ৱিলিয়াম হাৰ্ভি
| ৱিলিয়া হাৰ্ভি | |
|---|---|
১৬২৭ চনমানত সম্ভৱ ডেনিয়েল মিটেন্ছে অঁকা ছবি | |
| জন্ম | ১ এপ্ৰিল ১৫৭৮ ফক্ষ্টেন, কেণ্ট, ইংলেণ্ড |
| মৃত্যু | ৩ জুন, ১৬৫৭ (৭৯ বছৰ) ৰহেম্পটন, লণ্ডন, ইংলেণ্ড |
| ক্ষেত্ৰ | চিকিৎসা বিজ্ঞান শৰীৰস্থান |
| ডক্তৰেল পৰামৰ্শদাতা | Hieronymus Fabricius |
| জনা যায় | Exercitatio Anatomica de Motu Cordis et Sanguinis in Animalibus, ১৬২৮ (১৯২৮ চনত Anatomical Account of the Circulation of the Heart and Blood নামেৰে অনূদিত) |
| দাম্পত্যসঙ্গী | এলিজাবেথ ব্ৰাউন |
| স্বাক্ষৰ | |
ৱিলিয়াম হাৰ্ভি (William Harvey, ১ এপ্ৰিল ১৫৭৮ – ৩ জুন ১৬৫৭)[1] এজন ইংৰাজ চিকিৎসক আছিল যি শৰীৰস্থান আৰু শৰীৰতত্বলৈ গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়াইছিল।[2] তেৱেঁই প্ৰথমজন চিকিৎসক যিজনে হৃদপিণ্ডৰদ্বাৰা তেজ মগজু আৰু শৰীৰৰ আন অংশলৈ পাম্প কৰাৰ নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ লগতে পাল্ম'নেৰী (pulmonary) আৰু ছিষ্টেমিক (systemic) সঞ্চালন সম্পূৰ্ণৰূপে আৰু সবিস্তাৰে বৰ্ণনা কৰিছিল (যদিও ৰিঅল্ডো কলম্বো, মাইকেল চাৰ্ভেটাছ, আৰু জেক ডুবইৰ দৰে পূৰ্বৰ লেখকে তেওঁৰ কিছুমান তত্ত্বৰ পূৰ্বাভাস দিছিল)।[3][4]
ব্যক্তিগত জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]তেওঁৰ পিতৃ থমাছ হাৰ্ভি ফক্ষ্ট'নৰ এগৰাকী জুৰাট (বিচাৰকজাতীয় পদ) আছিল আৰু ১৬০০ চনত মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। থমাছ হাৰ্ভি আৰু পত্নী হাল্কেৰ সাতজন পুত্ৰ আৰু দুগৰাকী কন্যাকে ধৰি মুঠ নটা সন্তানৰ ভিতৰত ৱিলিয়াম হাৰ্ভি আটাইতকৈ ডাঙৰ আছিল।
ৱিলিয়াম হাৰ্ভিয়ে ফক্ষ্ট'নতে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল,আৰু তাৰ পিছত দ্য কিংছ স্কুল (কেণ্টাৰবেৰী), গ'নভিল এণ্ড কিজ কলেজ, কেম্ব্ৰিজত অধ্যয়ন কৰিছিল। তেওঁ ১৫৯৩ চনত মেট্ৰিকুলেচন আৰু ১৫৯৭ চনত কলাৰ স্নাতক উত্তীৰ্ণ হয়।[5] তেওঁ ১৫৯৯ চনত ইটালীৰ পাডুৱা বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰে আৰু ১৬০২ চনৰ ২৫ এপ্ৰিলত ২৪ বছৰ বয়সত চিকিৎসা বিজ্ঞানৰ ডক্টৰ অৱ মেডিচিন (M.D.) ডিগ্ৰী লাভ কৰে।
