উপেন্দ্ৰনাথ বৰ্মন
উপেন্দ্ৰনাথ বৰ্মন | |
|---|---|
| সাংসদ, লোক সভা | |
| কাৰ্যকাল ১৯৫২-১৯৬২ | |
| উত্তৰসূৰী | দেবেন্দ্ৰনাথ কাৰ্জী |
| সমষ্টি | কোচবিহাৰ, পশ্চিম বংগ |
| ব্যক্তিগত তথ্য | |
| জন্ম | ১ ডিচেম্বৰ, ১৮৯৯ গোৱালপুৰ, কোচবিহাৰ, বংগ প্ৰদেশ, বৃটিছ ভাৰত |
| মৃত্যু | ৭ ফেব্ৰুৱাৰী, ১৯৮৮ (৮৮ বছৰ) জলপাইগুৰি, পশ্চিম বংগ, ভাৰত |
| ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| দাম্পত্যসঙ্গী | ক্ষীৰোদাদেৱী, ১৯২৬ |
| সন্তান | ৬ |
উপেন্দ্ৰনাথ বৰ্মন (ইংৰাজী: Upendranath Barman ; ১ ডিচেম্বৰ ১৮৯৯ – ৭ ফেব্ৰুৱাৰী ১৯৮৮) এজন ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে তেওঁ পশ্চিম বংগৰ কোচবিহাৰৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়।[1][2][3][4]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]বৰ্মন ৰাজবংশী পৰিয়ালৰ আছিল। তেওঁৰ পিতৃ বীৰনাৰায়ণ বৰ্মনৰ ঘৰ কোচবিহাৰত। কোচবিহাৰৰ ভিক্টোৰিয়া কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি কলিকতাৰ ইউনিভাৰ্চিটি ল কলেজৰ পৰা এল এল বি ডিগ্ৰী লাভ কৰে। কিছু বছৰ জলপাইগুৰিতে আইন চৰ্চা কৰিছিল। ১৯২৬ চনত ক্ষীৰোদাবালা দেৱীক বিয়া কৰাই দুজন পুত্ৰ আৰু চাৰিগৰাকী কন্যা সন্তান জন্ম দিয়ে। ১৯৮৮ চনত তেওঁৰ মৃত্যু হয়।[1]
ৰাজনৈতিক কেৰিয়াৰ
[সম্পাদনা কৰক]বৰ্মন ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল আৰু ১৯৩৭ চনৰ পৰা ১৯৪৫ চনলৈ বংগ বিধানসভালৈ নিৰ্বাচিত হৈছিল। ১৯৪১ চনৰ পৰা ১৯৪৩ চনৰ ভিতৰত ৰাজ্যখনত মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৫২ চনৰ প্ৰথম সাধাৰণ নিৰ্বাচনত তেওঁ উত্তৰ বংগ লোকসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে। ১৯৫৭ চনত তেওঁ পুনৰ কোচবিহাৰ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত যুঁজি জয়ী হয়।[1]
মতাদৰ্শ
[সম্পাদনা কৰক]পিছপৰা জাতিৰ অধিকাৰক লৈ বৰ্মন এক আৱাজ আছিল। তেতিয়াৰ ‘ডিপ্ৰেছড ক্লাছ’ নামেৰে জনাজাত অনুসূচিত জাতিসমূহৰ বাবে সংৰক্ষণৰ ব্যৱস্থা ভাৰত চৰকাৰৰ আইন, ১৯৩৫ত অন্তৰ্ভুক্ত কৰা হৈছিল যিখন ব্ৰিটিছ সংসদে গৃহীত কৰিছিল যদিও বৰ্মনে বিশ্বাস কৰিছিল যে পিছপৰা জাতিৰ অৱস্থাৰ উন্নতি হোৱা নাই। তেওঁৰ মতে, শিক্ষা লাভৰ সুযোগ পোৱা বিশেষ সুবিধাপ্ৰাপ্ত কিছুমানৰহে অৱস্থা ভাল আছিল।[1]
সাহিত্যিক কৃতী
[সম্পাদনা কৰক]বৰ্মনে ৰাজবংশী সম্প্ৰদায়ৰ ইতিহাস আৰু ৰাজবংশী সাহিত্যৰ ইতিহাস ৰচনা কৰিছিল।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 "Upendranath Barman, the voice in Constituent Assembly for uplift of backward classes". Rupanwita Bhattacharjee. The Print. 22 December 2018. https://theprint.in/forgotten-founders/upendranath-barman-the-lone-member-of-constituent-assembly-from-north-bengal/167386/। আহৰণ কৰা হৈছে: 4 March 2019.
- ↑ India. Parliament. Lok Sabha; India. Parliament. Lok Sabha. Secretariat (1957). Who's who. Lok Sabha.. পৃষ্ঠা. 38. https://books.google.com/books?id=S7UeAQAAMAAJ। আহৰণ কৰা হৈছে: 4 March 2019.
- ↑ Paswan, S.; Jaideva, P. (2002). Encyclopaedia of Dalits in India: Leaders. পৃষ্ঠা. 224. ISBN 978-81-7835-033-2. https://books.google.com/books?id=_DMUdof3ZQMC&pg=PA224। আহৰণ কৰা হৈছে: 12 Mar 2023.
- ↑ The Constituent Assembly of India (Legislative) Debates: Official Report. Manager of Publications. 1948. পৃষ্ঠা. 648. https://books.google.com/books?id=yjIdyQtTjNoC&pg=PA648। আহৰণ কৰা হৈছে: 12 Mar 2023.