উদয়াদিত্য ভৰালী
উদয়াদিত্য ভৰালী অসমৰ এগৰাকী বিশিষ্ট চিন্তাবিদ, লেখক, ইতিহাসবিদ তথা অধ্যাপক।[1] পিতৃৰ কৰ্মসূত্ৰে তেওঁ মঙলদৈ, ওদালগুৰি, মাজবাট, গহপুৰ, শিৱসাগৰ, গুৱাহাটী, বৰমা, নলবাৰী আৰু বৰপেটাত বুনিয়াদী আৰু হাইস্কুলীয়া শিক্ষাগ্ৰহণ কৰিছিল।[2] স্কুলীয়া শিক্ষাৰ পাছতে তেওঁ কটন কলেজত কলেজীয়া শিক্ষা কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্বৰ্ণপদকসহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[3]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৬৮ চনৰ ১৪ নৱেম্বৰৰ পৰা ২০০৩ চনৰ ৩১ আগষ্টলৈ তেওঁ কটন কলেজৰ অধ্যাপক হিচাপে সেৱা আগবঢ়োৱাৰ লগতে ২০০২-২০০৩ চনলৈ ইতিহাস বিভাগৰ মুৰব্বী হিচাপে কৰ্মৰত আছিল; আনহাতে ২০০৩ চনত তেওঁ কটন কলেজৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে আৰু ২০০৬ চনত কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।[1]
সাহিত্যকৰ্ম
[সম্পাদনা কৰক]সময়ৰ জলঙাৰে (সাদিন), পৃষ্ঠভূমিৰ চিনাকি (অসমীয়া প্ৰতিদিন), বিবিধ টোকা (অসমবাণী), প্ৰাসংগিক পাণ্ডুলিপি- (অসমীয়া প্ৰতিদিন) আদি শিৰোনামৰ তেওঁৰ স্তম্ভলেখাসমূহৰ[2] লগতে The Political History of Assam, Vol-I গ্ৰন্থৰ সহযোগী সম্পাদক, অসম চৰকাৰে প্ৰকাশ কৰা ড° হেৰম্বকান্ত বৰপূজাৰীৰ জীৱনী গ্ৰন্থ Dr. Heramba Kanta Barpujari-ৰ লগতে কটন কলেজ শতবৰ্ষ উদযাপন সমিতিয়ে প্ৰকাশ কৰা Hundred Years : History of Cotton College, 1901-2001 শীৰ্ষক গ্ৰন্থৰো তেওঁ মুখ্য সম্পাদক আছিল।[1][2][3] পৰাগ কুমাৰ দাস সম্পাদিত “বুধবাৰ ” আৰু “আগান”ত তেওঁ নিয়মীয়াকৈ প্ৰবন্ধ লিখি জাতীয় জীৱনলৈ অৱদান আগবঢ়াইছিল।[4] ‘বেইমানৰ ঠিকনাৰ সন্ধান’ শীৰ্ষক গল্প সংকলনখনৰ বাবে ১৯৯৬ চনত তেওঁ অসম সাহিত্য সভাৰ ‘বিষ্ণু্প্ৰসাদ ৰাভা বঁটা’ লাভ কৰিছিল।[1] অধ্যাপক উদয়াদিত্য ভৰালীক ২০২৫ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হৈছিল।[4] 'জাতি সমস্যাৰ প্ৰশ্ন আৰু অন্যান্য' শীৰ্ষক প্ৰবন্ধ সংকলনৰ লগতে একুৰি গল্পৰ 'ধলফাট' শীৰ্ষক গল্প সংকলনখন তেওঁৰ উল্লেখযোগ্য সাহিত্য-কৰ্ম।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান". https://assam.nenow.in/eminent-thinker-udayaditya-bharali-passes-away-at-78/। আহৰণ কৰা হৈছে: 6 July 2025.
- ↑ 2.0 2.1 2.2 state/prof-udayaditya-bharali-passes-away-assam-news-ass25070600903 "ইতিহাসবিদ আৰু প্ৰগতিশীল চিন্তাবিদ অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান". https://www.etvbharat.com/as/! state/prof-udayaditya-bharali-passes-away-assam-news-ass25070600903। আহৰণ কৰা হৈছে: 6 July 2025.[সংযোগবিহীন উৎস]
- ↑ 3.0 3.1 "বিশিষ্ট চিন্তাবিদ, ইতিহাসবিদ উদয়াদিত্য ভৰালী আৰু নাই, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ…". https://www.assamtv9.com/assam/renowned-historian-udayaditya-bharali-passes-away-at-78-2108875.html। আহৰণ কৰা হৈছে: 6 July 2025.
- ↑ 4.0 4.1 "অধ্যাপক উদয়াদিত্য ভৰালীলৈ এইবৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা: ১৮ মে’ত প্ৰদান কৰা হ’ব এই সন্মান". https://assam.nenow.in/professor-udayaditya-bharali-has-been-awarded-the-parag-kumar-das-journalism-award-this-year/। আহৰণ কৰা হৈছে: 7 July 2025.
- ↑ "বিশিষ্ট চিন্তাবিদ উদয়াদিত্য ভৰালীৰ ৩ খনকৈ গ্ৰন্থ উন্মোচন". https://www.etvbharat.com/assamese/assam/state/kamrup-metropolitan/new-book-released-of-udayaditya-bharali/assam20220904165700738738313। আহৰণ কৰা হৈছে: 7 July 2025.