তেওঁ এলিজাবেথ ব্ৰাউনক বিয়া কৰাইছিল যি এগৰাকী চিকিৎসকৰ কন্যা আছিল। তেওঁলোকৰ কোনো সন্তান নাছিল।[6]
কৰ্মজীৱন
[সম্পাদনা কৰক]ৰয়েল কলেজ অৱ ফিজিচিয়ান্ছ
[সম্পাদনা কৰক]লণ্ডনলৈ ঘূৰি আহি তেওঁ ৰয়েল কলেজ অৱ ফিজিচিয়ান্ছৰ (Royal College of Physicians) ফেল' নিৰ্বাচিত হয়।[7] পিছলৈ ছেইণ্ট বাৰ্থ'ল'মিউৰ হস্পিতালত (St Bartholomew's Hospital) চিকিৎসক হিচাপে নিযুক্ত হয়।[8]
লুমলিয়ান বক্তা
[সম্পাদনা কৰক]১৬১৫ চনৰ ৪ আগষ্টত তেওঁক লুমলিয়ান বক্তা (Lumleian lecturer) পদত নিযুক্তি দিয়া হয়[9], যাৰ উদ্দেশ্য আছিল সমগ্ৰ ইংলেণ্ডত শৰীৰবিজ্ঞানৰ জ্ঞান বৃদ্ধি কৰা।[10] তেওঁ ১৬১৬ চনৰ এপ্ৰিলত তেওঁৰ বক্তৃতা আৰম্ভ কৰিছিল।[11]
ৰাজকীয় চিকিৎসক
[সম্পাদনা কৰক]১৬১৮ চনৰ ৩ ফেব্ৰুৱাৰী তেওঁ ইংলেণ্ডৰ ৰজা প্ৰথম জেমছৰ 'ফিজিচিয়ান এক্সট্ৰাঅৰ্ডিনেৰী' হিচাপে নিযুক্ত হয়।[12][13] এই সময়ছোৱাত তেওঁ ফ্ৰান্সিছ বেকনকে ধৰি অন্য উচ্চপদস্থ লোককো চিকিৎসা কৰিছিল। ১৬২৯ চনত তেওঁ পুনৰ কলেজ অৱ ফিজিচিয়ান্ছৰ চেন্সৰ আৰু পাছলৈ ধনভঁৰালী হিচাপে নিৰ্বাচিত হয়।[14]
ডাইনী পৰীক্ষা
[সম্পাদনা কৰক]হাৰ্ভি ডাইনী হোৱাৰ অভিযোগ সন্দৰ্ভত এগৰাকী প্ৰখ্যাত সন্দেহবাদী আছিল। ১৬৩৪ চনত ডাইনী হোৱাৰ অভিযোগত অভিযুক্ত হোৱা চাৰি গৰাকী মহিলাৰ পৰীক্ষকসকলৰ ভিতৰত তেৱোঁ এজন আছিল আৰু তেওঁৰ প্ৰতিৱেদনৰ ফলস্বৰূপে আটাইকেইগৰাকী মহিলাকে দোষমুক্ত কৰা হৈছিল।[15][16]
বিদেশ যাত্ৰা আৰু ইংলেণ্ডৰ গৃহ-যুদ্ধ
[সম্পাদনা কৰক]বাৱন্ন বছৰ বয়সত ৰজাৰ আদেশত হাৰ্ভিয়ে লেনক্সৰ ডিউকৰ সৈতে বিদেশ ভ্ৰমণ কৰিবলগীয়া হয়। এই তিনিবছৰীয়া কালত তেওঁ মণ্টুৱা যুদ্ধ আৰু প্লেগ ৰোগে সামৰি ধৰা স্পেইন আৰু ফ্ৰান্স ভ্ৰমণ কৰে। ১৬৩২ চনত ইংলেণ্ডলৈ ঘূৰি আহি তেওঁ ৰজা প্ৰথম চাৰ্লছৰ চিকিৎসক {ফিজিচিয়ান ন্ অৰ্ডীনেৰী]] হিচাপে নিযুক্ত হয়।
ইংলেণ্ডৰ গৃহ-যুদ্ধৰ সময়ত (১৬৪২–১৬৫১), ৰজাৰ বিৰোধী নাগৰিক-সৈনিকৰ দলে হাৰ্ভিৰ কোঠাত প্ৰৱেশ কৰি তেওঁৰ সামগ্ৰী চুৰি কৰে আৰু তেওঁৰ গুৰুত্বপূৰ্ণ কাগজ-পত্ৰসমূহ সিঁচৰতি কৰি পেলায়। এই কাগজ-পত্ৰসমূহত মৃত শৰীৰৰ ওপৰত কৰা বহুসংখ্যক ব্যৱচ্ছেদনৰ অভিলেখ আৰু তুলনামূলক শৰীৰবিজ্ঞানৰ ওপৰত তেওঁৰ পৰ্যবেক্ষণসমূহৰ টোকা আছিল।[17] এই সময়ছোৱাতো তেওঁ একে পদত চিকিৎসা সেৱা আগবঢ়ায় আৰু এজ্হিলৰ যুদ্ধত ৰজাৰ সন্তানসকলক ৰক্ষা কৰে।
