সমললৈ যাওক

উটি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উটি
উদগমণ্ডলম
চহৰ
উটাকামণ্ড
শীৰ্ষৰ পৰা: উটি হ্ৰদ; পাইকাৰা জলপ্ৰপাত আৰু গৱৰ্মেণ্ট বোটানিকেল গাৰ্ডেন
উপনাম: 
হিল ষ্টেচনসমূহৰ ৰাণী[1]
Map
স্থানাংক: 11°25′N 76°42′E / 11.41°N 76.70°E / 11.41; 76.70স্থানাংক: 11°25′N 76°42′E / 11.41°N 76.70°E / 11.41; 76.70
Country  ভাৰত
State তামিল নাডু
Region কংগুনাডু
District নীলগিৰি জিলা
চৰকাৰ
 • ধৰণ Special Grade Municipality
 • পৰিচালনা উদগমণ্ডলম পৌৰনিগম
কালি
 • মুঠ
৩০.৩৬ বৰ্গকিমি (১১.৭২ বৰ্গমাইল)
উচ্চতা ২,২৪০ মিটাৰ (৭,৩৫০ ফুট)
জনসংখ্যা
 (২০১১)
 • মুঠ
৮৮,৪৩০
 • ঘনত্ব ২,৯০০/km (৭,৫০০/sq mi)

উটি (চৰকাৰীভাৱে উদগমণ্ডলম) ভাৰতৰ তামিলনাডু ৰাজ্যৰ নীলগিৰি জিলাৰ এখন চহৰ আৰু পৌৰসভা। ই কইম্বাটুৰৰ পৰা ৮৬ কিলোমিটাৰ (৫৩ মাইল) উত্তৰ-পশ্চিমে অৱস্থিত, আৰু নীলগিৰি জিলাৰ মুখ্য কাৰ্যালয়। নীলগিৰি পৰ্বতশ্ৰেণীত অৱস্থিত এই চহৰখনক "পাহাৰীয়া ষ্টেচনসমূহৰ ৰাণী " উপনামেৰে জনা যায়। উটি এক জনপ্ৰিয় পৰ্যটন স্থলী।

পূৰ্বে টোডা জনগোষ্ঠীয়ে বসবাস কৰা এই অঞ্চলটো ১৮ শতিকাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অধীনলৈ আহে । পিছলৈ ই মাদ্ৰাজ প্ৰেচিডেন্সিৰ গ্ৰীষ্মকালীন ৰাজধানী হিচাপে স্বীকৃত হয়৷ পৰ্যটন আৰু কৃষি সেৱা আগবঢ়োৱা আতিথ্য উদ্যোগৰ ওপৰত ভিত্তি কৰি উটিৰ অৰ্থনীতি গঢ়ি উঠিছে। চহৰখন নীলগিৰি ঘাট পথ আৰু নীলগিৰি পাৰ্বত্য ৰে'লসেৱাৰে ভৈয়ামৰ সৈতে সংযুক্ত হৈ আছে৷

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

এই অঞ্চলক আগতে ওট্টাকাল মাণ্ডু নামেৰে জনা গৈছিল। ওট্টা-কাল তামিল শব্দ, যাৰ অৰ্থ "এটুকুৰা শিল" আৰু ইয়াৰে স্থানীয় টোডা জনগোষ্ঠীৰ এটা পবিত্ৰ শিলক সূচায়। মাণ্ডু হৈছে টোডা ভাষাৰ শব্দ, যাৰ অৰ্থ "গাঁও"।[3] পিছলৈ এই নামটো উদগমণ্ডলম (Udagamandalam) হৈ পৰিল, যিটো ইংৰাজসকলে উটাকামণ্ড (Ootacamund) বুলি উচ্চাৰণ কৰিছিল। নামটোৰ প্ৰথম অংশ (উটাকা) হৈছে স্থানীয় নামৰ বিকৃত ৰূপ, আৰু দ্বিতীয় অংশ (মাণ্ড) হৈছে টোডা শব্দ মাণ্ডুৰ সংক্ষিপ্ত ৰূপ।[4][5][6] এই স্থানৰ প্ৰথম লিখিত উল্লেখ হৈছে ৱটকিমাণ্ড (Wotokymund), যিটো ১৮২১ চনৰ মাৰ্চ মাহৰ মাদ্ৰাছ গেজেটত অজ্ঞাত লিখকে পঠিওৱা এখন চিঠিত পোৱা গৈছিল।[7] পিছলৈ উটাকামণ্ড (Ootacamund) নামটো চমুকৈ উটি (Ooty) হৈ পৰিল। উটি নীলগিৰি পৰ্বতশ্ৰেণীত অৱস্থিত, যাৰ অৰ্থ "নীলা পৰ্বত"। এই নামটো কুৰুঞ্জি ফুলৰ বাবে ৰখা হৈছে, যাৰ বাবে আগতে পাহাৰৰ ঢালবোৰ নীলা ৰঙৰ দেখা গৈছিল।[8]

