সমললৈ যাওক

উটি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উটি
উদগমন্ডলম
চহৰ
উটাকামণ্ড
শীৰ্ষৰ পৰা: উটি হ্ৰদ; পাইকাৰা জলপ্ৰপাত আৰু গৱৰ্মেণ্ট বোটানিকেল গাৰ্ডেন
উপনাম: 
হিল ষ্টেচনসমূহৰ ৰাণী[1]
Map
স্থানাংক: 11°25′N 76°42′E / 11.41°N 76.70°E / 11.41; 76.70স্থানাংক: 11°25′N 76°42′E / 11.41°N 76.70°E / 11.41; 76.70
Country  ভাৰত
State তামিল নাডু
Region কংগুনাডু
District নীলগিৰি জিলা
চৰকাৰ
  ধৰণ Special Grade Municipality
  পৰিচালনা উদগমন্ডলম পৌৰনিগম
কালি
  মুঠ
৩০.৩৬ বৰ্গকিমি (১১.৭২ বৰ্গমাইল)
উচ্চতা ২,২৪০ মিটাৰ (৭,৩৫০ ফুট)
জনসংখ্যা
 (২০১১)
  মুঠ
৮৮,৪৩০
  ঘনত্ব ২,৯০০/বৰ্গকিমি (৭,৫০০/বৰ্গমাইল)

উটি (চৰকাৰীভাৱে উদগমন্ডলম) ভাৰতৰ তামিলনাডু ৰাজ্যৰ নীলগিৰি জিলাৰ এখন চহৰ আৰু পৌৰসভা। ই কইম্বাটুৰৰপৰা ৮৬ কিলোমিটাৰ (৫৩ মাইল) উত্তৰ-পশ্চিমে অৱস্থিত, আৰু নীলগিৰি জিলাৰ মুখ্য কাৰ্যালয়। নীলগিৰি পৰ্বতশ্ৰেণীত অৱস্থিত এই চহৰখনক "পাহাৰীয়া ষ্টেচনসমূহৰ ৰাণী " উপনামেৰে জনা যায়। উটি এক জনপ্ৰিয় পৰ্যটন স্থলী।

পূৰ্বে টোডা জনগোষ্ঠীয়ে বসবাস কৰা এই অঞ্চলটো ১৮ শতিকাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অধীনলৈ আহে।  পিছলৈ ই মাদ্ৰাজ প্ৰেচিডেন্সিৰ গ্ৰীষ্মকালীন ৰাজধানী হিচাপে স্বীকৃত হয়।  পৰ্যটন আৰু কৃষি সেৱা আগবঢ়োৱা আতিথ্য উদ্যোগৰ ওপৰত ভিত্তি কৰি উটিৰ অৰ্থনীতি গঢ়ি উঠিছে।  চহৰখন নীলগিৰি ঘাট পথ আৰু নীলগিৰি পাৰ্বত্য ৰে'লসেৱাৰে ভৈয়ামৰ সৈতে সংযুক্ত হৈ আছে।

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

এই অঞ্চলক আগতে ওট্টাকাল মাণ্ডু নামেৰে জনা গৈছিল। ওট্টা-কাল তামিল শব্দ, যাৰ অৰ্থ "এটুকুৰা শিল" আৰু ইয়াৰে স্থানীয় টোডা জনগোষ্ঠীৰ এটা পৱিত্ৰ শিলক সূচায়। মাণ্ডু হৈছে টোডা ভাষাৰ শব্দ, যাৰ অৰ্থ "গাঁও।" [3] পিছলৈ এই নামটো উদগমন্ডলম (Udagamandalam) হৈ পৰিল, যিটো ইংৰাজসকলে উটাকামণ্ড (Ootacamund) বুলি উচ্চাৰণ কৰিছিল। নামটোৰ প্ৰথম অংশ (উটাকা) হৈছে স্থানীয় নামৰ বিকৃত ৰূপ, আৰু দ্বিতীয় অংশ (মাণ্ড) হৈছে টোডা শব্দ মাণ্ডুৰ সংক্ষিপ্ত ৰূপ।[4][5][6] এই স্থানৰ প্ৰথম লিখিত উল্লেখ হৈছে ৱটকিমাণ্ড (Wotokymund), যিটো ১৮২১ চনৰ মাৰ্চ মাহৰ মাদ্ৰাছ গেজেটত অজ্ঞাত লিখকে পঠিওৱা এখন চিঠিত পোৱা গৈছিল।[7] পিছলৈ উটাকামণ্ড (Ootacamund) নামটো চমুকৈ উটি (Ooty) হৈ পৰিল। উটি নীলগিৰি পৰ্বতশ্ৰেণীত অৱস্থিত, যাৰ অৰ্থ "নীলা পৰ্বত।" এই নামটো কুৰুঞ্জি ফুলৰ বাবে ৰখা হৈছে, যাৰ বাবে আগতে পাহাৰৰ ঢালবোৰ নীলা ৰঙৰ দেখা গৈছিল।[8]

