সমললৈ যাওক

উচ্চৈঃশ্ৰবা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উচ্চৈঃশ্ৰবা

সাতটা মূৰ থকা উচ্চৈঃশ্ৰবাৰ চিত্ৰ
নিবাস স্বৰ্গ
হিন্দু পাঠ্য মহাভাৰত
ৰামায়ণ

উচ্চৈঃশ্ৰবা (সংস্কৃত: उच्चैःश्रवस्, ৰোমানীকৃত: Uccaiḥśravas বা সংস্কৃত: उच्चैःश्रवा:, ৰোমানীকৃত: Uccaiḥśravāḥ), (আক্ষৰিক অৰ্থ: 'দীঘল কাণ' বা 'উচ্চস্বৰে চিঞৰা')[1] হিন্দু ধৰ্মৰ শ্ৰুতিকথাত বৰ্ণনা কৰা এটা সাতমূৰীয়া উৰণীয়া ঘোঁৰা, যিটো সমুদ্ৰ মন্থনৰ সময়ত সৃষ্টি হৈছিল। ইয়াক ঘোঁৰাৰ ভিতৰত শ্ৰেষ্ঠ, আদৰ্শ আৰু ৰজা বুলি গণ্য কৰা হয়।[1] উচ্চৈঃশ্ৰবাক প্ৰায়ে ইন্দ্ৰৰ বাহন বুলি বৰ্ণনা কৰা হয় যদিও অসুৰৰ ৰজা বালিৰ ঘোঁৰা বুলিও লিপিবদ্ধ কৰা হয়। উচ্চৈঃশ্ৰবাৰ ৰং বৰফৰ দৰে শুভ্ৰ বুলি কোৱা হয়।

সাহিত্য

[সম্পাদনা কৰক]

মহাভাৰত

[সম্পাদনা কৰক]

মহাভাৰতত উল্লেখ আছে যে উচ্চৈঃশ্ৰবা সমুদ্ৰ মন্থনৰ ফলত উৎপত্তি হৈছিল আৰু দেৱৰাজ ইন্দ্ৰই জব্দ কৰি নিজৰ বাহন কৰি লৈছিল। ভগৱান বিষ্ণুক পতি হিচাপে বাছি লোৱা ভাগ্যৰ দেৱী লক্ষ্মী আৰু জীৱক অমৰত্ব প্ৰদান কৰা অমৃতৰ সৈতে অন্যান্য ঐশ্বৰ্যসমূহ সমুদ্ৰ মন্থনৰ ফলত সাগৰৰ পৰা উৎপত্তি হৈছিল।[2] ক্ষীৰ সাগৰৰ পৰা উঠি অহা উচ্চৈঃশ্ৰবাৰ কিংবদন্তি বিষ্ণু পুৰাণ, ৰামায়ণ, মৎস্য পুৰাণ, বায়ু পুৰাণ আদিতো পোৱা যায়।[3][4]

মহাভাৰতত কাশ্যপৰ পত্নী বিনতা আৰু কদ্ৰুৰ মাজত উচ্চৈঃশ্ৰবাৰ নেজৰ ৰং সম্পৰ্কে বাজিৰ কথাও উল্লেখ আছে। গৰুড় আৰু অৰুণৰ মাতৃ বিনতাই উচ্চৈঃশ্ৰবাৰ নেজৰ বৰণ বগা বুলি কোৱাৰ বিপৰীতে কদ্ৰুৱে ক’লা বুলি কৈছিল। পৰাজিতজন বিজয়ীজনৰ সেৱক হ’ব লাগিব বলি দুয়ো বাজি ধৰিছিল। কদ্ৰুৱে তেওঁৰ নাগ পুত্ৰসকলক সহায়ত ঘোঁৰাটোৰ নেজডাল ঢাকি ৰাখি বগা নেজডাল ক'লা কৰি পেলাইছিল আৰু এইদৰে কদ্ৰুৱে জয়লাভ কৰিছিল।[2][3]

