উথিৰিপুক্কল
উথিৰিপুক্কল (ইং অন. Unstrung Flowers) ১৯৭৯ চনত নিৰ্মিত ভাৰতীয় তামিল ভাষাৰ নাট্যধৰ্মী ছবি, যাৰ ৰচনা আৰু পৰিচালনা মহেন্দ্ৰন। পুধুমাইপিথানৰ "চিত্ৰন্নাই" (সতি-সন্ততি) চুটিগল্পৰ আধাৰত নিৰ্মিত ছবিখনত বিজয়ন, অশ্বিনী আৰু মধু মালিনীয়ে অভিনয় কৰিছে। ছবিখনত এজন চেডিষ্টিক পুৰুষৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, যিয়ে নিজৰ পত্নী আৰু সন্তানকে ধৰি সকলোৰে জীৱন দুৰ্বিষহ কৰি তুলিছে।
চুটিগল্পটোৰ অভিযোজন কৰাৰ সময়ত মহেন্দ্ৰনে চিত্ৰনাট্যত বিশেষকৈ মুখ্য চৰিত্ৰটোৰ ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন সাধন কৰে। তেওঁৰ বন্ধু ৰাধা বালকৃষ্ণনে প্ৰযোজনা কৰা ছবিখনৰ ফটোগ্ৰাফী অশোক কুমাৰে আৰু প্ৰথমবাৰৰ বাবে সম্পাদনা কৰিছিল বি লেনিনে। সংগীত ইলাইয়াৰাজাৰ। অশ্বিনী, চাৰুহাছান, ভূপতি, চাৰুলতাকে ধৰি বহুতৰে বাবে এইখন আছিল অভিনয়ৰ ক্ষেত্ৰত প্ৰথম ছবি। ছবিখনৰ দৃশ্যগ্ৰহণ মূলতঃ মেট্টুপালায়ম আৰু ভেলীপালায়মৰ ওচৰৰ পালাপট্টিত কৰা হৈছিল।
১৯৭৯ চনৰ ১৯ অক্টোবৰত মুক্তি পোৱা এই ছবিখনে সমালোচনামূলক আৰু ব্যৱসায়িকভাৱে সফলতা লাভ কৰিছিল। উথিৰিপুক্কল ১৭৫ দিন ছবিগৃহত চলিছিল। মহেন্দ্ৰনে শ্ৰেষ্ঠ তামিল পৰিচালকৰ ফিল্মফেয়াৰ বঁটা আৰু এছ জানকীয়ে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে। ২০১৩ চনত নিউজ ১৮-এ এই ছবিখনক সৰ্বকালৰ ১০০খন শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল, যদিও এতিয়া উথিৰিপুক্কালৰ কোনো প্ৰিন্ট পোৱা বুলি জনা নাযায়। অৱশ্যে ছবিখন ঘৰুৱা ভিডিঅ'ত উপলব্ধ।[1] ছবিখন তেলেগু ভাষাত “পাচিদি মোগ্গলু” (১৯৮০) নামেৰে পুনৰ নিৰ্মাণ কৰা হয়।[2]
বিষয়বস্তু
[সম্পাদনা কৰক]উথিৰিপুক্কালত ঘৰুৱা হিংসা, চেডিজম,[3] আৰু নাৰীবাদৰ বিষয়ে আলোচনা কৰা হৈছে।[4] ফিল্ম কম্পেনিয়নৰ ৰাম চন্দৰৰ মতে সুন্দৰৱদিৱেলুৰ চৰিত্ৰটোৱে "সকলো মানুহৰ হৃদয়ত থকা জঘন্যতাক প্ৰতিনিধিত্ব কৰে আৰু ক্লাইমেক্সত সেই দানৱটোক ধ্বংস কৰাৰ আহ্বান দিয়া হয়। [5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Pasidi Moggalu (1980)". AP Talkies. Archived from the original on 25 July 2014. https://web.archive.org/web/20140725052642/http://www.aptalkies.com/movie.php?id=5258&title=Pasidi%20Moggalu%20(1980)। আহৰণ কৰা হৈছে: 6 January 2025.
- ↑ "உதிரிப்பூக்கள்... வருடங்கள் கடந்தோடினாலும் உதிராத வாசம்! #38YearsOfUthiriPookal" (ta ভাষাত). Ananda Vikatan. 19 October 2017. https://cinema.vikatan.com/tamil-cinema/105264-an-article-about-38-years-of-uthiri-pookal-movie। আহৰণ কৰা হৈছে: 12 August 2019.
- ↑ Muralidharan, Kavitha (11 August 2013). "Second coming?". The Hindu. https://www.thehindu.com/todays-paper/tp-features/tp-cinemaplus/second-coming/article5010825.ece.
- ↑ Ashok Kumar, S. R. (13 July 2007). "Filmmakers' favourites". The Hindu. Archived from the original on 23 November 2007. https://web.archive.org/web/20071123192603/http://www.hindu.com/thehindu/fr/2007/07/13/stories/2007071350330100.htm.
- ↑ Baskaran, S. Theodore (28 November 2003). "A tale rooted in the soil". The Hindu. Archived from the original on 12 January 2004. https://web.archive.org/web/20040112162156/http://www.hindu.com/fr/2003/11/28/stories/2003112801480200.htm.