নীলগিৰি পৰ্বতৰ প্ৰাচীনতম উল্লেখ ৫ম বা ৬ষ্ঠ শতিকাৰ তামিল সংগম সাহিত্যৰ মহাকাব্য শিলপ্পতিকাৰমত পোৱা যায়। এই অঞ্চলত বাদাগা, টোডা, কোটা, ইৰুলা আৰু কুৰুম্বা আদি জনজাতিয়ে বাস কৰিছিল। বিভিন্ন সময়ত চেৰা, চোলা আৰু পাণ্ড্যৰ দৰে তামিল ৰাজ্যসমূহে ইয়াক শাসন কৰিছিল। ১১১৭ খ্ৰীষ্টাব্দৰ হোয়ছাল ৰজা বিষ্ণুৱৰ্ধন আৰু তেওঁৰ সেনাপতি পুণিশাৰ এটা শাসনলিপিত টোডাসকলৰ উল্লেখ পোৱা যায়। পল্লৱ, সাতবাহন, গঙ্গ, কদম্ব, ৰাষ্ট্ৰকূট, হোয়ছাল আৰু বিজয়নগৰ সাম্ৰাজ্যৰ দৰে ৰাজবংশয়ো ইয়াত শাসন কৰিছিল। ১৮শ শতিকাত টিপু চুলতানে নীলগিৰি দখল কৰে আৰু ১৭৯৯ চনত ই ব্ৰিটিছৰ হাতলৈ যায়। ই মাদ্ৰাছ প্ৰেচিডেন্সিৰ কোইম্বাটুৰ জিলাৰ অন্তৰ্ভুক্ত হৈছিল।

১৯০৩ চনত উদগমন্ডলমৰ মানচিত্ৰ

১৮১৮ চনত, কোইম্বাটুৰৰ কালেক্টৰ জন চুলিভানৰ সহায়ক জে. চি. উইশ আৰু এন. ডব্লিউ. কিণ্ডাৰ্ছলীয়ে ওচৰৰ কোটাৰীগিৰিলৈ ভ্ৰমণ কৰি এই অঞ্চলক এখন গ্ৰীষ্মকালীন আশ্ৰয়স্থল হিচাপে গঢ়ি তোলাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে। চুলিভানে তাত নিজৰ বসতি স্থাপন কৰে আৰু ১৮১৯ চনৰ ৩১ জুলাইত ৰাজসভাত এক প্ৰতিৱেদন দাখিল কৰে। তেওঁ শিৰুমুগাইৰপৰা এটা ৰাস্তা নিৰ্মাণৰ কাম আৰম্ভ কৰে যি ১৮২৩ চনৰ মে’ মাহত সম্পূৰ্ণ হয় আৰু ১৮৩০-৩২ চনৰ ভিতৰত কুনুৰলৈ সম্প্ৰসাৰিত কৰা হয়। ১৮২৭ চনলৈকে ই মাদ্ৰাছ প্ৰেচিডেন্সিৰ এখন স্বাস্থ্যকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠিত হয় আৰু তেতিয়াৰ মাদ্ৰাছৰ গৱৰ্ণৰ ষ্টিফেন লুশিংটনৰ পৃষ্ঠপোষকতাত ইয়াৰ বিকাশ ঘটে। ১৮৪২ চনত ৫১ একৰ মাটিৰ গৱৰ্মেণ্ট বোটানিকেল গাৰ্ডেন স্থাপন কৰা হয় আৰু ১৯৫৯ চনত এটা পুথিভঁৰাল স্থাপন কৰা হয়।

