উদ্ভিদ ৰোগবিজ্ঞান

উদ্ভিদ ৰোগবিজ্ঞান (ইংৰাজী: Plant pathology) বা ফাইটʼপেথ’লজী হৈছে ৰোগজনক (সংক্ৰামক জীৱ) আৰু পৰিৱেশীয় অৱস্থা (শাৰীৰিক কাৰক)ৰ দ্বাৰা সৃষ্ট, উদ্ভিদৰ ৰোগসমূহৰ বৈজ্ঞানিক অধ্যয়ন।[1] উদ্ভিদ ৰোগবিজ্ঞানত ৰোগজনকৰ চিনাক্তকৰণ, ৰোগৰ কাৰণ অনুসন্ধান, ৰোগ চক্ৰ, অৰ্থনৈতিক প্ৰভাৱ, উদ্ভিদৰ ৰোগৰ মহামাৰীবিজ্ঞান, উদ্ভিদৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, উদ্ভিদৰ ৰোগে মানুহ আৰু প্ৰাণীসমূহক কেনেদৰে প্ৰভাৱিত কৰে, ৰোগতন্ত্ৰৰ জিনীয় বিজ্ঞান আৰু উদ্ভিদৰ ৰোগ পৰিচালনাৰ অধ্যয়ন আদি জড়িত হৈ থাকে।
উদ্ভিদৰ ৰোগজনিততা
[সম্পাদনা কৰক]উদ্ভিদৰ সংক্ৰামক ৰোগ সৃষ্টিকাৰী জীৱসমূহৰ ভিতৰত আছে ভেঁকুৰ, অ’মাইচিট, বেক্টেৰিয়া, ভাইৰাছ, ভাইৰ’ইড, ভাইৰাছ সদৃশ জীৱ, ফাইটোপ্লাজমা, প্ৰ’ট’জ’য়া, নেমাটোড আৰু পৰজীৱী উদ্ভিদ আদি।[2] বেছিভাগ উদ্ভিদৰ ৰোগতন্ত্ৰত, ভাইৰুলেন্সে হাইড্ৰ’লেজ আৰু এনজাইমৰ ওপৰত নিৰ্ভৰ কৰে যিয়ে উদ্ভিদৰ কোষ বেৰ ধ্বংস কৰে। ইয়াৰে বিপুল সংখ্যকে পেক্টিন (যেনে, পেক্টিনেষ্টেৰেজ, পেক্টেট লাইজ, আৰু পেক্টিনেজ)ৰ ওপৰত ক্ৰিয়া কৰে। অণুজীৱৰ বাবে, কোষবেৰৰ পলিচেকাৰাইডসমূহ হৈছে খাদ্যৰ উৎস আৰু অতিক্ৰম কৰিব লগা প্ৰতিবন্ধকতা। প্ৰায়েই উদ্ভিদৰ ফল পকাৰ সময়ত যেতিয়া পোষক উদ্ভিদজোপাই নিজৰ কোষ বেৰসমূহ ভাঙি পেলায়, তেতিয়া বহুতো ৰোগজনক সুবিধাজনকভাৱে বৃদ্ধি পায়।[3] মানুহ আৰু প্ৰাণীৰ ৰোগবিজ্ঞানৰ বিপৰীতে, উদ্ভিদৰ ৰোগবিজ্ঞানে সাধাৰণতে এটি একক কাৰণমূলক জীৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে; যদিও কিছুমান উদ্ভিদৰ ৰোগ একাধিক ৰোগজনকৰ মাজত হোৱা পাৰস্পৰিক ক্ৰিয়া বুলিও প্ৰমাণিত হৈছে।[4]
কোনো উদ্ভিদৰ ওপৰত নিজৰ উপনিৱেশ স্থাপন কৰিবলৈ ৰোগজনকসমূহৰ বিশিষ্ট ৰোগ সৃষ্টিকাৰী কাৰক থাকে, যিবোৰ মূলতঃ পাঁচ প্ৰকাৰৰ: কোষবেৰ–অৱক্ষয়কাৰী উৎসেচক, বিষাক্ত পদাৰ্থ, প্ৰভাৱক প্ৰʼটিন, ফাইটʼহৰম’ন আৰু এক্স’পলিচেকাৰাইডৰ ব্যৱহাৰ।
