনছিলভেনিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| শিক্ষানুষ্ঠান | নিউয়ৰ্ক ইউনিভাৰ্চিটি |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ২০২০–বৰ্তমান |
| আত্মীয়-স্বজন | ছালেকা শ্যামলন (ভগ্নী) |
ঈষাণা নাইট শ্যামলন (জন্ম ১৯৯৯ বা ২০০০)[1] এগৰাকী আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা। তেওঁৰ পিতৃ এম নাইট শ্যামলনে প্ৰযোজনা কৰা ভয়ানক ছবি দ্য ৱাচাৰ্ছ (২০২৪)ৰ জৰিয়তে তেওঁ পৰিচালনাৰ দায়িত্বত আত্মপ্ৰকাশ কৰে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]শ্যামলনৰ জন্ম আৰু ডাঙৰ-দীঘল ব্ৰিন ম’ৱাৰ, পেনছিলভেনিয়াত হৈছিল।[2] তেওঁ চলচ্চিত্ৰ নিৰ্মাতা এম. নাইট শ্যামলনৰ কন্যা। শৈশৱৰ পৰা তেওঁ আৰু তেওঁৰ ভগ্নীসকলে ভয়ানক চলচ্চিত্ৰ চাই ডাঙৰ হৈছিল।[3][4] তেওঁ নিউয়ৰ্ক ইউনিভাৰ্চিটি টিচ্চ স্কুল অৱ দ্য আৰ্টছৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[5]
কেৰিয়াৰ
[সম্পাদনা কৰক]ঈষাণাই প্ৰায়েই নিজৰ ডাঙৰ ভগ্নী ছালেকা শ্যামলনৰ সৈতে একেলগে কাম কৰে আৰু তেওঁৰ সংগীত ভিডিঅ’সমূহৰ অধিকাংশৰ পৰিচালনা তেওঁ নিজেই কৰিছে।[6][7]
শ্যামলনে ভয়ানক টেলিভিছন শৃংখলা ছাৰ্ভেণ্টৰ কেইবাটাও খণ্ড পৰিচালনা আৰু চিত্ৰনাট্য ৰচনা কৰিছিল, যাৰ শ্ব’ৰানাৰ আছিল তেওঁৰ পিতৃ।[2][8] লগতে তেওঁ নিজৰ পিতৃৰ চলচ্চিত্ৰ ওল্ড (২০২১) আৰু ন'ক এট দ্য কেবিন (২০২৩)ত দ্বিতীয় ইউনিট পৰিচালক হিচাপেও কাম কৰিছিল।[9][5]
২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ঘোষণা কৰা হয় যে ঈষাণাই ভয়ানক চলচ্চিত্ৰ দ্য ৱাচাৰ্ছৰ জৰিয়তে নিজৰ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ পৰিচালনা জীৱনৰ আৰম্ভণি কৰিব।[10][5] চলচ্চিত্ৰখন ২০২৪ চনৰ ৭ জুনত মুক্তি পায় আৰু বিশ্বব্যাপী প্ৰায় ৩.৩ কোটি আমেৰিকান ডলাৰ উপাৰ্জন কৰে।[11][12]
ফিল্ম'গ্ৰাফী
[সম্পাদনা কৰক]চলচ্চিত্ৰ
[সম্পাদনা কৰক]| বছৰ | শিৰোনাম | পৰিচালক | চিত্ৰনাট্যকাৰ | অন্যান্য | টোকা |
|---|---|---|---|---|---|
| ২০২১ | ওল্ড | নহয় | নহয় | হয় | দ্বিতীয় ইউনিট পৰিচালক |
| ২০২৩ | নক এট দ্য কেবিন | নহয় | নহয় | হয় | |
| ২০২৪ | দ্য ৱাচাৰ্ছ | হয় | হয় | নহয় | পৰিচালনা ক্ষেত্ৰত আত্মপ্ৰকাশ |
দূৰদৰ্শন
[সম্পাদনা কৰক]| বছৰ | শিৰোনাম | পৰিচালক | চিত্ৰনাট্যকাৰ | প্ৰযোজক | টোকা |
|---|---|---|---|---|---|
| ২০২১–২৩ | ছাৰ্ভেণ্ট | হয় | হয় | হয় | চিত্ৰনাট্যকাৰ (১০টা খণ্ড); পৰিচালক (৬টা খণ্ড) |
সংগীত ভিডিঅ’
[সম্পাদনা কৰক]| বছৰ | শিৰোনাম | শিল্পী |
|---|---|---|
| ২০২০ | "ক্লেৰিটি" | ছালেকা |
| "মিষ্টাৰ ইনক্ৰেডিবল" | ||
| ২০২১ | "গ্ৰাফিটি" | |
| ২০২২ | "ছে’আঁছ" |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Zuckerman, Esther (2024-06-05). "The Shyamalans: A Family That Scares Together". The New York Times. https://www.nytimes.com/2024/06/05/movies/saleka-and-ishana-shyamalan-interview.html.
