সমললৈ যাওক

উত্তৰা পদ্ৱাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উত্তৰা পদ্ৱাৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা চেৰিটি কৰ্মী
জনা যায় ২০১৩ চনত নাৰী শক্তিৰ সন্মান লাভ কৰিছিল

উত্তৰা পদ্ৱাৰ ইংৰাজী: : Uttara Padwarমধ্যপ্ৰদেশৰ এগৰাকী ভাৰতীয় দাতব্য কৰ্মী,তেওঁ ২০১৩ চনত নাৰী শক্তিৰ সন্মানেৰে সন্মানিত হৈছিল।

উত্তৰা পদ্বাৰ ঘৰ মধ্যপ্ৰদেশত, যৰ পৰা তেওঁ "প্ৰয়াস শিক্ষা সমিতি" নামৰ সংগঠনটো নেতৃত্ব দি আহিছে। এই গোটটোৱে বৈগা, গোণ্ড আৰু অভুজমাড়িয়া জনজাতিসকলৰ সৈতে কাম কৰে। এই জনজাতিসমূহ দাৰিদ্ৰ্য, অপৌষিকতা আৰু ৰোগাক্ৰান্ত সমস্যাৰে ভাৰাক্ৰান্ত অৱস্তাত ভুগা জনজাতীয় লোক, আৰু তেওঁৰ সংগঠনে সেই সমস্যাসমূহ লাঘৱ কৰিবলৈ অহৰহ প্ৰচেষ্টা কৰে ।[1] পদ্ৱাৰে তেওঁলোকৰ ল'ৰা-ছোৱালীক পঢ়ুৱাবলৈ আৰম্ভ কৰে আৰু তেওঁৰ সৰু শ্ৰেণীটো ডাঙৰ হৈ এখন বিদ্যালয়লৈ পৰিণত হয়। এই বিদ্যালয় খন পিচলৈ "ৰাণী দুৰ্গাৱতী বিদ্যালয়" নামেৰে পঞ্জীয়ন কৰা হৈছিল।[2] স্থানীয়ভাৱে এইলোক সকলৰ মৃত্যুৰ অন্যতম সাধাৰণ কাৰণ হ’ল জুই, কাৰণ জনজাতীয় লোকসকলে অভাবত পৰি শুকান ঘাঁহৰ বিচনা বনাই তাৰ পিছত শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ জুইৰ কাষত শুৱে। তাৰ পিছত টুপনিতে তেওঁলোকৰ বিচনাখন জ্বলিলেই মৃত্যুমুখত পৰে। ইয়াৰ লগত জড়িত থকা সমস্যাটো হ’ল ঠাণ্ডা, কাৰণ প্ৰতিটো শীতকালতে মানুহে গৰম কাপোৰ পিন্ধা আৰু খোৱাৰ মাজত সিদ্ধান্ত ল’ব লাগাত পৰে। পদ্ৱাৰ আৰু তেওঁৰ চেৰিটিয়ে "শীতকালীন কিট" যোগান ধৰে। এই কিটসমূহত গৰম কাপোৰ, উল আৰু কম্বল থাকে আৰু ইয়াৰ দ্বাৰা পৰিয়ালসমূহৰ প্ৰতি বছৰে হাজাৰ হাজাৰ টকা ৰাহি কৰিব পৰা যায়।[3]

২০১৬ চনত আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা নাৰী শক্তি পুৰাস্কাৰ/ষ্ট্ৰী শক্তিপুৰস্কাৰ লাভ কৰিবলৈ পদ্বাৰক নিৰ্বাচিত কৰা হৈছিল।[4] নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত এই বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে। সেইদিনা আন চৈধ্যগৰাকী মহিলা আৰু সাতখন প্ৰতিষ্ঠানক সন্মান জনোৱা হয়।[5]

মুখাৰ্জী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা সবলীকৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কে ভাষণ প্ৰদান কৰে। মুখাৰ্জীয়ে কিছুমান পিতৃ-মাতৃয়ে সন্তান মহিলা হ'লে গৰ্ভপাত কৰিবলৈ বাছি লোৱাৰ বাবে পুৰুষ কেঁচুৱাৰ সংখ্যা বেছি হোৱাৰ সমস্যাটোৰ ওপৰত আলোকপাত কৰে।[6]

সংবাদ মাধ্যমত তেওঁৰ কামৰ বাবে তেওঁক প্ৰফাইল কৰা হয়[7] আৰু তেওঁক অন্যান্য বঁটাৰেও স্বীকৃতি দিয়া হৈছে।[8]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "List of Nari Shakti Puraskar Awardees". PIB.IN. 2016. http://pibphoto.nic.in/documents/rlink/2016/mar/p20163801.pdf। আহৰণ কৰা হৈছে: 9 July 2020. 
  2. "She Inspires Us". WCD Ministry. 2016. https://twitter.com/MinistryWCD/status/1235957152461623297। আহৰণ কৰা হৈছে: 9 July 2020. 
  3. Indian, The Logical (2016-12-20). "6-Years-Old Girl Said "When I Feel Cold, I Hug The Dead Body And Sleep. It Does Not Trouble Me"" (en ভাষাত). thelogicalindian.com. Archived from the original on 2020-09-29. https://web.archive.org/web/20200929102957/https://thelogicalindian.com/my-social-responsibility/winter-cold-death/। আহৰণ কৰা হৈছে: 2020-08-12. 
  4. "Meena Sharma - Jaipur Literature Festival" (en ভাষাত). jaipurliteraturefestival.org/. 2013-09-17. https://jaipurliteraturefestival.org/speaker/meena-sharma। আহৰণ কৰা হৈছে: 2020-07-08. 
  5. "Give women freedom to exercise choices at home, workplace: President Pranab Mukherjee". The Economic Times. 2016-03-08. https://economictimes.indiatimes.com/news/politics-and-nation/give-women-freedom-to-exercise-choices-at-home-workplace-president-pranab-mukherjee/articleshow/51312597.cms?from=mdr. 
  6. "Give women freedom to exercise choices at home, workplace:Prez". Business Standard India. Press Trust of India. 2016-03-08. https://www.business-standard.com/article/pti-stories/give-women-freedom-to-exercise-choices-at-home-workplace-prez-116030800811_1.html. 
  7. "Give women freedom to exercise choices at home, workplace:Prez". Business Standard India. Press Trust of India. 2016-03-08. https://www.business-standard.com/article/pti-stories/give-women-freedom-to-exercise-choices-at-home-workplace-prez-116030800811_1.html. 
  8. "Women's Achievers Awards 2016". YouTube. July 2020. https://www.youtube.com/watch?v=WZcS_c6Ef3U.