উপেন্দ্ৰকিশোৰ ৰায়চৌধুৰী
উপেন্দ্ৰকিশোৰ ৰায়চৌধুৰী | |
---|---|
![]() | |
জন্ম | কামদাৰঞ্জন ৰায় ১২ মে', ১৮৬৩ মসূয়া, কিশোৰগঞ্জ, পূৰ্ববঙ্গ (বৰ্তমান বাংলাদেশ) |
মৃত্যু | ২০ ডিচেম্বৰ, ১৯১৫ (৫২ বছৰ) কলকাতা, পশ্চিমবঙ্গ, ভাৰত |
পেচা | লেখক |
ৰাষ্ট্ৰীয়তা | ব্ৰিটিশ ভাৰতীয় |
সময় | বাংলাৰ নবজাগৰণ |
ধৰণ | শিশুসাহিত্যিক |
সন্তান | সুকুমাৰ ৰায় |
উপেন্দ্ৰকিশোৰ ৰায় চৌধুৰী (১২ মে ১৮৬৩[1] – ২০ ডিচেম্বৰ ১৯১৫) এগৰাকী বিখ্যাত বাঙালী শিশু সাহিত্যিক আৰু বংগৰ ছপাশালৰ পথ প্ৰদৰ্শক। তেওঁ আছিল এজন লেখক, চিত্ৰকৰ, প্ৰকাশক, অপেশাদাৰী জ্যোতিৰ্বিজ্ঞানী, ভায়লিনবাদক আৰু সুৰকাৰ। তেওঁ সন্দেশ পত্ৰিকা আৰম্ভ কৰে, যিখন আলোচনী পিছলৈ তেওঁৰ পুত্ৰ সুকুমাৰ ৰায় আৰু নাতি সত্যজিৎ ৰায়ে সম্পাদনা কৰিছিল। গুপি-গাইন-বাঘা-বাইন, টুনটুনিৰ বই ইত্যাদি তেওঁৰ অমৰ সৃষ্টি।
পাৰিবাৰিক ইতিহাস
[সম্পাদনা কৰক]ৰায় পৰিয়ালৰ ইতিহাসৰ পৰা জানিব পাৰি যে তেওঁলোকৰ পূৰ্বপুৰুষ শ্ৰী ৰামসুন্দৰ দেও (দেৱ) পশ্চিম বংগৰ বৰ্তমানৰ নদিয়া জিলাৰ চকদাহ গাঁৱৰ বাসিন্দা আছিল। সৌভাগ্যৰ সন্ধানত তেওঁ পূৰ্বপুৰুষৰ ঘৰ এৰি পূৰ্ববংগৰ শেৰপুৰলৈ যায়। তাতে শেৰপুৰৰ জমিদাৰৰ ঘৰত যশোদলৰ জমিদাৰ ৰজা গুণীচন্দ্ৰক লগ পায়। ৰজা গুণীচন্দ্ৰই ৰামসুন্দৰৰ সুন্দৰ চেহেৰা আৰু চোকা বুদ্ধিত আপ্লুত হৈ তেওঁক লগত লৈ নিজৰ ঘৰলৈ লৈ যায়। যশোদলে মাটি-ভেটি দি ৰামসুন্দৰক জোঁৱাই কৰি ল’লে। তেতিয়াৰ পৰাই ৰামসুন্দৰ যশোদলত থাকিবলৈ আৰম্ভ কৰিলে। তাৰ পৰাই তেওঁৰ বংশধৰসকল স্থানান্তৰিত হৈ কিশোৰগঞ্জ জিলাৰ কটিয়দি উপজিলাৰ মসূয়া গাঁৱত থাকিবলৈ আৰম্ভ কৰে। [2] [3]
জন্ম আৰু পৰিয়াল
[সম্পাদনা কৰক]উপেন্দ্ৰকিশোৰৰ জন্ম হৈছিল ১২৭০ বঙ্গাব্দৰ ২৭ ব'হাগ (১৮৬৩ চনৰ ১২ মে') [1] ত বৰ্তমানৰ ময়মনসিংহ জিলাৰ কিশোৰগঞ্জ জিলাৰ কটিয়দি উপজিলাৰ মসূয়া গাঁৱৰ এটা বিশিষ্ট দক্ষিণ ৰাঢ়ী কায়স্থ পৰিয়ালত, যি বৰ্তমান বাংলাদেশত আছে। তেওঁৰ পৈতৃক পদৱী দেৱ। তেওঁৰ পিতৃ কালিনাথ ৰায় আছিল সুদৰ্শন আৰু আৰবী, পাৰ্চী আৰু সংস্কৃত ভাষাৰ সুপণ্ডিত। তেওঁৰ মাকৰ নাম জয়তাৰা দেৱী। তেওঁৰ ঘৰত মতা নাম আছিল শ্যামসুন্দৰ মুন্সী। শ্যামসুন্দৰৰ আঠটা সন্তানৰ ভিতৰত উপেন্দ্ৰকিশোৰ তৃতীয় পুত্ৰ। তেওঁৰ পৈতৃক নাম আছিল কামদাৰঞ্জন ৰায়। পাঁচ বছৰ নৌহওঁতেই পিতৃৰ অপুত্ৰক আত্মীয় জমিদাৰ হৰিকিশোৰ ৰায়চৌধুৰীয়ে তেওঁক দত্তক লৈ নতুন নাম দিছিল উপেন্দ্ৰকিশোৰ ৰায়চৌধুৰী।