- ↑ 2.0 2.1 Piepenburg, Erik (2021-01-29). "The Shyamalan Secret to Being Scary? It's in the Blood" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2021/01/29/arts/television/m-night-shyamalan-servant.html.
- ↑ Tangcay, Jazz (2021-07-24). "M. Night Shyamalan's Daughter Follows in Filmmaking Footsteps as 'Old' Second Unit Director" (en-US ভাষাত). Variety. https://variety.com/2021/artisans/news/m-night-shyamalan-daughter-ishana-old-1235026710/। আহৰণ কৰা হৈছে: 2024-06-06.
- ↑ Russian, Ale (May 26, 2024). "All About M. Night Shyamalan's Daughter, Ishana Night Shyamalan" (en ভাষাত). People. https://people.com/all-about-m-night-shyamalan-daughter-ishana-night-shyamalan-8622995। আহৰণ কৰা হৈছে: 2024-06-06.
- ↑ 5.0 5.1 5.2 "M Night Shyamalan's daughter Ishana to make directorial debut with 'The Watchers'" (en-IN ভাষাত). The Hindu. 2023-02-16. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/m-night-shyamalans-daughter-ishana-to-make-directorial-debut-with-the-watchers/article66515828.ece.
- ↑ Tanenbaum, Michael (September 11, 2020). "M. Night Shyamalan's daughters filmed debut music video at Philly bar". www.phillyvoice.com. https://www.phillyvoice.com/m-night-shyamalan-daughters-saleka-clarity-ishana-music-video/। আহৰণ কৰা হৈছে: October 20, 2020.
- ↑ "An Interview with Saleka" (en-US ভাষাত). Welcome to Vinyl Writer Music. March 19, 2021. https://vinylwritermusic.com/an-interview-with-saleka/। আহৰণ কৰা হৈছে: April 20, 2021.
- ↑ Holub, Christian (February 4, 2022). "Why M. Night Shyamalan brought in his daughter Ishana to direct 'Servant' episodes" (en ভাষাত). Entertainment Weekly. https://ew.com/tv/m-night-shyamalan-daughter-ishana-directing-servant/। আহৰণ কৰা হৈছে: 2024-03-08.
- ↑ Tangcay, Jazz (2021-07-24). "M. Night Shyamalan's Daughter Follows in Filmmaking Footsteps as 'Old' Second Unit Director" (en-US ভাষাত). Variety. https://variety.com/2021/artisans/news/m-night-shyamalan-daughter-ishana-old-1235026710/। আহৰণ কৰা হৈছে: 2024-03-08.
- ↑ D'Alessandro, Anthony (2023-02-14). "Ishana Night Shyamalan Making Feature Directorial Debut With New Line Thriller 'The Watchers'; Summer 2024 Release Set" (en-US ভাষাত). Deadline. https://deadline.com/2023/02/ishana-night-shyamalan-new-line-the-watchers-1235259720/। আহৰণ কৰা হৈছে: 2024-03-08.
- ↑ D'Alessandro, Anthony (February 28, 2024). "'The Watchers': Ishana Night Shyamalan Horror Movie Moves To Father's Day Weekend". Deadline Hollywood. https://deadline.com/2024/04/the-watchers-release-date-change-1235841486/। আহৰণ কৰা হৈছে: February 29, 2024.
- ↑ "The Watchers". Box Office Mojo. https://www.boxofficemojo.com/title/tt26736843/। আহৰণ কৰা হৈছে: 2024-07-05.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ঈষাণা নাইট শ্যামলন সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।