১৮৬৬ চনত উটিক এখন নগৰপালিকা হিচাপে গঠন কৰা হয় আৰু চৰকাৰী ঋণৰ জৰিয়তে ৰাস্তা, নলা আৰু মাৰ্লিমুণ্ড আৰু টাইগাৰ হিলৰ জলাশয়ৰপৰা পানী যোগানৰ দৰে নাগৰিক সুবিধা যোগ কৰা হয়। ১৮৬৮ চনৰ আগষ্ট মাহত নীলগিৰিক কইম্বাটুৰ জিলাৰপৰা পৃথক কৰা হয় আৰু জেমছ ৱিলকিনচন ব্ৰিক্সক ইয়াৰ প্ৰথম কমিছনাৰ নিযুক্তি দিয়া হয়। ১৮৮২ চনৰ ১ ফেব্ৰুৱাৰীত নীলগিৰিক এখন জিলা হিচাপে ঘোষণা কৰা হয় আৰু তেতিয়াৰ কমিছনাৰ ৰিচাৰ্ড ৱেলেছলি বাৰ্লোৱে ইয়াৰ প্ৰথম কালেক্টৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ২০শ শতিকাৰ আৰম্ভণিলৈকে উটি এখন সম্পূৰ্ণ বিকশিত পাহাৰীয়া ষ্টেচন হৈ পৰিছিল, য’ত কৃত্ৰিম হ্ৰদ, বিভিন্ন উদ্যান, ধৰ্মীয় স্থাপনা আৰু পলো, গ'ল্ফ আৰু ক্ৰিকেটৰ দৰে ক্ৰীড়া সুবিধা আছিল। ই মাদ্ৰাছ প্ৰেচিডেন্সিৰ গ্ৰীষ্মকালীন ৰাজধানী আৰু ব্ৰিটিছ কৰ্মচাৰীসকলৰ বাবে এখন অৱসৰ বিনোদনৰ স্থান হিচাপে কাম কৰিছিল।

স্বাধীনতাৰ পিছত, এই নগৰখন এখন জনপ্ৰিয় পৰ্যটনস্থলীত পৰিণত হয় আৰু ওচৰৰ ৱেলিংটনত ভাৰতীয় সেনাবাহিনীৰ ডিফেন্স চাৰ্ভিছেচ ষ্টাফ কলেজ স্থাপন কৰা হয়।

উটি নীলগিৰি পৰ্বতশ্ৰেণীত অৱস্থিত

উটি নীলগিৰি পৰ্বতশ্ৰেণীত অৱস্থিত, যি পশ্চিমঘাট পৰ্বতমালাৰ নীলগিৰি জৈৱ-মণ্ডল অভয়াৰণ্যৰ অন্তৰ্ভুক্ত। উত্তৰে মোয়াৰ নদীয়ে ইয়াক কৰ্ণাটক ৰাজ্যৰপৰা পৃথক কৰিছে, আৰু দক্ষিণে পালঘাট ফাঁকে ইয়াক আনাইমালাই আৰু পালনি পৰ্বতশ্ৰেণীৰপৰা বেলেগ কৰিছে। ই সমুদ্ৰ পৃষ্ঠৰপৰা ২,২৪০ মিটাৰ (৭,৩৫০ ফুট) উচ্চতাত অৱস্থিত। নগৰখনৰ মুঠ মাটি-কালি ৩০.৩৬ বৰ্গ কিলোমিটাৰ (১১.৭২ বৰ্গ মাইল)। নীলগিৰিৰ সৰ্বোচ্চ শৃংগ ডড্ডাবেট্টা (২,৬২৩ মিটাৰ বা ৮,৬০৬ ফুট) উটিৰপৰা প্ৰায় ১০ কিলোমিটাৰ (৬.২ মাইল) দূৰত অৱস্থিত।