উপেন্দ্ৰকিশোৰ ৰায়চৌধুৰী বাংলা সাহিত্যৰ জগতত এক অতি জনপ্ৰিয় নাম। উপেন্দ্ৰকিশোৰ ৰায়চৌধুৰী সাহিত্যিক সুকুমাৰ ৰায়ৰ পিতৃ আৰু চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায়ৰ ককাক আছিল।
ৰায় পৰিয়াল
[সম্পাদনা কৰক]উপেন্দ্ৰকিশোৰ ৰায় চৌধুৰী | বিধুমুখী দেবী | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
সুকুমাৰ ৰায় | সুপ্ৰভা ৰায় | সুখলতা ৰাও | সুবিনয় ৰায় | সুবিমল ৰায় | পুণ্যলতা চক্ৰবৰ্তী | শান্তিলতা | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
সত্যজিৎ ৰায় | বিজয়া ৰায় | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
সন্দীপ ৰায় | ললিতা ৰায় | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
সৌৰদীপ ৰায় | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
শৈক্ষিক কেৰিয়াৰ
[সম্পাদনা কৰক]উপেন্দ্ৰকিশোৰ এজন প্ৰতিভাৱান ছাত্ৰ আছিল আৰু পঢ়া-শুনাত ভাল ফলাফল দেখুৱাইছিল যদিও বাঁহী, ভায়লিন আৰু সংগীতৰ প্ৰতি পঢ়াতকৈ অধিক আগ্ৰহ আছিল। উপেন্দ্ৰকিশোৰে ময়মনসিংহ জিলা স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ বৃত্তি লাভ কৰে। তাৰ পিছত কলকাতালৈ আহি প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰিলে। ইয়াৰ পিছত তেওঁ এটি ছপাশাল স্থাপন কৰে।
সাহিত্যিক কেৰিয়াৰ
[সম্পাদনা কৰক]উপেন্দ্ৰকিশোৰে একৈছ বছৰ বয়সত বি.এ. পাছ কৰি চিত্ৰকলা শিকিবলৈ আৰম্ভ কৰে। এই সময়ত তেওঁ ব্ৰহ্ম সমাজৰ সদস্য হোৱাত তেওঁৰ বহু আত্মীয়ৰ সৈতে সংঘাত হৈছিল। ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ শিশুৰ বাবে লিখিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত তেওঁৰ লেখাসমূহ সখা, সাথী, মুকুল আৰু জোৰাসাঁকো ঠাকুৰবাড়ি ৰ পৰা প্ৰকাশ পোৱা বালক নামৰ মাহেকীয়া আলোচনীত প্ৰকাশ পাবলৈ আৰম্ভ কৰে। প্ৰথমৰফালে প্ৰকাশিত লেখাসমূহ (যেনে সখা, ১৮৮৩) আছিল জীৱবিজ্ঞান বিষয়ক প্ৰবন্ধ। [4] ইয়াৰ পিছত সচিত্ৰ গল্প প্ৰকাশ পাবলৈ ধৰিলে।