- কোষবেৰ অৱক্ষয়কাৰী উৎসেচক: এইবোৰৰ সহায়ত উদ্ভিদৰ কোষ বেৰসমূহ ভাঙি ভিতৰৰ পুষ্টিকৰ পদাৰ্থবোৰ মুক্ত কৰা হয় আৰু ইয়াৰ ভিতৰত এষ্টেৰেজ, গ্লাইকʼচাইল হাইড্ৰ’লেজ, লাইজ আৰু অক্সিড’ৰেডাক্টেজ আদি অন্তৰ্ভুক্ত থাকে।[5]
- বিষাক্ত পদাৰ্থ: এইবোৰ অ-পোষক-নিৰ্দিষ্ট হ’ব পাৰে, যিয়ে সকলো উদ্ভিদৰ ক্ষতি কৰে, বা পোষক-নিৰ্দিষ্ট হ’ব পাৰে, যিয়ে কেৱল পোষক উদ্ভিদৰ ক্ষতি কৰে।
- প্ৰভাৱক প্ৰ’টিন: টাইপ থ্ৰী নিঃসৰণ ব্যৱস্থাৰ জৰিয়তে প্ৰভাৱক প্ৰ’টিনবোৰ প্ৰায়ে বেক্টেৰিয়া, ভেঁকুৰ আৰু অ’মাইচীট আদি[6][7] ৰোগজনকে বহিঃকোষীয় পৰিৱেশলৈ বা পোনপটীয়াকৈ পোষক কোষলৈ নিঃসৰণ কৰিব পাৰে। কিছুমান প্ৰভাৱকে পোষকৰ প্ৰতিৰক্ষা প্ৰক্ৰিয়াবোৰক দমন কৰে বুলি জনা যায়। ইয়াৰ ভিতৰত উদ্ভিদৰ অভ্যন্তৰীণ সংকেত প্ৰণালী হ্ৰাস কৰা বা ফাইটʼকেমিকেলৰ উৎপাদন হ্ৰাস কৰাটো অন্তৰ্ভুক্ত থাকিব পাৰে।[8]
- উদ্ভিদ হৰম’নসমূহ হৈছে উদ্ভিদে সংকেত প্ৰদান কৰাৰ বাবে ব্যৱহাৰ কৰা কিছুমান ৰাসায়নিক পদাৰ্থ। ৰোগকাৰক জীৱাণুসমূহে এইবোৰ উৎপন্ন কৰি নিজৰ সুবিধাৰ বাবে উদ্ভিদৰ বৃদ্ধিত পৰিৱৰ্তন ঘটাব পাৰে।
- এক্স’পলিচেকাৰাইডসমূহ হৈছে শৰ্কৰাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ শৃংখল যিয়ে ৰোগ সৃষ্টিকাৰী জীৱাণুক উদ্ভিদৰ পৃষ্ঠত লাগি থকাত সহায় কৰে, যাৰ ফলত ইহঁতে সংক্ৰমণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সক্ষম হয়।
উদ্ভিদৰ শৰীৰতাত্ত্বিক বিসংগতি
[সম্পাদনা কৰক]কিছুমান অজৈৱিক বিসংগতিয়ে ৰোগকাৰক প্ৰৰোচিত বিসংগতিৰ সৈতে বিভ্ৰান্তৰ সৃষ্টি কৰিব পাৰে। অজৈৱিক কাৰকসমূহৰ ভিতৰত কিছুমান প্ৰাকৃতিক দুৰ্যোগ যেনে খৰাং, হিম, তুষাৰপাত আৰু শিলাবৃষ্টি; বানপানী আৰু দুৰ্বল নিষ্কাশন; পুষ্টিকৰ উপাদানৰ অভাৱ; ছʼডিয়াম ক্লৰাইড আৰু জিপচামৰ দৰে খনিজ লৱণসমূহৰ নিক্ষেপণ; ধুমুহাৰ ফলত হোৱা বায়ুজনিত জ্বলন আৰু ভাঙোন; আৰু বনজুই আদি অন্তৰ্ভুক্ত।[9]
মহামাৰী বিজ্ঞান
[সম্পাদনা কৰক]
সংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু বিস্তাৰক প্ৰভাৱিত কৰা কাৰকসমূহৰ অধ্যয়নকে মহামাৰী বিজ্ঞান (Epidemiology) বোলে।[10]
