উডচাইড ষ্ট'ৰ
| উডচাইড ষ্ট'ৰ | |
|---|---|
| অৱস্থান | ৩৩০০ ট্ৰিপ ৰোড, উডচাইড, কেলিফৰ্ণিয়া |
| মাটিকালি | ১.২ একৰ (০.৪৯ হেক্টৰ) |
| নিৰ্মাণ | ১৮৫৪ |
| স্থপতিবিদ | ড° ৰবাৰ্ট অৰভিল ট্ৰিপ, মেথিয়াছ এ পাৰ্কহাৰ্ষ্ট |
উডচাইড ষ্ট'ৰ বা ট্ৰিপ ষ্ট'ৰ কেলিফৰ্ণিয়াৰ ছান মেটিঅ' কাউণ্টিৰ উডচাইডৰ কিংছ মাউণ্টেইন ৰোডৰ ৩৩০০ ট্ৰিপ ৰোডত অৱস্থিত।[1][2] এই ভৱনটো ১৯৮৫ চনৰ পৰা ঐতিহাসিক স্থানৰ ৰাষ্ট্ৰীয় পঞ্জীত অন্তৰ্ভুক্ত হৈ আছে আৰু ১৯৪৯ চনৰ পৰা ছান মেটিঅ' কাউণ্টিৰ এক কেলিফৰ্ণিয়া ঐতিহাসিক কীৰ্তিচিহ্ন হিচাপে তালিকাভুক্ত হৈছে।[3][4] ১৯৪০-ৰ দশকত ছান মেটিঅ' ঐতিহাসিক সংস্থাৰ প্ৰচেষ্টাত ইয়াক সংৰক্ষণ কৰা হৈছিল। ১৯৭৯ চনত সংস্থাটোৱে ইয়াৰ দায়িত্ব লোৱাৰ পিছত ১৯৮০-ৰ দশকৰ মাজভাগত ইয়াৰ এক গুৰুত্বপূৰ্ণ পুনৰুদ্ধাৰ কাৰ্য সম্পন্ন কৰা হয় আৰু ১৯৯৪ চনত ই সম্পূৰ্ণ হয়।[5]
ইতিহাস
[সম্পাদনা কৰক]বৰ্তমানৰ উডচাইড ষ্ট'ৰটো ১৮৫৪ চনত (১৮৫১ চনৰ সংস্কৰণটো ভস্মীভূত হোৱাৰ পিছত) ৰবাৰ্ট অৰভিল "ডক" ট্ৰিপ আৰু মেথিয়াছ পাৰ্কহাৰ্ষ্ট নামৰ দুজন প্ৰাৰম্ভিক পথপ্ৰদৰ্শকে নিৰ্মাণ কৰিছিল।[5][6] ট্ৰিপ মেছাচুচেটছৰ এজন দন্ত চিকিৎসক আছিল যি কেলিফৰ্ণিয়াৰ সোণৰ অভিযানৰ সময়ত কেলিফৰ্ণিয়ালৈ আহিছিল।[5] ৰেডউড কাঠেৰে নিৰ্মিত এই ব্যৱসায়িক প্ৰতিষ্ঠানটো ছান ফ্ৰান্সিস্কো উপদ্বীপৰ কাঠৰ জিলাৰ মাজভাগত অৱস্থিত আছিল। এটা সময়ত ই ছান ফ্ৰান্সিস্কো আৰু ছাণ্টা ক্লাৰাৰ মাজত একমাত্ৰ জেনেৰেল ষ্ট'ৰ আৰু ষ্টেজকোচ ৰখাৰ ঠাই আছিল।[2][7] দোকানখনত খাদ্যৰ পৰা আৰম্ভ কৰি নিৰ্মাণ সামগ্ৰীলৈকে সকলো বিক্ৰী কৰা হৈছিল আৰু লগতে ই ডাকঘৰ, বেংক, চেলুন আৰু দন্ত চিকিৎসকৰ কাৰ্যালয় হিচাপেও কাম কৰিছিল।[2][8] ১৮৬৩ চনত পাৰ্কহাৰ্ষ্টৰ মৃত্যুৰ পিছত ট্ৰিপে ১৯০৯ চনত ৯৩ বছৰ বয়সত মৃত্যু হোৱালৈকে দোকানখন চলাইছিল।[6]
লোককথা অনুসৰি ট্ৰিপৰ এটা বহুত ডাঙৰ কুকুৰ আছিল যিয়ে তেওঁক অনুসৰণ কৰিছিল আৰু তেওঁলোকক একেলগে ফটোগ্ৰাফ কৰা হৈছে।[9] উডচাইড ষ্ট'ৰত তেওঁৰ কুকুৰটোৰ ভূতে উপদ্ৰৱ কৰি ফুৰে বুলিও জনৰব আছে।[9]
১৯৪০ চনত কাউণ্টিয়ে এই দোকানখন অধিগ্ৰহণ কৰে আৰু ১৯৪৭ চনত সংগ্ৰহালয় হিচাপে মুকলি কৰে।[4]
সংগ্ৰহালয়
[সম্পাদনা কৰক]উডচাইড ষ্ট'ৰ স্কুল প্ৰগ্ৰেমৰ জৰিয়তে সংগ্ৰহালয় ভ্ৰমণৰ ব্যৱস্থা কৰা হয় আৰু বিদ্যালয়ৰ বাহিৰৰ গোটবোৰে ভ্ৰমণৰ সময়সূচী নিৰ্ধাৰণ কৰিবলৈ সংগ্ৰহালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে।[10]
উডচাইড ষ্ট'ৰৰ সংগ্ৰহালয়টো ইয়াৰ ১৮৮০-ৰ দশকৰ চেহেৰালৈ পুনৰুদ্ধাৰ কৰা হৈছে আৰু তাত সেই সময়ত উপলব্ধ সামগ্ৰীসমূহ যেনে— "টিনৰ ফল আৰু ফ্ৰাইং পেনৰ পৰা আদি কৰি গজাল আৰু চিলাই মেচিনলৈকে" চাব পাৰি।[8]
চিত্ৰ সম্ভাৰ
[সম্পাদনা কৰক]- ৰবাৰ্ট অৰভিল ট্ৰিপ
- বাহ্যিক দৃশ্য
- পুনৰুদ্ধাৰৰ আগৰ বাহ্যিক দৃশ্য
