সমললৈ যাওক

উপিন্দৰজিৎ কৌৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উপিন্দৰজিৎ কৌৰ
বিধায়ক, পাঞ্জাৱ
কাৰ্যকাল
১৯৯৭-২০১২
পূৰ্বসূৰী গুৰমাইল সিং (ৰাজনীতিবিদ)
উত্তৰসূৰী নৱতেজ সিং চিমা
সমষ্টি চুলতানপুৰ
কাৰিকৰী শিক্ষা আৰু ঔদ্যোগিক প্ৰশিক্ষণ মন্ত্ৰী
কাৰ্যকাল
১৯৯৭-২০০০২
উত্তৰসূৰী Rajinder Kaur Bhattal
বিদ্যালয় শিক্ষা মন্ত্ৰী
কাৰ্যকাল
২০০৭-২০১০
পূৰ্বসূৰী হৰ্নাম দাস জোহৰ
উত্তৰসূৰী সেৱা সিং ছেখৱান
বিত্ত আৰু পৰিকল্পনা মন্ত্ৰী
কাৰ্যকাল
অক্টোবৰ ২০১০-মাৰ্চ ২০১২
পূৰ্বসূৰী মনপ্ৰীত সিং বাদ
উত্তৰসূৰী পাৰমিন্দৰ সিং ধীন্দছা
ব্যক্তিগত তথ্য
ৰাজনৈতিক দল শিৰোমণি আকালি দল
বাসস্থান কাপুৰথালা, পাঞ্জাৱ, ভাৰত

উপিন্দৰজিৎ কৌৰ (ইংৰাজী: Upinderjit Kaur) হ'ল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু শাসকীয় শিৰোমণি আকালি দলৰ সদস্য।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

তাইৰ পিতৃ এছ.আত্মা সিং আছিল পঞ্জাৱৰ মন্ত্ৰী আৰু আকালি দলৰ নেতা। তেওঁৰ মাতৃৰ নাম বিবি তেজ কৌৰ। তেওঁ দিল্লী বিশ্ববিদ্যালয় পৰা অৰ্থনীতিত এম.এ. আৰু চণ্ডীগড়ৰ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা পাঞ্জাৱী ভাষাত এম.এ। তেওঁ পাটিয়ালাৰ পঞ্জাৱী বিশ্ববিদ্যালয় পৰা অৰ্থনীতি বিষয়ত পি. এইচডি. ডিগ্ৰী লাভ কৰিছিল।

একাডেমিক কেৰিয়াৰ

[সম্পাদনা কৰক]

তেওঁ পাঞ্জাৱী বিশ্ববিদ্যালয়ত অৰ্থনীতি বিষয়ত পাঠদান কৰাৰ লগতে অৰ্থনীতি বিভাগৰ অধ্যাপিকাও আছিল। কাপুৰথালা জিলাৰ চুলতানপুৰ লোধিৰ গুৰু নানক খালছা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে লিখিছে দুখন গ্ৰন্থ ‘ডিভেলপমেণ্ট অৱ থিয়ৰী অৱ ডিমাণ্ড’ আৰু ‘শিখ ধৰ্ম আৰু অৰ্থনৈতিক উন্নয়ন’।[1] তেওঁৰ দ্বিতীয়খন কিতাপ অৰ্থনৈতিক উন্নয়নত অ-অৰ্থনৈতিক কাৰকৰ, বিশেষকৈ ধৰ্মৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা হৈছে‍। তেখেতে তেখেতৰ মূল গৱেষণা পত্ৰ 'শিখ সমাজত মহিলাৰ স্থান আৰু অৱস্থা'ৰ বাবে ড° গণ্ডা সিং সোঁৱৰণী বঁটা লাভ কৰে।

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

১৯৯৭ চনত চুলতানপুৰৰ পৰা আকালি দলৰ টিকেটত প্ৰথমবাৰৰ বাবে পঞ্জাৱ বিধানসভালৈ নিৰ্বাচিত হৈছিল।[2] তেওঁক প্ৰকাশ সিং বাদল চৰকাৰত কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল আৰু কাৰিকৰী শিক্ষা আৰু ঔদ্যোগিক প্ৰশিক্ষণ, সাংস্কৃতিক পৰিক্ৰমা আৰু পৰ্যটন, গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছিল।[3] ২০০২ আৰু ২০০৭ চনত তেওঁ চুলতানপুৰৰ পৰা পুনৰ নিৰ্বাচিত হৈছিল।[4][5] ২০০৭ চনত তেওঁক পুনৰ কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয় আৰু তেওঁ শিক্ষা, অসামৰিক বিমান পৰিবহণ, সতৰ্কতা আৰু ন্যায় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১০ চনৰ অক্টোবৰ মাহত মনপ্ৰীত সিং বাদলক অপসাৰণ কৰাৰ পাছত তেওঁক বিত্ত মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল।[6] তেওঁ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী আছিল।[7] তেওঁ ৰাজহুৱা একাউণ্ট কমিটি, প্ৰাক্কলন সমিতি, ৰাজহুৱা প্ৰতিষ্ঠান সমিতি, গৃহ সমিতি আদি বিভিন্ন বিধান সভা সমিতিৰ সদস্য হৈ আছে। ২০১২ চনৰ পঞ্জাৱ নিৰ্বাচনত তেওঁ ৭২ বছৰ বয়সৰ লেখেৰে‍ মহিলাসকলৰ ভিতৰত আটাইতকৈ বয়োজ্যেষ্ঠ প্ৰাৰ্থী আছিল।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Sikh Religion and Economic Development
  2. Punjab election 1997
  3. Upinderjit Kaur Bio[সংযোগবিহীন উৎস]
  4. "Punjab Assembly Election 2002 Results". Archived from the original on 5 August 2018. https://web.archive.org/web/20180805112727/http://www.travelindia-guide.com/assembly-elections/punjab/results/2002.aspx। আহৰণ কৰা হৈছে: 27 February 2025. 
  5. Punjab Assembly Elections-2002 winners
  6. Upinderjit Kaur is Punjab's new finance minister
  7. Upinderjit Kaur becomes first woman Finance Minister of Punjab[সংযোগবিহীন উৎস]
  8. http://www.dnaindia.com/india/1642010/report-punjab-polls-minister-upinderjit-kaur-oldest-among-women-in-fray [সংযোগবিহীন উৎস]