উটি হ্ৰদ হৈছে ১৮২৪ চনত সৃষ্টি কৰা ৬৫ একৰ (২৬ হেক্টৰ) ব্যাপী এখন কৃত্ৰিম হ্ৰদ[9]। উটিৰপৰা ১৯ কিলোমিটাৰ (১২ মাইল) দূৰত অৱস্থিত পাইকাৰা নদী মুকুৰ্তি শৃংগৰপৰা উৎপত্তি হৈছে, আৰু ৫৫ মিটাৰ (১৮০ ফুট) আৰু ৬১ মিটাৰ (২০০ ফুট) উচ্চতাৰ দুটা ধাপত বিভক্ত পাইকাৰা জলপ্ৰপাতৰ মাজেৰে বৈ গৈছে[10]। উটিৰপৰা ১০ কিলোমিটাৰ (৬.২ মাইল) দূৰত কমাৰাজ সাগৰ বান্ধ অৱস্থিত। এমেৰেল্ড হ্ৰদ, এভেলাঞ্চ হ্ৰদ আৰু পোৰ্টিমুণ্ড হ্ৰদ এই অঞ্চলৰ অন্যান্য উল্লেখযোগ্য হ্ৰদ[11]

অৰ্থনীতি

[সম্পাদনা কৰক]
উটিৰ চাহবাগিছা

উটি ইয়াৰ চৌপাশৰ অঞ্চলটোৰ বাবে এখন বজাৰ নগৰ, যি এতিয়াও বহুল পৰিমাণে কৃষিৰ ওপৰত নিৰ্ভৰশীল। ইয়াত উৎপাদন কৰা পাচলিসমূহৰ ভিতৰত আলু, গাজৰ, বন্ধাকবি আৰু ফুলকবি আদি অন্তৰ্ভুক্ত। ফল-মূলৰ ভিতৰত নৰা বগৰী, প্লাম, নাচপতি আৰু ষ্ট্ৰবেৰী আদি আছে। উটি নগৰপালিকাৰ বজাৰত এই সামগ্ৰীসমূহৰ দৈনিক পাইকাৰী নিলাম অনুষ্ঠিত হয়।

ইয়াৰ উপৰি এই অঞ্চলত দীৰ্ঘদিন ধৰি দুগ্ধ উৎপাদন চলি আহিছে। ইয়াত এখন সমবায় দুগ্ধশালা আছে যিয়ে পনীৰ আৰু সৰ কঢ়া গাখীৰৰ (skimmed milk) পাউডাৰ উৎপাদন কৰে। ফুলৰ খেতি (Floriculture), ৰেচম পলু পালন (Sericulture) আৰু কাঠফুলাৰ খেতিও ইয়াত কৰা হয়। এই অঞ্চল চাহ খেতিৰ বাবে বিশেষভাৱে জনাজাত। নীলগিৰি চাহ (Nilgiri Tea) এই অঞ্চলৰ এক অনন্য ক'লা চাহৰ প্ৰকাৰ।

হিউমেন বায়'লজিকেল ইনষ্টিটিউট (১৯৯৯ চনত স্থাপিত হৈছিল) ভেকচিন উৎপাদনৰ সৈতে জড়িত। ইয়াৰ উপৰি উটিৰ কাষৰীয়া অঞ্চলত আন কিছুমান উৎপাদন উদ্যোগ আছে, যেনে- কেট্টি (বেজী উৎপাদন) আৰু অৰুবানকাডু (কৰ্ডাইট নামৰ এক বিস্ফোৰক দ্ৰব্য উৎপাদন)।

যাতায়াত ব্যৱস্থা

[সম্পাদনা কৰক]

উটি নীলগিৰি ঘাট ৰোড নামেৰে পৰিচিত পথটোৰদ্বাৰা সংযুক্ত। ই ৰাষ্ট্ৰীয় ঘাইপথ ১৮১ত অৱস্থিত। নগৰৰ পথসমূহ নগৰ পৰিষদে চোৱা-চিতা কৰে[12]। ৰাজহুৱা বাছ সেৱা টিএনএছটিচিৰ কোইম্বাটুৰ বিভাগে পৰিচালনা কৰে[13]। এছইটিচি, কৰ্ণাটক ৰাজ্য সড়ক পৰিবহণ নিগম আৰু কেৰালা ৰাজ্য সড়ক পৰিবহণ নিগমে তামিলনাডু আৰু চুবুৰীয়া ৰাজ্যৰ দূৰৱৰ্তী চহৰসমূহৰ সৈতে উটিক সংযোগ কৰে।