নীলগিৰি পৰ্বতৰ প্ৰাচীনতম উল্লেখ ৫ম বা ৬ষ্ঠ শতিকাৰ তামিল সংগম সাহিত্যৰ মহাকাব্য শিলপ্পতিকাৰমত পোৱা যায়। এই অঞ্চলত বাদাগা, টোডা, কোটা, ইৰুলা আৰু কুৰুম্বা আদি জনজাতিয়ে বাস কৰিছিল। বিভিন্ন সময়ত চেৰা, চোলা আৰু পাণ্ড্যৰ দৰে তামিল ৰাজ্যসমূহে ইয়াক শাসন কৰিছিল। ১১১৭ খ্ৰীষ্টাব্দৰ হোয়ছাল ৰজা বিষ্ণুৱৰ্ধন আৰু তেওঁৰ সেনাপতি পুণিশাৰ এটা শাসনলিপিত টোডাসকলৰ উল্লেখ পোৱা যায়। পল্লৱ, সাতবাহন, গঙ্গ, কদম্ব, ৰাষ্ট্ৰকূট, হোয়ছাল আৰু বিজয়নগৰ সাম্ৰাজ্যৰ দৰে ৰাজবংশয়ো ইয়াত শাসন কৰিছিল। ১৮শ শতিকাত টিপু চুলতানে নীলগিৰি দখল কৰে আৰু ১৭৯৯ চনত ই ব্ৰিটিছৰ হাতলৈ যায়। ই মাদ্ৰাছ প্ৰেচিডেন্সিৰ কোইম্বাটুৰ জিলাৰ অন্তৰ্ভুক্ত হৈছিল।

১৯০৩ চনত উদগমণ্ডলমৰ মানচিত্ৰ

১৮১৮ চনত, কোইম্বাটুৰৰ কালেক্টৰ জন চুলিভানৰ সহায়ক জে. চি. উইশ আৰু এন. ডব্লিউ. কিন্ডাৰ্ছলীয়ে ওচৰৰ কোটাৰীগিৰিলৈ ভ্ৰমণ কৰি এই অঞ্চলক এখন গ্ৰীষ্মকালীন আশ্ৰয়স্থল হিচাপে গঢ়ি তোলাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে। চুলিভানে তাত নিজৰ বসতি স্থাপন কৰে আৰু ১৮১৯ চনৰ ৩১ জুলাইত ৰাজসভাত এক প্ৰতিবেদন দাখিল কৰে। তেওঁ শিৰুমুগাইৰ পৰা এটা ৰাস্তা নিৰ্মাণৰ কাম আৰম্ভ কৰে যি ১৮২৩ চনৰ মে’ মাহত সম্পূৰ্ণ হয় আৰু ১৮৩০-৩২ চনৰ ভিতৰত কুনুৰলৈ সম্প্ৰসাৰিত কৰা হয়। ১৮২৭ চনলৈকে ই মাদ্ৰাছ প্ৰেচিডেন্সিৰ এখন স্বাস্থ্যকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠিত হয় আৰু তেতিয়াৰ মাদ্ৰাছৰ গৱৰ্ণৰ ষ্টিফেন লুশিংটনৰ পৃষ্ঠপোষকতাত ইয়াৰ বিকাশ ঘটে। ১৮৪২ চনত ৫১ একৰ মাটিৰ গৱৰ্মেণ্ট বোটানিকেল গাৰ্ডেন স্থাপন কৰা হয় আৰু ১৯৫৯ চনত এটা পুথিভঁৰাল স্থাপন কৰা হয়।

১৮৬৬ চনত উটিক এখন নগৰপালিকা হিচাপে গঠন কৰা হয় আৰু চৰকাৰী ঋণৰ জৰিয়তে ৰাস্তা, নলা আৰু মাৰ্লিমুণ্ড আৰু টাইগাৰ হিলৰ জলাশয়ৰ পৰা পানী যোগানৰ দৰে নাগৰিক সুবিধা যোগ কৰা হয়। ১৮৬৮ চনৰ আগষ্ট মাহত নীলগিৰিক কইম্বাটুৰ জিলাৰ পৰা পৃথক কৰা হয় আৰু জেমছ ৱিলকিনচন ব্ৰিক্সক ইয়াৰ প্ৰথম কমিছনাৰ নিযুক্তি দিয়া হয়। ১৮৮২ চনৰ ১ ফেব্ৰুৱাৰীত নীলগিৰিক এখন জিলা হিচাপে ঘোষণা কৰা হয় আৰু তেতিয়াৰ কমিছনাৰ ৰিচাৰ্ড ৱেলেছলি বাৰ্লোৱে ইয়াৰ প্ৰথম কালেক্টৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ২০শ শতিকাৰ আৰম্ভণিলৈকে উটি এখন সম্পূৰ্ণ বিকশিত পাহাৰীয়া ষ্টেচন হৈ পৰিছিল, য’ত কৃত্ৰিম হ্ৰদ, বিভিন্ন উদ্যান, ধৰ্মীয় স্থাপনা আৰু পলো, গ'ল্ফ আৰু ক্ৰিকেটৰ দৰে ক্ৰীড়া সুবিধা আছিল। ই মাদ্ৰাছ প্ৰেচিডেন্সিৰ গ্ৰীষ্মকালীন ৰাজধানী আৰু ব্ৰিটিছ কৰ্মচাৰীসকলৰ বাবে এখন অৱসৰ বিনোদনৰ স্থান হিচাপে কাম কৰিছিল।

