সমললৈ যাওক

উবাহ আলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উবাহ আলী
জন্ম ১৯৯৬ (বয়স ২৯৩০)
বুৰাও, ছমালিলেণ্ড
শিক্ষা ষ্টাৰলিং বিশ্ববিদ্যালয় University of Stirling বেইৰুটৰ আমেৰিকান বিশ্ববিদ্যালয়
পেচা ছোমালিিৰ সমাজকৰ্মী
দাম্পত্যসঙ্গী আব্দিৰহমান ফিলি
বঁটা, সন্মান, পুৰস্কাৰ আদি বিবিচিৰ ১০০ গৰাকী মহিলাৰ তালিকা

উবাহ আলী ( ইংৰাজী: : Ubah Ali,জন্ম ১৯৯৬ ) ছমালিলেণ্ডৰ এগৰাকী সমাজ কৰ্মী আৰু নাৰীবাদী, যিয়ে নাৰীৰ যৌনাংগ বিকৃতিৰ বিৰুদ্ধে প্ৰচাৰ চলায়। ২০২০ চনত বিবিচিয়ে তেওঁক বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে তালিকাভুক্ত কৰে।[1]

১৯৯৬ চনত ছমালিলেণ্ডৰ টোগডীৰ অঞ্চলৰ বুৰ্কোত আলীৰ জন্ম হৈছিল।[2] তেওঁৰ পিতৃ-মাতৃ দুয়োজনেই প্ৰাথমিক বিদ্যালয়ত থাকোতেই শিক্ষা সম্পূৰ্ণ নকৰাকৈয়ে ওলাই আহিছিল। ২০১২ চনলৈকে তেওঁৰ দেউতাকে ষ্ট্ৰোক হোৱালৈকে কেব চালক হিচাপে কাম কৰিছিল আৰু মাকে কাপোৰ বিক্ৰী কৰিছিল।[3] মাকে আলীৰ শিক্ষা আৰু বৃত্তিৰ বাবে আবেদন কৰিবলৈ উৎসাহিত কৰিছিল।[4] ২০১১ চনৰ পৰা আবাৰ্চো স্কুল অৱ চাইন্স এণ্ড টেকন'লজিত অধ্যয়ন কৰে আৰু ২০১৫ চনত শিক্ষা সাং কৰি তাৰ পৰা ওলাই যায়।[5] ইয়াৰ পিছত তেওঁ মিছ হলৰ স্কুললৈ যায় আৰু ২০১৬ চনত তাৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[6] ২০১৯ চনৰ হিচাপত তেওঁ বেইৰুটৰ আমেৰিকান বিশ্ববিদ্যালয়ত ৰাজনীতি আৰু মানৱ অধিকাৰত বি এ ডিগ্ৰী লাভ কৰিছিল।[2] তেওঁৰ স্নাতক অধ্যয়ন সময়চোৱাত মাষ্টাৰকাৰ্ড ফাউণ্ডেশ্যন স্কোলাৰছ প্ৰগ্ৰেমৰ দ্বাৰা আবন্তন দিয়া পুঁজিৰে অধ্যয়ন কৰিছিল ।[3] তাত অধ্যয়ন কৰাৰ সময়ত তেওঁ ছিৰিয়াৰ শৰণাৰ্থীসকলকো লিখা-পঢ়া শিকাইছিল।[5]

উবাহ আলীয়ে ২০২৫ চনত আব্দিৰহমান ফিলিৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

সামাজিক সক্ৰিয়তা

[সম্পাদনা কৰক]

২০১৫ চনত ১৮ বছৰ বয়সত আলীয়ে ছমালিলেণ্ডৰ অনাথ আৰু আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক সুযোগ প্ৰদান কৰাৰ লক্ষ্যৰে ৰাজো: হোপ ফৰ ছমালিলেণ্ড কমিউনিটি নামৰ এটা সংস্থা স্থাপন কৰে।[6] ২০১২ চনৰ পৰা ২০১৫ চনৰ ভিতৰত হাৰগেইছা অনাথ আশ্ৰম কেন্দ্ৰত অভাৱগ্ৰস্থ শিশু সকলৰ প্ৰতি তেওঁ গ্ৰহণ কৰা কামৰ পৰা এই সংস্থা স্থাপন কৰিবলৈ অনুপ্ৰাণিত হৈছিল, য'ত তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ লিখা-পঢ়াৰ ওপৰত গুৰুত্ব দিছিল।[6] ২০১৫ চনত হোৱা খৰাঙৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা ছমালিলেণ্ডৰ সম্প্ৰদায়সমূহৰ বাবে ধন সংগ্ৰহো কৰিছিল।[5]