ৰে'লসেৱা

[সম্পাদনা কৰক]
নীলগিৰি পাৰ্বত্য ৰে’লৱে, এক ইউনেস্ক' স্বীকৃত বিশ্ব ঐতিহ্য ক্ষেত্ৰ

নীলগিৰি পাৰ্বত্য ৰে’লৱে হৈছে নীলগিৰি জিলাত অৱস্থিত এটা ১,০০০ মিলিমিটাৰ মিটাৰ গজৰ ৰে'লপথ, যিয়ে উদগমন্ডলম আৰু মেট্টুপালয়মক সংযোগ কৰে। নীলগিৰি ৰে'লৱে কোম্পানী ১৮৮৫ চনত গঠন কৰা হৈছিল আৰু ১৫ জুন ১৮৯৯ চনত মেট্টুপালয়ম-কুনুৰ খণ্ডটো যাতায়াতৰ বাবে মুকলি কৰা হৈছিল। ৩১ ডিচেম্বৰ ১৯০৭ চনলৈকে এই ৰে'লপথ মাদ্ৰাছ ৰে'লৱেৰদ্বাৰা পৰিচালিত হৈছিল, তাৰ পাছতে এই ৰে'লপথছোৱা দক্ষিণ ভাৰতীয় ৰে'লৱেক গতাই দিয়া হৈছিল। কুনুৰৰপৰা উটিলৈ ৰে'লপথটো ১৯০৮ চনত সম্পূৰ্ণ হৈছিল[14][15]। বৰ্তমান ভাৰতীয় ৰে'লৱেৰ দক্ষিণ ৰে'লৱে বিভাগৰদ্বাৰা পৰিচালিত, এইটো ভাৰতৰ একমাত্ৰ ৰেক ৰে'লৱে আৰু কুনুৰ আৰু উদগমন্ডলমৰ মাজত ইয়াৰ নিজা বাষ্প ইঞ্জিনেৰে ৰে'ল চলে[16]। ২০০৫ চনৰ জুলাই মাহত ইউনেস্কোই নীলগিৰি পৰ্বত ৰে'লৱেক ভাৰতৰ পৰ্বতীয়া ৰে'লৱেৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ এক সম্প্ৰসাৰণ হিচাপে অন্তৰ্ভুক্ত কৰে[15]

উটিৰ নিকটৱৰ্তী বিমানবন্দৰ হৈছে কোইম্বাটুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, যি নগৰৰপৰা ৯৬ কিঃমিঃ (৬০ মাইল) দূৰত অৱস্থিত। বিমানবন্দৰটোৰপৰা স্থানীয় মুখ্য স্থানসমূহ আৰু শ্বাৰজাহ, কলম্বো আৰু ছিংগাপুৰৰ দৰে আন্তঃৰাষ্ট্ৰীয় স্থানসমূহলৈ নিয়মিত উৰণ সেৱা আছে[17]। উটিত তিনিটা হেলিপেড আছে, এটা থেতুকাল আৰু দুটা কোদানাডত। থেতুকাল হেলিপেডটো ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰদ্বাৰা প্ৰতিৰক্ষা আৰু ভিআইপি সেৱাৰ বাবে অনুমোদিত। পৱন হংসে বেল ৪০৭ৰ সৈতে বাণিজ্যিক সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছিল, কিন্তু পৰিকল্পনাটো স্থগিত ৰখা হৈছে[18][19]