কৃষ্ণই অৰ্জুনৰ কথোপকথন ভাগৱত গীতাতো উচ্চৈঃশ্ৰবাৰ কথা উল্লেখ আছে। কৃষ্ণই যেতিয়া নিজকে বিশ্বব্ৰহ্মাণ্ডৰ উৎস বুলি ঘোষণা কৰে, তেতিয়া তেওঁ ঘোষণা কৰে যে ঘোঁৰাৰ মাজত তেওঁ উচ্চৈঃশ্ৰবা—যিজন অমৃতৰ পৰা জন্ম হৈছিল।[5]

বিষ্ণু পুৰাণ

[সম্পাদনা কৰক]

বিষ্ণু পুৰাণত লিপিবদ্ধ কৰা হৈছে যে পৃথুক যেতিয়া পৃথিৱীত প্ৰথম ৰজা হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল, তেতিয়া অন্যৰজাসকলকো দায়িত্ব দিয়া হৈছিল। তাৰ পিছত উচ্চৈঃশ্ৰবা ঘোঁৰাৰ ৰজা পতা হৈছিল।[6]

অন্য সাহিত্য

[সম্পাদনা কৰক]

দ্বাদশ শতিকাৰ হৰিহৰচতুৰংগত (Hariharacaturanga) লিপিবদ্ধ কৰা হৈছে যে এবাৰ সৃষ্টিকৰ্তা ব্ৰহ্মাই এটা যজ্ঞ কৰিছিল, তাৰ পৰা উচ্চৈঃশ্ৰবা নামৰ এটা পাখিযুক্ত বগা ঘোঁৰা উৎপত্তি হৈছিল। উচ্চৈঃশ্ৰবা পুনৰ মহাজাগতিক ক্ষীৰ সাগৰৰ পৰা উৎপত্তি হওঁতে দানৱৰ ৰজা বালিয়ে লৈ গৈছিল, যিয়ে উচ্চৈঃশ্ৰবাক ব্যৱহাৰ কৰি বহুতো অসম্ভৱ বস্তু লাভ কৰিছিল।[7]

কালিদাসৰ কুমাৰসম্ভৱত কোৱা হৈছে যে ঘোঁৰাৰ শ্ৰেষ্ঠ আৰু ইন্দ্ৰৰ মহিমাৰ প্ৰতীক উচ্ছৈহশ্ৰৱক তৰকাসুৰে স্বৰ্গৰ পৰা চুৰি কৰিছিল।[8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Doniger, Wendy (2004) (en ভাষাত). Hindu Myths: A Sourcebook Translated from the Sanskrit. Penguin UK. ISBN 9780141903750. https://books.google.com/books?id=KzlCthJ4SLkC&q=Uccai%E1%B8%A5%C5%9Bravas&pg=PA220. 
  2. 2.0 2.1 Mani, Vettam (1975). Puranic Encyclopaedia: A Comprehensive Dictionary With Special Reference to the Epic and Puranic Literature. প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 800. ISBN 0-8426-0822-2. https://archive.org/details/puranicencyclopa00maniuoft. 
  3. 3.0 3.1 Beér, Robert (2004). The encyclopedia of Tibetan symbols and motifs. Serindia Publications, Inc.. পৃষ্ঠা. 65, 109. 
  4. Horace Hayman Wilson (1840). "The Vishnu Purana: Book I: Chapter IX". Sacred Texts Archive. http://www.sacred-texts.com/hin/vp/vp044.htm#fr_236। আহৰণ কৰা হৈছে: 14 July 2010. 
  5. Radhakrishnan, S. (January 1977). "10.27". The Bhagavadgita. Blackie & Son (India) Ltd.. পৃষ্ঠা. 264. 
  6. Horace Hayman Wilson (1840). "Vishnu Purana: Book 1: Chapter XXII". Sacred Texts archive. http://www.sacred-texts.com/hin/vp/vp057.htm। আহৰণ কৰা হৈছে: 14 July 2010. 
  7. Dikshitar, V. R. Ramachandra (1999). War in Ancient India. Cosmo Publications. পৃষ্ঠা. 175. ISBN 81-7020-894-7. 
  8. Devahar, C R, ed (1997). "2.47". Kumāra-Sambhava of Kālidāsa. Motilal Banarasidas Publishers. পৃষ্ঠা. 25.