স্বাধীনতাৰ পিছত, এই নগৰখন এখন জনপ্ৰিয় পৰ্যটনস্থলীত পৰিণত হয় আৰু ওচৰৰ ৱেলিংটনত ভাৰতীয় সেনাবাহিনীৰ ডিফেন্স চাৰ্ভিছেচ ষ্টাফ কলেজ স্থাপন কৰা হয়।

উটি নীলগিৰি পৰ্বতশ্ৰেণীত অৱস্থিত

উটি নীলগিৰি পৰ্বতশ্ৰেণীত অৱস্থিত, যি পশ্চিমঘাট পৰ্বতমালাৰ নীলগিৰি জৈৱমণ্ডল অভয়াৰণ্যৰ অন্তৰ্ভুক্ত। উত্তৰে মোয়াৰ নদীয়ে ইয়াক কৰ্ণাটক ৰাজ্যৰ পৰা পৃথক কৰিছে, আৰু দক্ষিণে পালঘাট ফাঁকে ইয়াক আনাইমালাই আৰু পালনি পৰ্বতশ্ৰেণীৰ পৰা বেলেগ কৰিছে। ই সমুদ্ৰ পৃষ্ঠৰ পৰা ২,২৪০ মিটাৰ (৭,৩৫০ ফুট) উচ্চতাত অৱস্থিত। নগৰখনৰ মুঠ মাটিকালি ৩০.৩৬ বৰ্গ কিলোমিটাৰ (১১.৭২ বৰ্গ মাইল)। নীলগিৰিৰ সৰ্বোচ্চ শৃংগ ডড্ডাবেট্টা (২,৬২৩ মিটাৰ বা ৮,৬০৬ ফুট) উটিৰ পৰা প্ৰায় ১০ কিলোমিটাৰ (৬.২ মাইল) দূৰত অৱস্থিত।

উটি হ্ৰদ হৈছে ১৮২৪ চনত সৃষ্টি কৰা ৬৫ একৰ (২৬ হেক্টৰ) ব্যাপী এখন কৃত্ৰিম হ্ৰদ। উটিৰ পৰা ১৯ কিলোমিটাৰ (১২ মাইল) দূৰত অৱস্থিত পাইকাৰা নদী মুকুৰ্তি শৃংগৰ পৰা উৎপত্তি হৈছে, আৰু ৫৫ মিটাৰ (১৮০ ফুট) আৰু ৬১ মিটাৰ (২০০ ফুট) উচ্চতাৰ দুটা ধাপত বিভক্ত পাইকাৰা জলপ্ৰপাতৰ মাজেৰে বৈ গৈছে। উটিৰ পৰা ১০ কিলোমিটাৰ (৬.২ মাইল) দূৰত কমাৰাজ সাগৰ বান্ধ অৱস্থিত। এমেৰেল্ড হ্ৰদ, এভেলাঞ্চ হ্ৰদ আৰু পোৰ্টিমুণ্ড হ্ৰদ এই অঞ্চলৰ অন্যান্য উল্লেখযোগ্য হ্ৰদ।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Queen of hill stations-Ooty". Hindustan Times. 9 October 2012. https://www.hindustantimes.com/travel/queen-of-hill-stations-ooty/story-8hzUEFwYQSNKw1CQUUUmBJ.html. 
  2. 2.0 2.1 "Udagamandalam". Government of Tamil Nadu. https://www.tnurbantree.tn.gov.in/uthagamandalam/। আহৰণ কৰা হৈছে: 1 December 2023. 
  3. Mathew Chacko, Pariyaram (2005). Tribal Communities and Social Change. SAGE. পৃষ্ঠা. 180, 188. ISBN 978-0-7619-3330-4. 
  4. Price, Frederick (1908). Ootacamund, A History. Madras Government Press. পৃষ্ঠা. 14–15. 
  5. Guides, Rough (October 2023). The Rough Guide to South India & Kerala (Travel Guide eBook). Apa Publications (UK) Limited. ISBN 978-1-83905-950-6. https://books.google.com/books?id=eV7bEAAAQBAJ&dq=Udagamandalam+(ooty)&pg=PT813. 
  6. Hariharan, Githa (22 March 2016). Almost Home: Finding a Place in the World from Kashmir to New York. Simon and Schuster. ISBN 978-1-63206-061-7. https://books.google.com/books?id=t4y_CwAAQBAJ&dq=udagai+ooty&pg=PA79। আহৰণ কৰা হৈছে: 14 August 2024. 
  7. "Nilgiris district". Government of Tamil Nadu. https://www.tn.gov.in/district_details/582। আহৰণ কৰা হৈছে: 15 February 2023. 
  8. "Nilgiris history". Government of Tamil Nadu. https://nilgiris.nic.in/about-district/history/। আহৰণ কৰা হৈছে: 1 December 2023.