সমললৈ যাওক

উইলিয়াম পেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উইলিয়াম পেন

১৮ শতিকাৰ পেনৰ প্ৰতিকৃতি
জন্ম ১৪ অক্টোবৰ ১৬৪৪ চন
টাৱাৰ হিল, লণ্ডন, ইংলেণ্ড
মৃত্যু ১০ আগষ্ট ১৭১৮ (বয়স ৭৩)
ৰাস্কমব, বাৰ্কশ্বাৰ, ইংলেণ্ড
শিক্ষানুষ্ঠান ক্ৰাইষ্ট চাৰ্চ, অক্সফৰ্ড
পেচা নোবেলমেন, লেখক, পেনচিলভেনিয়াৰ ঔপনিৱেশিক মালিক, ফিলাডেলফিয়াৰ প্ৰতিষ্ঠাপক
দাম্পত্যসঙ্গী গুলিয়েলমা পেন
হান্না কেল'হিল পেন
পিতৃ-মাতৃ এডমিৰেল চাৰ উইলিয়াম পেন
মাৰ্গাৰেট জেছপাৰ
সন্তান ১৭ জন, উইলিয়াম জুনিয়ৰ, জন, থমাছ, আৰু ৰিচাৰ্ডকে ধৰি
স্বাক্ষৰ

উইলিয়াম পেন ইউৰোপীয় উপনিৱেশিকৰণৰ পূৰ্বে বৰ্তমানৰ পেনচিলভেনিয়াত বাস কৰা লেনাপে খিলঞ্জীয়া লোকসকলৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু সফল চুক্তিৰ বাবে পৰিচিত আছিল। তেওঁ গণতন্ত্ৰ আৰু ধৰ্মীয় স্বাধীনতাৰ পোষকতা কৰিছিল।

১৬৮১ চনত দ্বিতীয় চাৰ্লছ ৰজাই পেনৰ পিতৃ নৌসেনাৰ এডমিৰেল আৰু ৰাজনীতিবিদ ছাৰ উইলিয়াম পেনৰ ওচৰত থকা ঋণ পৰিশোধৰ বাবে বৰ্তমানৰ আমেৰিকাৰ ৰাজ্য পেনচিলভেনিয়া আৰু ডেলাৱেৰৰ সমতুল্য ভূমি অনুদান প্ৰদান কৰে। পিছৰ বছৰত পেনে ইংলেণ্ড এৰি ডেলাৱেৰ উপসাগৰ আৰু ডেলাৱেৰ নদীৰ ওপৰেৰে জাহাজেৰে যায় আৰু তাৰপৰাই নদীখনৰ পশ্চিম পাৰত ফিলাডেলফিয়া প্ৰতিষ্ঠা কৰে। পেনৰ কোৱাকাৰ চৰকাৰক বৰ্তমানৰ ডেলাৱেৰৰ ডাচ, ছুইডিছ আৰু ইংৰাজ বসতিপ্ৰধান লোকসকলে ভালদৰে গ্ৰহণ কৰা নাছিল আৰু চুবুৰীয়া মেৰিলেণ্ড প্ৰদেশৰ মালিক কেলভাৰ্টসকলেও এই মাটিখিনি দাবী কৰিছিল। ১৭০৪ চনত পেনচিলভেনিয়া প্ৰদেশৰ দক্ষিণৰ তিনিখন কাউণ্টিত নতুন, অৰ্ধস্বায়ত্তশাসিত ডেলাৱেৰ কলনী গঠনৰ অনুমতি দিয়া হয়।

ঔপনিৱেশিক একত্ৰীকৰণৰ অন্যতম প্ৰাচীন সমৰ্থক হিচাপে পেনে লিখিছিল আৰু সকলো ব্ৰিটিছ উপনিৱেশক একত্ৰিত কৰি পিছলৈ আমেৰিকালৈ পৰিণত হোৱা দেশ গঠনৰ আহ্বান জনাইছিল। তেওঁ পশ্চিম জাৰ্চি ৰেহাইত সন্নিৱিষ্ট কৰা আৰু পেনচিলভেনিয়া চৰকাৰৰ ফ্ৰেমত উল্লেখ কৰা গণতান্ত্ৰিক নীতিসমূহে ১৭৮৭ চনত ফিলাডেলফিয়াত অনুষ্ঠিত হোৱা সাংবিধানিক সন্মিলনৰ প্ৰতিনিধিসকলক আমেৰিকাৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। [1]