১৮৮৬ চনত ২৩ বছৰীয়া উপেন্দ্ৰকিশোৰে ব্ৰহ্ম সমাজৰ বিশিষ্ট সমাজ সংস্কাৰক দ্বাৰকানাথ গংগোপাধ্যায়ৰ প্ৰথম কন্যা বিধুমুখীক বিয়া কৰাইছিল, আৰু তেতিয়াৰ কলকাতাৰ কৰ্ণৱালিছ ষ্ট্ৰীটৰ ব্ৰাহ্ম সমাজ মন্দিৰৰ বিপৰীতে থকা লাহাদহঁতৰ ঘৰৰ দ্বিতীয় মহলাত কেইটামান কোঠা ভাড়া কৰি উপেন্দ্ৰকিশোৰৰ পাৰিবাৰিক জীৱন আৰম্ভ হৈছিল। উপেন্দ্ৰকিশোৰৰ তিনিজন পুত্ৰ আৰু তিনিগৰাকী কন্যা সন্তান আছিল। ল'ৰাৰ নাম সুকুমাৰ, সুবিনয় আৰু সুবিমল, আৰু ছোৱালীৰ নাম সুখলতা, পুণ্যলতা আৰু শান্তিলতা। এওেঁলাকৰ প্ৰত্যেকেই শিশু সাহিত্যলৈ অৰিহণা যোগাইছে। ডাঙৰ ছোৱালী সুখলতা ৰায় আৰু বৰপুত্ৰ সুকুমাৰ ৰায় উল্লেখযোগ্য।
যোগীন্দ্ৰনাথ সৰকাৰৰ চিটি বুক ছ'চাইটিৰ পৰা তেওঁৰ প্ৰথমখন গ্ৰন্থ "ছেলেদেৰ ৰামায়ণ" প্ৰকাশিত হৈছিল। যদিও এই গ্ৰন্থখনে সমাজত অতি সন্মান লাভ কৰিছিল কিন্তু ছপাশালৰ প্ৰতি অসন্তুষ্ট হৈ উপেন্দ্ৰকিশোৰে ১৮৮৫ চনত বিদেশৰ পৰা সেই সময়ৰ আটাইতকৈ আধুনিক ছপা যন্ত্ৰসমূহ নিজা খৰচত আমদানি কৰিছিল আৰু ৭ নং শিৱনাৰায়ণ দাস লেনত নতুন ভাড়াঘৰত ইউ ৰায় এণ্ড ছন্স নামৰ এক নতুন ছপাশাল স্থাপন কৰিছিল। ইয়াৰ এটা কোঠাত তেওঁ নিজাকৈ ড্ৰয়িং ষ্টুডিঅ’ খুলি তাত হাফটন ব্লক প্ৰিণ্টিঙৰ বহু পৰীক্ষা-নিৰীক্ষা চলাইছিল। ১৯১১ চনত তেওঁ বৰ পুত্ৰ সুকুমাৰক ফটোগ্ৰাফী আৰু ছপাশালৰ উচ্চ শিক্ষা গ্ৰহণৰ বাবে ইংলেণ্ডলৈ পঠিয়াই দিয়ে।
মৃত্যু
[সম্পাদনা কৰক]১৯১৫ চনৰ ২০ ডিচেম্বৰত মাত্ৰ ৫২ বছৰ বয়সত উপেন্দ্ৰকিশোৰ ৰায়চৌধুৰীৰ মৃত্যু হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 ৰায়চৌধুৰী, হিতেন্দ্ৰকিশোৰ (১৯৮৪). উপেন্দ্ৰকিশোৰ ও মসুয়া ৰায় পৰিবাৰেৰ গল্পসল্প. ফাৰ্মা কেএলএম প্ৰাইভেট লিমিটেড. পৃষ্ঠা. ১.
- ↑ "সুকুমাৰ ৰায়". বুক ৰিডাৰ ইমেজ. https://ia801603.us.archive.org/BookReader/BookReaderImages.php?zip=/22/items/in.ernet.dli.2015.356530/2015.356530.Sukumar-_jp2.zip&file=2015.356530.Sukumar-_jp2/2015.356530.Sukumar-_0009.jp2&scale=13.256594724220623&rotate=0.
- ↑ "সুকুমাৰ সমগ্ৰ ৰচনাবলি". ১৯৬০. https://archive.org/details/in.ernet.dli.2015.356530/page/n9.
- ↑ "Roychowdhury, Upendra Kishore". Banglapedia. Archived from the original on ১ অক্টোবৰ ২০১০. https://web.archive.org/web/20101001155914/http://www.banglapedia.org/httpdocs/HT/R_0248.HTM। আহৰণ কৰা হৈছে: ২৩ ডিসেম্বৰ ২০১৮.