উচ্চাকাংক্ষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
উচ্চাকাংক্ষা  
উচ্চাকাংক্ষাৰ বেটুপাত
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী তপোন চট্টোপাধ্যায়
দেশ ভাৰত
ভাষা অসমীয়া
শৃংখলা এঘাৰ
বিষয় শিক্ষামূলক
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ নৱেম্বৰ, ১৯৯৯
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৮০
আই.এচ.বি.এন. 81-7665-027-7

উচ্চাকাংক্ষা (ইংৰাজী: Ussakansya) : অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন জনপ্ৰিয় প্ৰবন্ধ সংকলন। এই উচ্চাকাংক্ষা প্ৰবন্ধ সংকলনখন ১৯৯৯ চনৰ নৱেম্বৰ মাহত প্ৰথম প্ৰকাশ কৰে ষ্টুডেণ্টচ্ ষ্ট’ৰচ্‌ প্ৰকাশনে।[1]

এখন গাঁৱৰ মজলীয়া বিদ্যালয়ৰ ন-দহ বছৰীয়া এজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ পৰাই লেখকে গ্ৰন্থখন আৰম্ভ কৰিছে। গ্ৰন্থখনত মজলীয়া বিদ্যালয়ৰ সাহিত্য বিষয়ৰ শিক্ষকজনে 'উচ্চাকাংক্ষা'ৰ অৰ্থ খুব সহজ-সৰল ভাষাৰে শিকায়।[1][2] গ্ৰন্থখন বহুতো গুণী-জ্ঞানী ব্যক্তিৰ লগতে বহুতো প্ৰেৰণামূলক কাহিনীৰে সমৃদ্ধ।

লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[3]

১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[4]

লগতে চাওক[সম্পাদনা কৰক]

  1. সাউদৰ পুতেকে নাও মেলি যায়
  2. হালধীয়া চৰায়ে বাওধান খায়
  3. পিতা-পুত্ৰ
  4. এদিনৰ ডায়েৰী
  5. বিষণ্ণতা
  6. নিসংগতা
  7. সুবালা
  8. মৎস্যগন্ধা
  9. হোমেন বৰগোহাঞি

তথ্যৰ উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 বৰগোহাঞি, হোমেন (1999). উচ্চাকাংক্ষা. প্ৰকাশক গুৱাহাটী: ষ্টুডেণ্টচ্ ষ্ট’ৰচ্. 
  2. বৰগোহাঞি, হোমেন (1999). উচ্চাকাংক্ষা. প্ৰকাশক গুৱাহাটী: ষ্টুডেণ্টচ্ ষ্ট’ৰচ্. পৃষ্ঠা. 1-14. 
  3. Awards 1955–2007 Sahitya Akademi Official website.
  4. http://indilens.com/?s=homen+borgohain! Homen Borgohain

বাহ্যিক সংযোগ[সম্পাদনা কৰক]