উত্তপম
মিনি-উত্তপম | |
| অন্য নাম | উত্তপম,উত্তাপম, |
|---|---|
| উৎপত্তিৰ স্থান | ভাৰত |
| অঞ্চল | দক্ষিণ ভাৰত , তামিলনাডু |
| মুখ্য উপাদান | ধানৰ আটা, উৰাদ দালি। |
উত্তপম (ইংৰাজী: : Uttapam বা উত্তাপম, উত্তাপম ইত্যাদি) দক্ষিণ ভাৰতৰ পৰা অহা এক প্ৰকাৰৰ ড’চা। সাধাৰণ ড’চা আৰু উত্তাপম একে নহয়। সাধাৰণ ড’চা ক্ৰিস্প আৰু ক্ৰেপৰ দৰে পাতল হয়, তুলনাত উত্তপম বেছি ডাঠ আৰু ওপৰৰ পৰা বিভিন্ন উপকৰণেৰে ঢকা থাকে। এই নামটো তামিল শব্দ আপ্পাম আৰু উত্তিয়া বা উত্ত্ৰিয়াৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে "ঢালি দিয়া আপপাম", কাৰণ আপ্পামক ঘূৰণীয়া তলৰ কেৰাহীত ৰন্ধা হয়, আনহাতে উত্তিয়া-আপ্পামক সমতল স্কাইলেটত ৰন্ধা হয়। তামিল প্ৰাচীন সাহিত্যত এই খাদ্যৰ উল্লেখ পোৱা যায়। তামিল বাসিন্দাসকলৰ পৰম্পৰাগত জলপান বুলিলে বেছিভাগেই ইডলি, ডোছা বা উত্ত্পামৰ সমাহাৰক বুজাই, যাক চাম্বৰ আৰু চাটনীৰ সৈতে পৰিবেশন কৰা হয়।
এইবিধ ডোছাৰ দৰেই যদিও ইয়াত শাক-পাচলি বেছি পৰিমানে থাকে আৰু প্ৰস্তুতিৰ সময় বেছি। ই দক্ষিণ ভাৰতত প্ৰধানকৈ কৰ্ণাটক, কেৰালা আৰু তামিলনাডুত বিখ্যাত।[1]
প্ৰস্তুত প্ৰণালী
[সম্পাদনা কৰক]উৰাদ দালি আৰু চাউলৰ ১:৩ অনুপাতত উত্তাপম মিশ্ৰণ তৈয়াৰ কৰা হয়। আধা-সিদ্ধ চাউল আৰু নিয়মীয়া জাত যেনে দীঘল শস্যৰ চাউল,বাছমতী, সোনা মাছুৰী আদিৰ সংমিশ্ৰণ কৰি লোৱা হয়।[1] মচুৰ দাইল আৰু চাউল ৰাতি তিয়াই পিহি মিশ্ৰণ তৈয়াৰ কৰি লোৱা হয়। মিশ্ৰণ টো ওপৰলৈ উঠালৈকে কিম্বন কৰা হয়। এখন গৰম তাৱাত বেটাৰটোৰ কিছু অংশ গৰম কেৰাহীত বিস্তাৰ কৰা হয়, সাধাৰণতে বৃত্তাকাৰ তাৱা, ইয়াৰ ওপৰত বিলাহী, পিয়াজ, জলকীয়া, কেপচিকাম, ধনিয়া আদিৰ এটা আবৰণ বিস্তাৰ কৰা হয় আৰু লাহে লাহে থপৰিয়াই দিয়া হয়। ইয়াৰ চাৰিওফালে তেল টোপাল টোপালকৈ দি থাকি সোণালী বৰণৰ হোৱাৰ পিছত ইয়াক লুটিয়াই দিয়া হয়। তেল আকৌ টোপাল টোপালকৈ দি দ্বিতীয় ফালটো সোনালী-বগা হোৱালৈকে ভাজা হয়। তাৰ পিছত উত্তপম পৰিবেশন কৰি খাবলৈ সাজু হয়।
উত্তাপম পৰম্পৰাগতভাৱে বিলাহী, পিঁয়াজ, কেচাঁজলকীয়া, কেপচিকাম আৰু ধনীয়া আদি টপিংৰে তৈয়াৰ কৰা হয়; আন সাধাৰণ পছন্দসমূহ হ’ল নাৰিকল, কুটি লোৱা বিলাহী,গাজৰ,বীট,ধনীয়া। উত্তপম সাধাৰণতে চাম্বৰ আৰু চাটনীৰ সৈতে খোৱা হয়।
লগতে চাওক
[সম্পাদনা কৰক]- আপ্পাম
- ভাৰতীয় ৰুটিৰ তালিকা
- পেনকেকৰ তালিকা
- icon খাদ্য পৰ্টেল
তথ্য় সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Mahendra Mehta. "Uttapam". bawarchi.com. http://www.bawarchi.com/contribution/contrib3669.html. "Batter is made up of 1 portion of vigna mungo and 3 portions of rice. One half of the rice is boiled rice and other half is kolam or basmati or any rice other than boiled rice. (Boiled rice is not cooked rice but a variety of rice.)"