এটা ৰোগ ত্ৰিভুজে উদ্ভিদৰ ৰোগৰ বাবে প্ৰয়োজনীয় মৌলিক কাৰকবোৰ বৰ্ণনা কৰে। এইবোৰ হ’ল পোষক উদ্ভিদ, ৰোগজনক আৰু পৰিৱেশ। ইয়াৰে যিকোনো এটাক পৰিৱৰ্তন কৰি ৰোগ এটা নিয়ন্ত্ৰণ কৰিব পৰা যায়।[11]
ৰোগ প্ৰতিৰোধ ক্ষমতা
[সম্পাদনা কৰক]উদ্ভিদৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হৈছে ৰোগজনকৰ পৰা হোৱা সংক্ৰমণ প্ৰতিৰোধ আৰু নিৰ্মূল কৰাৰ ক্ষমতা। উদ্ভিদক ৰোগজনকসমূহৰ প্ৰৱেশ ৰোধ কৰাত সহায় কৰা গঠনসমূহ হ’ল ছালৰ স্তৰ, কোষ বেৰ আৰু ৰন্ধ্ৰ সুৰক্ষাকাৰী কোষ। ৰোগজনকবোৰে এই বাধাবোৰ অতিক্ৰম কৰাৰ পিছত, উদ্ভিদৰ গ্ৰাহকবিলাকে বিদেশী অণুৰ বিৰুদ্ধে প্ৰতিযোগিতা কৰিবলৈ অণু সৃষ্টি কৰিবলৈ সংকেত পথ আৰম্ভ কৰে। এই পথবোৰ পোষক উদ্ভিদৰ ভিতৰত জিনৰ দ্বাৰা প্ৰভাৱিত আৰু প্ৰেৰিত হয়, আৰু প্ৰতিৰোধী প্ৰকাৰ সৃষ্টি কৰিবলৈ আনুবংশিক প্ৰজননৰ দ্বাৰা পৰিচালিত কৰিব পাৰি।[12]
ব্যৱস্থাপনা
[সম্পাদনা কৰক]চিনাক্তকৰণ
[সম্পাদনা কৰক]উদ্ভিদৰ পাত পৰীক্ষা কৰা আৰু হাতেৰে উদ্ভিদৰ উপাদান ভাঙি পেলোৱাৰ দৰে প্ৰাচীন পদ্ধতিসমূহ এতিয়া নতুন প্ৰযুক্তিৰ দ্বাৰা বিকশিত কৰা হৈছে। ইয়াৰ ভিতৰত পলিমেৰেজ চেইন ৰিয়েকচন (পিচিআৰ), আৰটি-পিচিআৰ আৰু লুপ-মেডিয়েটেড আইচʼথাৰ্মেল এমপ্লিফিকেশ্যন (লেম্প) আদি আণৱিক ৰোগবিজ্ঞান পৰীক্ষাসমূহ অন্তৰ্ভুক্ত।[13] যদিও পিচিআৰ প্ৰযুক্তিয়ে এটা দ্ৰৱত একাধিক আণৱিক লক্ষ্য চিনাক্ত কৰিব পাৰে তথাপিও ইয়াৰ বহু সীমাবদ্ধতা আছে।[13] বেৰ্টোলিনি এট আল. ২০০১, ইটো এট আল. ২০০২, আৰু ৰাগোজিনো এট আল. ২০০৪-য়ে ছয় বা সাতটা উদ্ভিদৰ বীজাণু আণৱিক উৎপাদিত সামগ্ৰীৰ মাল্টিপ্লেক্সিঙৰ পিচিআৰ পদ্ধতি বিকশিত কৰিছিল আৰু পাৰ্চন এট আল. ২০০৫-য়ে আৰটি-পিচিআৰ-ৰ সৈতে চাৰিটা মাল্টিপ্লেক্সিঙৰ বাবে পিচিআৰ পদ্ধতি বিকশিত কৰিছিল।[13] অধিক বিস্তৃত আণৱিক ৰোগ নিৰ্ণয়ৰ বাবে পিচিআৰ এৰেৰ প্ৰয়োজন হয়।[13] বিশ্বজুৰি ব্যৱহৃত ৰোগ চিনাক্তকৰণৰ প্ৰাথমিক পদ্ধতিটো হ’ল এনজাইম লিংকড ইমিউন’ছৰবেণ্ট এছেই (ELISA)।[14]
জৈৱিক