মৃত্যু
[সম্পাদনা কৰক]গৃহযুদ্ধত ১৬৪৫ চনত অক্সফ'ৰ্ডৰ আত্মসমৰ্পণৰ পাছত হাৰ্ভিয়ে লাহে লাহে ৰাজহুৱা জীৱনৰপৰা অৱসৰ ল'বলৈ আৰম্ভ কৰে। ১৬৫৭ চনৰ ৩ জুনত ভাতৃ এলিয়াবৰ ঘৰত সম্ভৱতঃ মগজুৰ ৰক্তক্ষৰণৰ ফলত তেওঁৰ মৃত্যু হয়।[18]
De Motu Cordis (হৃদপিণ্ডৰ গতিৰ বিষয়ে)
[সম্পাদনা কৰক]
১৬২৮ চনত তেওঁ ফ্ৰেংকফুৰ্টত তেজৰ সঞ্চালনৰ ওপৰত তেওঁৰ গ্ৰন্থ De Motu Cordis (সম্পূৰ্ণ নাম: Exercitatio Anatomica de Motu Cordis et Sanguinis in Animalibus) প্ৰকাশ কৰে। হাৰ্ভিয়ে কেৱল এখন সৰু লেন্সহে ব্যৱহাৰ কৰিব পাৰিছিল, গতিকে তেওঁ সূক্ষ্মভাৱে ৰক্ত কেশিকা দেখা পোৱা নাছিল। সেয়েহে, তেওঁৰ গ্ৰন্থৰ কিছু অংশত তেওঁ ব্যাৱহাৰিক প্ৰমাণৰ সলনি তত্ত্বৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। গ্ৰন্থখনত প্ৰথমে হৃদপিণ্ডৰ গঠন বৰ্ণনা কৰাৰ পাছত কেনেকৈ বাওঁ নিলয়ৰ সংকোচনৰ ফলত ধমনীবোৰেদি ৰক্ত সঞ্চালন হয় আৰু সোঁ নিলয়ৰ সংকোচনৰ ফলত পালম'নেৰী ধমনীলৈ তেজ যায় সেয়া আলোচনা কৰা হৈছে। পাৰ চৰাইৰ ওপৰত কৰা পৰীক্ষাত অৱস হোৱা হৃদপিণ্ডই শক্তি ঘূৰাই পোৱাও তেওঁ দেখা পাইছিল।[19] কিতাপখনৰ অষ্টম অধ্যায়ত তেওঁ হৃদপিণ্ডৰ পৰা ধমনীলৈ যোৱা ৰক্তৰ পৰিমাণ গণনা কৰে। দূষিত তেজ যকৃতত উৎপন্ন হোৱা বোলা গেলেনৰ তত্বৰ বিপৰীতে গৈ তেওঁ হৃদপিণ্ডৰ ধাৰণ ক্ষমতা, হৃদপিণ্ডৰ এবাৰ সংকোচনত ওলাই যোৱা তেজৰ পৰিমাণ, নিৰ্দিষ্ট সময়ত হৃদপিণ্ডৰ কিমানবাৰ সংকোচন হয় আদি হিচাপ কৰি দেখুৱায়।
এই আৱিষ্কাৰৰ ফলত চিকিৎসক সম্প্ৰদায়ৰ মাজত যথেষ্ট বিতৰ্কৰ সৃষ্টি হয়, কিয়নো ই গেলেন কেইবা শতিকা ধৰি চলি অহা তত্ত্বৰ সৈতে বিৰোধ কৰিছিল।[20] গেলেনে বিশ্বাস কৰিছিল যে তেজ 'অদৃশ্য ছিদ্ৰ'ৰদ্বাৰা নিলয়সমূহৰ মাজেৰে পাৰ হয় আৰু ধমনী আৰু সিৰা তন্ত্ৰ বেলেগ বেলেগ।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ সাঁচ:Cite ODNB
- ↑ Cantor, Geoffrey; Olby, Robert; Christie, John et al., eds (1996). "Scientific Revolution". Companion to the History of Modern Science. প্ৰকাশক Abingdon, Oxfordshire: Routledge. পৃষ্ঠা. 217–242. ISBN 978-0-415-14578-7. https://books.google.com/books?id=6GIPEAAAQBAJ&pg=PA217.