গভীৰভাৱে ধৰ্মীয় ব্যক্তি পেনে বহুতো গ্ৰন্থ লিখিছিল য'ত তেওঁ বিশ্বাসীসকলক আদিম খ্ৰীষ্টান ধৰ্মৰ আত্মাক মানি চলিবলৈ উপদেশ দিছিল। তেওঁৰ বিশ্বাসৰ বাবে পেনক কেইবাবাৰো টাৱাৰ অৱ লণ্ডনত বন্দী কৰা হৈছিল। কাৰাগাৰত থকা অৱস্থাত ১৬৬৯ চনত প্ৰকাশিত তেওঁৰ ন’ ক্ৰছ, ন’ ক্ৰাউন নামৰ গ্ৰন্থখন খ্ৰীষ্টান ধৰ্মতত্ত্বৰ সাহিত্যৰ এক ক্লাছিকত পৰিণত হৈছে। [2]


প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]
লণ্ডনৰ অল হেল’ছ-বাই-দ্য টাৱাৰ চাৰ্চ, য’ত পেনে ১৬৪৪ চনত বাপ্তিস্ম বা খ্ৰীষ্ট্ৰান ধমত দীক্ষিত হৈছিল
পেনৰ কোট অৱ আৰ্মছ, য'ত লিখা আছে, আৰ্মছ: আৰ্জেণ্ট, অন এ ফেছ চেবল থ্ৰী বেজেণ্ট অৱ দ্য ফিল্ড; ক্ৰেষ্ট: এটা অৰ্ধ-সিংহ প্ৰচণ্ড, বাহুৰ মুখৰ সৈতে কলাৰযুক্ত; মূলমন্ত্ৰ: ডাম ক্লেভাম ৰেক্টাম টেনেম [3]
১৬৬৬ চনৰ ২২ বছৰ বয়সত পেনৰ প্ৰতিকৃতি

১৬৪৪ চনৰ ২৪ অক্টোবৰত লণ্ডনৰ টাৱাৰ হিলত পেনৰ জন্ম হৈছিল। ইংৰাজ নৌসেনাৰ বিষয়া ছাৰ উইলিয়াম পেন আৰু ডাচ মহিলা মাৰ্গাৰেট জেছপাৰৰ পুত্ৰ আছিল। মাৰ্গাৰেট জেছপাৰ আছিল ডাচ সাগৰীয় কেপ্তেইনৰ বিধৱা আৰু ৰটাৰডেমৰ এজন ধনী ব্যৱসায়ীৰ কন্যা। [4] পেনক প্লেটজেছ-জেছপাৰ পৰিয়ালৰ জৰিয়তে অপ ডেন গ্ৰাফ পৰিয়ালৰ সৈতেও সম্পৰ্কিত বুলি ভবা হয়, যিসকল ক্ৰেফেল্ডৰ বিশিষ্ট মেননাইট আৰু পেনচিলভেনিয়াৰ কোৱাকাৰ আছিল।[5][6][7]এডমিৰেল পেনে তিনিখন ৰাজ্যৰ যুদ্ধৰ সময়ত কমনৱেলথ নৌসেনাত সেৱা আগবঢ়াইছিল আৰু অলিভাৰ ক্ৰমৱেলে আয়াৰলেণ্ডত মাটি প্ৰদান কৰিছিল। ১৬৪১ চনৰ আইৰিছ বিদ্ৰোহত অংশগ্ৰহণ কৰা আইৰিছ কনফেডাৰেটসকলৰপৰা পেনক প্ৰদান কৰা মাটিসমূহ জব্দ কৰা হৈছিল। পুত্ৰৰ জন্মৰ সময়ত কেপ্তেইন পেনৰ বয়স আছিল তেত্ৰিছ বছৰ আৰু এজন উচ্চাকাংক্ষী নৌসেনা বিষয়া, তেওঁক কনফেডাৰেট বাহিনীৰ হাতত থকা বন্দৰসমূহ অৱৰোধ কৰাৰ দায়িত্ব দিয়া হৈছিল।[8]

পেনে প্ৰথমে চিগৱেল স্কুলত, তাৰ পিছত আয়াৰলেণ্ডত ব্যক্তিগত শিক্ষকৰদ্বাৰা আৰু পিছলৈ অক্সফৰ্ডৰ অক্সফৰ্ডৰ ক্ৰাইষ্ট চাৰ্চত শিক্ষা গ্ৰহণ কৰে।[9] সেই সময়ত চৰকাৰী বিদ্যালয় নাছিল আৰু প্ৰায় সকলো শিক্ষানুষ্ঠান এংলিকান গীৰ্জাৰ সৈতে জড়িত আছিল। দৰিদ্ৰ পৰিয়ালৰ ল’ৰা-ছোৱালীক শিক্ষা লাভ কৰিবলৈ এজন ধনী পৃষ্ঠপোষকৰ প্ৰয়োজন আছিল। পেনৰ শিক্ষা বহুলাংশে ধ্ৰুপদী লেখকৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল, শ্বেক্সপীয়েৰকে ধৰি "কোনো উপন্যাস বা আড়ম্বৰপূৰ্ণ আধুনিক লেখক"ৰ অনুমতি সেই সময়ত নাছিল।[10]