উটিৰ ব'টানিকেল গাৰ্ডেন

উটি হ্ৰদৰ কাষত অৱস্থিত বোট হাউছটোৱে পৰ্যটকসকলক নৌকাবিহাৰৰ সুবিধা দিয়ে। ই উটিৰ এক গুৰুত্বপূৰ্ণ পৰ্যটক আকৰ্ষণকেন্দ্ৰ। পাইকাৰা জলপ্ৰপাত আৰু বান্ধতো একেধৰণৰ নৌকাবিলাসৰ সুবিধা উপলভ্য। ১৮৪২ চনত স্থাপিত চৰকাৰী উদ্ভিদ উদ্যানত (ব'টানিকেল গাৰ্ডেন) স্থানীয় আৰু বিদেশী উদ্ভিদৰ বিভিন্ন প্ৰজাতি আছে আৰু ই মে' মাহত বাৰ্ষিক ফুলৰ প্ৰদৰ্শনীৰ আয়োজন কৰে। উদ্যানখনত ২০ নিযুত বছৰ পুৰণি এডাল জীৱাশ্মীভূত গছো আছে। এল্ক্ পাহাৰৰ ২,২০০ মিটাৰ (৭,২০০ ফুট) ওপৰত অৱস্থিত চৰকাৰী ৰ'জ গাৰ্ডেনত ২,৮০০ প্ৰজাতিৰপৰা ২০,০০০তকৈও অধিক প্ৰজাতিৰ গোলাপ আছে আৰু ই ভাৰতৰ আটাইতকৈ ডাঙৰ গোলাপৰ বাগিছা। ১৯৮৬ চনত হ্ৰদৰ কাষত এখন মৃগ উদ্যান স্থাপন কৰা হয়। এইখন ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অৱস্থানত অৱস্থিত চিৰিয়াখানা।

পৰম্পৰাগত টোডা জুপুৰি
ফাৰ্ণহিলছ্ পেলেছ

উদ্ভিদ উদ্যানৰ ওপৰৰ পাহাৰবোৰত কেইবাটাও পৰম্পৰাগত টোডা জুপুৰি (হাট) আছে। ১৯৯৫ চনত নগৰৰপৰা প্ৰায় ১০ কিঃমিঃ (৬.২ মাইল) দূৰত্বত অৱস্থিত জনজাতীয় গৱেষণা কেন্দ্ৰৰ এক অংশ হিচাপে এটা জনজাতীয় সংগ্ৰহালয় খোলা হয়। ইয়াত তামিলনাডু আৰু আন্দামান আৰু নিকোবৰৰ জনগোষ্ঠীসমূহৰ দুৰ্লভ শিল্পকৰ্ম আৰু ফটো, আৰু প্ৰাৰম্ভিক মানৱ সংস্কৃতি আৰু ঐতিহ্যৰ অন্যান্য নৃতাত্ত্বিক আৰু প্ৰত্নতাত্ত্বিক নমুনা সংৰক্ষিত আছে। ষ্টোন হাউচ আছিল নগৰত সজা প্ৰথম বাংলো। ১৮২৯ চনত নিৰ্মিত চেইণ্ট ষ্টিফেনছ চাৰ্চ নীলগিৰি জিলাৰ আটাইতকৈ পুৰণি গীৰ্জাসমূহৰ অন্যতম। ১৮৭১ চনত খোলা চেইণ্ট থমাছ চাৰ্চৰ চাৰ্চপ্ৰাংগনত বহুতো বিখ্যাত সমাধি আছে, য'ত জোচিয়া জন গুডৱিন, উইলিয়াম পেট্ৰিক এডামৰ সমাধিও অন্তৰ্ভুক্ত, যাৰ শীৰ্ষত চেইণ্ট থমাছৰ সন্মানত উৎসৰ্গিত এটা স্তম্ভ স্মাৰক আছে, ই উটিৰ আটাইতকৈ ওখ স্থাপত্য। প্ৰায় ১ একৰ (০.৪০ হেক্টৰ) মাটি-কালি জুৰি বিস্তৃত এটা চাহ কাৰখানা আৰু সংগ্ৰহালয়ে চাহ প্ৰস্তুতকৰণ পদ্ধতি আৰু ব্যৱহৃত যন্ত্ৰ-পাতি প্ৰদৰ্শন কৰে।

