সমললৈ যাওক

উচিত্ত ভাগৱতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উচিত্ত ভাগৱতী

উচিত্ত ভাগৱতী ভাৰতৰ কেৰালাৰ উত্তৰ মালাবাৰ অঞ্চলত পূজা কৰা আঞ্চলিক হিন্দু দেৱী। উচিত্তক পূজা কৰা হয় আৰু তেয়্যাম ৰূপ হিচাপে পালন কৰা হয়। এই দেৱতাৰ মূল মন্দিৰসমূহ কেৰালাৰ কান্নুৰ আৰু কাছাৰগোড জিলাত বিস্তৃত।

বিষয়বস্তু

[সম্পাদনা কৰক]

উচিত্ত ভাগৱতী হৈছে কেৰালাৰ কান্নুৰ আৰু কাছাৰগোড জিলাত প্ৰধানকৈ পূজা কৰা আঞ্চলিক হিন্দু দেৱী। উচিত্তক আদিয়েৰী মদাথিল উচিত্ত ভাগৱতী (অৰ্থাৎ আদিয়েৰী মথাৰ উচিত্ত ভাগৱতী) আৰু বদক্কিনাকথাচি বুলিও কোৱা হয়।[1] উচিত্ত থেয়্যাম প্ৰধানকৈ কেৰালাৰ মলয়া সম্প্ৰদায়ে পৰিবেশন কৰে।[1] ভেলাৰ সম্প্ৰদায়েও এই থেয়ম পৰিৱেশন কৰে।[1]

উচিত্ত নাৰীৰ মাজত বহুত প্ৰিয় দেৱী। মহিলাসকলে সুকলমে প্ৰসৱৰ বাবে এই দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰে।[1]

ব্যুৎপত্তিবিজ্ঞান

[সম্পাদনা কৰক]

কোৱা হয় যে, দেৱীয়ে উচ্চস্বৰে (মালয়ালম ভাষাত উচাথিল ) কথা কোৱাৰ পৰাই উচিত্ত নাম পালে।[1]

জনশ্ৰুতি

[সম্পাদনা কৰক]

প্ৰতিটো থেয়্যামৰ উৎপত্তিৰ আঁৰত বিভিন্ন কিংবদন্তি আছে। উচিত্তৰ উৎপত্তিৰ বিষয়েও বিভিন্ন কাহিনী প্ৰচলিত হৈ আছে।

এটা বিশ্বাস যে উচিত্ত কৃষ্ণৰ পৰিৱৰ্তে কংসই হত্যা কৰিবলৈ ওলোৱা দেৱী আছিল। কোৱা হয় যে, কংসই যেতিয়া তাইক হত্যা কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া তাই জোৰেৰে মাতিছিল যে কংসৰ হত্যাকাৰী (কৃষ্ণ) পৃথিৱীত জন্ম হৈছে।[2]

আন এক কিংবদন্তি অনুসৰি উচিত্তৰ জন্ম হৈছিল অগ্নিৰ দেৱতা অগ্নিৰ ঘৰত। অগ্নিৰ শৰীৰৰ পৰা পৰি যোৱা এটা অংগ ব্ৰহ্মা দেৱতাৰ আসন পদুমত পৰি তাৰ পৰাই এগৰাকী ঐশ্বৰিক আলোকসজ্জিত শৰীৰৰ সুন্দৰী দেৱীৰ জন্ম হয় আৰু ব্ৰহ্মাই কামদেৱ দেৱতাৰ জৰিয়তে শিৱ দেৱতাৰ ওচৰত অৰ্পণ কৰে আৰু পিছলৈ পৃথিৱী দেৱী ভূমিৰ অনুৰোধত তেওঁ জগতৰ ৰক্ষণাবেক্ষণৰ বাবে মানৱ ৰূপত পৃথিৱীলৈ আহিছিল।[2] লগতে কোৱা হয় যে তাই অগ্নিৰ কন্যা হোৱাৰ বাবে উচিত্ত থেয়্যামে জুইত শুই অংগৰ লগত খেলে।

উচিত্ত দেৱী পাৰ্বতীৰ আন এটা ৰূপ বুলিও বিশ্বাস কৰা হয়।[2] আন এক কিংবদন্তিত কোৱা হৈছে যে উচিত্ত শিৱৰ কন্যা।[2]

থেয়্যাম

[সম্পাদনা কৰক]
উচিত্ত থেয়ম অঙ্কুৰ ওপৰত বহি

অগ্নিৰ কন্যা হোৱাৰ বাবে চঞ্চল উচিত্ত থেয়্যামে জুইত বহি শুই থাকে আৰু অংগৰে খেলে।[1]

উচিত্তৰ মন্দিৰৰ উপৰিও উত্তৰ মালাবৰৰ বহু মন্দিৰত পেৰুমকলিয়াট মহোৎসৱ (প্ৰধান থেয়ম উৎসৱ)ৰ অংশ হিচাপেও উচিত্ত ভাগৱতী থেয়্যাম পালন কৰা হয়।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 Santhosh, U. P.. "ഉച്ചിട്ട (Uchitta)" (ml ভাষাত). Janmabhumi. Archived from the original on 2023-04-06. https://web.archive.org/web/20230406105527/https://www.janmabhumi.in/news/samskriti/news857084। আহৰণ কৰা হৈছে: 2023-04-06. 
  2. 2.0 2.1 2.2 2.3 "തീയിലും കനലിലും ഇരുന്ന് ഭക്തർക്ക് ദർശനം നൽകും, മാനുഷ ഭാവത്തിൽ സംസാരിക്കും ഉച്ചിട്ട, വീഡിയോ കാണാം" (ml ভাষাত). Samayam Malayalam. The Times of India. Archived from the original on 2023-04-06. https://web.archive.org/web/20230406111029/https://malayalam.samayam.com/local-news/kannur/the-legend-behind-uchitta-bhagavathi-theyyam/articleshow/90131349.cms। আহৰণ কৰা হৈছে: 2023-04-06. 
  3. "Fascinating ritual" (en-IN ভাষাত). The Hindu. 2014-02-07. ISSN 0971-751X. Archived from the original on 2023-04-06. https://web.archive.org/web/20230406105524/https://www.thehindu.com/news/cities/kozhikode/fascinating-ritual/article5664271.ece.