[সম্পাদনা কৰক]পৰজীৱীৰ জনসংখ্যা সুপ্ৰতিষ্ঠিত হোৱাত বাধা দিয়াৰ বাবে শস্য আৱৰ্তন হʼল এক পৰম্পৰাগত আৰু ফলপ্ৰসূ উপায়। উদাহৰণস্বৰূপে, এগ্ৰ’বেক্টেৰিয়াম টিউমেফেচিয়েন্স (Agrobacterium tumefaciens)ৰ সংক্ৰমণৰ পৰা সুৰক্ষা; যিয়ে বহু উদ্ভিদৰ পিত্তৰ ৰোগ সৃষ্টি কৰে, উদ্ভিদৰ কলমবোৰ মাটিত ৰোপণ কৰাৰ পূৰ্বে এগ্ৰ’বেক্টেৰিয়াম ৰেডিঅ’বেক্টেৰ (Agrobacterium radiobacter)ৰ চাচপেনশ্বনত ডুবাই ৰখা হয়।[15]
ইতিহাস
[সম্পাদনা কৰক]প্ৰাচীনকালৰ পৰাই উদ্ভিদ ৰোগবিজ্ঞানৰ বিকাশ ঘটিয়ে আহিছে। প্ৰাচীনকালতেই থিওফ্ৰেষ্টাছৰ দ্বাৰা ইয়াৰ সূচনা হয় যদিও আধুনিক যুগৰ আৰম্ভণিত অণুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰৰ পিছতহে ইয়াৰ বৈজ্ঞানিক অধ্যয়ন আৰম্ভ হৈছিল আৰু ঊনবিংশ শতিকাতহে পূৰ্ণাংগৰূপে ইয়াৰ বিকাশ ঘটিছিল।[16]
উদ্ভিদ ৰোগবিজ্ঞানৰ লগত জড়িত উল্লেখযোগ্য ব্যক্তিসকল
[সম্পাদনা কৰক]তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Oliver, Richard, ed (2024). Agrios' plant pathology (Sixth সম্পাদনা). প্ৰকাশক Amsterdam: Academic Press. ISBN 9780128224298. OCLC 1382797185.
- ↑ Nazarov, Pavel A.; Baleev, Dmitry N.; Ivanova, Maria I.; Sokolova, Luybov M.; Karakozova, Marina V. (27 October 2020). "Infectious plant diseases: etiology, current status, problems and prospects in plant protection". Acta Naturae খণ্ড 12 (3): 46–59. doi:10.32607/actanaturae.11026. PMID 33173596.
- ↑ Cantu, Dario; Vicente, Ariel R.; Labavitch, John M.; Bennett, Alan B.; Powell, Ann L.T. (November 2008). "Strangers in the matrix: plant cell walls and pathogen susceptibility". Trends in Plant Science খণ্ড 13 (11): 610–617. doi:10.1016/j.tplants.2008.09.002. PMID 18824396.
- ↑ Lamichhane, Jay Ram; Venturi, Vittorio (27 May 2015). "Synergisms between microbial pathogens in plant disease complexes: a growing trend". Frontiers in Plant Science খণ্ড 06: 385. doi:10.3389/fpls.2015.00385. PMID 26074945.