দৌৰ পেনৰ প্ৰিয় খেল আছিল আৰু তেওঁ প্ৰায়ে ঘৰৰপৰা স্কুললৈ তিনি মাইলতকৈও অধিক (৫ কিলোমিটাৰ) দৌৰিছিল। এংলিকান শৈলীত নিৰ্মাণ কৰা এই বিদ্যালয়খন আছিল কঠোৰ, হাস্যৰসহীন আৰু গুৰুগম্ভীৰ। স্কুলৰ শিক্ষকসকলে গুণৰ স্তম্ভ হ'ব লাগিছিল আৰু তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে উজ্জ্বল আদৰ্শ দাঙি ধৰিব লাগিছিল। [11] পিছলৈ পেনে ধৰ্মীয় ভিত্তিত এংলিকান ধৰ্মৰ বিৰোধিতা কৰে যদিও তেওঁ বহুতো পিউৰিটান মনোভাব গ্ৰহণ কৰে আৰু পিছলৈ তেওঁ নিজৰ গুৰুত্ব, কঠোৰ আচৰণ আৰু হাস্যৰসৰ অভাৱৰ বাবে পৰিচিত হয়।

১৬৬০ চনত পেনে অক্মৰ্ফড বিশ্ববিদ্যায়ত নামভৰ্তি কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৭১৮ চনত, ৭৩ বছৰ বয়সত উইলিয়াম পেন নিঃস্ব অৱস্থাত বাৰ্কশ্বাৰৰ টুইফৰ্ডৰ ওচৰৰ ৰাসকম্ব নামৰ ঠাইত থকা নিজৰ ঘৰত মৃত্যুবৰণ কৰে। তেওঁক তেওঁৰ প্ৰথম পত্নী গুলিয়েলমাৰ কাষৰ সমাধিত সমাধিস্থ কৰা হয়। এই সমাধিস্থলটো বাকিংহামশ্বাৰৰ চালফণ্ট ছেইণ্ট জিলছৰ ওচৰত থকা জৰ্ডানছ কোৱেকাৰ সভাঘৰৰ সমাধিস্থলত অৱস্থিত।

তেওঁৰ দ্বিতীয় পত্নী হান্নাই, পেনৰ একমাত্ৰ উইল কাৰ্যকৰীকৰ্তা হিচাপে, ১৭২৬ চনত তেওঁৰ মৃত্যু নোহোৱালৈকে বাস্তৱিকভাৱে সম্পত্তিৰ অধিকাৰী হিচাপে কাম কৰিছিল। [12]

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. Murphy, Andrew R. (2019). William Penn : a life. প্ৰকাশক New York. পৃষ্ঠা. 117–118. ISBN 978-0190234249.
  2. Thomas Nelson (2009). "NKJV American Patriot's Bible." Thomas Nelson Inc. p. 1358.
  3. Burke, John (1836). "Penn, of Stoke Park". A Genealogical and Heraldic History of the Commoners of Great Britain, Volume 3. পৃষ্ঠা. 491. https://archive.org/details/genealogicalhera03burk/page/490/mode/2up.
  4. Hans Fantel, William Penn: Apostle of Dissent, William Morrow & Co., New York, 1974, p. 6, আই.এচ.বি.এন. 0-688-00310-9
  5. "History of the Op Den Graeff/Updegraff family", June Shaull Lutz, 1988, S. 1
  6. Mennonite World Review - More than our family tree[সংযোগবিহীন উৎস]
  7. The Journal of the Lancaster County Historical Society. Volume 103, number 4, Winter 2001-2002. "The Ancestors and Descendants of John Cope, Son of Caleb and Mary Cope", by Thomas R. Kellog, p 193
  8. Fantel, p. 6
  9. "William Penn", Encyclopedia of World Biography, 2nd ed. 17 Vols. Gale Research, 1998. Reproduced in Biography Resource Center. Farmington Hills, Mich.: Thomson Gale. 2007.
  10. Fantel, p. 13
  11. Fantel, p. 14
  12. Miller and Pencak, p. 70


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

উইলিয়াম পেনৰ কৰ্মৰাজী

[সম্পাদনা কৰক]