সমললৈ যাওক

উঁয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উঁয়া
ধুমুহা, কবৰস্থান, বতাহ, বিজুলী, ঢেৰেকণি আৰু মৃত্যু
ওৰিছা-ৰ সদস্য

ব্ৰাজিলৰ ৰিঅ' ডি জেনেইৰ'ৰ কাটাকুম্বা পাৰ্কত ইয়ান্সা ভাস্কৰ্য
অন্য নাম Oyá, Oiá, Iyansan, Yànsàn-án, Yansã, Iansã, Iansan, Iyámsá
প্ৰতীক বিজুলী, তৰোৱাল/মেচেট, ফ্লাইহুইস্ক (iruké), ম'হ
বৰণ মুগা, বাৰ্গেণ্ডি, ৰেইনব’(ক’লাৰ বাদে)
অঞ্চল ইয়োৰুবা লেণ্ড, লেটিন আমেৰিকা
Ethnic group ইয়োৰুবা জনগোষ্ঠী
উৎসৱ ২ ফেব্ৰৱাৰী, ১৫ অক্টোবৰ

উঁয়া (Ọya) ইয়োৰুবা প্যান্থেয়নৰ অন্যতম প্ৰধান নাৰী দেৱতা। বতাহ, বিজুলী আৰু ধুমুহাৰ দেৱী(ওৰিছা)[1][2] আৰু বাবালু আয়েই তেওঁক দিয়া শক্তি ইগুন (মৃতকৰ আত্মা) নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম একমাত্ৰ দেৱী।

বিশ্বাস আৰু বৈশিষ্ট্য

[সম্পাদনা কৰক]

নাইজেৰিয়াৰ বৰ্তমানৰ কোৱাৰা ৰাজ্যৰ ইৰা চহৰত উঁয়াই মানুহ হিচাপে পৃথিৱীত বাস কৰিছিল য'ত তেওঁ শ্বাংগোৰ অয়'ৰ আলাফিনৰ পত্নী আছিল। ইয়োৰুবা ভাষাত Ọya নামটো "ọ ya" ৰ পৰা উদ্ভৱ হোৱা বাক্যাংশৰ পৰা অহা বুলি বিশ্বাস কৰা হয় যাৰ অৰ্থ হৈছে "তাই ফালি পেলালে," যিয়ে শক্তিশালী বতাহৰ সৈতে তাইৰ সম্পৰ্কক বুজায়। তেওঁ ম'হৰ আকৃতি সলনি কৰাৰ ক্ষমতা থকা বুলি বিশ্বাস কৰা হৈছিল আৰু পৰম্পৰাগত ইয়োৰুবা কবিতাত তেওঁক প্ৰায়ে চিত্ৰিত কৰা হয়। সেইবাবে ম'হে উঁয়াৰ প্ৰধান প্ৰতীক হিচাপে কাম কৰে আৰু তেওঁৰ পুৰোহিতসকলে ইয়াক হত্যা কৰাটো নিষিদ্ধ।[3] আজীৱন বন্ধ্যাত্বত ভুগি তৃতীয় স্বামী অকোৰ সৈতে জন্ম দিয়া নটা সন্তানৰ বাবেই তেওঁক "নটা সন্তানৰ মাতৃ" বুলি জনা যায়। তেওঁ নাইজাৰ নদীৰ পৃষ্ঠপোষক (ইয়োৰুবাসকলে অড'-জা বুলি জনা যায়)।[4]

ইয়োৰুবা ধৰ্মত Ọya তিনিবাৰ বিবাহপাশত আবদ্ধ হৈছিল, প্ৰথমে যোদ্ধা ওৰিছা ওগুন(orisha Ogun), তাৰ পিছত শ্বেংগো (Shango) আৰু শেষত, আন এজন চিকাৰ আৰু কৃষি দেৱতা অকো(Oko)।[উদ্ধৃতিৰ প্ৰয়োজন]

পৰম্পৰাগতভাৱে ওয়া সাম্ৰাজ্যৰ নিয়ন্ত্ৰণ আৰু প্ৰভাৱত থকা ইয়োৰুবালেণ্ডৰ অঞ্চলসমূহতহে পূজা কৰা হৈছিল। আটলাণ্টিকৰ দাস ব্যৱসায়ৰ বাবেই তেওঁৰ বহুতো ওয়া মূলৰ অনুগামীক অপহৰণ কৰি নতুন পৃথিৱীলৈ বিক্ৰী কৰা হয়, য’ত তেওঁৰ পূজা ব্যাপক হৈ পৰে। ইয়োৰুবালেণ্ডৰ অন্যান্য অঞ্চলতো ওয়া পূজা বিয়পি পৰিছে।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. https://guardian.ng/life/oya-the-yoruba-rain-goddess/
  2. Fatunmbi, A. F. (1993). Oya: Ifá and the Spirit of the Wind. United States: Original Publications.
  3. Sexuality and the World's Religions. ABC-CLIO. 2003. ISBN 9781576073599. https://books.google.com/books?id=p52Envn3rLkC&q=%22oya+means%22+yoruba&pg=PA8 আহৰণ কৰা হৈছে: 24 September 2012.
  4. A Bahia de Santa Bárbara Archived 22 November 2005 at the Wayback Machine