- ↑ Giovannoni, Moira; Gramegna, Giovanna; Benedetti, Manuel; Mattei, Benedetta (29 April 2020). "Industrial Use of Cell Wall Degrading Enzymes: The Fine Line Between Production Strategy and Economic Feasibility". Frontiers in Bioengineering and Biotechnology খণ্ড 8: 356. doi:10.3389/fbioe.2020.00356. PMID 32411686.
- ↑ Davis, Nicole (9 September 2009). "Genome of Irish potato famine pathogen decoded". Broad Institute of MIT and Harvard. http://www.broadinstitute.org/news/1328। আহৰণ কৰা হৈছে: 24 July 2012.
- ↑ "1st large-scale map of a plant's protein network addresses evolution, disease process". Dana-Farber Cancer Institute. July 29, 2011. Archived from the original on 12 May 2012. https://web.archive.org/web/20120512073154/http://www.dana-farber.org/Newsroom/News-Releases/First-large-scale-map-of-a-plant-s-protein-network-addresses-evolution,-disease-process.aspx। আহৰণ কৰা হৈছে: 24 July 2012.
- ↑ Ma, Winbo (28 March 2011). "How do plants fight disease? Breakthrough research by UC Riverside plant pathologist offers a clue". UC Riverside. http://newsroom.ucr.edu/2587.
- ↑ Schutzki, R.E.; Cregg, B. (2007). "Abiotic plant disorders: Symptoms, signs and solutions. A diagnostic guide to problem solving". Michigan State UniversityMichigan State University Department of Horticulture. Archived from the original on 24 September 2015. https://web.archive.org/web/20150924031539/http://www.hrt.msu.edu/assets/PagePDFs/bert-cregg/schutski-and-cregg-abiotic.pdf। আহৰণ কৰা হৈছে: 10 April 2015.
- ↑ "American Phytopathological Society". American Phytopathological Society. https://www.apsnet.org/। আহৰণ কৰা হৈছে: 2019-03-26.
- ↑ "Disease Triangle". Oregon State University. 25 April 2014. https://horticulture.oregonstate.edu/nursery/nursery/disease-triangle। আহৰণ কৰা হৈছে: 31 December 2023.
- ↑ Andersen, Ethan J.; Ali, Shaukat; Byamukama, Emmanuel; Yen, Yang; Nepal, Madhav P. (4 July 2018). "Disease Resistance Mechanisms in Plants". Genes খণ্ড 9 (7): 339. doi:10.3390/genes9070339. PMID 29973557.
- ↑ 13.0 13.1 13.2 13.3 Mumford, Rick; Boonham, Neil; Tomlinson, Jenny; Barker, Ian (September 2006). "Advances in molecular phytodiagnostics - new solutions for old problems". European Journal of Plant Pathology খণ্ড 116 (1): 1–19. doi:10.1007/s10658-006-9037-0. PMID 32214677.
- ↑ Venbrux, Marc; Crauwels, Sam; Rediers, Hans (8 May 2023). "Current and emerging trends in techniques for plant pathogen detection". Frontiers in Plant Science খণ্ড 14. doi:10.3389/fpls.2023.1120968. PMID 37223788.
- ↑ Ryder, Mh; Jones, Da (1991). "Biological Control of Crown Gall Using Using Agrobacterium Strains K84 and K1026". Functional Plant Biology খণ্ড 18 (5): 571. doi:10.1071/pp9910571.
- ↑ Aisnworth, Geoffrey Clough (1981). Introduction to the History of Plant Pathology. Cambridge University Press. ISBN 978-0-521-23032-2.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- International Society for Plant Pathology
- American Phytopathological Society
- British Society for Plant Pathology
- Plant Health Progress, Online journal of applied plant pathology
- Pacific Northwest Fungi, online mycology journal with papers on fungal plant pathogens
- New Mexico State University Department of Entomology Plant Pathology and Weed Science
- Pathogen Host Interactions Database (PHI-base)