সমললৈ যাওক

উপাসনা সিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উপাসনা সিং

২০০৯ চনত উপাসনা সিং
জন্ম ২৯ জুন, ১৯৭৫ (৫০ বছৰ)
হোচিয়াৰপুৰ, পঞ্জাব, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৮৬–বৰ্তমান
উল্লেখযোগ্য কৰ্ম কমেডী নাইটছ উইথ কপিল (২০১৩–২০১৬)
দাম্পত্যসঙ্গী নীৰজ ভাৰদ্বাজ (বি. ২০০৯)

উপাসনা সিং (ইংৰাজী: Upasana Singh; জন্ম ২৯ জুন ১৯৭৫[1]) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী, পঞ্জাবী আৰু ৰাজস্থানী ভাষাৰ চলচ্চিত্ৰত কাম কৰে।

সিং ১৯৯৭ চনৰ ছবি জুদাইত এগৰাকী বধিৰ আৰু মুকবধিৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।[2] পৰৱৰ্তী সময়ত তেওঁ সোণ পৰী ধাৰাবাহিকত ক্ৰুৱেলা/কালীপৰী নামৰ এগৰাকী দুষ্ট পৰীৰ চৰিত্ৰত কৰা নেতিবাচক অভিনয়ৰ বাবে বিখ্যাত হৈ পৰে। দূৰদৰ্শনৰ দেশপ্ৰেমমূলক চিটকম ফিৰ ভি দিল হ্যায় হিন্দুস্তানী-ত গংগাৰ হাস্যৰসাত্মক চৰিত্ৰ আৰু জি টিভিৰ থ্ৰিলাৰ শ্ব’ তমন্না হাউচত কৰা অভিনয়ৰ বাবেও তেওঁ পৰিচিত। পিছলৈ তেওঁ প্ৰিয়দৰ্শন আৰু ডেভিদ ধাৱানৰ চলচ্চিত্ৰত নিয়মীয়া অভিনয় শিল্পী হিচাপে সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল।

তেওঁ টেলিভিছন অনুষ্ঠান কমেডী নাইটছ উইথ কপিলত "বুৱা" (পিতৃৰ ভগ্নী) চৰিত্ৰত অভিনয় কৰিছিল, যিয়ে তেওঁক ব্যাপক জনপ্ৰিয়তা আৰু সমালোচকৰ প্ৰশংসা আনি দিছিল। তেওঁ নিজৰ অন-স্ক্ৰীণ শৈলী আৰু পঞ্জাবী মিশ্ৰিত ধেমেলীয়া ইংৰাজী সংলাপ পৰিৱেশনৰ বাবে জনপ্ৰিয়। তেওঁ বহুতো বলীউড ছবিৰ লগতে পঞ্জাবী, ভোজপুৰী, ৰাজস্থানী আৰু গুজৰাটী চিনেমাৰ দৰে আঞ্চলিক চলচ্চিত্ৰতো কাম কৰিছে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

তেওঁ ১৯৮৮ চনৰ ছবি বাই চলি ছাছৰিয়েত অভিনয় কৰিছিল, যিখন ৰাজস্থানী চিনেমাৰ বাবে বিপ্লৱী হিচাপে বিবেচিত হৈছিল। তাৰ পিছৰেপৰা তেওঁ বহুতো আঞ্চলিক চলচ্চিত্ৰত অভিনয় কৰিছে আৰু পঞ্জাবী, গুজৰাটী আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী চিনাকি মুখ হৈ পৰিছে। তেওঁ ডৰ, জৱানী জিন্দাবাদ, লোফাৰ, জুদাই, মেই প্ৰেম কী দিৱানী হুঁ, মুঝছে শাদী কৰোগী, আইতৰাজ, ওল্ড ইজ গ'ল্ড, মাই ফ্ৰেণ্ড গণেশ, গোলমাল ৰিটাৰ্নছ আৰু হাংগামাৰ দৰে ছবিত বহুতো সহযোগী চৰিত্ৰত অভিনয় কৰিছে।

