উটাকো হানাজোনো
উটাকো হানাজোনো (ইংৰাজী: Utako Hanazono[1] ; জানুৱাৰী ১৯০৫ – ১৯৮২) আছিল এগৰাকী জাপানী লেখিকা[2], আধুনিক নৃত্যশিল্পী, গেইছা আৰু তেওঁৰ পিছৰ বছৰবোৰত টামাই হানাজোনো নামৰ জাপানীজ পৰম্পৰাগত নৃত্যৰ মাষ্টাৰ। [1]
জীৱনী
[সম্পাদনা কৰক]১৯০৫ চনৰ জানুৱাৰী মাহত জন্মগ্ৰহণ কৰা হানাজোনোৱে টকিঅ’ মহিলা ফাৰ্মাচিউটিকেল স্কুলত (মেইজি ফাৰ্মাচিউটিকেল ইউনিভাৰ্চিটিৰ পূৰ্বসূৰী) শিক্ষা গ্ৰহণ কৰিছিল আৰু তেওঁৰ ভৱিষ্যত স্বামী শুংকিচি কুৰোছেৰ নেতৃত্বত বাওঁপন্থী থিয়েটাৰত যোগদান কৰাৰ পূৰ্বে ফাৰ্মাচিউটিকেল কোম্পানী এটাত কেৰাণী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল। বিবাহৰ দ্বাৰা হানাজোনোৰ প্ৰকৃত নাম আছিল-Nao Kurose৷ তেওঁ সেই দলটোত তেতিয়াৰ শীৰ্ষস্থানীয় আধুনিক নৃত্যৰ অনুশীলন কৰিছিল,[1] আৰু আছাকুছাৰ এটা বাৰ্লেস্ক ষ্টুডিঅ'ত যোগদান কৰিছিল।[2] শ্বিনবাছিতেই হানাজোনোৱে গেইছা হিচাপে আৰম্ভ কৰিছিল, অতি সোনকালেই আধুনিক গেইছা হিচাপে জনপ্ৰিয় হৈছিল।[2]
হানাজোনোৱে ১৯২০ আৰু ১৯৩০ চনত জাপান চৰকাৰক ৰাজহুৱাভাৱে সমালোচনা কৰিছিল৷ চৰকাৰৰ নীতি অনুসৰি গেইছাসকলে আন বৃত্তি অৱলম্বন কৰাত বাধা আৰোপ কৰা হৈছিল৷ হানাজোনোৱে তেওঁৰ "গেইগিটছু" গ্ৰন্থত[3] হানাজোনোৱে মহিলা সোঁপন্থীৰ আগশাৰীৰ কৰ্মী ফুকডা হিডেকোৰ লগতে ৱাকামাটছু শ্বিজুকোকো বিব্ৰত কৰিছিল আৰু কৈছিল যে গেইছাসকলক আন বৃত্তি গ্ৰহণ কৰিবলৈ বাধা দিয়া বাবেই তেওঁলোকৰ একাংশই জীয়াই থকাৰ স্বাৰ্থত যৌনবৃত্তিত আশ্ৰয় ল'বলগীয়া হৈছে৷[2] তেখেতে গেইছাসকলে প্ৰাচীন সামাজিক পৰম্পৰা আৰু ৰীতি-নীতিৰ বাবে সন্মুখীন হোৱা সামাজিক বৈষম্যকো প্ৰত্যাহ্বান জনায় যিবোৰ তেওঁলোকে এতিয়াও পালন কৰিবলগীয়া আছিল,[4] য'ত প্ৰথাগত চুক্তিবদ্ধ দাসত্বও আছিল যিটো আগতীয়া ঋণৰ চুক্তিৰ সৈতে বান্ধ খাই আছিল।[5]
তাৰ পিছৰ বছৰবোৰত তেওঁ পৰম্পৰাগত জাপানী নৃত্যৰ হানাজোনোৰ নিজা স্কুল প্ৰতিষ্ঠা কৰে৷ আৰু নিজকে তেওঁলোকৰ প্ৰথম ইম'মোটো বা হেড মাষ্টাৰ বুলি নামকৰণ কৰে, যাৰ নাম টামাই হানাজোনো।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 Furukawa, Gakujin, ed (December 1, 2005). "Yoshino Sakuzō Kōza 2005" (ja ভাষাত). Yoshino Sakuzō Dayori (Ōsaki, Miyagi: Yoshino Sakuzo Kinenkan) (13): 4. OCLC 884760648. Archived from the original on July 15, 2014. https://web.archive.org/web/20140715001331/http://www.yoshinosakuzou.jp/publish/documents/dayori13-4.PDF। আহৰণ কৰা হৈছে: July 6, 2014.
- 1 2 3 4 Yamaguchi, Masao (1993). "Hanazono Utako" (ja ভাষাত). Nijisseiki nippon Inō Isai Hyakunin. Asahi One Theme Magazine. Asahi Shimbun. পৃষ্ঠা. 34–35.
- ↑ "Geigitsū", Tokyo: Shiroku Shoin, 1930. Vol.29, Tsū Sōsho Series, সাঁচ:Oclc. Reprint in "Geigitsu", Kora, Rumiko ; Iwami, Teruyo (eds.), Yumani Shobo, 2004. Vol.II (Josei no mita kindai series), No. 4, Josei to rōdō. আই.এচ.বি.এন. 4843312215, 9784843312216, 4843312142, 9784843312148, OCLC 674397954. সাঁচ:Via
- ↑ Kawaguchi, Yoko (3 June 2019). Butterfly's Sisters: The Geisha in Western Culture. Yale University Press. ISBN 978-0300169461. https://books.google.com/books?id=F1NwgHY5zCEC&q=Utako+Hanazono&pg=PT146.
- ↑ Matsuda, Yukiko (2012). "1. Shōwa 20 nendai-zenhan made no rōdō jōken - geigi kagyō keiyaku to zenshakukin keiyaku (Working conditions up to the first half of the Showa 20's [1945-54 — indentured servitude and advance debt contracts for geisha)"] (ja ভাষাত) (PDF). Geigi to iu rōdō no sai teii - rōdō-sha no kenri o mamoru shohō o megutte. Survival Study Center at Ritsumeikan University. 309–312. OCLC 997031234. https://www.worldcat.org/wcpa/oclc/997031234?page=frame&url=http%3A%2F%2Fr-cube.ritsumei.ac.jp%2Frepo%2Frepository%2Frcube%2F3377%2Fav17_p307matsuda.pdf%26checksum%3Dad4791c7ae2e1d6727e94f4dd08c5513&title=&linktype=digitalObject&detail=:noframes.