উত্তৰ বতাহ
অৱয়ব

উত্তৰ বতাহ (North wind) উত্তৰৰ পৰা উত্পন্ন হৈ দক্ষিণ দিশলৈ বহে। উত্তৰ বতাহৰ ঐতিহাসিক আৰু সাহিত্যিক গুৰুত্ব আছে, কাৰণ ই সাধাৰণতে ঠাণ্ডা বতাহ আৰু উত্তৰ গোলাৰ্ধত ঋতু পৰিৱৰ্তনৰ সূচনা কৰে।
পৌৰাণিক কাহিনী
[সম্পাদনা কৰক]- গ্ৰীক পৌৰাণিক কাহিনীত, বোৰিয়াছ আছিল উত্তৰ বতাহৰ দেৱতা, যিয়ে বল প্ৰয়োগেৰে নিজৰ লক্ষ্য সাধন কৰিছিল – কিন্তু ঈছপৰ উপদেশমূলক গল্প দ্য নৰ্থ উইণ্ড এণ্ড দ্য ছান ত এই কথাৰ ব্যতিক্ৰম দেখা যায়।[1]
- ৰোমান পৌৰাণিক কাহিনীত, উত্তৰ বতাহক আকুইলন হিচাপে প্ৰতিনিধিত্ব কৰা হৈছিল।[2]
- মিশৰীয় পৌৰাণিক কাহিনীত, কেবুই আছিল উত্তৰ বতাহৰ দেৱতা।[3]
- ইনুইট পৌৰাণিক কাহিনীত, নেগাফুক "উত্তৰ বতাহ"ক প্ৰতিনিধিত্ব কৰে, আৰু অধিক সঠিককৈ ক'লে "শীতল আৰু ধুমুহাবহুল বতাহ পছন্দ কৰা আত্মা" হিচাপে বৰ্ণনা কৰা হয়।[4]
আৰু চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ এনসাইক্লোপিডিয়া ব্ৰিটানিকা (১৮৯৩), Vol. 4, p.53
- ↑ জে. পল গেটি ট্ৰাষ্ট আইকনোগ্ৰাফী ৰেকৰ্ড
- ↑ হল, আডিলেড এছ. (২০০৫). এ গ্ল'ছাৰী অফ ইম্পৰ্টেণ্ট সিম্ব’ল্স ইন দেইৰ হিব্ৰু, পেগান অ্যাণ্ড খ্ৰীষ্টান ফৰ্মছ. ক'ছিমো, ইনক.. পৃষ্ঠা. ১৫.
- ↑ "নৰ্থ উইণ্ড মাস্ক (নেগাকফোক)". মেট্ৰোপলিটান মিউজিয়াম অফ আৰ্ট. http://www.metmuseum.org/Collections/search-the-collections/310528। আহৰণ কৰা হৈছে: ২০১৪-০৩-১৫.