সিং চলচ্চিত্ৰ আৰু টেলিভিছনৰ হাস্যৰসাত্মক চৰিত্ৰৰ বাবেও পৰিচিত আৰু তেওঁ ৰাজা কী আয়েগী বাৰাত, পৰী হুঁ মেই, মায়কা, য়ে মেৰী লাইফ হ্যায়, বাণী - ইশ্ক দা কালমা আৰু সোণপৰীৰ দৰে বহুতো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰিছে। সিঙে নাদানিয়াত তাৰাৱন্তী আৰু হিট টিভি শ্ব’ কমেডী নাইটছ উইথ কপিলত হতাশাগ্ৰস্ত "বুয়া" (পিতৃৰ ভগ্নী) হিচাপে অভিনয় কৰি ঘৰে ঘৰে চিনাকি হৈ পৰে, বিশেষকৈ তেওঁৰ ট্ৰেডমাৰ্ক সংলাপ "বিট্টু, কোন হ্যায় য়ে আদমী?" (বিট্টু, এই মানুহজন কোন?)ৰ বাবে।[3] সিঙে মুঝছে শাদী কৰোগী আৰু গোলমাল ৰিটাৰ্নছৰ দৰে বলীউডৰ কমেডী চিনেমাটো অভিনয় কৰিছে।[4] ২০১৫ চনত তেওঁ জুহি চাওলা, শাবানা আজমী আৰু গিৰীশ কাৰ্নাডৰ সৈতে চক এন ডাষ্টাৰত মঞ্জীতৰ চৰিত্ৰত অভিনয় কৰিছিল।[5]

২০১৭ চনত সিঙে বৰুণ ধাৱান, জেকুলিন ফাৰ্নাণ্ডেজ আৰু তাপসী পান্নুৰ সৈতে জুডুৱা ২-ত এটা চৰিত্ৰ লাভ কৰে।[6]

তেওঁ জনপ্ৰিয় পঞ্জাবী ছবি কেৰী অন জট্টাৰ চিকুৱেলৰ অংশ আছিল, যিখন ভাৰতৰ সৰ্বাধিক উপাৰ্জনকাৰী পঞ্জাবী ছবিসমূহৰ অন্যতম আছিল। এই ছবিখনত গিপ্পী গ্ৰেৱাল, সোনম বাজৱা আৰু যশৱিন্দৰ ভল্লায় অভিনয় কৰিছে। তেওঁ বৰ্তমান চাব টিভিৰ কমেডী ধাৰাবাহিক জিজাজী ছট পৰ হ্যায়ত পঞ্চমৰ মাক পঞ্চমী (বেবে)ৰ চৰিত্ৰত অভিনয় কৰি আছে।[7] তেওঁ গেংছ অফ ফিল্মিস্তানৰ জৰিয়তে টেলিভিছনলৈ পুনৰ ঘূৰি আহে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Kapil Sharma Bua aka Upasana Singh Celebrated 42nd Birthday" (en ভাষাত). Dainik Bhaskar. https://www.bhaskar.com/news/ENT-TV-upasana-singh-celebrated-her-42nd-birthday-5635516-PHO.html আহৰণ কৰা হৈছে: 1 July 2019.
  2. "Upasna Singh gets married". NDTV. 18 November 2009. http://www.ndtv.com/photos/entertainment/upasna-singh-gets-married-991/slide/2 আহৰণ কৰা হৈছে: 6 January 2014.
  3. "Nobody can replace Sunil as Gutthi: Upasana Singh". IBN Live. Archived from the original on 19 December 2013. https://web.archive.org/web/20131219042049/http://ibnlive.in.com/news/nobody-can-replace-sunil-as-gutthi-upasana-singh/439905-44-124.html আহৰণ কৰা হৈছে: 16 December 2013.
  4. "Upasana Singh to play cunning mother-in-law". The Indian Express. 3 August 2014. http://indianexpress.com/article/entertainment/television/upasana-singh-to-play-mother-in-law/ আহৰণ কৰা হৈছে: 25 May 2018.
  5. "'Chalk N Duster' team throws Iftar party". The Indian Express. 4 July 2015. http://indianexpress.com/article/entertainment/bollywood/chalk-n-duster-team-throws-iftar-party/ আহৰণ কৰা হৈছে: 25 May 2018.
  6. Vats, Rohit (30 September 2017). "Judwaa 2 movie review: Doesn't make much sense but Varun Dhawan is Salman Khan 2.0". Hindustan Times. https://www.hindustantimes.com/movie-reviews/judwaa-2-movie-review-varun-dhawan-has-big-shoes-to-fill/story-7WDYbxdhQv6upqSp4VdXnN.html আহৰণ কৰা হৈছে: 25 May 2018.
  7. "'Carry on Jatta 2': The trailer of the hysterical flick will be out tomorrow". The Times of India. 2 May 2018. https://timesofindia.indiatimes.com/entertainment/punjabi/movies/news/carry-on-jatta-2-the-trailer-of-the-hysterical-flick-will-be-out-tomorrow/articleshow/64001529.cms আহৰণ কৰা হৈছে: 25 May 2018.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]