- ↑ "There's a reasonable basis to assume that it was Dr. Amatus who first discovered the "Blood circulation" phenomena". Archived from the original on 3 April 2013. https://web.archive.org/web/20130403121512/http://www.cryptojews.com/Amatus%20Lusitanus.htm। আহৰণ কৰা হৈছে: 8 December 2012.
- ↑ Wilson and Aubrey (1962). "Malter Warner". Aubrey's Brief Lives. Michigan U. Press. পৃষ্ঠাসমূহ: 315. https://www.questia.com/read/9426369/aubrey-s-brief-lives। আহৰণ কৰা হৈছে: 1 December 2012.
- ↑ সাঁচ:Acad
- ↑ "William Harvey | Biography, Education, Experiments, Discoveries, & Facts | Britannica" (en ভাষাত). www.britannica.com. https://www.britannica.com/biography/William-Harvey। আহৰণ কৰা হৈছে: 2024-08-30.
- ↑ Power 1897, পৃষ্ঠা. 31.
- ↑ Power 1897, পৃষ্ঠা. 35–36.
- ↑ Silverman, M. E. (2007). "De Motu Cordis: the Lumleian Lecture of 1616: an imagined playlet concerning the discovery of the circulation of the blood by William Harvey.". Journal of the Royal Society of Medicine খণ্ড 100 (4): 199–204. doi:10.1177/014107680710011419. PMID 17404345.
- ↑ Davis, Frank (2000). "Shakespeare's medical knowledge: how did he acquire it?". The Oxfordian, Annual খণ্ড 3: 45.
- ↑ "A Harvey Anniversary". JAMA খণ্ড 315 (14): 1524. 12 April 2016. doi:10.1001/jama.2015.17081. PMID 27115281. https://jamanetwork.com/journals/jama/article-abstract/2512771.
- ↑ Gregory, Andrew (22 April 2024). "William Harvey, English physician". Encyclopædia Britannica.
- ↑ Power 1897, পৃষ্ঠা. 71.
- ↑ "William Harvey | RCP Museum". history.rcplondon.ac.uk. https://history.rcplondon.ac.uk/inspiring-physicians/william-harvey। আহৰণ কৰা হৈছে: 18 October 2021.
- ↑ Power, d'Arcey. Life of Harvey. Longmans, Green, & co..
- ↑ BMJ 18 September 1926
- ↑ Stewart, D. (1946). "Harvey and the Battle of Edgehill". Canadian Medical Association Journal খণ্ড 55 (4): 405. PMID 20323936.
