উটা ব্ৰেছান
উটা ব্ৰেছান | |
|---|---|
| পৃষ্ঠভূমি | |
| জন্ম | ৯ মাৰ্চ, ১৯৬৫ (৬০ বছৰ) ড্ৰেছডেন, পূব জাৰ্মানী |
| পেচা | লোক-গায়িকা আৰু দূৰদৰ্শনৰ উপস্থাপক |
উটা ব্ৰেছান (ইংৰাজী: Uta Bresan; জন্ম: ৯ মাৰ্চ ১৯৬৫) এজন জাৰ্মান লোক-গায়িকা আৰু দূৰদৰ্শনৰ উপস্থাপক। দুয়োখন কৰ্মক্ষেত্ৰত তেওঁৰ স্থায়ী বহুমুখী প্ৰতিভাক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।[1][2]
জীৱনী
[সম্পাদনা কৰক]জাৰ্মান গণতান্ত্ৰিক গণৰাজ্য (পূব জাৰ্মানী) প্ৰতিস্থা হোৱাৰ ১৫ বছৰতকৈ অলপ বেছি সময়ৰ পিছত ড্ৰেছডেনত উটা ব্ৰেছানৰ জন্ম হৈছিল।[1][3] বিদ্যালয়ত পঢ়ি থকাৰ সময়তে তেওঁ ড্ৰেছডেনৰ "মিউজিকচুল পল বুটনাৰ" ("পল বুটনাৰ মিউজিক একাডেমী")ত ধ্ৰুপদী সংগীতৰ চাৰি বছৰীয়া প্ৰশিক্ষণ লয়।[4] স্কুলীয়া জীৱন সফলতাৰে সমাপ্ত কৰাৰ পিছত তেওঁ ১৯৮৪ চনৰ পৰা ১৯৮৮ চনৰ ভিতৰত কাৰ্ল মাৰিয়া ভন ৱেবাৰ মিউজিক একাডেমীত নৃত্য আৰু জনপ্ৰিয় সংগীত অধ্যয়ন কৰিবলৈ ড্ৰেছডেনত থাকে আৰু তাৰ শেষত তেওঁ "প্ৰথম স্থান" অৰ্হতাৰে পৰিবেশন কেৰিয়াৰৰ বাবে প্ৰয়োজনীয় পৰীক্ষাত উত্তীৰ্ণ হয়।[3] লগে লগে তেওঁ মঞ্চ গায়িকা হিচাপে গীত গাবলৈ আৰম্ভ কৰে, বিভিন্ন বেণ্ডৰ সৈতে জড়িত হৈ পৰে।[5]
১৯৮৯ চনৰ ভিতৰত পূব জাৰ্মানীৰ দূৰদৰ্শন অনুষ্ঠান যেনে "ফিউয়াৰবেণ্ড" আৰু "স্প্ৰুংব্ৰেট" আদি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগে লগে তেওঁ সংবাদ মাধ্যমৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হয়।[6] ইয়াৰ পিছত তেওঁ দ্ৰুতগতিত বহুকেইটা বঁটা লাভ কৰে৷ ইয়াৰ ভিতৰত "ছিলভাৰ বং" বঁটা আৰু ১৯৯০ চনত মস্কোত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় স্কলেগাৰ মহোৎসৱত দৰ্শকৰ বঁটা আদি উল্লেখযোগ্য।[3][5] তাৰ পিছৰ বছৰবোৰত তেওঁ সমগ্ৰ জাৰ্মানীৰ ৰাজহুৱা সেৱাৰ দূৰদৰ্শন চেনেলসমূহত স্কলেগাৰ শ্ব'ত পৰিবেশন কৰিছিল। ইয়াৰোপৰি তেওঁ বহুকেইটা সাক্ষাৎকাৰো প্ৰকাশ কৰা হৈছিল।[7]
১৯৯৩ চনত লাইপজিগ ভিত্তিক এমডিআৰ টেলিভিছন সম্প্ৰচাৰকে তেওঁক ঘৰুৱা পোহনীয়া জন্তুৰ বিষয়ে সাপ্তাহিক অনুষ্ঠান টিয়েৰিস্ক টিয়েৰিস্ক (Tierisch tierisch) উপস্থাপন কৰিবলৈ নিয়োগ কৰে। অতি দীঘলীয়া ধাৰাবাহিকখনৰ প্ৰথম ২৫ মিনিটৰ খণ্ডটো ১৯৯৪ চনৰ ৪ জানুৱাৰীত সম্প্ৰচাৰ কৰা হৈছিল।[8] ২০২১ চনৰে পৰা এতিয়াও তেওঁ নিয়মীয়া উপস্থাপক হিচাপে এই অনুষ্ঠানৰ আয়োজন কৰি আহিছে।[9]
২০০৪ চনৰ ১৮ জানুৱাৰীত কাৰ্মেন নেবেলৰ পৰা এই কামটো লোৱাৰ পৰা ব্ৰেছনে টেলিভিছনৰ চেক্সন থিমৰ সংগীত-অনুৰোধ অনুষ্ঠান মিউজিক ফুৰ ছিৰ সঞ্চালক হিচাপেও কাম কৰি আহিছে।[10]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]উটা ব্ৰেছান এতিয়াও তেওঁৰ জন্ম চহৰ ড্ৰেছডেনত থাকে। ২০০১ চনত তেওঁ দীৰ্ঘদিনীয়া সংগী ইউৰ'লজিষ্ট কাৰ্ষ্টেন ফ্ৰয়েণ্ডক বিয়া কৰায়।[11] ২০০৩ আৰু ২০০৭ চনত দম্পতীহালৰ দুটা সন্তান জন্ম হৈছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Uta Bresan: Sehnsucht kannst Du nicht verbieten". Simple Machines. 8 May 2017. https://createsongstyles.com/index.php?topic=42869.0। আহৰণ কৰা হৈছে: 27 May 2021.