উটি ৰেডিঅ' টেলিস্কোপটো ১৯৭০ চনত সম্পূৰ্ণ হৈছিল আৰু ই টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান (TIFR) ৰ ৰাষ্ট্ৰীয় ৰেডিঅ' জ্যোতিৰ্পদাৰ্থবিজ্ঞান কেন্দ্ৰ (NCRA) ৰ এক অংশ। ভাৰত চৰকাৰে পৰমাণু শক্তি বিভাগৰ জৰিয়তে ইয়াত আৰ্থিক সাহায্য প্ৰদান কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Queen of hill stations-Ooty". Hindustan Times. 9 October 2012. https://www.hindustantimes.com/travel/queen-of-hill-stations-ooty/story-8hzUEFwYQSNKw1CQUUUmBJ.html.
  2. 1 2 "Udagamandalam". Government of Tamil Nadu. https://www.tnurbantree.tn.gov.in/uthagamandalam/ আহৰণ কৰা হৈছে: 1 December 2023.
  3. Mathew Chacko, Pariyaram (2005). Tribal Communities and Social Change. SAGE. পৃষ্ঠা. 180, 188. ISBN 978-0-7619-3330-4.
  4. Price, Frederick (1908). Ootacamund, A History. Madras Government Press. পৃষ্ঠা. 14–15.
  5. Guides, Rough (October 2023). The Rough Guide to South India & Kerala (Travel Guide eBook). Apa Publications (UK) Limited. ISBN 978-1-83905-950-6. https://books.google.com/books?id=eV7bEAAAQBAJ&dq=Udagamandalam+(ooty)&pg=PT813.
  6. Hariharan, Githa (22 March 2016). Almost Home: Finding a Place in the World from Kashmir to New York. Simon and Schuster. ISBN 978-1-63206-061-7. https://books.google.com/books?id=t4y_CwAAQBAJ&dq=udagai+ooty&pg=PA79 আহৰণ কৰা হৈছে: 14 August 2024.
  7. "Nilgiris district". Government of Tamil Nadu. https://www.tn.gov.in/district_details/582 আহৰণ কৰা হৈছে: 15 February 2023.
  8. "Nilgiris history". Government of Tamil Nadu. https://nilgiris.nic.in/about-district/history/ আহৰণ কৰা হৈছে: 1 December 2023.
  9. "Ooty Lake". Government of Tamil Nadu. https://nilgiris.nic.in/tourist-place/ooty-lake/ আহৰণ কৰা হৈছে: 1 December 2023.
  10. "Pykara". Government of Tamil Nadu. https://nilgiris.nic.in/tourist-place/pykara-ooty/ আহৰণ কৰা হৈছে: 1 December 2023.
  11. "Avalanche". Government of Tamil Nadu. https://nilgiris.nic.in/tourist-place/avalanche-ooty/ আহৰণ কৰা হৈছে: 23 August 2016.
  12. "Roads in Uthagamandalam". Government of Tamil Nadu. https://www.tnurbantree.tn.gov.in/uthagamandalam/roads-2/ আহৰণ কৰা হৈছে: 1 December 2023.
  13. "New buses to replace TNSTC's aging fleet in the Nilgiris". The Hindu. 22 June 2023. https://www.thehindu.com/news/cities/Coimbatore/new-buses-to-replace-tnstcs-aging-fleet-in-the-nilgiris/article66419763.ece.
  14. "Nilgiri Mountain railway". Indian Railways. https://sr.indianrailways.gov.in/view_section.jsp?fontColor=black&backgroundColor=LIGHTSTEELBLUE&lang=0&id=0,1,304,374,492,552 আহৰণ কৰা হৈছে: 21 August 2019.
  15. 1 2 "Mountain Railways of India". UNESCO World Heritage Centre. https://whc.unesco.org/en/list/944 আহৰণ কৰা হৈছে: 30 April 2006.
  16. "he Nilgiri Mountain Railway as old as the hills". The Hindu. 27 July 2019. https://www.thehindu.com/news/national/tamil-nadu/in-pictures-nilgiri-mountain-railway-as-old-as-the-hills/article28732489.ece.
  17. "Coimbatore Airport". Airports Authority of India. https://www.aai.aero/en/airports/coimbatore আহৰণ কৰা হৈছে: 26 July 2015.
  18. Anubhuti, Vishnoi (19 March 2008). "Ooty, Uttarakhand chopper plans hit roadblock". The Indian Express. http://archive.indianexpress.com/news/ooty-uttarakhandchopperplanshitroadblock/286247/1.
  19. "Jayalalithaa leaves Kodanad". The Hindu. 13 August 2013. http://www.thehindu.com/todays-paper/tp-national/tp-tamilnadu/jayalalithaa-leaves-kodanad/article5017698.ece.