- ↑ Purkiss, Diane (2022) (English ভাষাত). English Food - A People's History (1st সম্পাদনা). প্ৰকাশক Great Britain: HarperCollins. পৃষ্ঠা. 102. ISBN 978-0-00-725556-6.
- ↑ Ashley, Euan A.; Niebauer, Josef (2004). "Chapter 7, Heart failure". Cardiology Explained (chapter text at website ncbi.nih.gov). Remedica. https://www.ncbi.nlm.nih.gov/books/NBK2218/.
- ↑ National Anti-Vivisection Society (Great Britain) (1894). The Animal's defender and zoophilist, Volume 13. প্ৰকাশক Victoria Street, London, S.W.: The Victoria Street Society for the Protection of Animals from Vivisection. পৃষ্ঠা. 297. https://books.google.com/books?id=gIrNAAAAMAAJ&pg=PA297.
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- Power, D'Arcy (1897). William Harvey: Masters of Medicine. T. Fisher Unwin. ISBN 978-1-4179-6578-6. https://archive.org/details/williamharvey00powe.
Further reading
[সম্পাদনা কৰক]- Butterfield, Herbert (1957). The Origins of Modern Science (revised সম্পাদনা). প্ৰকাশক New York: The Free Press.
- Gregory, Andrew (2001). Harvey's Heart, The Discovery of Blood Circulation. প্ৰকাশক Cambridge, England: Icon Books.
- Harris, Paul (2007). William Harvey, Folkestone's Most Famous Son. প্ৰকাশক Folkestone: Lilburne Press.
- Kearney, Hugh (1971). Science and Change 1500–1700. প্ৰকাশক New York: McGraw-Hill.
- Keynes, Geoffrey (1978). The Life of William Harvey. প্ৰকাশক Oxford: Clarendon Press.
- Mitchell, Silas Weir (1907). Some Memoranda in Regard to William Harvey, M.D..
- Munk, William (1878). The Roll of the Royal College of Physicians of London, Vol. I (2nd সম্পাদনা). প্ৰকাশক London: Royal College of Physicians of London. পৃষ্ঠা. 124–146. Archived from the original on 2009-06-15. https://web.archive.org/web/20090615145945/http://www.rcplondon.ac.uk/heritage/munksroll/munk_details.asp?ID=5069। আহৰণ কৰা হৈছে: 2025-10-26.
- সাঁচ:Cite EB9
- Rapson, Helen (1982). The Circulation of the Blood. প্ৰকাশক London: Frederick Muller.
- Singer, Charles (1959). A History of Biology (third, revised সম্পাদনা). প্ৰকাশক London: Abelard-Schuman.
- Wright, Thomas (2012). Circulation: William Harvey's Revolutionary Idea. প্ৰকাশক London: Chatto.
- Royal Society of Medicine (Great Britain) (1913). Portraits of Dr. William Harvey. প্ৰকাশক London: Humphrey Milford, Oxford University Press. https://archive.org/details/portraitsofdrwil00royarich.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ৱিলিয়াম হাৰ্ভি সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| ৱিকিউদ্ধৃতিত ৱিলিয়াম হাৰ্ভি বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
| ৱিকিউৎসত ৱিলিয়াম হাৰ্ভি বিষয় সংক্ৰান্তীয় মূল পাঠ্য আছে। |
- সাঁচ:FadedPage
- William Harvey info from the (US) National Health Museum
- The Harvey Genealogist: The Harvey Book: PART ONE (mentions William Harvey and various ancestors and relatives)
- William Harvey: "On The Motion Of The Heart And Blood In Animals", 1628
- Images from De motu cordis From The College of Physicians of Philadelphia Digital Library
- Hutchinson, John (1892). "William Harvey". Men of Kent and Kentishmen (Subscription সম্পাদনা). প্ৰকাশক Canterbury: Cross & Jackman. পৃষ্ঠা. 63–64.