- উডচাইড ষ্ট'ৰৰ ভিতৰৰ দৃশ্য
- উডচাইড ষ্ট'ৰৰ ভিতৰৰ খটখটী
- ২০২১ চনত দোকানখনৰ ভিতৰৰ দৃশ্য
- ২০২১ চনত সংগ্ৰহালয়ৰ ভিতৰৰ গুদাম ঘৰ
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "WOODSIDE STORE". San Mateo County Silicon Valley Convention and Visitors Bureau. Archived from the original on 2017-08-22. https://web.archive.org/web/20170822014343/http://www.smccvb.com/play/detail/woodside_store/spas। আহৰণ কৰা হৈছে: 2017-08-07.
- 1 2 3 Schuessler, Anna (2017-05-06). "If walls could talk: Old Woodside Store Day opens window into the county's past" (en ভাষাত). San Mateo Daily Journal. http://www.smdailyjournal.com/news/local/if-walls-could-talk-old-woodside-store-day-opens-window/article_aa6570cb-1b6d-5d6c-b598-452748fa3532.html। আহৰণ কৰা হৈছে: 2017-08-29.
- ↑ "Office of Historic Preservation, San Mateo County" (en ভাষাত). California State Parks. http://ohp.parks.ca.gov/?page_id=21520। আহৰণ কৰা হৈছে: 2017-08-07.
- 1 2 "Woodside Store" (en-US ভাষাত). Support Parks in San Mateo County. https://supportparks.org/woodside-store/। আহৰণ কৰা হৈছে: 2021-08-24.
- 1 2 3 "Woodside Store History" (en ভাষাত). San Mateo County Historical Association. 2017-01-12. Archived from the original on 2017-08-08. https://web.archive.org/web/20170808002326/http://www.historysmc.org/woodside-store-history.
- 1 2 "Catalog, Historic American Buildings Survey, Engineering Record, Landscapes Survey". Library of Congress. https://www.loc.gov/pictures/item/ca0858/। আহৰণ কৰা হৈছে: 2017-08-07.
- ↑ "Woodside Store History" (en ভাষাত). Parks Department, San Mateo County. http://parks.smcgov.org/woodside-store-history। আহৰণ কৰা হৈছে: 2017-08-07.
- 1 2 Cohn, Susan (2012-07-07). "Museum gotta see 'um" (en ভাষাত). San Mateo Daily Journal. http://www.smdailyjournal.com/arts_and_entertainment/museum-gotta-see-um/article_f6b46ee6-5b9b-5b60-a617-57bae02b1bf4.html.
- 1 2 Weigel, Samantha (2014-10-31). "San Mateo County has its share of the supernatural: Urban legends and ghosts stories haunt historic sites" (en ভাষাত). San Mateo Daily Journal. http://www.smdailyjournal.com/news/local/san-mateo-county-has-its-share-of-the-supernatural-urban/article_93afb1dd-ceba-5fb8-9a27-5be9e47c3c9a.html.
- ↑ "Woodside Store Tours" (en ভাষাত). San Mateo County Historical Association. 2016-09-30. http://www.historysmc.org/woodside-store.