- ↑ "Uta Bresan privat: So lebt die Moderatorin mit ihrer Familie". Fernsehzuschauern, die regelmäßig beim MDR einschalten, ist Uta Bresan ebenso bekannt wie Schlagerfans - immerhin hat sich die Moderatorin auch als Sängerin einen Namen gemacht. Wie die Dresdnerin privat lebt, erfahren Sie hier.. MM New Media GmbH. 16 June 2018. https://www.news.de/promis/855700897/uta-bresan-privat-mit-mann-karsten-freund-verheiratet-familie-kinder-und-karriere-der-saengerin-und-mdr-moderatorin/1/। আহৰণ কৰা হৈছে: 27 May 2021.
- ↑ 3.0 3.1 3.2 "Uta Bresan: Mit Ehrgeiz ganz nach oben". Happy Story GmbH, München. 9 March 2020. https://www.schlagerplanet.com/news/wissenswertes/wikis-biografien/uta-bresan-wiki-biografie-der-moderatorin-1352.html। আহৰণ কৰা হৈছে: 27 May 2021.
- ↑ Miriam Wilbert-Schunke. "Traumparade und Traumzeit mit Uta Bresan am 27.08.2016 auf Radio Okerwelle". MW-Medienberatung, Peine / Vöhrum. https://traumparade.de/index.php?page=detail&id=301। আহৰণ কৰা হৈছে: 27 May 2021.
- ↑ 5.0 5.1 "... Solo-Interpretin und die erste Single im Jahr der Wende". Uta Bresan – Schlagersängerin und TV-Moderatorin .... Das Leben und die Karriere von Uta Bresan. Deutsche Medienportale GmbH (schlager.de), Berlin. https://www.schlager.de/stars/uta-bresan/। আহৰণ কৰা হৈছে: 27 May 2021.
- ↑ "Uta Bresan: Vita". Manfred König, Neuenhagen. https://www.uta-bresan.de/vita। আহৰণ কৰা হৈছে: 27 May 2021.
- ↑ "Uta Bresan". Saxonia: Tonträgerproduktion, Verlag und Vetrieb GmbH, Plauen. https://www.saxoniamusik.de/Agentur/Farmeset/Frameset.html?Main-A=https://www.saxoniamusik.de/Agentur/Kuenstler-detail/Uta%20Bresan.html। আহৰণ কৰা হৈছে: 27 May 2021.
- ↑ "25 Jahre Tierisch tierisch - Das Jubiläum, präsentiert von Uta Bresan und Lars-Christian Karde". Celebration of the programme's first 25 years. MDR-Fernsehen, Leipzig. https://www.mdr.de/tv/programm/sendung861020.html। আহৰণ কৰা হৈছে: 27 May 2021.
- ↑ "Tierisch tierisch: Das Tiermagazin des MDR mit Uta Bresan". MDR-Fernsehen, Leipzig. 29 May 2021. https://www.mdr.de/tv/programm/sendung929588.html। আহৰণ কৰা হৈছে: 27 May 2021.
- ↑ ""Musik für Sie" in neuem Look". Neues Jahr, neues Format! Seit geraumer Zeit begeistert uns Moderatorin Uta Bresan mit ihrer Sendung "Musik für Sie". Das wird auch 2021 der Fall sein, doch dann im neuen Look.. Mediatainment Publishing Verlagsgesellschaft mbH. (Schlager Experten), Wassel / Sehnde. https://www.schlagerexperten.de/index.php/news/musik-fuer-sie-in-neuem-look। আহৰণ কৰা হৈছে: 27 May 2021.[সংযোগবিহীন উৎস]
- ↑ "Uta Bresan, Lebensgefährte Karsten Freund ... Dresden". Getty publishing. https://www.gettyimages.co.uk/detail/news-photo/uta-bresan-lebensgef%C3%A4hrte-karsten-freund-homestory-dresden-news-photo/177905025। আহৰণ কৰা হৈছে: 27 May 2021.