২০২০ চনত ছমালিলেণ্ডত মহিলাৰ যৌনাংগ বিকৃতি (ফিমেল জেনিতেল মিউতিলেচন)ৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে আলী অধিক জনপ্ৰিয়তা লাভ কৰে।[2] ২০১৮ চনত তেওঁ ছ’লেচ ফৰ ছ’মালিলেণ্ড গাৰ্লছ ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰে, যাৰ লক্ষ্য হৈছে শিক্ষা আৰু সজাগতা অভিযানৰ জৰিয়তে এই প্ৰথাৰ অন্ত পেলোৱা।[2] ফলত এই গোটটোৱে ছমালিলেণ্ডত প্ৰথমটো এফজিএম বিৰোধী গোট গঠন কৰে।[4] বহুতো ছোমালি লোকে মহিলাৰ যৌনাংগ বিকৃতি কৰণ প্ৰক্ৰিয়াক শ্বৰীয়তৰ সৈতে জড়িত কৰি ৰাখিলেও চিকিৎসক আৰু ক্ৰমাৎ বৃদ্ধি বৃদ্ধি পাই থকা কিছুমান ধৰ্মীয় নেতাই ইয়াক সাংস্কৃতিক পৰিঘটনা বুলি বিশ্বাস কৰে, যাক সলনি কৰিব পৰা যায়।[2] আলীৰ লগতে তেওঁৰ তিনিগৰাকী ভগ্নীও যৌনাংগ বিকৃতি কৰণ প্ৰক্ৰিয়াৰ পৰা ৰক্ষা পৰি বাচি থকা ব্যক্তি।[2]

এই মানবীয় অভিযানৰ স্বীকৃতি স্বৰুপে ২০২০ চনত উবাহ আলীক বিবিচিৰ ১০০ গৰাকী প্ৰভাৱশালী মহিলাৰ তালিকাত স্থান দিয়া হৈছিল।[7][8]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "UpStart Kitchen helps local food entrepreneurs start and grow their business" (en ভাষাত). TMJ4. 2022-03-08. https://www.tmj4.com/news/women-who-inspire/upstart-kitchen-helps-local-food-entrepreneurs-start-and-grow-their-business আহৰণ কৰা হৈছে: 2022-04-04.
  2. 1 2 3 4 5 6 "UNPO: Ubah Ali, Somalia". unpo.org. 2 November 2009. https://unpo.org/article/21429 আহৰণ কৰা হৈছে: 2021-01-04.
  3. 1 2 Somaliland Sun (2018-11-05). "Somaliland: 22 Years Old Victim of FGM Ubah Ali now Fighting to End the Practice" (en-GB ভাষাত). Somaliland Sun. https://www.somalilandsun.com/somaliland-22-years-old-victim-of-fgm-ubah-ali-now-fighting-to-end-the-practice/ আহৰণ কৰা হৈছে: 2021-01-04.
  4. 1 2 linaduque (2020-09-28). "Ubah Ali, Activist" (en ভাষাত). Untold. Archived from the original on 2021-06-20. https://web.archive.org/web/20210620120809/https://www.untoldwomen.com/post/ubahali আহৰণ কৰা হৈছে: 2021-01-04.
  5. 1 2 3 "OUR STUDENTSS" (en-US ভাষাত). Abaarso Network. 2020-04-13. Archived from the original on 2021-11-10. https://web.archive.org/web/20211110180544/https://abaarsonetwork.org/our-studentss/ আহৰণ কৰা হৈছে: 2021-01-04.
  6. 1 2 3 "Ubah Ali" (en-US ভাষাত). The Resolution Project. https://resolutionproject.org/fellows/ubah-ali/ আহৰণ কৰা হৈছে: 2021-01-04.
  7. "BBC 100 Women 2020: Who is on the list this year?" (en-GB ভাষাত). BBC News. 2020-11-23. https://www.bbc.com/news/world-55042935.
  8. "How Nigerians Aisha Yesufu, Uyaiedu Ikpe-Etim enta BBC 100 Women list". BBC News Pidgin. https://www.bbc.com/pidgin/tori-55061564.